Advertisment

জীয়াই থাকিবলৈ মানুহক মানুহ লাগে...

মানুহক মানুহ লাগে। মনৰ কথা পাতিবলৈ মানুহক সংগী লাগে। সুখ- দুখৰ সমভাগী হ’বলৈ, ইজনে- আনজনৰ পৰিপূৰক হৈ আগুৱাই যাবলৈ ; মানুহক জীৱন সংগী লাগে। ২৪ জানুৱাৰী ২০২৫, শুকুৰবাৰৰ দিনটো আছিল বিশেষ। চৰ্চা হৈছিল এখন বিশেষ বিয়াকলৈ।

author-image
Asomiya Pratidin
New Update
জীয়াই থাকিবলৈ মানুহক মানুহ লাগে... মানুহক মানুহ লাগে। মনৰ কথা পাতিবলৈ মানুহ

জীয়াই থাকিবলৈ মানুহক মানুহ লাগে... মানুহক মানুহ লাগে। মনৰ কথা পাতিবলৈ মানুহ

মানুহক মানুহ লাগে। মনৰ কথা পাতিবলৈ মানুহক সংগী লাগে। সুখ- দুখৰ সমভাগী হ’বলৈ, ইজনে- আনজনৰ পৰিপূৰক হৈ আগুৱাই যাবলৈ ; মানুহক জীৱন সংগী লাগে। ২৪ জানুৱাৰী ২০২৫, শুকুৰবাৰৰ দিনটো আছিল বিশেষ। চৰ্চা হৈছিল এখন বিশেষ বিয়াকলৈ। বৃদ্ধাশ্ৰমত আশ্ৰয় লৈ থকা দুটা ভাগি পৰা প্ৰাণীক নতুনকৈ জীৱন জীয়াৰ বাবে আয়োজন কৰা হৈছিল এই বিয়াখনৰ। সেই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন...

Advertisment

এখন বিশেষ বিয়া। দৰাৰ বয়স ৭১ বছৰ। নাম তেওঁৰ পদমেশ্বৰ গোৱালা। ঘৰ বোকাখাতত। আনহাতে কইনাৰ বয়স ৬৫ বছৰ। তেওঁৰ নাম জয়া প্ৰভা বৰা। ঘৰ তেজপুৰত। 

দুয়োৱে ভিন্ন কাৰণত আহি আশ্ৰয় লৈছিল বৃদ্ধাশ্ৰমত। জীৱনৰ বিয়লি বেলালৈকে নাছিল দুয়োৰে জীৱন সংগী। বৃদ্ধশ্ৰমৰ আবাসীসকলেই আছিল তেওঁলোকৰ বাবে আপোন। বাহিৰৰ পৃথিৱীখন দেখাৰ বাবেও নাছিল অৱকাশ। বৃদ্ধাশ্ৰমৰ চাৰিবেৰৰ মাজত আবদ্ধ দুয়োৰে জীৱন। 

জীৱন জানো আচলতে এনেকুৱা ! জীৱনে কি বিচাৰে কোনেও নেজানে। জীৱন জীয়াই থাকে কেৱল মায়া আৰু মমতাৰ মাজত। সুখ- দুখৰ সংগমস্থলীত ঠেকা খাই চলি থাকে মানুহৰ জীৱন যাত্ৰা। 

সুখৰ চূড়ান্ত পৰ্যায়ত লাভ কৰা প্ৰশান্তিৰ অনুভৱ ক’বলৈ মানুহে একেবাৰে আপোনতকৈও আপোনজনক কাষত বিচাৰে। একেদৰে বেদনাৰ চূড়ান্ত পৰ্যায়ত সমিধান বিচাৰি মানুহে কাষ চাপে আপোনজনৰ। আপোনজনৰ এষাৰ অময়া মাতত মানুহে বিচাৰি পাই জীয়াই থকাৰ প্ৰেৰণা- হাবিয়াস। সুখে- দুখে মানুহক মানুহ লাগে। 

এই সকলোবোৰৰ পৰা তেওঁলোক বঞ্চিত হৈ আছিল। তথাপি নাছিল কাৰো প্ৰতি অভিযোগ। নাছিল আব্দাৰ, নকৰিছিল আক্ষেপ ! বুকুৰ দুখ বুকুতে গুজি জীৱনৰ বাকীছোৱা কাল কোনোমতে পাৰ কৰি নিয়াৰ মানসেৰে কৰি গৈছিল ঈশ্বৰৰ গুণানুকীৰ্তন।

কিন্তু সময়ৰ দাবী যেন কোনেও নস্যাৎ কৰিব নোৱাৰে। মচিব নোৱাৰে বিধাতাই লিখি থোৱা লিখন। সৃষ্টিৰ পাছতে চাৰিআঙুলিয়া কপালত হয়তো লিখা আছিল বিধান- জীৱনৰ বিয়লি বেলাত দুয়োৱে বিচাৰি পাব দুয়োৰে জীৱন সংগী ! পশ্চিম আকাশত বেলি হেঙুলীয়া হৈ পৰাৰ সময়তে মিলন হ’ল দুটি আত্মাৰ। বৃদ্ধাশ্ৰমত দুই বৃদ্ধৰ বিশেষ বিয়া।  

আয়তীৰ মংগল উৰুলি ধ্বনিৰে মুখৰিত হ’ল মঠঘৰীয়াত থকা প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাবাস। কোনোৱে গাইছে যোৰানাম। কোনোৱে গাইছে বিয়াগীত। খোৱাই খাইছে, বিলনীয়ে বিলাইছে। তাৰ মাজতে ফটো তোলাই ফটো তুলিছে। ৰান্ধনিশালত ৰান্ধনিয়ে ইথালিৰ পাছত সিথালিকৈ নমাই গৈছে ভাত- দাইল- তৰকাৰী। সকলোৱে নাচিছে আৰু ফুৰ্তি কৰিছে। ৰজনজনাই গৈছে বিয়াৰ ৰভাতলী।

এই সকলোবোৰৰ মাজতে মাহ- হালধিৰ আমোল-মোল গোন্ধ সানি ন-কইনাজনী হৈ ৰভাতলীলৈ ওলাই আহিল জয়াপ্ৰভা বৰা। কিয়নো নিৰ্দিষ্ট সময়ত ৰভাতলীত আহি উপস্থিত হৈছে তেওঁৰ বুকুৰ আপোন দৰা পদ্মেশ্বৰ গোৱালা। দৰাৰ মুখত আখৈফুটা দি ফুটিল বিয়াগীত- যোৰানাম। যেন বহুদিনৰ পাছত বিচাৰি পাইছে এধানি সুখ ! 

মুঠৰ ওপৰত চাৰিওফালে ৰাই-জাই কৰা পৰিৱেশে বিৰাজ কৰিলে। মুখত এমোকোৰা সন্তুষ্টিৰ হাঁহি লৈ বিয়াঘৰলৈ চলিল ৰাইজৰ আহ- যাহ। যেন এই বিয়াকলৈ কাৰোৰে নাই আপত্তি। 

আবাল বৃদ্ধাৰ পৰা মাকৰ আঙুলিত ধৰি থুনুক- থানাক কৈ খোজ দিয়া শিশুটিলৈকে সকলোৱে আহিছে ককা- আইতাৰ বিয়ালৈ বুলি। সকলোৱে যেন নিবিচৰাকৈ পাইছে পৰম তৃপ্তি আৰু সন্তুষ্টি। হয়তো ঈশ্বৰে লিখা বিধান এনেকুৱাই হয় !

পদ্মেশ্বৰ গোৱালা আৰু জয়া প্ৰভা বৰা বিবাহে দেখুৱাই দিলে- সমাজক এক নিদৰ্শন। হয় ! এনেদৰেও পাতিব পাৰি বিয়া। যি সময়ত মানুহৰ সম্পৰ্কত আউল লাগি ঘুণে ধৰিবলৈ লৈছে, সেই সময়ত এইখন বিয়াই দেখুৱাই দিলে সামাজিক নিদৰ্শন। দেখুৱাই দিলে পথ। অনাগত বহুজনৰ বাবে কাটি দিলে বাট। 

তেওঁলোক দুয়োৰে সিদ্ধান্তক আজি ৰাইজে আদৰি লৈছে। দুয়োৰে সিদ্ধান্তত মানুহে বিচাৰি পাইছে গ্ৰহণযোগ্যতা। সন্মান জনাইছে, চাৰিওফালে আলোচনা চলিছে এই বিয়াকলৈ। এনেকৈও মানুহে বিচাৰি পাই আপোনজনক। 

বিয়াখনত উপস্থিত থকা নতুন প্ৰজন্মৰ বাবে ই হ’ব আদৰ্শ। সম্পৰ্কবোৰ পুনৰ জুখি চাব পৰাকৈ মেল খাব বহুতৰ চকু। সৃষ্টি হ’ব নতুনৰ, উদয় হ’ব নৱপ্ৰভাতৰ। হয়তো দুয়োৰে বাবে ই আছিল তেনেই এটা সাধাৰণ খোজ ! কিন্তু এই খোজ আজিৰ সমাজৰ বাবে এটা ডাঙৰ খোজ হিচাপে বিবেবিত হ’ব ! 

সুখৰ হওঁক পদ্মেশ্বৰ গোৱালা আৰু জয়া প্ৰভা বৰুৱাৰ সংসাৰ। ভালে থাকক দুয়ো। সুখে- দুখে, ৰ’দে- বৰষুণে ইজনে- আনজনৰ পৰিপূৰক হৈ ৰওঁক সদায়...

বৃদ্ধাশ্ৰম