/asomiyapratidin/media/media_files/2025/12/28/bikhekh-protibedon-2025-12-28-11-03-36.jpg)
জুবিনৰ মৃত্যুৰ পাছত স্তব্ধ হৈ পৰিছিল ৰাজ্য । সাংস্কৃতিক জগতখনত বিৰাজ কৰিছিল কেৱল শূণ্যতা। তেনে পৰিৱেশৰ মাজত ৰাজ্যৰ ভ্ৰাম্যমাণ থিয়েটাৰবোৰত কি প্ৰভাৱ পৰিছে ? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাবে এইখন বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছে বিশিষ্ট নাট্যকাৰ, পৰিচালক, সাংবাদিক তথা অসম সাহিত্য সভাৰ নাট্য সাহিত্যৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মাই
শোকৰ পৰা জন্ম লোৱা নিস্তব্ধতাই কেতিয়াবা সমাজক স্থবিৰতা দিয়ে। কেতিয়াবা সেই নিস্তব্ধতাৰ মাজৰ পৰাই জন্ম লয় নতুন প্ৰত্যয়। জুবিন গাৰ্গৰ অকাল আৰু ৰহস্যজনক মৃত্যুৰ পাছত অসম আজি তেনেই এটা সন্ধিক্ষণত থিয় দি আছে—য’ত বুকুৰ ভিতৰত দুখৰ জুই, কিন্তু চকুত আগুৱাই যোৱাৰ দৃঢ়তা।
অখিল ডেকা। নলবাৰীৰ গাঁৱে-ভূঞে ঘূৰি “চোতা হাতী” এখন লৈ অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা এজন সাধাৰণ ক্ষুদ্ৰ ব্যৱসায়ী। চিপছ, বাদাম, কণী, সৰু-ডাঙৰ সুস্বাদু খাদ্য—সকলো তেওঁৰ দোকানত পোৱা যায়। এইবাৰ নলবাৰী ৰাস মহোৎসৱত দিয়া দোকানখনৰ পৰা তেওঁ আগৰ তুলনাত বহু গুণে বেছি লাভ কৰিলে। কিয়নো তেওঁৰ দোকানখন আছিল সূৰ্য থিয়েটাৰৰ একেবাৰে কাষতে।
সূৰ্য থিয়েটাৰে তিনিদিনীয়া প্ৰদৰ্শনীত প্ৰায় বিশ লাখ টকাৰ ওচৰা-ওচৰি কালেকচন কৰিলে। জুবিন গাৰ্গৰ কণ্ঠত “টিকটিক” গানটো ইতিমধ্যে ভাইৰেল হৈছিল। তাৰ সৈতে মৃদুল ভূঞাৰ হৃদয়স্পৰ্শী অভিনয়ে দৰ্শকক বান্ধি ৰাখিছিল। ফলস্বৰূপে, থিয়েটাৰৰ চৌপাশৰ দোকানীসকলৰ মুখত হাঁহি উজলি উঠিল। কেৱল দোকানী নহয়, নলবাৰী ৰাস মহোৎসৱ সমিতিও আৰ্থিকভাৱে লাভান্বিত হ’ল।
ইয়াৰ আগত পশ্চিম নলবাৰীৰ দুৰ্গা পূজাতো সূৰ্য থিয়েটাৰে বিশেষ গানটোৰ জৰিয়তে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছিল। ভ্ৰাম্যমাণ থিয়েটাৰ যে কেৱল মঞ্চৰ নাটক নহয়, ই যে এক বিশাল অৰ্থনৈতিক পৰিকাঠামো—সেই কথা পুনৰ প্ৰমাণিত হ’ল।
সমান্তৰালভাৱে, নলবাৰীৰ গৰ্ডন ক্ৰীড়াংগনত প্ৰস্তুতি পৰাশৰ অভিনীত আৰু প্ৰযোজিত আৱাহন থিয়েটাৰে তিনিদিনতেই দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰে। থিয়েটাৰক কেন্দ্ৰ কৰি ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলে এইবাৰ আকৌ আশাৰ পোহৰ দেখিবলৈ পালে।
এইবোৰেই জুবিনোত্তৰ অসমৰ বাস্তৱ ছবি।
জুবিন গাৰ্গ কেৱল এজন জনপ্ৰিয় সংগীতশিল্পী নাছিল। তেওঁ আছিল অসমীয়া জাতীয় জীৱনৰ আত্মা। গাঁৱৰ মাটিৰ গোন্ধৰ পৰা মহানগৰৰ ব্যস্ততা, নদী-নদীৰ ঢৌৰ পৰা আকাশৰ নীলিমালৈ—জুবিনৰ কণ্ঠত অসমীয়াই নিজৰ সুখ-দুখ, বেদনা আৰু বিদ্ৰোহৰ ভাষা পাইছিল। ভক্তি, শক্তি, প্ৰেম আৰু প্ৰতিবাদ—সকলো একেলগে তেওঁৰ গানত ধ্বনিত হৈছিল।
১৯ চেপ্তেম্বৰত জুবিন গাৰ্গক এক পৰিকল্পিত আৰু ৰহস্যজনক পৰিস্থিতিত হত্যা কৰা ঘটনাই সমগ্ৰ অসমক স্তব্ধ কৰি তোলে। সাহিত্য, সংস্কৃতি আৰু সংগীতৰ জগতখন যেন এক মুহূৰ্ততে অন্ধকাৰত ডুব গ’ল। বহুজনৰ অনুভৱত যেন অসমীয়া সংস্কৃতিৰ সুৱৰ্ণমণ্ডিত ক্ষেত্ৰ হঠাৎ ম্লান হৈ পৰিল।
এই গভীৰ শোকৰ মাজতেই অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহে পাঁচদিন ধৰি শ্ব’ বন্ধ ৰখাৰ সিদ্ধান্ত ল’লে। এই সিদ্ধান্ত কেৱল শ্ৰদ্ধাঞ্জলি নহয়—ই আছিল শিল্পী সমাজৰ এক নৈতিক আৰু সাংস্কৃতিক দায়িত্ববোধৰ প্ৰতিফলন। ভ্ৰাম্যমাণ থিয়েটাৰে পুনৰ প্ৰমাণ কৰিলে, ই কেৱল বিনোদনৰ ব্যৱসায় নহয়; ই অসমীয়া সমাজৰ হৃদস্পন্দনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক জীৱন্ত শিল্পমাধ্যম।
পাঁচদিনৰ স্তব্ধতাৰ পাছত পুনৰ আৰম্ভ হ’ল ভ্ৰাম্যমাণ থিয়েটাৰৰ যাত্ৰা। লক্ষণীয়ভাৱে, বহু ঠাইত দৰ্শকৰ উপস্থিতি সন্তোষজনকভাৱে দেখা গ’ল। শোকৰ মাজতো এই সঁহাৰিয়ে এটা গভীৰ বাৰ্তা বহন কৰে—অসমীয়া সমাজে দুখত থমকি নাথাকে; দুখক শক্তিলৈ ৰূপান্তৰিত কৰিব জানে।
আজিৰ এই প্ৰেক্ষাপটত ভ্ৰাম্যমাণ থিয়েটাৰক অসমৰ বৰ্ণিল সংস্কৃতিৰ এক গৌৰৱময় অধ্যায়ৰ বাহক বুলি অভিহিত কৰিব পাৰি। সামাজিক আঘাত, সাংস্কৃতিক শূন্যতা আৰু বিভিন্ন প্ৰতিকূলতাৰ মাজতো এই শিল্পমাধ্যমে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে। ই কেৱল নাটক মঞ্চস্থ নকৰে; ই সমাজৰ মনোভাৱ, বেদনাৰ ভাষা আৰু আশাৰ প্ৰতিচ্ছবি দাঙি ধৰে।
জুবিন গাৰ্গৰ গীতে যিদৰে অসমীয়াক একত্ৰিত কৰিছিল, ভ্ৰাম্যমাণ থিয়েটাৰে তেনেদৰে সেই একতাৰ মঞ্চক জীয়াই ৰাখিছে। এজন শিল্পীৰ অনুপস্থিতিয়ে গভীৰ শূন্যতা সৃষ্টি কৰিলেও অসমীয়া সংস্কৃতি সম্পূৰ্ণৰূপে নিস্তব্ধ নহয়—এই সত্যটো ভ্ৰাম্যমাণ থিয়েটাৰৰ অবিৰাম যাত্ৰাই পুনৰ প্ৰতিপন্ন কৰিছে।
এতিয়া প্ৰচণ্ড শীতৰ কুঁৱলীসনা নিশা। তথাপিও পথাৰত, চহৰত, গাঁওত চলি আছে নাটক। The show must go on. কিয়নো এই শ্ব’ মানেই সহস্ৰাধিক শিল্পীৰ মুখত হাঁহি, পৰিয়ালৰ নিৰাপত্তা, সন্তানৰ শিক্ষাৰ ভৰষা।
নতুন বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰৰ এই যাত্ৰা আৰু অধিক শক্তিশালী, প্ৰাণোচ্ছল আৰু দৰ্শকৰ হিয়াৰ স্পন্দন হওঁক। আহক, সকলোৱে মনে-প্ৰাণে অসমৰ গৰিমা আৰু ঐশ্বৰ্যক সজীৱ কৰি তুলি জাতীয় জীৱনৰ ভেটি অধিক শক্তিশালী কৰোঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us