বড়োভূমিত আকৌ হাগ্ৰামাঃ কিয় এই জনপ্ৰিয়তা?

বিজেপিৰ সৈতে প্ৰমোদ বড়োৰ ঘনিষ্ঠতা ইমানেই অধিক হৈ পৰিল যে সময়ে সময়ে মানুহে প্ৰমোদ বড়ো ইউ পি পি এলৰ নেতা নে বিজেপিৰ মুখপাত্ৰ সেই লৈ সন্দিহানো হৈ পৰিল।  

author-image
Tushar Pratim
New Update
new bikhekh protibedon 1 (15)

পুনৰ বড়োভূমিৰ ক্ষমতালৈ হাগ্ৰামা মহিলাৰী। বি টি আৰ চুক্তিৰ কথাৰে বিটিআৰৰ মুৰব্বী হোৱা প্ৰমোদ বড়োৰ বিৰুদ্ধে কিয় ক্ষোভ বড়ো জনতাৰ? বিটিআৰ চুক্তিৰ কাৰ্যকৰীকৰণত ব্যৰ্থতা নে আন কিবা? কিয় হাগ্ৰামাৰ হাততেই বড়ো ভূমিৰ জনতাই পুনৰ দিলে ক্ষমতা? এজন এজনকৈ প্ৰায় সকল সতীৰ্থই এৰি থৈ যোৱাৰ পাছতো কিয় হাগ্ৰামাকেই ক্ষমতা দিলে বড়ো জনতাই? কিয় ইমান বিশ্বাস হাগ্ৰামাৰ ওপৰত? বিটিচি নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত এই সকলো বিষয় সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

পুনৰ বিটিচিত বিপিএফৰ চৰকাৰ গঠন নিশ্চিত হৈছে। এই প্ৰতিবেদন লিখি থকালৈকে দলটোৱে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই যদিও ২৫ খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে। 

৪০ খন আসনৰ বিটিচি দখলৰ বাবে প্ৰয়োজন ২১ খন আসন। যদিও আসনৰ সংখ্যা ইফাল-সিফাল হোৱাৰ সম্ভাৱনা আছে তথাপিও এই কথা প্ৰায় নিশ্চিত হৈছে বিটিচিত এইবাৰ হাগ্ৰামাই কোৱাৰ দৰেই দলটোৱে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব। 

নিৰ্বাচনৰ পূৰ্বেই হাগ্ৰামাই সাংবাদিকৰ আগত এইবাৰ তেওঁলোকে ২৫ খন আসন লাভ কৰিব বুলি দাবী কৰিছিল। তেওঁ কৈছিল- ‘এতিয়া আমি ২৫ খন আসন পাম বুলি কৈছো। আচলতে তাতকৈ বেছিহে পাম। কিন্তু প্ৰমোদ বড়োৱে ভয় কৰিব কাৰণেই ২৫ খন বুলি কৈছো’। 

যদিহে শেষ মুহূৰ্তলৈকে কোনো ইফাল-সিফাল নহয় তেন্তে বিপিএফে আগবাঢ়ি থকা অনুসৰিয়েই ২৫ খন আসন দখল কৰিব। বিটিচিত হাগ্ৰামাৰ এই উত্থানত অৱশ্যে আচৰিত হ’বলগীয়া একো নাই। 

কিয়নো বড়ো ভূমিৰ জনতাই এই কথা বুজি উঠিছিল যেতিয়ালৈকে ক্ষমতা নিজৰ হাতত থাকিব তেতিয়ালৈকেহে আত্মনিয়ন্ত্ৰণ, স্ব-অধিকাৰৰ কথাবোৰৰ প্ৰাসংগিকতা থাকিব। ক্ষমতা হেৰুৱালেই সকলো নিয়ন্ত্ৰিত হ’ব দিছপুৰ, দিল্লীৰ পৰা। তেওঁলোক হৈ পৰিব কাৰোবাৰ চাবি দিয়া পুতলা। 

২০২১ ৰ নিৰ্বাচনতো বিপিএফেই সৰ্বাধিক আসন লাভ কৰিছিল। সেইবাৰ দলটোৱে সৰ্বাধিক ১৭ খন আসন লাভ কৰাৰ বিপৰীতে নৱ গঠিত ইউ পি পি এলে ১২ খন আৰু বিজিপিয়ে ৯ খন আসন লাভ কৰিছিল। গণ শক্তিয়ে লাভ কৰিছিল এখন আসন। 

নিয়ম অনুসৰি পৰিষদখন গঠনৰ বাবে হাগ্ৰামাই প্ৰথম আমন্ত্ৰণ লাভ কৰিব লাগিছিল যদিও সেই সুযোগ তেওঁক দিয়া হোৱা নাছিল। এই অভিযোগ আজিও মুকলিকৈয়ে উত্থাপন কৰে হাগ্ৰামাই। 

সেইবাৰ ইউ পি পি এল আৰু বিজেপিয়ে গঠন কৰিছিল পৰিষদখন। মুখ্য কাৰ্যবাহীৰ দায়িত্ব লয় প্ৰমোদ বড়োৱে। ইয়াৰ পূৰ্বে ২০২০ চনৰ জানুৱাৰী মাহৰ পৰাই ইয়াৰ বাবে এক পৰিবেশ তৈয়াৰ কৰা হৈছিল। 

২০২০ ৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত হৈছিল বিটিআৰ চুক্তি। বড়ো ভূমিলৈ শান্তি ঘূৰাই অনা এই চু্ক্তিয়ে বড়োভূমিত কিদৰে উন্নয়নৰ নতুন দিগন্ত সূচনা হ’ব তাৰ বহুল প্ৰচাৰ হৈছিল। 

সেই প্ৰচাৰৰ মাজতেই গঢ়ি লৈ উঠা ইউ পি পি এলে বিটিআৰ চুক্তিক আলম কৰিয়েই সোমাই গৈছিল জনতাৰ মাজলৈ। সেইবাৰ সন্ত্ৰাসমুক্ত বিটিচিত নিৰ্বাচনৰ এক ঢৌ বলিছিল। 

পৃথক বড়োলেণ্ডৰ দাবীৰে দীৰ্ঘবছৰ ধৰি এবছুক নেতৃত্ব দি অহা প্ৰমোদ বড়োৰ প্ৰতি মানুহৰ মনত গঢ়লৈ উঠিছিল নতুন ধাৰণা। 

তেনে এক যোগাত্মক পৰিবেশ, পৰিস্থিতিৰ মাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ইউ পি পি এল। পৰিবেশ, পৰিস্থিতি আনকি দিছপুৰ, দিল্লীৰ শাসক এই সকলোখিনি ইউ পি পি এৰ ফালে থকাৰ পাছতো সেইবাৰ বিপিএফে দখল কৰিছিল ১৭ খন আসন। 

বিজেপিৰ সহায়ত বিটিচিৰ মুখ্য কাৰ্যবাহী হোৱা প্ৰমোদ বড়োৰ ওপৰত মানুহৰ আস্থাও আছিল। সেই আস্থাক তেওঁক কিন্তু ধৰি ৰাখিব নোৱাৰিলে। যি হাগ্ৰামাই ১৫ বছৰীয়া শাসনকালত দিল্লী, দিছপুৰক বিটিচিত সোমাবলৈ নিদি কেৱল তেওঁলোকৰ পৰা আদায়হে কৰিলে সেই বিটিচিৰ নিয়ন্ত্ৰণ যোৱা ৫ টা বছৰত সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হোৱাৰ অভিযোগ দিছপুৰৰ বিৰুদ্ধে। 

সেই সুযোগ কৰি দিলে প্ৰমোদ বড়োৱে। বিজেপিৰ সৈতে প্ৰমোদ বড়োৰ ঘনিষ্ঠতা ইমানেই অধিক হৈ পৰিল যে সময়ে সময়ে মানুহে প্ৰমোদ বড়ো ইউ পি পি এলৰ নেতা নে বিজেপিৰ মুখপাত্ৰ সেই লৈ সন্দিহানো হৈ পৰিল।  

যি বিটিআৰ চুক্তিৰ কথাৰে ক্ষমতা দখল কৰিলে সেই চুক্তিও যোৱা ৫ টা বছৰত ৫০ শতাংশও কাৰ্যকৰী কৰিব নোৱাৰিলে। বড়ো জণগনে এই কথাবোৰ উপলব্ধি কৰিছিল। চাই আছিল কিদৰে তেওঁলোকৰ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ ক্ৰমশঃ আনৰ হাতলৈ যাবলৈ আৰম্ভ কৰিছিল। 

প্ৰমোদ বড়োৰ কান্ধত উঠিয়েই বড়োভূমিত প্ৰৱেশ কৰা বিজেপিয়ে যোৱা ৫ টা বছৰত বিটিচিৰ তৃ্ণমূল পৰ্যায়ত বহু ভিতৰলৈ সোমাই পৰিল। প্ৰমোদ বড়োৰ দৃষ্টিত সেইবোৰ সাধাৰণ কথা আছিল যদিও সচেতন বড়ো ৰাইজে এইবোৰ কথা সহজে লোৱা নাছিল। 

আত্ম-নিয়ন্ত্ৰণকলৈ সেয়ে অতি সচেতন হৈ পৰিছিল বড়ো ভূমিৰ জনগণ। ইফালে প্ৰমোদ বড়োৰ নেতৃত্বৰ পৰিষদখন গঠন হোৱাৰ পাছত যোৱা ৫ টা বছৰত বড়োভূমিত বাস কৰা অনাবড়োসকলো নিজৰ অস্তিত্বক লৈ চিন্তিত হৈ পৰিছিল ৰাজহুৱাকৈ প্ৰমোদ বড়োৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল। 

তাৰ বিপৰীতে হাগ্ৰামাই কিন্তু সাধাৰণ মানুহৰ মাজত নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ প্ৰচেষ্টাত জড়িত হৈ পৰিল। হাগ্ৰামাৰ দিনত বড়োভূমিত দুৰ্নীতিৰ অভিযোগ আছিল। প্ৰমোদ বড়োৰ সময়তো সেই অভিযোগ উত্থাপন হৈছে। 

শেহতীয়াকৈ উদ্যোগীকৰণৰ নামত চৰকাৰে যিদৰে হাজাৰ হাজাৰ ভূমি পুঁজিপতিৰ হাতত গতাই দিছে, থলুৱা খিলঞ্জীয়াৰ হাতৰ পৰা ভূমি কাঢ়ি নিছে তাৰ প্ৰভাৱো কিন্তু এই নিৰ্বাচনত পৰিছিল। বিজেপিৰ সৈতে প্ৰমোদ বড়োৰ ঘনিষ্ঠতাই সেয়ে এইলোসকলক ভীতিগ্ৰস্তও কৰি ৰাখিছিল।

হাগ্ৰামাৰ দিনত উন্নয়ন হৈছিল নে নাই, দুৰ্নীতি কিমান হৈছিল আদি বিষয়বোৰক আওকান কৰি বড়ো জনতাই এই কথাতহে অধিক গুৰুত্ব দিছিল যে হাগ্ৰামাৰ সময়ত বড়োভূমিত বড়ো জনতাৰ আত্ম-নিয়ন্ত্ৰণত কোনেও অনাধিকাৰ হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰা নাছিল। বৰঞ্চ অসম বিধানসভাতো তেওঁলোকৰ শক্তিশালী প্ৰতিনিধি আছিল। 

সেইসকলে গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্ৰীৰ মৰ্যাদাও পাইছিল। সেই মন্ত্ৰীৰ কামত কাৰো হস্তক্ষেপো নাছিল। সেয়ে তেওঁৰ কাষত এইবাৰ পূৰ্বৰ তেওঁৰ সতীৰ্থসকল নাথাকিলেও, তেওঁলোকে তেওঁক অকলশৰীয়া কৰিলেও কিন্তু জনতাই সেইসকলকহে অগ্ৰাহ্য কৰিলে। আদৰি ললে হাগ্ৰামাকহে। 

বড়োভূমিৰ আজিৰ এই ফলাফলে যে আগন্তুক অসমৰ ৰাজনীতিক এক নতুন গতি দিব সেয়া নিশ্চিত। এই নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ অন্যান্য স্বায়ত্ব শাসিত পৰিষদসমূহতো পৰিব। 

২০২৬ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব। হাগ্ৰামাৰ এই বিজয়ে অন্যান্য জনগোষ্ঠীয় ৰাজনৈতিক নেতাৰ হয়তো চকু মেল খোৱাব। কিন্তু এই কথাও ঠিক যে, ৰাজনীতিৰ পাকৈত খেলুৱৈ হাগ্ৰামাই বিজেপিৰ সৈতেই কালিলৈ ঘনিষ্ঠ নহ’ব তাৰ কোনো নিশ্চতা নাই। কাৰণ হাগ্ৰামাই স্পষ্টকৈ ঘোষণা কৰি থৈছে, আমি সুবিধাবাদী। যিয়ে সুবিধা দিব আমি সেই ফালেই যাম।

২০২১ ত ১২ খন আসন লাভ কৰা প্ৰমোদ বড়োৰ ইউ পি পি এলে এইবাৰ ১০ খন আসনো লাভ নকৰিলে। বিজেপিয়ে নিজৰ খোপনি ঠিকেই ধৰি থাকিলে। 

সেই অংকৰ পৰা ক্ষতি কেৱল প্ৰমোদ বড়োৰহে হ’ল। বিজেপিৰ দৰে অংক কৰিব নজনাৰ বাবেই আজিও বড়োভূমিত শূন্য হৈ ৰ’ল কংগ্ৰেছ। বিজেপিয়ে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিও ইউ পি পি এল, বি পি এফ দুয়োটা দলৰ বাবেই মিত্ৰতাৰ দুৱাৰ মুকলি কৰি ৰাখিলে। 

আৰু কংগ্ৰেছে বড়োভূমিত গৈ সকলোকে কেৱল সমালোচনা কৰি ভৱিষ্যতৰ ৰাজনীতিৰো বহু অংকত খেলি মেলি লগাই থৈ আহিল। সঁচাই আকৰ্ষণীয় আছিল বড়োভূমিৰ এইবাৰৰ নিৰ্বাচন। 

এফালে ধন, জন, বল আদি সৰ্ব শক্তি প্ৰয়োগেৰে বিজেপিৰ আগ্ৰাসী প্ৰচাৰ, প্ৰমোদ বড়োৰ বিটিআৰ চুক্তি আৰু এবছুৰ সমৰ্থন, হাগ্ৰামাৰ মাটি বিক্ৰী কৰি হেলিকপ্টাৰ উৰুৱাৰ ভাষণ আৰু ক’ত যে কিমান? 

প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী বিটিচি