/asomiyapratidin/media/media_files/2025/10/24/new-bikhekh-protibedon-1-3-2025-10-24-18-09-57.jpg)
প্ৰতিগৰাকী মানুহে জন্মতে লৈ আহে একো একোটা ব্যক্তিত্ব আৰু কালক্ৰমত ডাঙৰ- দীঘল হৈ এই ব্যক্তিত্ব বিকশিত হয়। ব্যক্তিত্ব ধৰি ৰাখ বৰ এটা উজু কাম নহয়। অধ্যয়ন, জ্ঞান আহৰণ, সমাজমুখী চিন্তা – চেতনা আদিৰ কৰ্ষণে একোগৰাকী মানুহক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী কৰি তোলে। তেনে ব্যক্তিত্বৰ অধিকাৰীজনৰ পৰা এটা জাতি ধন্য হয়। ৰাজ্যৰে এগৰাকী জ্যেষ্ঠ সাংবাদিক আছিল বৈকুণ্ঠ গোস্বামী। আপোচ বিহীন এইগৰাকী সাংবাদিকে ২৪ অক্টোবৰ ২০২৫ শুকুৰবাৰে জীৱন নাটৰ মেলানি মাগে। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ গোস্বামী আৰু নাই। শুকুৰবাৰে দিনৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৯ বছৰ।
মহানগৰীৰ হেঙেৰাবাৰীস্থিত হাউচিং ক’লনীত বাস কৰা গোস্বামীয়ে শুই থকা অৱস্থাতে জীৱন নাটৰ মেলানি মাগে। মৃত্যুৰ সময়ত তেখেতে পত্নী, পুত্ৰ গৌৰৱ গোস্বামী, কন্যা সুস্মিতা গোস্মামী, জোঁৱাই, দুই নাতি- নাতিনী তথা অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/24/whatsapp-i-2025-10-24-18-07-27.jpeg)
ইফালে তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সংবাদ জগতৰ উপৰি বৌদ্ধিক মহল, বাৰ্তাজীৱি সংঘ আদিকে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান শোকত ম্ৰিয়মাণ হৈ পৰে। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই নশ্বৰ দেহ গুৱাহাটী প্ৰেছ ক্লাৱলৈ অনা হয়।
প্ৰেছ ক্লাৱত অনুষ্টুপীয়াকৈ আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতলৈ কাৰ্যকৰ্তাসকলে শেষ শ্ৰদ্ধা নিবেদন কৰে। তেখেতৰ নশ্বৰ দেহত প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত সভাপতি খগেন কলিতা, সম্পাদক অমৰেন্দ্ৰ ডেকা, সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰ, বাৰ্তাজীৱি সংঘৰ সোণাধৰ ডেকা, যতীন ভাগৱতী আদিকে ধৰি আন আন কৰ্মকৰ্তা- বিষয়ববীয়াই মাল্যাৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/24/whatsa-2025-10-24-18-07-41.jpeg)
একেদৰে গোস্বামীৰ আত্মাৰ সদগতি কামনা কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। ইয়াৰ পাছতে গোস্বামীৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ নিয়া হয়।
সম্পূৰ্ণ ধৰ্মীয় নীতি- নিয়মৰ মাজেৰে তাত তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। উক্ত স্থানতো কেইবাজনো গুণমুগ্ধৰ লগতে জ্যেষ্ঠ সাংবাদিকসকল উপস্থিত থাকে। অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত সভাপতি খগেন কলিতা, ত্ৰিদীপ গোস্বামী, জ্যোস্না ভৰালী, সুশান্ত তালুকদাৰ আদিৰ লগতে আন আন লোকসকলো উপস্থিত থাকে।
উল্লেখযোগ্য যে, অসমীয়া সংবাদ জগতলৈ গোস্বামীয়ে আগবঢ়াই থৈ গৈছে অনস্বীকাৰ্য অনৱদান। তেখেতে মুক্ত সাংবাদিকতাৰ লগতে কেইবাখনো কাকতত তেওঁ সংবাদ সেৱা আগবঢ়াইছিল। একেদৰে ‘অসম ভূমি’ নামৰ কাকতখনৰ সম্পাদক আছিল গোস্বামী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/24/whatsapp-imag-2025-10-24-18-08-06.jpeg)
ইয়াৰোপৰি কেইবাখনো গ্ৰন্থ প্ৰনয়ণ কৰি গৈছে তেওঁ। তেওঁ ৰচনা কৰা গ্ৰন্থবোৰৰ ভিতৰত জনমালা ১, জনমালা ২, নিৱন্ধ চয়ন, অসমীয়া জাতীয়তাবাদ আৰু অসমীয়া, সংজ্ঞা, সংবাদ মাধ্যমৰ স্বাধীনতা আদি উল্লেখযোগ্য ।
১৯৪৬ চনত জন্মগ্ৰহণ কৰা গোস্মামীৰ মূল ঘৰ আছিল পাঠশালাৰ বামুণকুছি গাঁৱত। তাত তেওঁ জন্মগ্ৰহণ কৰিছিল। বৈকুণ্ঠ গোস্বামীয়ে নিজৰ দীঘলীয়া অভিজ্ঞতা আৰু গভীৰ চিন্তাধাৰাৰ লেখনিৰে অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়াইছে বহু অৱদান ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/24/whatsapp-i-2025-10-24-18-08-29.jpeg)
পাটনা(বিহাৰ)ৰ ইউনাইটেড নিউজ অৱ ইণ্ডিয়া (UNI)-ৰ ব্যুৰ' চীফ হিচাপে অৱসৰ গ্ৰহণ কৰা গোস্বামীয়ে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া (পি টি আই)ৰ সৈতেও জড়িত আছিল । জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে অগ্ৰদূত, দৈনিক জনমভূমি, নিউজ ষ্টাৰ আদি কাকততো সম্পাদকৰ ভূমিকা পালন কৰিছিল ।
প্ৰয়াত গোস্বামী সামাজিক-ৰাজনৈতিক আলোচনাৰ বাবে জনপ্ৰিয় হোৱা সাপ্তাহিক নীলাচল কাকতৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল । মৃত্যুৰ সময়লৈকে গোস্বামী আছিল এগৰাকী স্তম্ভ লেখক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/24/whatsapp-i-2025-10-24-18-08-47.jpeg)
উল্লেখ্য যে, তেখেতৰ কন্যা সুস্মিতা গোস্বামী আছিল গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভানেত্ৰী। একেদৰে বৈকুণ্ঠ গোস্বামীও আছিল দিছপুৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি। এনে এগৰাকীব ব্যক্তিৰ বিয়োগ সঁচাকৈ ৰাজ্যৰ বাবে অপূণীয় ক্ষতি হিচাপে বিবেচিত হৈছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us