/asomiyapratidin/media/media_files/2026/01/27/cb5ca145-e939-4799-8256-e1ddfb861081-2026-01-27-15-30-24.jpg)
ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত দীৰ্ঘসময়ৰ পৰা সম্পন্ন কৰাৰ বাবে চিন্তা-চৰ্চা কৰি থকা 'ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট'ক অৱশেষত অন্তিম ৰূপ প্ৰদান কৰা হ’ল। প্ৰায় ১৮ বছৰে গুণাগঁথা চলি থকা এই বুজাবুজিৰ চুক্তি অৱশেষত মঙলবাৰে ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত স্বাক্ষৰিত হয়। এই চুক্তি স্বাক্ষৰৰ পাছতে ইউৰোপীয় দেশসমূহৰ পৰা ভাৰতে আমদানি কৰা সামগ্ৰীসমূহৰ হ্ৰাস পালে দাম। পিছে কি কি সামগ্ৰীৰ কম দাম ভাৰতীয় গ্ৰাহকে লাভ কৰিব আৰু এই চুক্তিখনৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।
ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট
প্ৰথমে জানি লওঁক এই চুক্তিখনৰ বিষয়ে। ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট হৈছে ইউৰোপীয় ইউনিয়ন আৰু ভাৰতৰ মাজত বাণিজ্য বৃদ্ধিৰ লক্ষ্যৰে পাৰস্পৰিক আলোচনাৰে কৰা এক চুক্তি। য'ত বাণিজ্যিক ক্ষেত্ৰত দেখা দিয়া বাধাসমূহ হ্ৰাস বা সম্পূৰ্ণভাৱে নিৰ্মূল বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
স্বাক্ষৰ কৰা হ'ল ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট
মঙলবাৰে ইউৰোপীয় আয়োগৰ অধ্যক্ষ ওৰ্চুলা ওৱন ডেৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ ৰাষ্ট্ৰপতি এণ্টোনিয়ো লুইছ চেণ্টোছ ডা কোষ্টাৰ সৈতে ভাৰতীয় প্ৰতিনিধিসকল এক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দুয়ো পক্ষক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/8572dbc3-81f9-442f-9fe5-fc36a80b68fc-2026-01-27-15-33-35.jpg)
এই গুৰুত্বপূৰ্ণ বৈঠকত ইউৰোপীয় ইউনিয়নৰ ২৭খন দেশৰ সৈতে ভাৰতে ফ্ৰী ট্ৰেড এগ্ৰিমেন্টত স্বাক্ষৰ কৰে। এই চুক্তিৰ পাছতে ইউৰোপীয় ইউনিয়ন আৰু ভাৰতৰ মাজত বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত অধিক সুবিধা হ’ব। ইফালে, প্ৰধানমন্ত্ৰী মোডীয়ে এই চুক্তিক ভাৰতৰ ইতিহাসৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু বৃহৎ ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট বুলি অভিহিত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/2b58fbc1-0270-4c8d-8bf5-c98608485ced-2026-01-27-15-34-05.jpg)
উল্লেখ্য যে, এই চুক্তিৰ পাছত এতিয়াৰে পৰা ইউৰোপীয় দেশসমূহৰ পৰা ভাৰতলৈ অনা বা আমদানি কৰা সা-সামগ্ৰীসমূহৰ দাম বহু পৰিমাণে হ্ৰাস পাব। তদুপৰি এই চুক্তিৰ পাছত ইউৰোপীয় ইউনিয়ন বা সংঘৰ ৰাসায়নিক সামগ্ৰীসমূহৰ ওপৰত শুল্ক প্ৰায় নাইকীয়া হৈ যাব। লগতে অপ্টিকেল, মেডিকেল আৰু ছাৰ্জিকেলৰ ক্ষেত্ৰত উত্পাদিত ৯০ শতাংশ সামগ্ৰীত শুল্ক আঁতৰোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/7ece25bf-46a1-498a-b78b-7131effe6e0e-2026-01-27-15-33-53.jpg)
ভাৰতত কি কি সামগ্ৰীৰ লাভ কৰিব কম দামত
ভাৰত আৰু ই.ইউৰ মাজত হোৱা এই চুক্তিৰ পাছত ইউৰোপীয় দেশসমূহৰ পৰা ভাৰতে আমদানি কৰা কৰা বিয়েৰৰ দাম হ্ৰাস পাব। কিয়নো পূৰ্বে এই বিয়েৰত ১১০ শতাংশ শুক্ল আৰোপ কৰা হৈছিল। কিন্তু এতিয়াৰে পৰা মাত্ৰ ৫০ শতাংশ শুল্কহে আৰোপ হ’ব।
ঠিক একেদৰে স্পিৰিট আৰু ওৱাইনৰ ক্ষেত্ৰত দাম হ্ৰাস পাব। স্পিৰিটত এতিয়াৰে পৰা ৪০ শতাংশ আৰু ওৱাইনত ২০ৰ পৰা ৩০ শতাংশ শুল্কহে আৰোপা কৰা হ’ব।
ইফালে, স্বাক্ষৰিত চুক্তিৰ পাছত মেচিনেৰী আৰু ঔদ্যোগিক সা-সামগ্ৰীত আৰোপ কৰা কৰ হ্ৰাস পাব। ৰাসায়নিক সামগ্ৰীত ২২ শতাংশ শুল্ক হ্ৰাস পাব। ইউৰোপীয় দেশসমূহৰ পৰা ভাৰতে আমদানি কৰা ফাৰ্মা সামগ্ৰী অৰ্থাৎ ঔষধৰ দামো হ্ৰাস পাব। লগতে খাদ্য-সামগ্ৰী যেনে অলিভ অইল, মাৰ্জাৰিণ, ভেজিটেবল অইলৰ ওপৰতে পূৰ্ব আৰোপ কৰা শুল্ক আঁতৰাই দিয়া হ’ব।
বিদেশী বাহনৰ কমিব দাম
ই.ইউ আৰু ভাৰতৰ মাজত স্বাক্ষৰিত ফ্ৰী ট্ৰেড এগ্ৰিমেন্টৰ পাছত বিদেশী বাহনসমূহো ভাৰতীয় গ্ৰাহকে কম দামত ক্ৰয় কৰিব পাৰিব। ইউৰোপীয় দেশসমূহৰ পৰা ভাৰতলৈ আমদানি হোৱা বাহন যেনে BMW, ফক্সৱেগনৰ দৰে কোম্পানীৰ বাহনত আৰোপ কৰা কৰ বা টেক্স ১০ শতাংশলৈ হ্ৰাস কৰা হৈছে।
আনহাতে, অস্ত্ৰোপচাৰৰ বাবে ব্যৱহৃত সা-সামগ্ৰীৰ দাম হ্ৰাস হোৱাৰ ফলত দেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলেও কম ধন খৰচ কৰি অধিক উন্নত চিকিৎসা লাভ কৰিব। সা-সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ উপৰিও ভাৰতত এতিয়াৰে পৰা বিনিয়োগৰ হাৰ বৃদ্ধি পাব।
ভাৰতৰ গণৰাজ্য দিৱসৰ পিছদিনাই ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত হোৱা এই চুক্তি স্বাক্ষৰ অতিকৈ গুৰুত্বপূৰ্ণ। ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিছিল। ট্ৰাম্পে কৈছিল যে- ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰা খাৰুৱা তেলৰ ধনেৰে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰ ক্ষেত্ৰত আওপকীয়াকৈ সহায় কৰিছে। সেয়েহে শুল্ক বৃদ্ধি কৰা হৈছিল। কিন্তু ভাৰতে আমেৰিকাৰ এনে শুল্ক অধিক আৰোপ কৰাৰ বিৰুদ্ধে এক প্ৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে মঙলবাৰৰ এই চুক্তি স্বাক্ষৰৰ জৰিয়তে।
ভাৰতক সমগ্ৰ বিশ্বত আগবঢ়াই নিবলৈ, নিজক সকলো দিশৰ পৰা শক্তিশালী কৰিবলৈ আৰু ভাৰতীয় নাগৰিকক কম দামত অধিক সা-সামগ্ৰী প্ৰদান কৰিবলৈ ইউৰোপীয় ইউনিয়নৰ সৈতে কৰা হয় এই চুক্তি স্বাক্ষৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us