/asomiyapratidin/media/media_files/2025/12/16/new-bikhekh-protibedon-1-13-2025-12-16-16-36-23.jpg)
‘চাকৰি নাই, বাকৰি নাই কি কৰি খাম’ আজিকালি প্ৰায়ে শুনা যায় এই বাক্যশাৰী। যুৱ সমাজৰ প্ৰায় সকলোৰে এটাই সমস্যা, সেয়া হৈছে কৰ্ম সংস্থাপনহীনতা। কাম- বন নাপাই মানসিক অশান্তি ভোগা বহু যুৱক- যুৱতীয়ে বাছি লৈছে অন্য পথ। ‘নিবনুৱা’ বোলা এই শব্দটোৰ বাবেই বহুতৰ মনত অশান্তিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। কিন্তু কৰিব বিচাৰিলে গাঁওখনতে আছে অনেক কাম। যি কাম কৰিও হ’ব পাৰি স্বাৱলম্বী। ইয়াৰ বাবে লাগিব পৰিশ্ৰম কৰিব পৰা ক্ষমতা আৰু মনোবল। এই সন্দৰ্ভতে ‘অসমীয়া প্ৰতিদিন ডিজিটেল’ত ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন-
সাম্প্ৰতিক সময়ত বহু যুৱক- যুৱতীক এনেই ঘৰতে বহি নিজকে কৰ্মহীনতা আৰু মানসিক হীনমন্যতাত ভোগা পৰিলক্ষিত হয়। নিজকে নিবনুৱাৰ শাৰীত থিয় কৰাই তেওঁলোক হৈ পৰে একো একোজন বেকাৰ।
কিন্তু কৰিব বিচাৰিলে নিজৰ আপোন গাঁওখন নাইবা বাৰীৰ পিছফালৰ মাটি অথবা পথাৰৰ মাটিখিনিতে আছে উপাৰ্জন কৰিব পৰা অনেক সমল। সেই কথা হয়তো বহু যুৱকে অনুধাৱন নকৰে। ফলত তেওঁলোকৰ মনত অযথা চিন্তা আৰু মানসিক অশান্তিয়ে বাহ লয়।
আজিকালি বহু যুৱকে বহিঃৰাজ্যৰ কোনো প্ৰতিষ্ঠানত ৮ৰ পৰা ১২ ঘণ্টাপৰ্যন্ত সুৰক্ষা কৰ্মী(ছিকিউৰিটী)ৰ কামতো নিজকে নিয়োজিত কৰা দেখা যায়। য’ত তেওঁলোকক মাহেকতদিয়া হয় সৰ্বাধিক ১৫ৰ পৰা ২০ হাজাৰ টকা দৰমহা।
তাতেই তেওঁলোকে নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ মূল দ্বাৰত নাইবা আন আন দ্বাৰবোৰত ৮-১০ ঘণ্টা থিয় হৈ বা বহি দিনৰ দিনটো পাৰ কৰি দিয়ে। তেওঁলোকৰ কামৰ এইধৰণৰ দৃশ্য চকুত ভাহি উঠিলে, এনে ভাব নহয়নে- যে তেওঁলোকে দিনৰ দিনটো থিয় হৈ নাইবা বহিয়েই কটালে। শাৰিৰীক শ্ৰম বুলিবলৈ একোৱেই নাই। এয়া মাত্ৰ এটা কামৰ নমুনাহে।
ক’বলৈ গ’লে অসমতো তেনে কিছু প্ৰতিষ্ঠান আছে য’ত ঘণ্টাৰ পাছত ঘণ্টা পৰিশ্ৰম কৰি মাহেকত লাভ কৰে খুব বেছি ১০ বা ১২হাজাৰ টকা। এনেকৈয়ে জোৰা-টাপলি মাৰি বহু যুৱক চলি আছে গুৱাহাটীৰ উপৰি আন আন চহৰত। খেতি কৰিবলৈ লাজ কৰা বহু যুৱকৰ এনে দশা আজিৰ এই প্ৰতিযোগিতামূলক সমাজত প্ৰায়েই দেখিবলৈ পোৱা যায়।
কিন্তু এই সময়তো অসমৰ গাঁৱবোৰত এনে কিছু সংখ্যক যুৱক- যুৱতী আছে, যিয়ে ঘৰতে থাকি, ঘৰৰে খাই উপাৰ্জন কৰিছে হাজাৰ হাজাৰ টকা। তেওঁলোকৰ মনত আছে অদম্য হেপাঁহ, কাম কৰাৰ স্পৃহা, পৰিশ্ৰম কৰাৰ মানসিকতা আৰু আছে মনোবল।
বহু বেছি আগৰ কথা উল্লেখ নকৰি সাম্প্ৰতিক সময়ৰ কথাকে যদি কওঁ তেন্তে দেখা পোৱা যায় যে, এতিয়া আঘোণ মাহ। পথাৰত পকা ধানৰ ভৰপক সময়। এইহেন সময়ত বহু যুৱকে ধানৰ লগতে পথাৰৰ পৰা কাটি আনিছে নৰা।
গুৰিতে নৰা কটাৰ অন্যতম কাৰণ হৈছে ইয়াৰ পৰা প্ৰচুৰ পৰিমাণে উলিয়াব পাৰি খেৰ। নৰাৰ মৰণা মাৰি নাইবা পাৱাৰ ট্ৰিলাৰ ট্ৰেক্টৰেৰে মৰণা মাৰিলে গুৰিতে কটা নৰাৰ পৰা অনেক খেৰ উলিয়াব পাৰি। তাৰোপৰি ধানৰ পৰা ওলোৱা খেৰ আছেই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/whatsapp-imag-2025-12-16-16-37-53.jpeg)
ধান খেতিৰে ইতিমধ্যে স্বাৱলম্বী হোৱা বহু লোকে খেৰ বিক্ৰী কৰিও পেটৰ ভাতমুঠি সুন্দৰকৈ যোগাৰ কৰিব পৰা পৰিৱেশ এটা এতিয়া গাঁৱত সৃষ্টি হৈছে। উদাহৰণস্বৰূপে- নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ দিহজাৰী, সাহপুৰ, বিষ্টুপুৰ, সাগৰকুছি, খাতিকুছি আদি গাঁওৰ বহু লোকে ধান- মাহৰ খেতিৰ উপৰি গো-পালনেৰে গাখীৰ বিক্ৰী কৰাৰ লগতে ঘৰতে প্ৰস্তুত কৰিছে গাখীৰৰ পৰা তৈয়াৰী বিবিধ খাদ্য সামগ্ৰী।
গাঁওৰ বিয়া- সবাহৰ উপৰিও আশে- পাশে থকা হোটেলবোৰত গাখীৰৰ লগতে সেই খাদ্য সামগ্ৰী বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আজিকালি বহু লোকে গো- পালন কৰাৰ বাবে খেৰৰ চাহিদা আগতকৈ বহু বৃদ্ধি পাইছে। ধানৰ উপৰিও খেৰৰ আদৰ বাঢ়িছে গাঁওবোৰত।
গাঁৱত ঠেলা হিচাপত বিক্ৰী হয় খেৰ। প্ৰতি ঠেলা খেৰৰ মূল্য ৭৫০ টকাৰ পৰা ১,২০০ টকাপৰ্যন্ত। আঘোণৰ পৰা চ’ত মাহলৈকে প্ৰতি ঠেলা খেৰ বিক্ৰী হয় ৭৫০ টকাৰ পৰা ৯০০ টকাৰ ভিতৰত। আকৌ চ’ত মাহৰ পৰা বাৰিষা পৰ্যন্ত ১,০০০ টকাৰ পৰা ১,২০০ টকালৈকে বিক্ৰী হয় প্ৰতি ঠেলা খেৰ।
ধানক বাদ দি মাহেকত খেৰ বিক্ৰী কৰিও ঘটিব পাৰি ২৫ৰ পৰা ৩০ হাজাৰ পৰ্যন্ত টকা। ইয়াৰোপৰি গাঁৱৰ খেতিডৰাতে বহু যুৱক- যুৱতীয়ে কৰিছে ধানৰ লগতে সৰিয়হ, পাচলি আদিৰ খেতি। কোনো কোনোৱে নেপিয়েৰ, ওটছ আদিৰ ঘাঁহৰ খেতিও কৰা পৰিলক্ষিত হৈছে।
ইয়াৰে ওটছ ঘাঁহ বিশেষকৈ নৱেম্বৰ মাহত কৰিলে অধিক উৎপাদন কৰিব পাৰি। প্ৰতি বিঘাত ওটছ ঘাঁহ ৩/৪টন পৰ্যন্ত হয়। গতিকে আজিকালি গাঁৱতে আছে ধন উপাৰ্জনৰ অনেক পথ। গাঁৱত থাকিও কৰিব পাৰি উপাৰ্জন। ইয়াৰ বাবে লাগিব কঠোৰ পৰিশ্ৰম কৰিব পৰা ক্ষমতা, নিষ্ঠা, একাগ্ৰতা আৰু ধাউতি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us