/asomiyapratidin/media/media_files/2025/07/18/432-2025-07-18-16-09-28.jpg)
ডিজিটেল ডেস্ক : পৰ্টুগীজ ফুটবলাৰ ডিয়াগ’ জ’টালৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে এক সন্মান। তাৰকা ফুটবলাৰগৰাকী অনবদ্য অৱদানৰ বাবে মৰণোত্তৰভাৱে তেওঁৰ নাম উলভছৰ ‘হল অৱ ফ্ৰমে’ত অন্তৰ্ভুক্ত কৰা হৈছে।
লিভাৰপুলৰ দৰে ক্লাব পৰ্যায়ৰ বুলিয়েই নহয় তেওঁ জাতীয় দললৈ আগবঢ়োৱা অস্বীকাৰ্য অৱদানৰ বাবে উলভছে এই মৰণোত্তৰভাৱে সন্মান যাচে প্ৰয়াত ফুটবলাৰগৰাকীলৈ। এই কথা সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছে সংস্থাটোৱে।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, চলিত বছৰৰ ৩ জুলাইত উত্তৰ স্পেইনৰ এক পথ দুৰ্ঘটনাত নিহত হৈছিল জ’টা। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৮ বছৰ।
বিয়া হোৱা মাত্ৰ কেইদিনমানৰ পাছতে অকাল মৃত্যুক সাৱটি লোৱা জ’টাৰ মৃত্যুত সমগ্ৰ বিশ্বই শোক প্ৰকাশ কৰিছিল। তাৰোপৰি বিশ্ব ফুটবলৰ বাবে ই এক অপূৰণীয় ক্ষতি বুলি বহুকেইগৰাকী খেলুৱৈয়ে মত প্ৰকাশ কৰি শোক ব্যক্ত কৰিছিল।
Diogo Jota has been inducted into the Wolves Hall of Fame 💛
— Wolves (@Wolves) July 17, 2025
It's a tribute that honours both his remarkable achievements for the club and the deep impact his passing has had on the footballing world.