এদিন এনেকৈয়ে হেৰাই যাব নেকি আমাৰ আপুৰুগীয়া লোকবাদ্যসমূহ..

অসমীয়া লোকসংস্কৃতি আৰু লোকবাদ্যৰ ক্ষেত্ৰতো এই কথাই প্ৰযোজ্য হৈ উঠিছে এতিয়া। অসমীয়া লোকসংস্কৃতিৰ ভঁৰাল বিভিন্ন সমলেৰে ভৰপূৰ। প্ৰাকশংকৰী- শংকৰী যুগৰ পৰাই অসমত আছে থলুৱা বাদ্য, থলুৱা গীত- মাত। 

author-image
Asomiya Pratidin
New Update
লোকবাদ্য

আজিকালি সকলো ক্ষেত্ৰতে সকলো বস্তু হাতৰ মুঠিতে পাব বিচাৰে। আজিকালি বহু লোকে সাধনাৰ বিপৰীতে খন্তেকতে লাভ কৰা প্ৰাপ্তিৰ প্ৰতি বেছি আগ্ৰহী হোৱা দেখা যায়। আনবোৰ ক্ষেত্ৰৰ উপৰিও গীত- মাত আদিতো এতিয়া এই কথা অধিক গাঢ় হৈ উঠিছে। সময়ৰ কৰাল গ্ৰাসৰ লগে লগে আৰু অনাদৰৰ বাবে ক্ৰমান্বয়ে হেৰাই যোৱাৰ পথলৈ গতি কৰিছে আমাৰ আপুৰুগীয়া লোকবাদ্যসমূহ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন- 

Advertisment

সাধাৰণতে একাংশ লোকৰ থকাখিনিতকৈ নথকাখিনিৰ প্ৰতি সততে হেঁপাহ জাগে। নিজৰখিনিতকৈ আনৰ ওচৰত থকাখিনিৰ প্ৰতি থাকে দুৰ্বলতা। এই ভাব মনত লৈ আমাৰ মাজৰে একাংশ লোকে এখন সমাজত বসবাস কৰে। 

নিজৰ ভঁৰালত যিমানেই সম্পদ নাথাকক কিয়, আনৰখিনিৰ প্ৰতিহে তেওঁলোক অধিক সচেতন। যাৰ ফলত ব্যৱহাৰৰ অভাৱ আৰু অনাদৰৰ কাৰণে নিজৰ ওচৰত থকাখিনি এদিন পাহৰণিৰ গৰ্ভত লীন যোৱাৰ উপক্ৰম হয়। 

অসমীয়া লোকসংস্কৃতি আৰু লোকবাদ্যৰ ক্ষেত্ৰতো এই কথাই প্ৰযোজ্য হৈ উঠিছে এতিয়া। অসমীয়া লোকসংস্কৃতিৰ ভঁৰাল বিভিন্ন সমলেৰে ভৰপূৰ। প্ৰাকশংকৰী- শংকৰী যুগৰ পৰাই অসমত আছে থলুৱা বাদ্য, থলুৱা গীত- মাত। 

বিহুনাম, আইনাম, বিয়ানাম, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, দৰংৰ নাঙেলী গীত, বৰগীত, দিহানাম, লখিমী সবাহৰ গীত, নিচুকনি গীত, গৰখীয়াৰ গীত, বনগীত ইত্যাদি বিভিন্ন লোকসংগীতেৰে অসম আজিও চহকী। এই গীতবোৰত ব্যৱহৃত বাদ্যসমূহক কোৱা হয় লোকবাদ্য বুলি। 

প্ৰতিটো গীত বা নামতে সুকীয়া সুকীয়া বাদ্য ব্যৱহাৰ কৰা হয়। যেনে- লোকগীতত প্ৰধানকৈ দতৰা, ডগৰ, জুৰি, বাঁহী, একতাৰা আদি লোকবাদ্য ব্যৱহাৰ কৰা হয়। তাৰোপৰি বৰগীতত ব্যৱহাৰ কৰা লোকবাদ্যসমূহ হৈছে- খোল, তাল, বাঁহী আদি। বিহুনামত- ঢোল, পেঁপা, তাল, জুৰি, বাঁহী, টকা, সুতুলি, গগণা আদি ব্যৱহাৰ কৰা হয়। 

গৰখীয়াৰ গীত সাধাৰণতে পথাৰত যাওতে গৰখীয়াসকলে গায়। তাত তেওঁলোকে প্ৰধানকৈ বাঁহীত সুৰ তুলিয়েই এই গীত পৰিৱেশন কৰে। 

এনেদৰে প্ৰতিটো লোকসংগীতত সুকীয়া সুকীয়া লোকবাদ্য ব্যৱহাৰ কৰা হয়। য’ত পোৱা গৈছিল অমিয়া সুৰ। একেবাৰে থলুৱা সুৰৰ পয়োভৰ ঘটিছিল এইবোৰ গীতত। যিয়ে শ্ৰোতাক দিছিল অনাবিল আনন্দ। গীতবোৰ আছিল শ্ৰাব্যমধুৰ। নাছিল কৃত্ৰিমতা। আছিল কেৱল ওপজা মাটিৰ সুবাস।

কিন্তু আজি কিছু বছৰৰ পৰা যেন থলুৱা লোকবাদ্যসমূহত ঘূণে ধৰিবলৈ ল’লে। নতুন প্ৰজন্মৰ অনাগ্ৰহী মন, ইলেক্ট্ৰনিক বাদ্যৰে থলুৱা বাদ্যৰ সুৰ আৰোপ, অনাদৰ, ব্যৱহাৰৰ অভাৱ আদি কেইবাটাও কাৰকৰ বাবে লোকবাদ্যসমূহৰ ব্যৱহাৰ আজিকালি নাইকীয়া হোৱাৰ পথত। 

একেদৰে বাদ্যশিল্পীসকলৰো একেই অৱস্থা। ইলেক্ট্ৰনিক বাদ্যৰ দ্ৰুত আগ্ৰাসন আৰু দ্ৰুত ব্যৱহাৰে বিপদ মাতিছে লোকবাদ্যৰ শিল্পীসকললৈ। যিবোৰ লোকবাদ্য বজায় বাদ্যশিল্পীসকলে এখন ঘৰ চলাইছিল, পৰিয়াল পোহপাল দিব পাৰিছিল তেনেক্ষেত্ৰত কৃত্ৰিমতাই যেন সকলো তচনচ কৰি পেলালে। ডগৰ, দোতোৰা, একতাৰা আদিৰ দৰে বাদ্যসমূহ ঘৰৰ বেৰত ওলোমাই ৰখাৰ বাহিৰে যেন এতিয়া আন একো উপায় নাই।

অৱশ্যে কোনো কোনো প্ৰান্তত এতিয়াও লোকবাদ্যৰ আদৰ নথকা বুলিব নোৱাৰি। বিভিন্ন কৰ্মশালা, লোকগীত প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতা আদিৰ জৰিয়তে এতিয়াও লোকসংগীত আৰু লোকবাদ্যৰ চৰ্চা কৰি থকা হৈছে। কিন্তু যিমান চৰ্চা আৰু ব্যৱহাৰ হ’ব লাগিছিল সেয়া হৈ উঠা নাই। ক্ৰমান্বয়ে অনাদৃতহে হৈ গৈ আছে। 

ষ্টুডিঅ’ত লোকগীত এটা বাণীবদ্ধ কৰিলেও বহু শিল্পীয়ে লোকবাদ্যৰ ঠাইত ইলেক্ট্ৰনিক বাদ্যত লোকবাদ্যৰ সুৰ তুলি গীতত সংযোজন কৰে। যাৰ বাবে গীতটিয়ে প্ৰকৃত মাদকতা লাভৰ পৰা বঞ্চিত হ’ব লগা হয়। শ্ৰোতাইও নাপায় সেই অপূৰ্ব আবেগ। 

যাৰ ফলত দিনে দিনে কালৰ সোঁতত মৃত্যুমুখী পথলৈ গতি কৰিছে লোকবাদ্যসমূহ। ইয়াৰ সংৰক্ষণৰ উপৰি ব্যৱহাৰযোগ্য কৰি থোৱাৰ দায়িত্ব কেৱল নতুন প্ৰজন্মৰে নহয়, অভিভাৱকসকলেও ইয়াৰ বাবে সজাগ আৰু সচেতন হ’ব লাগিব। 

জ্যেষ্ঠজনে আপুৰুগীয়া সম্পদসমূহৰ বিষয়ে তথ্যসম্বলিত জ্ঞান দিব পাৰিব লাগিব। সকলো কাম কেৱল চৰকাৰেই যে কৰিব লাগিব এনে নহয়। কিছুমান দায়িত্ব আমাৰো আছে। আমিও আমাৰ নিজৰ গাৰ পিনে আঙুলি টোৱাই প্ৰশ্ন কৰিব পাৰিব লাগিব। 

দায়িত্ব সকলোৰে আছে; নতুনৰ, পুৰণিৰ সকলোৰে। নহ’লে অসমতে ভগনীয়া হ’ব লাগিব আমি। হয়তো এদিন কৃত্ৰিমতাৰ যুঁজত হেৰাই যাব আমাৰ আপুৰুগীয়া লোকবাদ্যসমূহ। গতিকে সময় থাকোতে নিজৰ সম্পদ নিজে সংৰক্ষণ কৰি ৰখাটো ভাল। অন্যথা ইতিহাসৰ পাততে সীমাবদ্ধ হ’ব চহকী অসমীয়াৰ লোকসংস্কৃতি, লোকবাদ্যৰ বিপুল সম্ভাৰ।

folk dances of assam folk culture Folk Music FOLK SONG