ইংৰাজী নৱবৰ্ষ উপলক্ষে ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ বিশেষ অনুষ্ঠান

ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উদ্যোগত পহিলা জানুৱাৰীত ঢেকীয়াজুলি নগৰৰ ছহিদ উদ্যানত “জ্যেষ্ঠসকলৰ সৈতে এখন্তেক” শীৰ্ষক বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৰূপায়ণ কৰা হয় ৷ ইংৰাজী নৱবৰ্ষ উপলক্ষে আয়োজিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানটি দিনৰ ১০-৩০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-01 at 8.37.16 PM

ডিজিটেল সংবাদ, ঢেকীয়াজুলি : ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উদ্যোগত পহিলা জানুৱাৰীত ঢেকীয়াজুলি নগৰৰ ছহিদ উদ্যানত “জ্যেষ্ঠসকলৰ সৈতে এখন্তেক” শীৰ্ষক বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৰূপায়ণ কৰা হয় ৷ ইংৰাজী নৱবৰ্ষ উপলক্ষে আয়োজিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানটি দিনৰ ১০-৩০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ কৰা হয় ৷

ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি সুৰেন্দ্ৰ খনালৰ সঞ্চালনাত অনুষ্ঠিত বয়োজ্যেষ্ঠ সকলৰ সম্বৰ্ধনা অনুষ্ঠানটি উদ্বোধন কৰে ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যেতিভা বৰাই ৷ তেওঁ কয়, বয়োজ্যেষ্ঠসকল সমাজৰ পথ প্ৰদৰ্শক ৷ তেওঁলোকে সমাজক বাট দেখুৱায় ৷ আজি নৱবৰ্ষ পহিলা দিনটোত বয়োজ্যেষ্ঠ সকলৰ সৈতে সুন্দৰ মূহূৰ্তত কটাব পৰাটো সৌভাগ্যৰ বিষয়ে বুলি বৰাই ভাষণত প্ৰকাশ কৰে ৷

WhatsApp Image 2026-01-01 at 7.51.15 PM

ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সম্পাদক ৰিপেন ৰাভা আৰু সাংগঠনিক সম্পাদক নাৰায়ণ ফয়েলে আঁত ধৰা সভাখনত ঢেকীয়াজুলি সম-জিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমুণি দাস, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শুকদেৱ অধিকাৰী, নাগৰিক মঞ্চৰ উপদেষ্টা বেণুধৰ নাথে ভাষণ দিয়ে ৷ সভাত বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলৰ তিনিগৰাকী উদ্যোগী ক্ৰমে- মহাবীৰ শেঠিয়া, গজেন বৰ্মন আৰু হৰ্ক বাহাদুৰ পকোৱালক  ঢেকীয়াজুলি গৌৰৱ বঁটা প্ৰদান কৰা হয় ৷

শিল্পী বৰষা হালৈৰ গীত, কবি-লেখক কৰুণাদত্ত বৰাৰ কবিতা, ভূৱন দাসৰ কৌতুক, মানস প্ৰতীম শইকীয়া আৰু হৃদয় শইকীয়াৰ বাঁহী বাদনে অনুষ্ঠানটি অধিক আকৰ্ষণীয় কৰি তোলে ৷ সভাত অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ ভীমানন্দ তাঁতী, মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ শৰ্মা, ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ সভাপতি প্ৰভাকৰ বৰ্মন, ভাৰতীয় ষ্টেট বেংকৰ ঢেকীয়াজুলি শাখাৰ মুখ্য প্ৰবন্ধক ৰূপক দাস, ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেশ চন্দ্ৰ বৰা, ধ্ৰুৱ প্ৰসাদ নাথ, বিধুভূষণ ৰয়, দিপ্তী কুমাৰ কলিতা, ফনীন্দ্ৰ কলিতা, ধ্ৰুৱভূষণ মহন্ত, বগীৰাম বড়ো, গোপাল মিশ্ৰ, কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী প্ৰবোধ কুমাৰ দাস, অৱসৰপ্ৰাপ্ত মহকুমা চিকিৎসা বিষয়া ডা:প্ৰদীপ কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া খগেন্দ্ৰনাথ শৰ্মা, অৱসৰপ্ৰাপ্ত বেংক বিষয়া দেৱী প্ৰসাদ অধিকাৰী, বানেশ্বৰ মিৰ্ধা, নাৰায়ণ চন্দ্ৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক কবীন্দ্ৰ কুমাৰ দাস, স্বদেশ ঘোষ, বীৰেন শইকীয়া, দল বাহাদুৰ সুতাৰ, দল বাহাদুৰ নেৱাৰ, গোপ বাহাদুৰ থাপা, গোবিন্দ খতিওৰা, ৰঞ্জিত নেৱাৰ, ৰামচন্দ্ৰ বস্নেত, দেৱৰাজ উপাধ্যায়, হেমন্ত কুমাৰ ছামলাগাই, মোহন কুমাৰ ছেত্ৰী, মনজিৎ ডেকা,  শৈলেন শৰ্মা, অনাথবন্ধু গোহৰায়, সমাজকৰ্মী কাজল বৰা, অনন্ত কুমাৰ নাথ, শিৱৰাম বৰা, হৰিচৰণ দাস, গংগাৰাম বস্নেত, প্ৰফুল্ল চন্দ্ৰ দাস, খগেন ভূঞা, ডা:উমেশ চন্দ্ৰ দাস, যাদৱ বড়ো পুলিন বৰা, চন্দ্ৰ কটুৱাল, দ্বীজেন ৰাজবংশী, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন্দ্ৰনাথ শইকীয়া, ৰঘুৰাম দাস, শৰৎ নাথ, নুতুন সিনহা, ৰুণজুন নাথ, চন্দ্ৰা শেঠিয়া, বি কে মনসা, শ্ৰৱণ কুমাৰ ভাৰ্গৱ, বিশ্বনাথ সাহা, ভৱানী কলিতা, নন্দলাল দাস, বাদল বৰ্ধন, অধিবক্তা দীপক কলিতা, ৰাজপিন্টু গোৱালাৰ লগতে ১১৪ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷

WhatsApp Image 2026-01-01 at 8.36.27 PM

তদুপৰি চলিত বৰ্ষৰ  যুৱ লেখক পুৰস্কাৰপ্ৰাপ্ত লেখিকা পলী হাজৰিকা, উদীয়মান লেখক হৰেণ ভূমিজ, ইন্দ্ৰজিত শৰ্মা, দিলীপ বৰ্মন, বৰষা হালৈ আৰু সুদীক্ষা ৰাভাক নাগৰিক মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ এই অনুষ্ঠানতে ঢেকীয়াজুলি সম-জিলা প্ৰশাসনে বয়োজ্যেষ্ঠ ব্যক্তিসকলক গছপুলি, ডায়েৰী, কলম আদিৰে সম্ভাষণ জনায় ৷

ঢেকীয়াজুলি