/asomiyapratidin/media/media_files/2025/03/31/CKH5AcqRaZGBT9aRK35N.jpg)
অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা চিনাকি নাম ভৃগু ফুকন। প্ৰচুৰ মেধাসম্পন্ন তথা বিশেষ ব্যক্তিত্বৰ গৰাকীৰ উপৰি তেওঁ আছিল বিচক্ষণ ৰাজনীতিবিদ। আন্দোলন আৰু সংগ্ৰামৰ মাজেৰে আহি তেওঁ অগপ চৰকাৰৰ মন্ত্ৰী হৈছিল। অসমৰ ৰাজনৈতিক ইতিহাসত তেওঁ আছিল সৰ্বকনিষ্ঠ গৃহমন্ত্ৰী। মাত্ৰ ২৯ বছৰ বয়সতে তেওঁ চম্ভালিছিল গৃহ বিভাগৰ দায়িত্ব। পিছে কাৰো ক্ষেত্ৰতে সময় সদায় একে হৈ নাথাকে। মানুহৰ জীৱন পৰিক্ৰমাত থাকে বহু উত্থান আৰু পতন। ভৃগু কুমাৰ ফুকনৰ জীৱনো নাছিল তাৰ ব্যতিক্ৰম। বহু তিতা- মিঠা অভিজ্ঞতাৰ সন্মুখীন হৈছিল তেওঁ। সেই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন...
ভৃগু ফুকন। অসমৰ ৰাজনৈতিক ইতিহাসৰ এগৰাকী বিচক্ষণ তথা মেধাসম্পন্ন ৰাজনীতিবিদৰ উপৰি তেওঁ আছিল জনপ্ৰিয় নেতা। কঠোৰ সংগ্ৰাম আৰু ত্যাগৰ মাজেৰে আহি তেওঁ ৰাজনীতিৰ পথাৰত ভৰি দিছিল।
তাৰোপৰি এই সংগ্ৰামৰ মাজেৰেই ১৯৮৫ চনত এদিন তেওঁ অসম গণ পৰিষদ চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ আসন অলংকৃত কৰিছিল। তেওঁ আছিল মন্ত্ৰীসভাৰ সৰ্বকনিষ্ঠ গৃহমন্ত্ৰী। মন্ত্ৰিত্বৰ দায়িত্ব লোৱাৰ সময়ত তেওঁ বয়স আছিল একুৰি ন বছৰ।
এইখিনিতে এটা কথা উল্লেখ কৰা ভাল যে, ভৃগু ফুকনৰ দেউতাক আছিল এগৰাকী আই এ এছ বিষয়া। এটা আধ্যৱন্ত আৰু সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল তেওঁ। অভাৱ একোৰে নাছিল। তথাপি জাতীয়তাবাদে ভৃগু ফুকনক কিশোৰ অৱস্থাতে হাত বাউল দি মাতিছিল। হয়তো তেওঁৰ তেজতে আছিল জাতীয়তাবাদ অথবা আঞ্চলিকতাবাদ।
সেই অনুসৰিয়েই ১৯৭৯ চনত তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদ অলংকৃত কৰিছিল। তেতিয়াৰ পৰাই আৰম্ভ হৈছিল ছাত্ৰ ৰাজনীতিৰ। তাৰ পাছত অসম আন্দোলনৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত হৈ পৰিছিল। সেই আন্দোলনক সতীৰ্থ প্ৰফুল্ল কুমাৰ মহন্ত আদিৰ সৈতে সন্মুখৰ পৰা নেতৃত্ব দিছিল।
কেৱল ইমানেই নহয়, অসম চুক্তিৰ সময়ত তেওঁ আছিল অন্যতম স্বাক্ষৰকাৰী। ৰাজনৈতিক কেৰিয়াৰত তেওঁ ঈৰ্ষণীয় সফলতা লাভ কৰিছিল। লাভ কৰিছিল ৰাইজৰ মৰম আৰু আদৰ। ৰাইজে তেওঁক যেনকৈ ভয় কৰিছিল ঠিক তেনেকৈ সমীহো কৰিছিল, আদৰো কৰিছিল। ৰাইজৰ বুকুৰ আপোন আছিল তেওঁ ।
জালুকবাৰী সমষ্টি আছিল তেওঁৰ দ্বিতীয়খন ঘৰ। এই সমষ্টিৰ পৰাই তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অসম বিধানসভালৈ যাত্ৰা কৰিছিল।
তেওঁ প্ৰকৃতাৰ্থত আছিল এগৰাকী নেতা। নেতৃত্ব লোৱাৰ ক্ষমতা যেন তেওঁৰ আহে আহে, কোহে কোহে আছিল। সেই বাবেই তেওঁ ৰাইজৰ প্ৰিয় নেতা হ’ব পাৰিছিল।
কথাতে আছে- নেতা হোৱাতো সহজ কাম নহয়। সহজ নহয় নেতা হৈ ৰাইজৰ প্ৰিয়ভাজন হোৱাটো। এগৰাকী ব্যক্তি নেতাৰ জখলাডাল বগোৱাৰ আঁৰত থাকে বহু কাহিনী। হয়তো সেই কাহিনী পাছত কেতিয়াবা বিভিন্ন মাধ্যমৰ জৰিয়তে পোহৰলৈ আহে, আন কিছুমান থাকি যায় এন্ধাৰত। ভৃগু ফুকনৰো এনে বহু কাহিনী, ঘটনা আজিও যে আঁৰতে আছে সেই কথা নুই কৰিব নোৱাৰি।
অতবোৰ সাফল্য, ক্ষমতা, অৰ্থ, প্ৰাচুৰ্য, আদৰ, সন্মান, ৰাইজৰ অপাৰ মৰম পোৱাৰ পাছতো তেওঁৰ জীৱনলৈ আহিছিল অমানিশা ! দুখ- কষ্ট, হতাশাই যেন চুই গৈছিল তেওঁক। এটা সময়ত তেওঁৰ জীৱনটো হৈ পৰিছিল কণ্টকময়। সংঘাত হৈছিল একালৰ সতীৰ্থ প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে। তাৰোপৰি বহু কাৰণত তেওঁৰ জীৱনটো দুঃখময় হৈ পৰিছিল।
মন্ত্ৰী হৈ থকা সময়ছোৱাত তেওঁৰ খাৰঘুলিস্থিত বাসগৃহলৈ সোঁত বৈছিল জনতাৰ। ইটোৰ পাছত সিটো কাৰণ লৈ আহিছিল অসংখ্য জনতা। নেতা- মন্ত্ৰী, বিধায়ক আদি ৰাজনৈতিক নেতাৰ আছিল সঘন আহ – যাহ। যেতিয়াৰ পৰা মন্ত্ৰিত্ব গ’ল তেতিয়াৰ পৰা তেওঁ হৈ পৰিছিল অকলশৰীয়া। পত্নী- কন্যা থকাৰ পাছতো তেওঁ অনুভৱ কৰিছিল অকলশৰীয়া। এনেদৰেই দিন পৰা কৰা ভৃগু ফকুনে ২০০৬ চনৰ ২০ মাৰ্চত দিল্লীৰ এইমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল। তেতিয়াৰ পৰাই খাৰঘুলিৰ বাসগৃহত পত্নী- কন্যা দুয়ো দুয়োৰে সাৰথি হৈ দিন পাৰ কৰি আহিছে।
এনেদৰে পত্নী আৰু কন্যা উপাসা ফুকনৰ চকুৰ সন্মুখতে বতাহৰ বেগেৰে পাৰ হৈ গৈছিল বহু সময়। কিছু ভাল আৰু কিছু বেয়া। ধুমুহাৰ সতে জীৱন পৰা কৰিছিল দুয়ো। কোনো মন্ত্ৰী, বিধায়ক কিম্বা ভৃগু ফুকনৰ সতীৰ্থসকলেও কেতিয়াও মাত এষাৰ দিয়াৰো প্ৰয়োজন বোধ কৰা নাছিল !
কেতিয়াবা কেতিয়াবা অৱশ্যে দুই- এটা সংবাদ মাধ্যমে তেওঁলোকৰ মনৰ বতৰা লৈছিল। হয়তো ইয়াৰ পাছৰে পৰা দুই এজন লোকেও পৰিয়ালটোৰ খবৰ লোৱাৰ অনুভৱ কৰিছিল। হ’লেও সেয়া আছিল এপাছি শাকত এটা জালুকৰ লেখিয়া। কি খাইছে, কেনেদৰে আছে এজন প্ৰাক্তন মন্ত্ৰীৰ পৰিয়াল সেই কথা অনুভৱ কৰোতাজনেহে বুজিব। আলৈ- আথানি নোহোৱা সময় পাৰ কৰা এই পৰিয়ালটোৰ বেদনা হয়তো বুজিবলৈ বৰমূৰীয়াসকলৰ হাতত সময় নাই।
এইহেন দুখ- দুৰ্দশাৰে দিন পাৰ কৰা পৰিয়ালটোৰ মূৰত পুনৰ এবাৰ সৰগ ভাগি পৰিছিল ৩০ মাৰ্চ ২০২৫ তাৰিখ দেওবাৰে। পিতৃৰ দৰে অত্যন্ত মেধাসম্পন্ন আৰু মাতৃৰ একমাত্ৰ মাত- কথা আৰু সুখ- দুখৰ সাৰথি উপাসা ফুকনেও মেলানি মাগিলে এই ধৰাৰ পৰা। আজিৰ এই সময় এগৰাকী মাতৃৰ বাবে কিমান বেদনাদায়ক আৰু কিমান অসহনীয় সেয়া কল্পনাৰো অতীত।
উপাসা ফুকনৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত যথেষ্ট চৰ্চা হৈছে। ঘৰৰ দ্বিতীয় মহলাৰ ছাদৰ পৰা পিছলি পৰি মৃত্যু হোৱা বুলি বিশ্বাসত ল'ব পৰা নাই একাংশ লোকে। কি কাৰণত মৃত্যু হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। হয়তো সত্য সত্যতা পোহৰলৈ আহিব। তাৰ বাবে চকুলো টুকি টুকি বাট চাব লাগিব এগৰাকী দুৰ্ভগীয়া মাতৃয়ে।
আজিৰ এই দুঃসময়ত ভৃগু ফুকনৰ দূবৰি বনে আৱৰা চোতালখন আৰু মকৰাজাল বন্ধা খাৰঘূলিৰ ঘৰটোত আকালৰ এষাৰ মাত দিবলৈ কাৰো সময় নহ’ল। সামাজিক মাধ্যমযোগে দুই- এজনে শোক প্ৰকাশ কৰিছে যদিও সেয়া নিয়মমাফিকহে, তাৰ বাহিৰে আন একো নহয়। এনেকৈয়ে হয়তো পাৰ হয়, একালত ভিৰ মাজত থকা বহুলোকৰ পাছৰ সময়...!