ব’হাগক আদৰাৰ সময় এয়া...

প্ৰকৃতিৰ অনুভৱ আৰু অণুৰণক বাদ দি সকলো অসাৰ। প্ৰকৃতিয়ে জনাই সময়ৰ বতৰা, সময়ৰ ঠিকনা। প্ৰকৃতিক একাষৰীয়া কৰি মানৱ জাতি কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে। প্ৰতিটো ঋতুৱে প্ৰতিনিধিত্ব কৰে একো একোটা সময়ক। এতিয়া বসন্ত কাল।

author-image
Asomiya Pratidin
New Update
প্ৰতিবেদন

প্ৰতিবেদন

প্ৰকৃতিৰ অনুভৱ আৰু অণুৰণক বাদ দি সকলো অসাৰ। প্ৰকৃতিয়ে জনাই সময়ৰ বতৰা, সময়ৰ ঠিকনা। প্ৰকৃতিক একাষৰীয়া কৰি মানৱ জাতি কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে। প্ৰতিটো ঋতুৱে প্ৰতিনিধিত্ব কৰে একো একোটা সময়ক। এতিয়া বসন্ত কাল। চ’তৰ মাহতে জনাই ব’হাগ অহাৰ বতৰা। এতিয়া অসমৰ চাৰিওফালে ব’হাগক আদৰাৰ অঘোষিত প্ৰস্তুতি। সেই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন...

Advertisment

এতিয়া বসন্ত কাল। চ’ত- ব’হাগ এই দুই মাহ বুকুত সাৱটি এতিয়া চাৰিওফালে বসন্ত ঋতুৰ পয়োভৰ। পুৰণি পাত সলাই বিৰিখে আঁকোৱালি ল’ব নতুন কোমল পাত। 

পিন্ধি ল’ব ন-সাজ। সাইলাখ ন-কইনাৰ দৰে উজলি উঠিব প্ৰতিজোপা গছ- লতিকা। ঠন ধৰি উঠিব ডাল- পাত। 

ব্যতিক্ৰম নহ’ব নদ- নদী- পথাৰবোৰো। উপচি পৰিব পানীৰে। দুবাহুত শক্তি গোটাই কৃষকে ঢাপলি মেলিব পথাৰলৈ বুলি। নাঙলৰ সিৰলুত প্ৰাণ পাই উঠিব নতুনৰ বীজ ! সেই বীজত থাকে কত আশা, কত ভৰসা ইত্যাদি।

গজি উঠিব চাৰিওফালে নতুনৰ বীজ। এতিয়া সকলো নতুন হৈ পৰিব। নতুন নতুন সাহ বুকুত বান্ধি কৃষকসকলেও সিঁচিব বীজ। অসমীয়াৰ বাবে অতি ব্যস্ততাৰে পৰিপূৰ্ণ এই মাহ অথবা এই ঋতু।  

এফালে কুলিৰ মাত শুনা মানেই ব’হাগ অহাৰ বতৰা। এইহেন সময়ত কাৰনো থাকে ৰৈ থকাৰ সময় ! অসমীয়া জীয়ৰী- বোৱাৰীৰ উপৰি পুৰষসকলো সমানেই ব্যস্ত হৈ পৰে। কোনোৱে যদি কঠিয়া সিঁচাৰ কামত, আন কোনোৱে তাঁতশালত বিহুৱান বোৱাৰ বাবে হৈ পৰে ব্যস্ত।

যঁতৰত সূতা কটাৰ পৰা হেঁপাহৰ গামোচাখন তাঁতশালৰ পৰা কাটি উলিওৱালৈকে কিমান যে ব্যস্ততা মহিলাসকলৰ। তদ্ৰুপ পথাৰত শালি- লাচি ধানৰ কঠিয়াৰ বীজ সিচা পৰ্বলৈকে পুৰুষসকলোৰো যে কিমান কি ব্যস্ততা । আদিৰ পৰা অন্তলৈকে সকলোৱে এই সময়ত অতিকৈ ব্যস্ত হৈ পৰে।

ব’হাগৰ সৈতে অসমীয়াৰ সম্পৰ্ক অতি নিবিড়। তাৰোপৰি কৃষিকাৰ্য কৰা কৃষকসকলৰ উপৰি মহিলাসকলৰো এইহেন সময়ত ব্যস্ততা আৰু দায়িত্ব অতি গধুৰ। মুঠৰ ওপৰত বসন্ত ঋতুৰ এই সময়ছোৱাত সকলোৱে নিজ নিজ কামত ব্যস্ত হৈ পৰে। 

কেৱল নতুনক আদৰাৰ নামতে যে সকলোৱে ব্যস্ত হৈ পৰে এনে নহয়, ব’হাগ মাহৰ সৈতে আছে বহু পুৰণি পৰম্পৰা। এই পৰম্পৰাসমূহ ধৰি ৰাখিবলৈ আজিৰ এই আধুনিকতাৰ ধামখুমীয়া সময়তো সকলোৱে প্ৰয়াস কৰে।

আধুনিকতাই গৰকি যোৱা অথচ তেনে আধুনিকতাৰ ভেমক আওকাণ কৰা বিভিন্ন প্ৰান্তৰ গাঁওসমূহত প্ৰস্তুতি চলিছে গৰু বিহুকলৈ, সমান্তৰালকৈ কৃষি কাৰ্যত ব্যৱহৃত সজুঁলিসমূহ সক্ৰিয় কৰি তোলাৰ। ইতিমধ্যে গৰুবিহুৰ দিনা গৰু নোৱাই নতুন পঘাৰে বান্ধিবলৈ বহু লোকে নিজ হাতে মৰাপাটৰ পঘা প্ৰস্তুত কৰিছে। 

কৃষকসকলে কঠিয়া সিঁচাৰ বাবে প্ৰস্তুতি চলাইছে। দ’ মাটিত কৰিব লগা লাচি ধানৰ খেতিৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি চলাইছে। নাঙলৰ ফাল, সিৰলু, যুঁৱলি, মৈ, শ’লমাৰি, লৰু ইত্যাদি বিবিধ সজুঁলিসমূহত চকু ফুৰাইছে। মেৰামতি কৰিছে বছৰটোৰ বাবে। যাতে খেতিৰ সময়ত কোনো এপদ সজুঁলিয়ে সমস্যাৰ সৃষ্টি নকৰে। তাৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি চলাইছে।

তাৰোপৰি কোনো কোনো অঞ্চলত বৰষুণ পৰাৰ লগে লগে নাঙলেৰে মাটি চহাইছে কৃষকসকলে। একেদৰে পথাৰৰ আলিবোৰ এতিয়াৰ পৰাই ঠিক- ঠাক কৰি তুলিছে। কঠিয়াডৰাও পানীৰে উপচাই তুলিছে তেওঁলোকে। কিয়নো সময়ৰ কাম সময়ত নকৰিলে ভাল খেতি আশা কৰাটো মিছা। সেই কথা তেওঁলোকে ভালকৈয়ে উপলব্ধি কৰে। মুঠৰ ওপৰত মহিলাসকলৰ দৰে পুৰুষসকলো এই সময়ছোৱাত ভীষণ ব্যস্ত হৈ পৰে।

আনহাতে এই সময়ছোৱাত গাঁৱে গাঁৱে চলিছে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি। যুৱক- যুৱতীসকলে প্ৰান্তে প্ৰান্তে কৰিছে বিহুৰ আখৰা। ঢোলবাদন, বিহুনাচ আদিকে ধৰি সকলোৱে এতিয়া ৰঙালীৰ উচাহত মত্ত হৈ পৰিছে। ক’ৰবাৰ পৰা আহিছে যদি ঢোলৰ গুমগুণি, আন কৰোবাৰ পৰা আহিছে পেঁপাৰ মাত। এনেদৰে এতিয়া চাৰিওফালে বসন্তৰ পয়োভৰ। বছৰৰ পাছত বছৰ ধৰি এনেকৈয়ে বাপতিসাহোন ব’হাগকলৈ ব্যস্ত হৈ পৰে সকলো অসমীয়া লোক।

ব'হাগ বিহু