/asomiyapratidin/media/media_files/2026/02/05/new-bikh-2026-02-05-18-01-20.jpeg)
কিছুমান মানুহে ‘মানুহ’ৰূপে জন্ম ল’লেও সময় আৰু পৰিস্থিতিৰ তাগিদাত হেৰুৱাই পেলাই মনুষ্যত্ব। অৰ্থ, লালসা, বিলাসিতা, কামনা- বাসনা তথা আধুনিকতাৰ গ্ৰাসত পৰি হেৰাই যোৱা মানুহৰ মাজত নিজকে প্ৰকৃত ‘মানুহ’ কৰি ৰখা মানুহ আজিৰ দিনত তেনেই সীমিত ! মানুহৰ মাজৰ মানুহ হেৰাই যোৱা এই হেন সময়ত সদায়ে মানুহৰ বাবে, ৰাইজৰ বাবে কাম কৰি যোৱা তেনে এগৰাকী ব্যক্তিত্বৰ গৰাকী হৈছে প্ৰসন্ন কুমাৰ গোস্বামী। জীৱন যুদ্ধৰ প্ৰকৃত যোদ্ধা প্ৰসন্ন কুমাৰ গোস্বামী বিগত ৪ বছৰে শয্যাগত হৈ আছে। সম্প্ৰতি এইগৰাকী যোদ্ধা হাস্পতালৰ বিচনাত চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন-
নগাঁও জিলাৰ অন্তৰ্গত বৃহত্তৰ উৰিয়াগাঁওলৈ তেখেতৰ অৱদান অপৰিসীম। শৈক্ষিক ক্ষেত্ৰৰ উপৰি সামাজিক- সাংস্কৃতিক আদি ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অৱদান অনস্বীকাৰ্য।
ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত এইগৰাকী নিৰহংকাৰী ব্যক্তিয়ে নগাঁৱৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানলৈ আগবঢ়াইছে উল্লেখনীয় অৱদান। ইয়াৰ ভিতৰত গান্ধাৰ, কলংপৰীয়া বাৰগঞা সমাজ, ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ পদ, অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতিৰ পদ অলংকৃত কৰিছিল তেওঁ।
তদানীন্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ হাতৰ পৰা ১৯৯৯ চনত কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰাৰ পাছতো কোনো অহংকাৰ নথকা এই গৰাকী বৰণ্যে ব্যক্তিৰ তত্বাৱধানতে জন্ম হৈছিল কেইবাখনো শিক্ষানুষ্ঠানৰ। নগাঁৱৰ ভোগেশ্বৰী ফুকননী উচ্চ বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপেও কৰিছিল কাৰ্যনিৰ্বাহ।
এগৰাকী সমাজকৰ্মী, শিক্ষাবিদ হোৱাৰ উপৰিও তেখেত আছিল ভাওনা তথা গীত-মাতৰ লগত সক্ৰিয়ভাৱে জড়িত এগৰাকী সংস্কৃতিৰ সাধক। এয়া হৈছে তেখেতে অসুখীয়া হোৱাৰ আগৰ সময়ছোৱাৰ কৰ্মৰ খতিয়ান। অতবোৰ দিশৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত এইগৰাকী বহুমুখী প্ৰতিভাৰ আকৰৰ নাম হৈছে প্ৰসন্ন কুমাৰ গোস্বামী।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/05/whatsapp-i-2026-02-05-17-58-14.jpeg)
পত্নী কমলা গোস্বামীসহ দুই সুযোগ্য পুত্ৰ ক্ৰমে জয়ন্ত আৰু ভাৰ্গৱ গোস্বামীকো দিছে জীৱনবোধৰ শিক্ষা। সম্প্ৰতি দুই পুত্ৰ বেচ প্ৰতিষ্ঠিত। তাৰোপৰি দুই কন্যাৰো আছে সুখৰ সংসাৰ। সমাজৰ উপৰি পৰিয়ালটোকো এক গতি দিয়া প্ৰসন্ন কুমাৰ গোস্বামী বিগত ১০ বছৰে বিভিন্ন ৰোগত আক্ৰান্ত।
ডিমেনচিয়া, ইউৰিন ইনফেকচনৰ লগতে নাৰ্ভৰ ৰোগতো তেখেত এতিয়া আক্ৰন্ত। অ’ এন জি চিত কৰ্মৰত পুত্ৰ ভাৰ্গৱ গোস্বামীয়ে জনোৱা অনুসৰি আজিৰ পৰা ৪ বছৰ ধৰি প্ৰসন্ন কুমাৰ গোস্বামী শয্যাগত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/05/whatsapp-image-202-2026-02-05-17-58-29.jpeg)
২ ফেব্ৰুৱাৰী ২০২৬ত তেখেতক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হাস্পতালত। এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত গোস্বামীৰ চিকিৎসা চলাই থকা হৈছে। হাস্পতালখনৰ আই চি ইউৰ কক্ষত এতিয়া তেওঁ জীৱনৰ সৈতে যুঁজি থকা এজন যোদ্ধা।
কনিষ্ঠ পুত্ৰই জনোৱা অনুসৰি পূৰ্বতকৈ তেওঁৰ স্বাস্থ্য এতিয়া বহুখিনি উন্নত। আমিও আশা কৰোঁ- জীৱনৰ ৮৫ টা বসন্ত গৰকা প্ৰসন্ন কুমাৰ গোস্বামীয়ে পুনৰ সুস্থ হৈ উঠি উৰিয়াগাঁৱৰ সৰ্বাংগীন উন্নয়নৰ বাবে দিব অনেক দিহা- পৰামৰ্শ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us