/asomiyapratidin/media/media_files/2025/05/13/v4qyDOpMTP0wVE1PtogI.jpg)
গাজা
সময়ে এখন দেশ, এটা জাতিক কি পৰ্যায়লৈ অৱনমিত কৰিব পাৰে, সেই কথা ভাবিলে আচৰিত হ’ব লগা কথা। যুদ্ধই এখন দেশৰ অৰ্থনীতিক কি ধৰণে কোঙা কৰিব পাৰে, সেই কথাৰ উদাহৰণ হৈ পৰিছে গাজা চহৰ। যুদ্ধত বিধ্বস্ত হোৱা দেশ এখনৰ সৰ্বসাধাৰণ ৰাইজে জীৱন জীয়াৰ বাবে কি ধৰণে সংগ্ৰাম কৰিব লগা হয়, সেই কথা কেৱল গাজাবাসীয়ে এতিয়া বুজি উঠিছে। অৰ্থনীতিৰ ৰাজহাড় ভাগি পৰা গাজাত এতিয়া অভাৱ আৰু অভাৱ। সেই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন-
তেওঁলোকৰ মুখত হাঁহি এতিয়া দুৰ্লভ। পাহৰি গৈছে ৰঙীণ জীৱনৰ আপোন আপোন লগা ছবিবোৰ। বিপৰীতে চকুলো টুকি টুকি মৃত্যুৰ ক্ষণ গণিছে তেওঁলোকে। জীয়াই থকাৰ বাসনা এতিয়া আৰু তেওঁলোকৰ নাই !
যুদ্ধ বিধ্বস্ত গাজা চহৰত মৃত্যু এতিয়া সহজ হৈ উঠিছে। বেমাৰত নমৰিলেও গাজাত এতিয়া ভোকত মৰিছে বহুলোক। এসাঁজ ভাতৰ বাবে হাঁহাকাৰ কৰি অকাল মৃত্যুক সাৱটি লৈছে বহু শিশুই।
গাজাত এতিয়া অভাৱ আৰু অভাৱ। খাবলৈ নাই খাদ্য, পিন্ধিবলৈ নাই কাপোৰ। পিয়াহৰ পানীটুপিও যেন নাই। পেটৰ ভোকত পেটতে মৰিছে কেঁচু -কুমতি। চাৰিওফালে এতিয়া ভোকাতুৰ শিশুৰ আৰ্তনাদত ফাটি যায় মাতৃৰ বুকু। পেটৰ ভোকত মৰিছে বহু বৃদ্ধ। কাৰ্যতঃ দুৰ্ভিক্ষ হোৱাৰ দিশে অগ্ৰসৰ হৈছে গাজা চহৰ !
দীৰ্ঘদিন ধৰি অভাৱগ্ৰস্ত গাজাৰ ২১ লাখ জনতাই সন্মুখীন হৈছে খাদ্য নাটনিৰ। অনাহাৰ- অনিদ্ৰাই দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি পাৰ কৰিব লগা হৈছে। বহু শিশু- বৃদ্ধই ভোকত মৰিছে। তীব্ৰ পুষ্টিহীনতাত ভুগিছে বহু শিশু আৰু গৰ্ভৱতী মহিলা। পেটৰ ভোকত তেওঁলোকৰ দেহত লাগিছে নানান বেমাৰ।
বেমাৰ প্ৰতিৰোধ কৰিবলৈও নাই পৰ্যাপ্ত দৰৱ। দৰৱৰ আমদানিও হৈ আছে বন্ধ। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড০ টেড্ৰ’ছ আধানম গেব্ৰেইছায়ো কেতবোৰ মন্তব্য কৰিছে। গাজাৰ এই পৰিস্থিতিৰ বাবে প্ৰকাশ কৰিছে দুখ।
উল্লেখযোগ্য যে, স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৫ চনৰ ২ মাৰ্চৰ পৰা আজিপৰ্যন্ত পুষ্টিহীনতাৰ ফলত ৫৭ টা শিশুৱে অকাল মৃত্যুক আঁকোৱালি লৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই অভাৱ অৱ্যাহত থাকিলে আৰু বহু শিশুৰ মৃত্যু হোৱাৰ সম্ভাৱনা অধিক।
পুষ্টিহীনতাৰ ফলত শিশুসকলৰ দেহত ধৰা পৰিছে ডায়েৰিয়া, নিউমোনিয়া, মিজিলছৰ দৰে সংক্ৰামক ৰোগ। গৰ্ভৱতী মহিলাৰ দেহতো দেখা গৈছে নানা ৰোগৰ উপস্থিতিৰ চিহ্ণ।
তাৰোপৰি দুগ্ধপোষ্য শিশুসকলৰ বাবে এই অভাৱ অতি ভয়াৱহ হৈ উঠিছে। কিয়নো এনে কিছুমান মাতৃৰ দেহত বেমাৰৰ উপস্থিতি ধৰা পৰিছে, যি মাতৃৰ শিশুৱে এতিয়াও দুগ্ধপান কৰি আছে। ফলত দুগ্ধপোষ্য শিশুৰ দেহতো অতি সহজে ৰোগ সংক্ৰমিত হোৱা সম্ভাৱনা প্ৰকট হৈ উঠিছে।
এয়াই বৰ্তমান গাজা চহৰৰ পৰিস্থিতি। যি পৰিস্থিতি দেখিলে বা শুনিলে হুমুনিয়াহ এটা এৰি দিয়াৰ বাহিৰে আন কোনো উপায় নাই...!