জুবিন বিষয়ক গ্ৰন্থৰ লগতে মনোজ কুমাৰ গোস্বামীৰ ‘স্বনিৰ্বাচিত ২৬’লৈ পঢ়ুৱৈ ব্যাপক সঁহাৰি

আপুনি সুখত থাকক নাইবা দুখত থাকক, যদিহে লগত থাকে এখন গ্ৰন্থ; তেন্তে আপুনি কেতিয়াও নিসংগ অনুভৱ নকৰে। প্ৰতিখন গ্ৰন্থই আপোনাক সাংঘাটিক একো দিব নোৱাৰিলেও জীৱন যুঁজাৰ মন্ত্ৰ কিন্তু নিত্যান্তাই দিব। ভবাৰ অৱকাশ যোগাব আপুনি পঢ়ি থকা গ্ৰন্থখনে। এতিয়া গ্ৰন্থমেলাৰ বতৰ

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-06 at 7.37.33 PM

আপুনি সুখত থাকক নাইবা দুখত থাকক, যদিহে লগত থাকে এখন গ্ৰন্থ; তেন্তে আপুনি কেতিয়াও নিসংগ অনুভৱ নকৰে। প্ৰতিখন গ্ৰন্থই আপোনাক সাংঘাটিক একো দিব নোৱাৰিলেও জীৱন যুঁজাৰ মন্ত্ৰ কিন্তু নিত্যান্তাই দিব। ভবাৰ অৱকাশ যোগাব আপুনি পঢ়ি থকা গ্ৰন্থখনে। এতিয়া গ্ৰন্থমেলাৰ বতৰ। গুৱাহাটীত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণী পৰিছে। ব্যাপক হাৰত বিক্ৰী হৈছে বিভিন্ন লেখকৰ বিভিন্ন বিষয়ক গ্ৰন্থ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলত ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন... 

অসম গ্ৰন্থমেলা। ৰাজ্যৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে অনুষ্ঠিত গৈছে অসম গ্ৰন্থমেলা। একেদৰে কোনো কোনো প্ৰান্তত পৰ্যায় ক্ৰমে আৰম্ভ হ’ব এই অসম গ্ৰন্থমেলা। ৬জানুৱাৰী ২০২৫ৰ সন্ধিয়া সুকলমে অন্ত পৰে গুৱাহাটীত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ। 

খানাপাৰা খেলপথাৰত ২৪ ডিচেম্বৰ ২০২৫ৰ পৰা ৬ জানুৱাৰী ২০২৬লৈ অনুষ্ঠিত হৈছিল এই অসম গ্ৰন্থমেলা ২০২৫-২৬। উল্লেখযোগ্য যে,  অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসমগ্ৰন্থ মেলাৰ আজি সামৰণী পৰে। 

এই উপলক্ষে ৬ জানুৱাৰীৰ বিয়লি আয়োজন কৰে গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ । এই অনুষ্ঠানত শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। 

অনুষ্ঠানটোত ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা শতপথী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অন্য মাত্ৰা প্ৰদান কৰে। এই সামৰণী অনুষ্ঠানৰ মঞ্চত ২০২৫ বৰ্ষৰ 'প্ৰকাশন পৰিষদ সাহিত্য বঁটা'ৰ বাবে বাছনিকৃত 'ঐশ্বৰ্য' নামৰ উপন্যাসখনিৰ স্ৰষ্টা, বিশিষ্ট সাহিত্যিক ড° দীপক কুমাৰ বৰকাকতীক বঁটা প্ৰদান কৰে মুখ্য অতিথি ডা০ পেগুৱে। লগতে গ্ৰন্থখনিৰ প্ৰকাশক "বান্ধৱ" প্ৰকাশনৰ স্বত্বাধিকাৰীক ২০২৫ বৰ্ষৰ "অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা"ৰে সন্মানিত কৰে।

ASSAM BOOK FAIR
সামৰণী অনুষ্ঠানত মুখ্য অতিথি ডা০ ৰণোজ পেগু Photograph: (ডা০ ৰণোজ পেগুৰ ফেচবুক পেজ)

উল্লেখযোগ্য যে, চৈধ্য দিনীয়াকৈ অনুষ্ঠিত আৰু বিভিন্ন বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত এইবাৰৰ অসম গ্ৰন্থমেলাত ৰাজ্যৰ স্থানীয় আৰু বাহিৰৰ পৰা অহা সৰ্বমুঠ ১৩৫টাতকৈ অধিক প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছিল। অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে প্ৰকাশ কৰা মতে এইবাৰ গ্ৰন্থমেলাত গ্রন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক আছিল। 

ত্রয়োদশ দিনালৈ গ্রন্থমেলাত মুঠ ৬ কোটি ৮০ লাখ টকাৰ গ্ৰন্থ বিক্রী হয়। একেদৰে অন্তিমটো দিনলৈকে প্ৰায় ৭ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে অসম গ্ৰন্থমেলাই এক অনন্য অভিলেখো স্থাপন কৰা বুলি উদ্যোক্তাই জনায়। 

ইফালে এই গ্ৰন্থমেলাতে ৮১৮ গৰাকী ৪০ অনূৰ্ধ্ব যুৱ লেখক-লেখিকাক "যুৱ লেখক সন্মান" হিচাপে ২৫,০০০ টকা প্ৰদানেৰে সাহিত্য চৰ্চাৰ বাবে উৎসাহিত কৰিছিল ৰাজ্য চৰকাৰে। যাৰ দ্বাৰা এইসকল নতুন লেখক- লেখিকা নতুন নতুন সৃষ্টিৰ বাবে উদ্বুদ্ধ হৈছিল আৰু প্ৰেৰণা পাইছিল।

608120604_891324987172129_1021508281006427260_n

এইবাৰ গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ হাৰ সন্তোষজনক হোৱাৰ আছিল এক বিশেষ কাৰণ। সেয়া হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ অকাল বিয়োগৰ পাছতে ৰাজ্যৰে ভালেসংখ্যক লেখক- সাহিত্যিক তথা সাংবাদিকে জুবিন গাৰ্গক কেন্দ্ৰ কৰি ৰচনা কৰিছিল জুবিন বিষয়ক ভালেমান কিতাপ। 

images (2)

এই সমূহৰ ভিতৰত অন্যতম আছিল -

১) জুবিন গাৰ্গৰ জগত (সম্পাদনা: হীৰেণ গোঁহাই)
২) কবিতাৰে জুবিন তৰ্পন (সম্পাদনা: অক্ষয় কুমাৰ মিশ্ৰ)
৩) সূৰ্য্যকণ্ঠ জুবিন গাৰ্গ এসাগৰ সুৰৰ স্পন্দন (ড° অৰবিন্দ দেৱনাথ, ৰুবী চহৰীয়া)
৪) বাটৰে শেষতে বাট চাওঁ তোমালে (সম্পাদনা: উজ্বল বৰা)
৫) জুবিন গাৰ্গ- গীত গোৱা দাৰ্শনিকজন (সম্পাদক: ড° ধ্ৰুৱজ্যোতি দাস, উজ্বল বৰা)
৬)) হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ (শিল্পী দাস)
৭) জুবিন গাৰ্গ- তুৰাৰ পৰা চিংগাপুৰলৈ মায়াবিনী যাত্ৰা (মাণিক পাল)
৮) উঠা জাগা সাৰ পোৱা (নীলিম আকাশ কাশ্যপ)
৯) জুবিন গাৰ্গ- অলিখিত কথা (মুনিন্দ্ৰ বৈশ্য)
১০) হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ (প্ৰদীপ নাৰায়ণ ভট্ট)
১১) অসমৰ অমৰ সুৰ (পাৰ্থ প্ৰতিম দাস)
১২) মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গ (সম্পাদনা: ড° পংকজ গোস্বামী)
১৩) জুবিন বৈভৱ (মৃনাল কুমাৰ বৰা)
১৪) সাংবাদিকৰ দৃষ্টিত জুবিন (সম্পাদক: হেমন্ত শৰ্মা)
১৫) মায়াবিনী ৰাতিৰ বুকুত (দেৱজিত ভূঞা)
১৬) জুবিন- অন্যান্য সুৰৰ সুষমা( সম্পাদনা: প্ৰহেলিকা কৌশিক)
১৭) মায়াবিনী ৰাতিৰ বুকুত (সম্পাদনা: চিমৰাজ হুছেইন, বিতোপন বৰা)
১৮) আমলখি হাবিৰ পৰা নাহৰবনলৈ (প্ৰণৱ কুমাৰ শৰ্মা)

images

উল্লেখযোগ্য যে, এইকেইখন হৈছে নতুনকৈ প্ৰকাশ কৰা গ্ৰন্থ। জুবিন গাৰ্গ জীৱিত থকাৰ সময়ছোৱাত ৰচনা কৰা ভালেকেইখন গ্ৰন্থই এইবাৰ গ্ৰন্থমেলাত পূৰ্বতকৈ ব্যাপক হাৰত পাঠকৰ পৰা সমাদৃত হৈছে। 

সেই কেইখন হৈছে-

১) পিতৃৰ দৃষ্টিত জুবিন (কপিল ঠাকুৰ)
২) জুবিন গাৰ্গ- জীৱনৰ পৰা গানলৈ (সম্পাদনা: মণ্টু শইকীয়া)
৩) জুবিন গাৰ্গ ইত্যাদি (সম্পাদনা: জোনাক যুগান্তৰ বৰা)
৪) জুবিন গাৰ্গৰ সৃষ্টি আৰু দৃষ্টি (ড° প্ৰাণেশ্বৰ নাথ)
৫) জুবিন গাৰ্গ- সৃষ্টি বিতৰ্ক প্ৰাসংগিকতা (ড° পদ্মপাণি)
৬) জুবিন (মৃণাল শৰ্মা)
৭) সংগীত সুধাকৰ জুবিন গাৰ্গ (ৰাতুল চন্দ্ৰ নাথ)
৮) জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প (নীলিম আকাশ কাশ্যপ)।

আনহাতে জুবিন বিষয়ক গ্ৰন্থৰ উপৰিও এইবাৰ গ্ৰন্থমেলাত আন এখন গ্ৰন্থই পঢ়ুৱৈ তথা পাঠকসমাজৰ পৰা বেছ আদৰ পাবলৈ সক্ষম হৈছে। সেইখন হৈছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ ‘স্বনিৰ্বাচিত ২৬’ শীৰ্ষক গল্প সংকলনখন। 

MANOJ KR GOSWAMI
মনোজ কুমাৰ গোস্বামীৰ স্বনিৰ্বাচিত ২৬ Photograph: (ফটো সৌজন্য : হোৱাটছ এপ)

ব্যতিক্ৰম উপস্থাপন শৈলী তথা মননশীল লেখাৰে পাঠকক মুগ্ধ কৰি অহা এই গ্ৰন্থখনৰ প্ৰকাশক ৰেখা প্ৰকাশন। গ্ৰন্থখনৰ মূল্য ৩৫০ টকা। মনোজ কুমাৰ গোস্বামীৰ এই নিৰ্দিষ্ট গ্ৰন্থৰ প্ৰতি পাঠকে আগ্ৰহ দেখুওৱা পৰিলক্ষিত হৈছে। গ্ৰন্থখনৰ বেটুপাতৰ উপৰি ভিতৰৰ পৃষ্ঠাত থকা লেখাসমূহে আকৰ্ষিত কৰিছে পাঠকসমাজক। 

MANOJ KR GOSWAMI
স্বনিৰ্বাচিত ২৬

এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অসম গ্ৰন্থমেলালৈ অহা অসংখ্য গ্ৰন্থপ্ৰেমীয়ে বিভিন্ন কিতাপ ক্ৰয় কৰি গ্ৰন্থমেলাক দিলে অন্য এক মাত্ৰা। গ্ৰন্থৰ জয়জয়কাৰ কৰা প্ৰতিগৰাকী গ্ৰন্থপ্ৰেমীয়ে নতুন নতুন গ্ৰন্থ পঢ়ি ৰাজ্যৰ বৌদ্ধিক সমাজক কৰক আৰু উদ্বুদ্ধ। 

অসমৰ সাম্প্ৰতিক পৰিৱেশ আৰু অধিক সুন্দৰ কৰাত প্ৰতিগৰাকী পাঠকে যোগাওক কিঞ্চিত কিঞ্চিত অৰিহণা। শেষত গ্ৰন্থৰ চাহিদা আৰু মৰ্যাদা সদায়ে অটুট থাকক...

অসম গ্ৰন্থমেলা গ্ৰন্থমেলা