/asomiyapratidin/media/media_files/2025/01/20/EzdZJ7ihqJtzR1OlCSmM.png)
কেশৱ মহন্ত
গান লিখিলেই গীতিকাৰ নহয়, সুৰ কৰিলেই সুৰকাৰ নহয় আৰু গীত গালেই গায়ক নহয়। ৰাইজৰ আদালতত চলে প্ৰতিটো গানক লৈ বিচাৰ। ৰাইজেই আখ্যা দিয়ে কোনজন গীতিকাৰ অথবা কোনজন গায়ক। সৃষ্টি কৰিলেই সেই সৃষ্টি যুগজয়ী নহ’বও পাৰে ! যি সৃষ্টিয়ে প্ৰজন্মৰ পাছত প্ৰজন্মক দি যায় চিন্তাৰ খোৰাক আৰু ভাবৰ অৱকাশ, সেই সৃষ্টিয়েই অৱশেষত হৈ পৰে কালজয়ী সৃষ্টি। সৃষ্টিৰ চানেকি সিঁচি যোৱা সৃষ্টিকৰ্তা হৈ পৰে এগৰাকী নমস্য ব্যক্তি। তেনে এগৰাকী ব্যক্তিয়েই আছিল কেশৱ মহন্ত। আজি তেখেতৰ ১০০ সংখ্যক ওপজা দিন। এই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন...
কেশৱ মহন্ত। কি নাছিল তেখেত ! গীতিকাৰ, সাহিত্যিক, কবি, সাংস্কৃতিক কৰ্মী সকলো ক্ষেত্ৰতে ব্যুৎপত্তি থকা এগৰাকী বহুমুখী প্ৰতিভাৰ আকৰসদৃশ ব্যক্তি। এটা বিশাল ব্যক্তিত্বৰে সন্মোহিত কৰা এগৰাকী প্ৰাতঃ স্মৰণীয় অসমীয়া।
তেখেতৰ সৃষ্টিত গজি উঠে অসমীয়া সমাজৰ গাঁথা। এৰি অহা দিনৰ কতনা জীয়া ছবি। গাঁওবোৰ গাঁও হৈ থকা সময়ৰ দস্তাবেজ। তেওঁৰ কবিতা, তেওঁৰ গীতিসাহিত্যত পৰিস্ফুট হৈ উঠে অসমীয়া সমাজৰ জীয়া ছবি।
কেৱল ইমানেই নহয়, তেওঁৰ কবিতাই ধৰা লৈ নমাই আনে আঘোণক। আঘোণৰ কুঁৱলীয়ে আমনি কৰে কবিক। সেয়ে তেওঁ লিখিছিল- আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি ৷ কুঁৱলী নথকা হ’লে দেখিলোহেঁতেন বা, পতা-সোণ-বৰণীয়া ধানৰ আঁচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ, আঙুলিয়ে মুঠি মৰা কেচ্ কেচ্ চিকমিক খৰ কাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলে’ তুলিবৰে সময় নোপোৱা৷
চকুৰ পতাত ধৰা দিব পৰাকৈ ৰচনা কৰা এই কবিতাৰ চিত্ৰকল্পই পাঠকক লৈ যায় আহিনৰ পথাৰখনলৈ, মনত দোলা দিয়ে দাৱনীৰে ভৰা পথাৰখন। ঘন কুঁৱলীৰ আঁচলত নামি অহা আহিনক হাতী মাৰি ভুৰুকাত ভৰোৱা দি কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিছে কবি কেশৱ মহন্তই।
আনহাতে কলৰ পাতত পৰা কাউৰীজনীয়ে মনত পেলাই দূৰৈত থকা জেউতিলৈ। সেয়ে তেওঁৰ কলমেৰে নিগৰি আহিছিল- কাউৰী পৰে / কলৰে পাততে কাউৰী পৰে/ আগলতি চিত মোৰ লৰে চৰে/ ডুম ডুম ডবাতে কোনে কোব মাৰে/ আহাৰৰ ডাৱৰৰ আঁৰে আৰে/ জেউতী অ’/ তোলৈ মোৰ মনত পৰে।।
এই গীতৰ মাজতো শ্ৰোতাই বিচাৰি পাই অসমীয়া সমাজৰ গাঁথা আৰু বেথা। গীতটিৰ মাজেৰে কি সুন্দৰ এটা চিত্ৰকল্প ভাহি উঠে শ্ৰোতাৰ মনত। সেয়া কেৱল আৰু কেৱল কেশৱ মহন্তৰ দৰে চিন্তা- চেতনাৰে পৰিপুষ্ট এগৰাকী ব্যক্তিৰ কলমেৰেহে নিগৰি আহিব পাৰে !
কেশৱ মহন্তই সৃষ্টি কৰিছিল মূলতঃ মানৱতা আৰু প্ৰকৃতিক বিষয় হিচাপে লৈ। সেয়ে সহজ- সৰল মানুহে তেওঁৰ সৃষ্টিৰ সৈতে নিজক বিচাৰি পাইছিল। বিচাৰি পাইছিল জীৱন জীয়াৰ মন্ত্ৰ। শিশুসকলৰ মাজতো কেশৱ মহন্ত আছিল বেচ জনপ্ৰিয়। শিশুসকলৰ বাবেও তেওঁ সৃষ্টি কৰিছিল গীত। তাৰ অন্যতম নিদৰ্শন ‘‘মা আমি শদিয়ালৈ যামেই...’’, বেলি ওলোৱাৰ হাঁহি আদি।
ইয়াৰ উপৰি কেশৱ মহন্তই অসমীয়া চলচ্চিত্ৰৰ বাবেও গীত ৰচনা কৰিছিল। স্মৃতিৰ পৰশ, ভক্ত প্ৰহ্লাদ, মাক আৰু মৰম, আজলী নবৌ, ককাদেউতা নাতি আৰু হাতী আদি অনেক ছবিৰ বাবে তেওঁ গীত লিখিছিল। আটাইবোৰ গীতে শ্ৰোতাৰ মাজত জনপ্ৰিয় হোৱাৰ উপৰি আজিও কাণত বাজি থাকে। এয়াই এগৰাকী গীতিকাৰৰ কলমৰ যাদু।
কুঁৱলী আঁতৰি যা, মোৰ যে কিমান হেঁপাহ, ৰ’দ জিকিমিকি আদি তেওঁৰ গীতৰ পুথি। একেদৰে আগন্তুক, তোমাৰ পৃথিৱী, আমাৰ পৃথিৱী আদি তেওঁৰ কবিতা পুথি। ইয়াৰ উপৰি অনুবাদ সাহিত্যতো তেওঁ হাত দিছিল। মানৱ জাতিৰ শত্ৰু, যোগাযোগ, সজ আচৰণ আদি তেওঁ অনুবাদ কৰা পুথি।
এইগৰাকী পুৰোধাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২০ জানুৱাৰীত। আজি তেওঁৰ জন্ম শত বাৰ্ষিকী। আজিৰ এই দিনটোত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত। হয়তো এনে বিশাল পৰিধিৰ গৰাকী গঢ় দিব নোৱাৰি, ই জন্মেহে। নিজৰ সৃষ্টিৰ মাজেৰে অদূৰ ভৱিষ্যতলৈ জীয়াই থাকক কেশৱ মহন্ত...