Advertisment

গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং বিষয়ক বিশেষ বক্তৃতা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগ আৰু ৰসায়ন শিক্ষা সমাজ অসম চমুকৈ SCEAৰ উদ্যোগত সোমবাৰে বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত "Science in the Era of Deep Machine Learning" শীৰ্ষক এক বিশেষ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
gu

gu

ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগ আৰু ৰসায়ন শিক্ষা সমাজ অসম চমুকৈ SCEAৰ উদ্যোগত সোমবাৰে বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত "Science in the Era of Deep Machine Learning" শীৰ্ষক এক বিশেষ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ গৱেষক আৰু অধ্যাপকসকলে অংশগ্ৰহণ কৰে । 

Advertisment

বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই। তেখেতে সাম্প্ৰতিক সময়ত শিক্ষা, গৱেষণাকে ধৰি বিভিন্ন ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তা (AI) আৰু মেচিন লাৰ্নিং (ML)ৰ পৰিৱৰ্তনশীল ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰে। আৰম্ভণী ভাষণ আগবঢ়াই ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক তথা ৰসায়ন শিক্ষা সমাজ অসমৰ সভাপতি অধ্যাপক অনুপ কুমাৰ তালুকদাৰে।

তেখেতে এই ধৰণৰ বক্তৃতানুষ্ঠানৰ প্ৰাসংগিকতাৰ লগতে ৰসায়ন শিক্ষা সমাজ অসমে এই ক্ষেত্ৰত পালন কৰি অহা ভূমিকাৰ বিষয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে ৰসায়ন শিক্ষা সমাজ অসমে এইধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি বৈজ্ঞানিক জ্ঞানৰ বিস্তাৰ আৰু সাধাৰণ জনতাৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

অনুষ্ঠানৰ মূল বক্তা তথা বিজ্ঞানী ডঃ আশীষ কাপুৰে বিভিন্ন বৈজ্ঞানিক ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিংৰ প্ৰয়োগৰ বিষয়ে এক মনোগ্ৰাহী বক্তৃতা আগবঢ়ায়। ২৫ বছৰৰ অধিক কৃত্রিম বুদ্ধিমত্তাৰ গৱেষণাৰ অভিজ্ঞতাৰে পুষ্ট ডঃ কাপুৰে কৃত্ৰিম বুদ্ধিমত্তাৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে অৱগত কৰাৰ লগতে ইয়াৰ ফলত মানৱ সমাজ, বিশেষকৈ বিজ্ঞানীসকলৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বান সম্পৰ্কে মন্তব্য আগবঢ়ায়। 

বক্তৃতাৰ শেষত ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু অধ্যাপকসকলে মূল বিষয়ক লৈ বিভিন্ন প্ৰশ্নৰ জৰিয়তে অন্তৰংগ ভাব বিনিময়ত অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ দেৱজ্যোতি মহন্তই।

gauhati university