ৰামচন্দ্ৰ আহিব, ৰভাৰ তলত বহিব...

তাৰিখ লোৱা হৈ গৈছে। প্ৰস্তুতিয়ো আৰম্ভ হৈছে। ছপা হোৱা নাই অৱশ্যে বিয়াৰ চিঠি। চিঠি ছপা নহ’লেও বহু লোকে খবৰ পাইছে এই বিয়াখনৰ। ওচৰ- চুবুৰীয়াই বিয়াৰ প্ৰস্তুতিৰ খবৰ লোৱাৰ বাবে আহ- যাহ আৰম্ভ কৰি দিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
xzghfx

সময়ে কেতিয়া কাক, ক’ত, কেতিয়া কেনেকৈ লৈ যায় কোনেও নেজানে। সয়মৰ সোঁতত চলি গৈ থাকে আমাৰ জীৱন। সময়ে কন্দুৱাই, সময়ে হঁহুৱাই। এয়াইতো দুদিনীয়া জীৱন ! জন্ম- মৃত্যু আৰু বিবাহ বিধিৰ লিখন। কোনেও নাজানে কেতিয়া, কাৰ সৈতে থাকে বিয়াৰ ৰাহি-যোৰা। এনে সময়তে চৰ্চালৈ আহিছে এখন বিশেষ বিয়া। যিখন বিয়াত আছে সকলোৰে আশীৰ্বাদ। এই সন্দৰ্ভতে মৃদুল কুমাৰ সন্দিকৈৰ এক প্ৰতিবেদন...

Advertisment

তাৰিখ লোৱা হৈ গৈছে। প্ৰস্তুতিয়ো আৰম্ভ হৈছে। ছপা হোৱা নাই অৱশ্যে বিয়াৰ চিঠি। চিঠি ছপা নহ’লেও বহু লোকে খবৰ পাইছে এই বিয়াখনৰ। ওচৰ- চুবুৰীয়াই বিয়াৰ প্ৰস্তুতিৰ খবৰ লোৱাৰ বাবে আহ- যাহ আৰম্ভ কৰি দিছে।

কেইবাগৰাকীও আইতাই ভাত- পানী খাই ঠাণ্ডাৰ দিনৰ কোমল ৰ’দৰ উম লৈ জাউৰিয়ে- জাউৰিয়ে মনত পেলাই পেলাই গাইছে পুৰণি বিয়ানাম। বহুবোৰ বিয়ানাম তেওঁলোকে পাহৰিয়েই পেলাইছে। তথাপিও সাজু হৈছে তেওঁলোকো বিয়াৰ বাবে।

দৰাৰো ব্যস্ততা বাঢ়িছে এইকেইদিন। বিয়ালৈনো আৰু কেইদিন ? মাজত মাত্ৰ ডেৰমাহ। নতুন বছৰৰ পহিলা মাহৰ ২৪ তাৰিখে তেওঁ পিন্ধিব লাগিব দৰাৰ সাজ। জন্ম, মৃত্যু আৰু বিবাহৰ কথা মানুহে সঁচাই নাজানে। দৰাই নিজেও ভবা নাছিল এই বয়সত তেওঁ কাৰোবাক ভাল লাগিব। কইনায়ো ভবা নাছিল এই বয়সত তেওঁ মূৰত ওৰণি লৈ কইনাৰ সাজ পিন্ধব !

নিসংগতাই কোঙা কৰা দুই জীৱনলৈ এতিয়া এনেকৈয়ে নামিব সপোন আৰু আপোনত্ব। বোকাখাতত ঘৰ আছিল পদ্মেশ্বৰ গোৱালাৰ। এতিয়া বয়স তিনি কুৰি এঘাৰ। ৭১ বছৰীয়া গোৱালায়ে সৰুৰে পৰা এঘৰ লোকৰ ঘৰত বনকৰা লোক হিচাপে আছিল।

বয়স বাঢ়ি আহিল, দেহা পৰি গ’ল। এক- ডেৰ বছৰমানৰ পূৰ্বে তেওঁ গুচি আহিল প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰম লৈ। আপোন বুলিবলৈতো তেওঁৰ কোনো নাছিল। জীৱনৰ শেষ সময়খিনিত কাৰোৰে বোজা হ’ব নিবিচাৰিছিল। সেয়েহে দীৰ্ঘদিন ধৰি থকা মানুহঘৰৰ সৈতে বুজাবুজিৰে এই বৃদ্ধাশ্ৰমৰ আৱাসী হৈছিল গোৱালা।

ফুৰ্তিবাজ মানুহ। হাঁহি- ফুৰ্তি কৰি ভালপায়। ভাল বিহু গায়। ভাল লাগি গ’ল এগৰাকী আইতাৰ। তেওঁ সেই বৃদ্ধাশ্ৰমৰে আৱাসী। বিয়াত বহা নাছিল। পৰিয়াল বুলিবলৈ দুজন ভায়েক আছিল। দুয়ো ভায়েক ঢুকুৱাৰ পাছত আপোন বুলিবলৈ কোনো নাছিল।

সম্বন্ধীয় ভাগিনীয়েক এগৰাকীয়ে তেওঁক বৃদ্ধাশ্ৰমলৈ লৈ আহিছিল। তেনেকৈয়ে মিলন হৈছিল পদ্মেশ্বৰ গোৱালা আৰু জয়াপ্ৰভা বৰাৰ। সেই কথা বৃদ্ধাশ্ৰমখনৰ কৰ্তৃপক্ষই জানিছিল। বুজিছিল দুয়ো- দুয়োৰে প্ৰতি থকা এই আন্তৰিক প্ৰেমক।

যৌৱনৰ ভটিয়নি সোঁতত এতিয়া তেওঁলোকক লাগে কেৱল সংগ। লাগে কেৱল আপোন বুলিব পৰা কোনোবা এজন থকাৰ উপলব্ধি। যিবোৰ ধনেৰে কিনিব নোৱাৰি। সেয়াই এতিয়া তেওঁলোকক দিবলৈ সাজু বৃদ্ধাশ্ৰম কৰ্তৃপক্ষ।

তেওঁলোকৰ সৈতে সম্পৰ্ক থকা পৰিয়ালৰ দৰে ভবা সকলৰ সৈতেও কথা হৈছে। তাৰ পাছতে এই প্ৰস্তুতি চলিছে। পদ্মেশ্বৰ গোৱালাৰ পূৰ্বতে থকা ঘৰৰ লোকে বিয়াৰ বাবে কইনাৰ সাজপাৰ দিয়াৰ কথাও চিন্তা কৰিছে। বিয়াৰ পূৰ্বে মঠঘৰীয়াৰ মাতৃ নিবাসত থাকিবগৈ জয়াপ্ৰভা বৰা।

বেলতলাৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমৰ পৰাই ককা- আইতাসকল যাব প্ৰথমে জোৰণ লৈ। ইয়াৰ পূৰ্বে আইনী প্ৰক্ৰিয়াৰে বিয়াৰ পঞ্জীয়ন হ’ব। তাতে দুয়োৰে বিয়াৰ ৰাজহুৱা অভ্যাৰ্থনা চলিব। হিচাপ কৰা হৈছে এহেজাৰৰো অধিক অতিথি আহিব এই বিয়ালৈ।

এই বিয়াত নাথাকে সাধাৰণতে বিয়াত দেখাৰ খাদ্য সম্ভাৰ। নিৰামিষ খাদ্যৰে অতিথিক আপ্যায়ন কৰিব। দুখন দাইল, এখন ভাজি, চালাদ, পনীৰৰ আঞ্জাই হ’ব এই বিয়াৰ মেনু। শুভাকাঙ্খীসকলে ভাগে ভাগে লৈছে দায়িত্ব। কোনোবাই দিব চাউল, কোনোবাই দিব দাইল। এনেকৈয়ে শুভাকাংক্ষী কোনোবাই বিচাৰিলে সহায়ৰ হাত আগবঢ়াব পাৰে দুয়োকে।

এয়া জীৱনৰ অন্যতম প্ৰিয় ক্ষণ তেওঁলোকৰ। হয়তো এই বয়সতে তেওঁলোকৰ দুয়োৰে কপালত লিখা আছিল বিবাহৰ কথা। লিখি থৈছিল কিজানি অদৃশ্যজনে, এনেকৈয়ে এজন আনজনৰ আপোন হ’ব বুলি।

বিয়া বৃদ্ধাশ্ৰম