নিজম পৰি ৰ'ল সেই বাঁহীৰ সুৰ, অনুৰাগীৰ হৃদয় জুৰাবলৈ উভতি নাহে দীপক শৰ্মা

সোমবাৰে পুৱাই আহিল দুঃখবৰটো। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই। নিজম পৰি ৰল সেই বাঁহীৰ সুৰ। বাঁহীৰ অমিয়া সুৰেৰে অনুৰাগীৰ হৃদয় জুৰ পেলাবলৈ তেওঁ আৰু নাথাকিল।

author-image
ৰিম্পী গগৈ
New Update
new bikhekh protibedon 1 (4)

কিমান বেদনা সহিব অসমবাসীয়ে... বাঁহীৰ সুৰৰ লহৰৰে দেশবাসীক মোহাচ্ছন্ন কৰিবলৈ দীপক শৰ্মা আৰু নাই। যকৃতৰ ৰোগৰ সৈতে দীৰ্ঘদিনে যুঁজ দি অৱশেষত হাৰ মানিলে বিশিষ্ট বাঁহীবাদকগৰাকীয়ে। দীপক শৰ্মাৰ সাংগীতিক যাত্ৰাৰ সবিশেষ সামৰি ৰিম্পী গগৈৰ এক বিশেষ প্ৰতিবেদন- 

সোমবাৰে পুৱাই আহিল দুঃখবৰটো। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই। নিজম পৰি ৰ'ল সেই বাঁহীৰ সুৰ। বাঁহীৰ অমিয়া সুৰেৰে অনুৰাগীৰ হৃদয় জুৰ পেলাবলৈ তেওঁ আৰু নাথাকিল। জুবিনৰ মৃত্যুৰ শোকত দগ্ধ ৰাজ্যবাসীয়ে হেৰুৱালে আন এগৰকী মৰমৰ শিল্পীক।

দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত অসুস্থ হৈ থকা দীপক শৰ্মাই ২২ অক্টোবৰত উন্নত চিকিৎসাৰ বাবে চেন্নাই লৈ গৈছিল। ইয়াৰ পূৰ্বে গুৱাহাটীত চলিছিল তেওঁৰ চিকিৎসা। চেন্নাইৰ ৰেলা হাস্পতালতে আজি পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট বাঁহীবাদকগৰাকীয়ে। মাত্ৰ ৫৭ বছৰ বয়সত বিদায় মাগিলে দীপক শৰ্মাই।

১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল দীপক শৰ্মাই। তেওঁৰ পিতৃ আছিল প্ৰয়াত প্ৰমোদ শৰ্মা। সম্প্ৰতি গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা আছিল বাঁহীবাদকগৰাকী। সৰুৰে পৰা সংগীতত ৰাপ আছিল দীপক শৰ্মাৰ। মেট্ৰিকত দেওনা পাৰ হৈয়ে গুৱাহাটীলৈ আহিছিল বাঁহী শিকিবলৈ। বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ পৰা তেওঁ লৈছিল বাঁহীৰ শিক্ষা।

ইয়াৰ পাছতে তেওঁ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ সমান্তৰালতভাৱে  ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেণ্টেল মিউজিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীত বিশাৰদ ডিগ্ৰী লাভ কৰিছিল।  অল ইণ্ডিয়া ৰেডিঅ', গুৱাহাটীৰ বি. হাই গ্ৰেডেড আৰ্টিষ্ট (বাঁহী বাদন) আছিল শৰ্মা।

ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গীতত বাঁহীবাদন কৰাৰ লগতে ৩খনকৈ ছবিত সংগীত পৰিচালনা কৰিছিল দীপক শৰ্মাই। জংকি পানৈ, জাতিংগা ইত্যাদি (২০০৭), লুইতক ভেটিব কোনে (২০১৩) ছবিত সংগীত পৰিচালনা কৰি লাভ কৰিছিল খ্যাতি। ইয়াৰ লগতে জি টিভি ত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনাৰ লগতে ষ্টাৰ প্লাচ যোগে সম্প্ৰচাৰিত হোৱা কেলেইদোস্কোপৰ আৱহ সংগীতৰ মুখ্য বাঁহীবাদক আছিল দীপক শৰ্মা। তেওঁৰ সৃষ্টিৰাজীৰ বাবে লাভ কৰিছিল কেইবাটাও বঁটা। শেহতীয়াভাৱে তেওঁ লাভ কৰিছিল জুবিন গাৰ্গ বঁটা।

WhatsApp Image 2025-11-03 at 11.17.39 AM
কোনে ৰিঙিয়াই গীতটিত জুবিন গাৰ্গ আৰু দীপক শৰ্মা

দীৰ্ঘদিন ধৰি বেমাৰৰ সৈতে যুঁজ দিছিল দীপক শৰ্মাই। জীৱনৰ শেষ সময়ছোৱাত চৰকাৰৰ বিৰুদ্ধে উজাৰিছিল ক্ষোভ। চিকিৎসাৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হৈছিল তেওঁ। চৰকাৰৰ পৰা পাব লগা ধৰণেৰে সহায় লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি কেইবাবাৰো সামাজিক মাধ্যমত লিখিছিল দীপক শৰ্মাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অক্টোবৰ মাহত তেওঁক ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল। শেহতীয়াভাৱে দীপক শৰ্মাৰ নশ্বৰদেহ অসমলৈ ওভতাই অনাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে ব্যৱস্থা। দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ চেন্নাইৰ পৰা ৰাজ্য চৰকাৰে অনাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি গহপুৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইফালে, শিল্পীগৰাকীৰ অকাল বিয়োগত ৰাজ্যৰ সাংস্কৃতিক মহলত পৰিছে শোকৰ ছাঁ। কণ্ঠশিল্পী তৰালি শৰ্মাই সোঁৱৰণ কৰিছে তেওঁৰ পিতৃ প্ৰভাত শৰ্মাৰ কাষলৈ তেওঁ বাঁহী শিকিবলৈ অহা প্ৰথমটো দিনৰ কথা। সামাজিক মাধ্যমত তেওঁ লিখিছে- মেট্ৰিক পৰীক্ষা দি নলবাৰীৰ পৰা বাঁহী শিকিবলৈ অহা সৰু ল'ৰাজন! বাঁহীৰ ফুঁক শুনি মুগ্ধ হোৱা দেউতাৰ উজ্জ্বল মুখখন, দীপকদাৰ লাজে লাজে হাঁহোঁ-নাহাঁহোঁকৈ মৰা সেই হাঁহিটি এতিয়াও মনত আছে।
দীপক শৰ্মা- তেওঁৰ বাঁহীৰ সুৰত শাঁত পৰি যোৱা হৃদয়বোৰে নতুনকৈ গীত গাবলৈ শিকিছিল… তেওঁৰ বাঁহীৰ সুৰত যেন পাহাৰে-বতাহে-নদীয়ে ৰিঙিয়াই মাতিছিল… যাওকগৈ দাদা… সৰগত দেউতাৰ সৈতে বাঁহীৰ যুগলবন্দী কৰকগৈ…

WhatsApp Image 2025-11-03 at 10.19.03 AM

আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শোকপ্ৰকাশ কৰাৰ লগতে পৰিয়াল জনাইছে সমবেদনা। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে- বাঁহীৰ সুৰেৰে জগত জিনা আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মাৰ অকাল বিয়োগৰ খবৰ শুনি অতিকৈ মৰ্মাহত হৈছোঁ৷ বাঁহীৰ লহৰ তুলি বহু অনবদ্য সৃষ্টিৰাজিৰে সাংস্কৃতিক জগতক মহীয়ান কৰা দীপক শৰ্মাৰ বিয়োগ জাতীয় জীৱনৰ কাৰণে বৃহৎ ক্ষতি৷ তেখেতৰ অৱদান উত্তৰ প্ৰজন্মই চিৰদিন মনত ৰাখিব৷ প্ৰখ্যাত বাঁহীবাদক, সংস্কৃতিৰ সাধকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকাকুল পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ ওঁম শান্তি

WhatsApp Image 2025-11-03 at 10.17.46 AM

উল্লেখযোগ্য যে, বৰ্তমানেও চেন্নাইতে আছে বাঁহীবাদক গৰাকীৰ নশ্বৰদেহ। নশ্বৰদেহ মাতৃভূমিলৈ আনিবৰ বাবে যাবতীয় কাম-কাম অব্যাহত ৰাখিছে পৰিয়ালৰ লোকে। আজি সন্ধিয়া অথবা নিশাৰ ভাগতহে তেওঁৰ নশ্বৰদেহ অসম আহি পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সূত্ৰই সদৰী কৰিছে এই তথ্য। বিশিষ্ট শিল্পীগৰাকীৰ অকাল বিয়োগ ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। 

দীপক শৰ্মা বাঁহীবাদক দীপক শৰ্মা