/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/spcal-kashmir-death-write-up.jpg)
মৃদুল কুমাৰ সন্দিকৈ
পুৱা মহানগৰীৰ ৰাজপথ খালী। আনদিনাৰ দৰে নাই বাটে-পথে মানুহ। আগতে কুকুৰাৰ ডাকত মানুহ সাৰ পাইছিল। এতিয়া মহানগৰীত বহুলোক মাছ বিক্ৰী কৰিবলৈ অহা মানুহৰ মাতত সাৰ পায়। 'এই মাছ লাগিব, মাছ', 'এই চবজি', 'আছে নেকি পুৰণা বাতৰি কাগজ', 'এই জোতা পলিচ', এনে অনেক মাত মহানগৰীৰ জীৱনৰ বাবে চিনাকি। আজি হঠাৎ সেই মাতবোৰ নাইকিয়া হ'ল। কাৰণ আজি পবিত্ৰ ঈদ-উজ-জোহা। এই ঈদৰ তাৎপৰ্য আছে। ইয়াৰ এক ধৰ্মীয় বিশ্বাস আছে।
আল্লাৰ একান্ত সেৱক আছিল নবী ইব্ৰাহিম খলিল ইল্লাহ। প্ৰিয় পুত্ৰক আল্লাৰ ওচৰত কোৰবানী দিবলৈ সাজু হৈছিল। সেই ত্যাগৰেই প্ৰতীক এই ঈদ। ত্যাগৰ মাজতে লুকাই থাকে মহানতা। ত্যাগে মানুহক এক বেলেগ মহত্ব প্ৰদান কৰে। সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এই বাণী ধৰ্মীয় বা ৰাজনৈতিক নেতাৰ মুখত বেছিকৈ ফুটে। কিন্তু এইবোৰ ৰক্ষা কৰে সাধাৰণ লোকসকলে। তেওঁলোকৰ মনত একো ভেদ-ভাব নাথাকে। তেওঁলোক সদায় ভাই-ককাইৰ দৰে। সেই তেতিয়াই গাই থৈ যোৱা 'জিকিৰ আৰু জাৰি'ত সম্প্ৰীতিৰ বাণী বিৰাজমান- 'মোৰ মনত ভেদ-ভাৱ নাই অ' আল্লা, মোৰ মনত ভেদ-ভাৱ নাই।'
তাৰ মাজতেই ধৰ্মীয় উন্মাদনাৰ বহু খবৰ আহে। অতি সম্প্ৰতি ধৰ্মীয় মেৰুবিভাজনে ক্ষমতা আৰু শাসনৰ ৰাজনৈতিক বা ধৰ্মীয় নেতাৰ পাশা খেলত আমাৰ জীৱন বন্দী হৈ পৰিছে। ঈদৰ দিনা পুৱাই কাশ্মীৰৰ পৰা অহা খবৰে ব্যথিত কৰিলে। সম্প্ৰীতি, শান্তি আৰু ত্যাগৰ বিপৰীতে ৰাজপথত পাকিস্তানী পতাকা লৈ সন্ত্ৰাসবাদী সংগঠনৰ জয়গান গাবলৈ ওলাই আহিল এচাম লোক। মুক্তভাৱে সেইসকল লোকে ধৰ্মীয় মৌলবাদৰ চৰিত্ৰক প্ৰতিনিধিত্ব কৰি আজিৰ দিনটো বাচি লোৱাৰো কাৰণ আছে।
শ্ৰীনগৰৰ ৰাজপথত দেখা সেই দৃশ্যই কোনো তৃতীয় পক্ষৰ পৃষ্ঠপোষকতাত আমাৰ সাতামপুৰুষীয়া ঐক্য আৰু শান্তি বিনষ্ট কৰাত কাৰক ৰূপে চিহ্নিত হ'ব। কিছুসংখ্যক লোকৰ এনে ধৰ্মীয় উন্মাদনা, অসহিষ্ণুতা আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতাই কেতিয়াও সুস্থ পথৰ সন্ধান দিব নোৱাৰে। অথচ আজিৰ দিনটোত সমগ্ৰ বিশ্বজুৰি ত্যাগ আৰু শান্তিৰ বাণী বিলাই ইছলামধৰ্মী লোকসকলে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনাইছে। তাৰ বিপৰীতে কাশ্মীৰত এনে এক পৰিৱেশ।
কাশ্মীৰ ভাৰতৰ বাবে এটুকুৰা ৰঙা ঘাঁ। কাশ্মীৰত ভাৰতে দীৰ্ঘদিন ধৰি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কাৰোবাৰ ৫৬ ইঞ্চিৰ বুকু বা ৰঙা চকুৱে কাশ্মীৰ সমস্যা সমাধান কৰিব নোৱাৰে। ধৰ্মীয় দৃষ্টিভংগীৰে সন্ত্ৰাসবাদক পৃষ্ঠপোষক কৰা সকলে এই জটিলতাৰ সুযোগ লৈছে। ঈদৰ দিনা কাশ্মীৰত প্ৰথম চাৰি ঘণ্টাতে ২জনে প্ৰাণ হেৰুৱালে। তাৰে এজন ৰাজনৈতিক কৰ্মী, আনজন জম্মু-কাশ্মীৰ আৰক্ষীৰ জোৱান। ক'ত জোৱানে কাশ্মীৰৰ বাবে প্ৰাণ দিবলগীয়া হৈছে তাৰ হিচাপ কোনেও কৰা নাই।
কাশ্মীৰক লৈ দূৰদৰ্শী চিন্তা আছিল বাজপেয়ীৰ। লাহোৰলৈ বাছ চলাই বন্ধুত্বৰ হাত প্ৰসাৰিত কৰিছিল তেওঁ। সেই ভাষা পাকিস্তানে বুজি নাপালে। কাৰগিলত এই বাজপেয়ী চৰকাৰৰ দিনতে শিক্ষা দিয়া হৈছিল পাকিস্তানক। বাজপেয়ীৰ মৃত্যুৰ পিছত পাকিস্তানো শোকৰ সমভাগী হৈছে।
কিছুমান বিষয় আছে ধৰ্মৰ উৰ্ধ্বত। ধৰ্মীয় সংকীৰ্ণতাৰ পৰা এইবোৰ মুক্ত। তেনে এটা নাম অটল বিহাৰী বাজপেয়ী। আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টাজনক শেষ বিদায় দিবলৈ ধর্মীয় পৰিচয়ৰে কোনো যোৱা নাই। তেওঁৰ ৰাজনৈতিক দৰ্শনেই আছিল ধৰ্মীয় পৰিচয়ৰ উৰ্ধ্বত। ঈদৰ বাণীত বহল অৰ্থত ত্যাগৰ মহানতাৰ মাজত পৰস্পৰৰ প্ৰতি সন্মান আৰু মানৱ প্ৰেমৰ সন্ধান হোৱা যায়। হিন্দু, মুছলমান বুলি দেশক ভাগ ভাগ কৰা সকলে তেওঁলোকৰ পৰিচয় ধৰ্মৰ মাজত আৱদ্ধ কৰি নিজ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰে। কিন্তু দেশৰ নেতাই সেই ধৰ্মীয় উন্মাদনাত গুৰুত্ব নিদিয়ে। দেশেই তেওঁলোকৰ বাবে সৰ্বস্ব। দেশবাসীয়েই তেওঁলোকৰ বাবে ঈশ্বৰ।
অতি শেহতীয়াকৈ কেৰালাত বান হৈ গ'ল। সেই বানৰ প্ৰলয়ংকাৰী পানীয়ে হিন্দু, মুছলমান বা খ্ৰীষ্টান বুলি পৰিচয় লৈ ক্ষতি কৰা নাই। দুৰ্যোগৰ সময়ত সেনাৰ লগতে স্থানীয় লোকসকলেও উদ্ধাৰ অভিযানত নামিছে। সেনা জোৱানসকলৰ ব্যক্তিগত ধৰ্মীয় পৰিচয়ৰ ইয়াত স্থান নাই। উদ্ধাৰ অভিযানত নামিছিল কেৰালাৰ স্থানীয় লোকসকল। তেওঁলোকে উদ্ধাৰ অভিযানত জড়িত হৈ পৰোতে কোনেও এবাৰলৈও সোধা নাই তেওঁলোকৰ ধৰ্মৰ পৰিচয় কি?
কেৰালাৰ এই পৰিস্থিতিক লৈ এক বাস্তৱসন্মত ব্যাখ্যা আগবঢ়াইছে দ্য হিন্দু কাকতৰ প্ৰাক্তন সম্পাদক এন ৰামে। তেওঁ কৈছেঃ "Great kerala! Keralites will overcome this calamity soon. The gesture of unity of malayalees is unique. Major- part of rescue works done by Latin Catholic people belong to fishermen community who saved thousands of people but never asked their caste or religion. When Christians opened the doors of churches and schools they never asked the victims' religion. They moved shoulder to shoulder, ate together and slept together. Remittances will pour in to Kerala from malayalees all over the world. Kerala will be as usual by one year even without any other help.This cannot be seen in any other part of this country." (-Mr. N. Ram, former Chief Editor, The Hindu)
এই কথাখিনি পঢ়াৰ পাছত আপুনি কওঁক, আমাক ধৰ্মীয় পৰিচয় প্ৰতিটো মুহূৰ্ততে প্ৰয়োজন হয়নে? ধৰ্মক লৈ আমি জীয়াই থাকিব পাৰোনে? এনে বিপদৰ মুহূৰ্তত ধৰ্ম পৰিচয়ৰ মূল্য থাকে জানো?
ধৰ্মীয় উন্মাদনা আৰু মেৰুবিভাজনৰ ৰাজনীতিয়ে আমাক ক্ষতি কৰি আহিছে। সেই মৌলবাদী আচৰণ যি ধৰ্মতেই নহওঁক প্ৰয়োজন নাই। অসমতেই বহু উদাহৰণ আছে যিসকলে ব্যৱহাৰিকভাৱে ধৰ্মীয় পৰিচয়ৰ উৰ্ধ্বলৈ গৈ মানুহ হিচাপে নিজৰ পৰিচয় দাঙি ধৰাত সফল হৈছে। সেই বিশাল সমাজখনক ধৰ্মীয় আৰু সংকীৰ্ণতাৰ ৰাজনীতিয়ে ভাগ ভাগ কৰি পেলাইছে। এতিয়া ধৰ্মীয় পৰিচয়ৰে পৰিচালিত ৰাজনীতিয়ে দেশবাসীক ভাৰতীয় বুলি প্ৰত্যয় নিয়াব পৰা বিশ্বাস জন্ম দিয়াত ব্যৰ্থ হৈছে।
হিন্দু কেৱল ধৰ্ম নহয়, হিন্দু এক সভ্যতা। ঠিক একেদৰেই ইছলাম ধৰ্মৰ মানৱতা, ত্যাগ, ভাতৃত্ববোধৰ ভুল বিশ্লেষণ বহু সময়ত হয়। পৃথিৱীত প্ৰতিজন লোকৰেই প্ৰথম আৰু শেষ পৰিচয়- মানুহ। ধৰ্মই আমাৰ সামাজিক জীৱনৰ কিছু প্ৰণালীৱদ্ধ নীতি-নিয়মক প্ৰতিনিধিত্ব কৰিবলৈ শিক্ষা দিয়ে।
ছয়গাঁৱৰ ৰমজান আলী। এজন সংস্কাৰবান যুৱক। লিখিলে সকলো কথা বিশ্বাস কৰিবলৈ টান লাগে। নিজে গৈ ছয়গাঁৱৰ ঝাৰপাৰাত সেই দৃশ্য চাই আহিব পাৰে। সাম্প্ৰতিকতাৰ বিষবাষ্প বিয়পি পৰা সময়ত এনে দৃশ্যই সাম্প্ৰতিকতাত বিশ্বাসীসকলৰ চকু মেল খুৱাই দিব। ঝাৰপাৰাত এই অঞ্চলটোৰ ১০০ শতাংশই অসমীয়া মুছলমান লোক। তাৰ মাজতেই আছে এটা নামঘৰ। এই নামঘৰটো সেই মুছলমান লোকসকলৰ বাবেও সমানেই পবিত্ৰ। নামঘৰটোত আছে এজন নামঘৰীয়া। কেতিয়াবা তেওঁ নামঘৰটো এৰি ক'ৰবালৈ যাবলগীয়া হয়। সেই দিনা নামঘৰীয়া নাথাকিল বুলি তাত ডবা বা বন্তি নজ্বলাকৈ নাথাকে। একেই পৰম্পৰা আৰু বিশ্বাসেৰে এই নামঘৰটোত মুছলমান লোকসকলে জ্বলাই বন্তি। বজাই ডবা-কাঁহ। এইটোৱে সেই নামঘৰটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/02e72647-aa62-4581-8f29-3ea641b80651-300x225.jpg)
এতিয়া আপুনিয়ে কওঁক, ক'ত ইয়াত সেই সাম্প্ৰদায়িকতা? আছে জানো তেওঁলোকৰ মাজত আমাক ভাগ ভাগ কৰা নেতাসকলৰ উত্তেজিত ভাষণত স্থান পোৱা হিন্দু, মুছলমানৰ শ্ৰেণী বিভাজন। ধৰ্মীয় সংকীৰ্ণতাৰ পৰা মুক্ত এনে বহু ঠাই আছে। য'ত ধৰ্মৰ পৰিচয় নাই। আছে মাথো মানুহৰ পৰিচয়।
ধৰ্মীয় উগ্ৰ চেতনাই তেওঁলোকক চুব নোৱাৰে। হিন্দু-মুছলমানৰ পৰিচয়ে তেওঁলোকৰ মাজৰ সম্পৰ্কক ঘূণে ধৰাব পৰা নাছিল। তেওঁলোক হিন্দু বা মুছলমান হ'ব পাৰে। তেওঁলোক আজিও ভাই-ভাই। তেওঁলোকৰ পৰিচয় মানুহ, তেওঁলোকৰ পৰিচয় ভাৰতীয়।
পাকিস্তানৰ পতাকা লৈ শ্ৰীনগৰত প্ৰতিবাদত নমা ধৰ্মীয় উন্মাদত অন্ধসকলে এদিন অসমৰ ছয়গাঁৱলৈ আহক। চাওঁকহি তেওঁলোকে এই দৃশ্য। এওঁলোকো ইছলামধৰ্মী। কিন্তু তেওঁলোকৰ দৰে ধৰ্মীয় উন্মাদনাই কোনোদিনেই এওঁলোকক অন্ধ কৰিব পৰা নাই।