দালাই লামাৰ বাছনিঃ কি হ'ব চীন আৰু ভাৰতৰ স্থিতি?

তিব্বতী বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক প্ৰতিনিধি, দালাই লামা কেৱল এজন ধৰ্মগুৰু নহয়, তেওঁ তিব্বতৰ ৰাষ্ট্ৰীয় পৰিচয়, সাংস্কৃতিক স্বাভিমান আৰু আধ্যাত্মিক ঐতিহ্যৰ এক জীৱন্ত প্রতীক।

author-image
ৰিম্পী গগৈ
New Update
new bikhekh protibedon 2

দালাই লামাৰ উত্তৰাধিকাৰী কেৱল ধৰ্মীয়ই নহয়, বিশ্ব ভূ-ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ বিষয়। চীনৰ অনুমোদন অবিহনে দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া বৈধ নহ’ব বুলি উল্লেখ কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰ্তমানৰ দালাই লামাই। পিছে কেনেকৈ বাছনি হয় দালাই লামা? দালাই লামা বাছনিৰ সমগ্ৰ প্ৰক্ৰিয়াত কেনেদৰে চীনে কৰি আহিছে হস্তক্ষেপ? সকলো দিশ সামৰি ৰিম্পী গগৈৰ এক প্ৰতিবেদন...

Advertisment

তিব্বতী বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক প্ৰতিনিধি, দালাই লামা কেৱল এজন ধৰ্মগুৰু নহয়, তেওঁ তিব্বতৰ ৰাষ্ট্ৰীয় পৰিচয়, সাংস্কৃতিক স্বাভিমান আৰু আধ্যাত্মিক ঐতিহ্যৰ এক জীৱন্ত প্রতীক। বিশ্বৰ দৃষ্টিত দালাই লামা যেন তিব্বতৰ আত্মাৰ মুখপাত্র। এই ধৰ্মীয় পদবীটোৱে যুগে যুগে তিব্বতৰ ৰাজনৈতিক ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু বৰ্তমান এই পদবীৰ উত্তৰাধিকাৰী বাছনিৰ প্ৰক্ৰিয়া কেন্দ্ৰ হৈ পৰিছে চীন-তিব্বত-বিশ্ব ৰাজনীতিৰ দ্বন্দ্বৰ।

দালাই লামা: এক আধ্যাত্মিক বংশমালা

বিশ্বাস অনুসৰি দালাই লামা পূৰ্বজন্মৰ স্মৃতি, জ্ঞান আৰু উদ্দেশ্যৰে পুনৰ জন্ম লয়। এই ধৰ্মীয় ধাৰণাটোক কেন্দ্ৰ কৰি দালাই লামাৰ বংশমালাৰ সৃষ্টি হয়।

“দালাই লামা” শব্দটোৰ অৰ্থ — 'সমুদ্ৰ সদৃশ জ্ঞান'। এই উপাধিটো প্ৰথম দিয়া হৈছিল ১৫৭৮ চনত মংগোলীয় নেতা অলতান খানৰ দ্বাৰা তিব্বতী ভিক্ষু সোণম গ্যাট্সোক। তেওঁ তৃতীয় দালাই লামা হিচাপে পৰিচিত। এই যুক্তিত গেণ্ডুন দ্ৰুব (১ম) আৰু গেদুন গ্যাট্সো (২য়)কো সেই বংশত অন্তর্ভুক্ত কৰা হয়।

ৰাজনৈতিক শক্তি

সপ্তদশ শতিকাত পঞ্চম দালাই লামাই গাণ্ডেন ফোদ্ৰাং চৰকাৰৰ জৰিয়তে তিব্বতত আধ্যাত্মিক আৰু ৰাজনৈতিক ক্ষমতা প্ৰতিষ্ঠা কৰিছিল। ১৯৫১ চনত চীনে তিব্বত অধিকাৰ কৰাৰ আগলৈকে দালাই লামাই তিব্বতৰ নেতা হিচাপে ৰাজনৈতিক ক্ষমতা আগবঢ়াই আহিছিল। কিন্তু চীনা সেনাৰ আগ্ৰাসনৰ ফলত ১৯৫৯ চনত চতুৰ্দশ দালাই লামাই ভাৰতত আশ্ৰয় লয়। তেতিয়াৰ পৰাই ভাৰতত তিব্বতৰ নিৰ্বাসিত চৰকাৰ আৰু আধ্যাত্মিক নেতৃত্ব চলি আহিছে।

উত্তৰাধিকাৰী বাছনি: এক ধৰ্মীয় অনুশীলন

তিব্বতী বৌদ্ধ ধৰ্মত দালাই লামাৰ পুনৰজন্ম বিশ্বাসযোগ্য আৰু পৱিত্ৰ প্রথা। বৰ্তমান দালাই লামাৰ মৃত্যুৰ পিছত তেওঁৰ আত্মাই এটি নৱজাত শিশুৰ দেহত পুনৰজন্ম গ্ৰহণ কৰে বুলি বিশ্বাস কৰা হয়। ভিক্ষুসকলে বিভিন্ন সপোন, ধ্যান আৰু ধৰ্মীয় চিহ্নৰ সহায়ত সম্ভাৱ্য শিশুক চিনাক্ত কৰে। শিশুটোক দালাই লামাৰ আগৰ বস্তুসমূহ চিনাক্ত কৰিবলৈ দিয়া হয়। যদি তেওঁ সঠিকভাৱে চিনাক্ত কৰে, তেতিয়া তেওঁক পৰৱৰ্তী দালাই লামা বুলি ঘোষণা কৰা হয়।

এই প্ৰক্ৰিয়াটোৱে কেতিয়াবা কেইবাবছৰো সময় লয়। দালাই লামাৰ অন্ত্যেষ্টিক্ৰিয়াৰ ধোঁৱাৰ দিশ, মৃত্যুৰ সময়ত তেওঁৰ মুখৰ দিশ আদিৰো অধ্যয়ন কৰা হয়। এই পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক তিব্বতী বৌদ্ধ শিক্ষাৰ অন্তৰ্গত বিভিন্ন আধ্যাত্মিক দীক্ষা প্ৰদান কৰা হয়।

চতুৰ্দশ দালাই লামাৰ জন্ম আৰু চিনাক্তকৰণ

বৰ্তমান দালাই লামাই ১৯৩৫ চনৰ ৬ জুলাইত বৰ্তমানৰ চীনৰ কিংহাই প্ৰদেশৰ টাকছেৰ নামৰ গাওঁত এজন কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ জন্মৰ নাম আছিল লামো ধোণ্ডুপ। ১৯৩৮ চনত তিব্বতৰ অনুসন্ধানী দলে তেওঁক সম্ভাৱ্য দালাই লামা বুলি চিহ্নিত কৰে।

যেতিয়া তেওঁৰ আগৰ দালাই লামাৰ সামগ্ৰী চিনাক্ত কৰি কয় — “এইবোৰ মোৰ,” তেতিয়া সকলোৰে সন্দেহ দূৰ হয় আৰু ১৯৪০ চনত তেওঁক পৰৱৰ্তী দালাই লামাৰ স্বীকৃতি দিয়ে। পৰৱৰ্তী সময়ত তেওঁ বিশ্বজুৰি শান্তিৰ দূত, নৈতিকতা, সহনশীলতা আৰু অহিংসাৰ প্ৰতীক হিচাপে পৰিচিত হয়।

দালাই লামাৰ নতুন বাছনি প্ৰক্ৰিয়া

চতুৰ্দশ দালাই লামাই প্ৰচলিত বাছনি প্ৰক্ৰিয়া সন্দৰ্ভত বিভিন্নজনে প্ৰশ্ন তুলিছে। পিছে সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰ্তমানৰ দালাই লামাই। তেওঁ সদৰি কৰা অনুসৰি, চীনৰ হস্তক্ষেপৰ আশংকা থাকিলে তেওঁৰ উত্তৰাধিকাৰী নিজৰ জীৱনকালতেই নিৰ্বাচিত কৰিব পাৰি। 

শেহতীয়াকৈ তেওঁ ইঙ্গিত দিয়ে যে, পৰৱৰ্তী দালাই লামাৰ জন্ম  লাডাখ, উত্তৰাখণ্ড বা হিমাচলত হব। সেই বাছনিৰ দায়িত্ব ২০১৫ চনত গঠন কৰা Ganden Phodrang Trustএ ল’ব। ইয়াৰোপৰি তেওঁ উল্লেখ কৰে যে, এইবাৰৰ দালাই লামা এগৰাকী কন্যা সন্তানো হ’ব পাৰে, যদি তেওঁ সকলো ধৰ্মীয় যোগ্যতা পূৰ্ণ কৰে।

চীনৰ স্থিতি আৰু হস্তক্ষেপ

পিছে সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে। দেশখনে দাবী কৰে যে, দালাই লামাৰ পুনৰজন্মৰ স্বীকৃতি দিয়াৰ অধিকাৰ কেৱল চীন চৰকাৰে ৰাখে। তেওঁলোকে ২০০৭ চনত সমগ্ৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰিবলৈ আইনো প্ৰণয়ন কৰে, যাৰ অধীনত সকলো ধৰ্মগুৰুক চীনা চৰকাৰে অনুমোদন কৰিব লাগে। চীনে "Golden Urn" (সোণালী কলহ) পদ্ধতিৰ জৰিয়তে দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনৰ দাবী কৰে যে, এই প্ৰথা ১৭৯৩ চনৰ কিং বংশৰ কালত আৰম্ভ কৰা হয়। এই মতে সম্ভাৱ্য শিশুসকলৰ নাম সোণালী কলহত ভৰাই এটা নাম নিৰ্বাচন কৰা হয়। কিন্তু তিব্বতী বৌদ্ধসকল আৰু দালাই লামাই এই পদ্ধতিক ধৰ্মীয় স্বাধীনতাৰ ওপৰত হস্তক্ষেপ বুলি বিবেচনা কৰে।

ইতিহাসত চীনৰ হস্তক্ষেপ

১৯৯৫ চনত দালাই লামাই পঞ্চেন লামা হিচাপে চোয়েকি নিমাক নামৰ এটি শিশুক স্বীকৃতি দিয়া মাত্ৰকে চীনে অপহৰণ কৰিছিল। এতিয়ালৈ সেই শিশুৰ অৱস্থান অজ্ঞাত হৈয়ে আছে। তাৰ বিপৰীতে চীনে নিজৰ হাতেৰে বাছি লোৱা এটা শিশুক পঞ্চেন লামা ঘোষণা কৰিছে,  যাক তিব্বতীয়ে গ্ৰহণ কৰা নাই। উল্লেখযোগ্য যে, ১৯৫১ চনত চীনে তিব্বত দখল কৰাৰ পিছৰে পৰা বেইজিঙে তিব্বতৰ বৌদ্ধ ধৰ্ম নিয়ন্ত্ৰণৰ চেষ্টা চলাই অহা পৰিলক্ষিত হয়। 

ভাৰত আৰু আমেৰিকাৰ ভূমিকা
ভাৰতত দালাই লামা নিৰ্বাসিত অৱস্থাত বাস কৰি আছে। তেওঁৰ উপস্থিতিয়ে ভাৰত-চীন সম্পর্কত সংবেদনশীলতাৰ সৃষ্টি কৰিছে। তদুপৰি, আমেৰিকাই স্পষ্টভাৱে কয় যে দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনত চীনৰ হস্তক্ষেপ গ্ৰহণযোগ্য নহয়। ২০২০ চনত আমেৰিকাৰ কংগ্ৰেছে "Tibetan Policy and Support Act" (TPSA) আইন গৃহীত কৰে, যিয়ে চীনে বাছি লোৱা দালাই লামাক অবৈধ বুলি ঘোষণা কৰে।

ইফালে, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে সদৰি কৰা অনুসৰি, "দালাই লামাৰ স্থিতি কেৱল তিব্বতীসকলৰ বাবেই নহয়, বিশ্বৰ সকলো অনুগামীৰ বাবেও অতি গুৰুত্বপূৰ্ণ। তেওঁৰ উত্তৰাধিকাৰী নিৰ্ণয়ৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে দালাই লামাৰ হাতত। ইয়াত আন কোনোৱে হস্তক্ষেপ কৰিব নোৱাৰে।" চীনৰ প্ৰতিক্ৰিয়াৰ ঠিক পিছতেই ৰিজিজুৱে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 

দালাই লামা কেৱল এজন ধৰ্মীয় নেতা নহয়। তেওঁ তিব্বতৰ চিনাকি, বিশ্ব শান্তি আৰু আধ্যাত্মিকতাৰ প্ৰতীক। বৰ্তমানত যি ধৰণে চীন এই বাছনিৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, সেয়া তিব্বতৰ ধৰ্মীয় স্বায়ত্তশাসনৰ ওপৰত এক সৰল আক্ৰমণ। তিব্বতী সমাজ, ভাৰত, আমেৰিকা তথা বহুতো গণতান্ত্ৰিক দেশই বিশ্বাস কৰে যে, দালাই লামাৰ বাছনি মাথোঁ ধৰ্মীয় বিশ্বাস, তিব্বতী পৰম্পৰা আৰু আধ্যাত্মিক নির্দেশনাৰে হ’ব লাগে, ৰাজনৈতিক স্বাৰ্থৰ দ্বাৰা নহয়।

তিব্বত দালাই লামা