/asomiyapratidin/media/media_files/2025/11/16/whatsapp-image-2025-11-16-18-22-05.jpeg)
ভাস্কৰ শৰ্মা
কি ৰাজনীতি, কি সমাজনীতি, কি সাংবাদিকতা অথবা সাহিত্য- সংস্কৃতি। এই আটাইবোৰ ক্ষেত্ৰ বাচি লোৱাৰ আগেয়ে সকলোৱে একো একোজন মানুহ। একো একোটা ব্যক্তিত্বৰে সম্বৃদ্ধ হৈ তেওঁলোকে যাপন কৰে জীৱন।
প্ৰতিগৰাকী মানুহৰেই পেচা ভিন্ন ভিন্ন হ’লেও তেওঁলোকৰ মনতো লুকাই থাকে মানৱীয় সত্বা। কামৰ কোনো সৰু- বৰ নাই। প্ৰতিজন ব্যক্তিয়ে যদি প্ৰতিজন ব্যক্তিৰ কামক শ্ৰদ্ধা আৰু সন্মান দিব জানে, তেন্তে এখন সুন্দৰ সমাজ আশা কৰাৰ অৱকাশ থাকে।
কিন্তু তাৰ বিপৰীতে যদি মানুহে কৰা কামক লৈ ভেদাভেদ বা বিভেদ সৃষ্টি কৰাৰ মনোবৃত্তিৰে মত দিয়ে, তেন্তে ই হৈ পৰে এখন সমাজৰ বাবে ক্ষতিৰ অন্য এক কাৰক।
আজিৰ এই লেখাৰ অন্যতম বিষয় হৈছে সাংবাদিকতা। সাংবাদিকতা এক বৃত্তি। সাংবাদিকতা এক সেৱা। ই ৰাইজৰ সেৱা। ৰাইজ তথা সমাজৰ বিভিন্ন খা- খবৰ অথবা বা- বাতৰি পৰিৱেশন কৰি এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰাৰ বাবে সামান্য হ’লেও বৰঙণি যোগোৱাৰ উদ্দেশ্যে মানুহে বাচি লয় সাংবাদিকতাৰ ক্ষেত্ৰখন।
এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰাত সাংবাদিকৰ ভূমিকা অপৰিসীম। পিছে আজিকালি এই সাংবাদিকতাৰো যেন ক’ৰবাত অৱক্ষয় ঘটিছে; সেই কথা অৱশ্যে কোনে ব্যক্তি বিশেষে কোৱা কথা নহয়। সমাজৰে এক শ্ৰেণীৰ লোকে আজিকালি সাংবাদিকতাক লৈ প্ৰশ্ন তোলাৰ এক পৰিৱেশ গঢ় লৈ উঠিছে।
সাংবাদিকতাৰ ভাও লোৱা এচামৰ বাবে এনে পৰিস্থিতিৰ সূচনা হোৱা বুলি কোৱা কথাষাৰো একাষাৰতে নুই কৰিব নোৱাৰি। সাংবাদিকতা কৰা এচামে আজিকালি সাংবাদিকতাক সেৱা বা বৃত্তি হিচাপে লোৱাৰ পৰিৱৰ্তে টকা ঘটা এক আহিলা হিচাপেও ব্যৱহাৰ নকৰা নহয়।
যাৰ বাবে নেকি সমাজৰে একশ্ৰেণীৰ লোকে সাংবাদিকতাক লৈ প্ৰশ্ন তোলে। আনকি এই প্ৰশ্ন ৰজাঘৰীয়ায়ো নকৰা নহয়। সময়ে সময়ে বহু নিষ্ঠাৱান সাংবাদিকো এই অপযশৰ পৰা সাৰি যোৱা নাই।
বিষয়বস্তুক লৈ প্ৰশ্ন তোলা সাংবাদিককো মন্ত্ৰীয়ে ওলোটাই প্ৰশ্ন কৰিব পৰা পৰিৱেশৰ সৃষ্টি হৈছে আজিৰ এই সময়ত। বহু সময়ত নিৰ্যাতিত আৰু অত্যাচাৰৰ বলি হৈছে বহু সাংবাদিক। দুৰ্নীতিৰ মুখা খুলিবলৈ যোৱা বহু সাংবাদিকক একাংশ ভণ্ডলোকে কৰা নগুৰনাকটিৰ কথা পাহৰি যোৱা উচিত নহয়।
বহুতে হয়তো বুজিও নুবুজাৰ ভাও ধৰে যে, সাংবাদিক হ’লেও তেওঁ যে এজন মানুহ। তেওঁৰো থাকিব পাৰে পৰিয়াল- পৰিজন। তেওঁৰো থাকে আৱেগ –অনুভূতি, সুখ- দুখ।
বহু সময়ত বাতৰি পৰিৱেশন কৰিবলৈ যোৱা স্থলীতো সাংবাদিক নিৰ্যাতনৰ সন্মুখীন হোৱা নজিৰো আছে এই মূলুকতে। কিন্তু এনে পৰিৱেশৰ মাজতো বহু সাংবাদিকে সাংবিদকতাত চেকা নলগাকৈ, দাগ নলগাকৈ আৰু দেশৰ আৰু দহৰ হিতৰ বাবে কৰি গৈছে সাংবাদিকতা।
সাংবাদিকৰ বিদ্যা- বুদ্ধি আৰু দক্ষতাৰ বলতে উন্মোচিত হৈছে সমাজত সংঘটিত হোৱা বহু দুৰ্নীতি- অনিয়মৰ বাতৰি। বাতৰিৰ শিৰোনাম দখল কৰা এই সমূহ বাতৰিয়ে থৰকাচুটি হেৰাই দিছে শাসন পক্ষৰ। বেকফুটলৈ ঠেলি দিছে শাসকক।
মুখাৰ আঁৰৰ মুখ খুলি দিয়া সাংবাদিকো আছে আজিৰ এই বিভীষিকাময় পৰিৱেশত। প্ৰবল ধুমুহা বলাৰ সময়তো নিজৰ ভেঁটি নেহেৰুৱাকৈ, আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ, সততাক জলাঞ্জলি নিদিয়াকৈ থকা সাংবাদিক আছে বাবেই আজি এখন সুস্থ সমাজ আশা কৰা থল আছে।
গতিকে এনেবোৰ নিষ্ঠাৱান সাংবাদিকৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰো আছে বহু কৰণীয়। মফচলীয়া সাংবাদিকৰ বাবে প্ৰস্তুত কৰিব পাৰে সঠিক ৰূপৰেখা, পৰিকাঠামো। যাতে তেওঁলোকৰ পৰিয়াল পোহপাল দিয়া, শিক্ষা, স্বাস্থ্য আদি বিভিন্ন দিশত সকাহ দিব পাৰে চৰকাৰে প্ৰস্তুত কৰা এই ব্যৱস্থাসমূহে।
ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
সাংবাদিকৰ বাবে উদযাপিত এই বিশেষ দিনটো আজি দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। গুৱাহাটী প্ৰেছ ক্লাবত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ৰাজ্যৰ ১০ গৰাকী সাংবাদিকক ফেল'শ্বিপ প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/16/whatsapp-image-20-2025-11-16-18-20-18.jpeg)
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ৫ গৰাকী প্ৰবীণ সাংবাদিককো সম্বৰ্ধনা জ্ঞাপন কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সমিতিয়ে। প্ৰবীণ সাংবাদিক প্ৰেমধৰ শৰ্মা, হাইদৰ হুছেইন, কনকসেন ডেকা, প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু ধীৰেন্দ্ৰনাথ বেজবৰুৱাক প্ৰেছ ক্লাবৰ তৰফৰ পৰা গামোচা, চেলেং, জাপি, শৰাই আৰু মান পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
আনহাতে নগাঁৱত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এছ'চিয়েচনৰ উদ্যোগত কমলাদেৱী তোদী স্মৃতি ভৱনৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে এই বিশেষ দিনটো উদযাপন কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/16/whatsapp-image-2-2025-11-16-18-21-08.jpeg)
জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, বিধায়ক ৰূপক শৰ্মা আদি উপস্থিত থকা এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক খৰ্গেশ্বৰ বৰুৱা, মানৱজ্যোতি বৰা আৰু বিভূতি বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। একেদৰে গহপুৰতো উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
গহপুৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। গহপুৰ সমজিলা কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰে গহপুৰ সমজিলাৰ আয়ুক্ত আদিত্য প্ৰতাপ সিঙে। তেওঁ কয় যে সুস্থ সমাজ গঠনত সংবাদ মাধ্যমৰ ভূমিকা আৰু দায়িত্ব অপৰিসীম। সমাজৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ প্ৰতিগৰাকী সাংবাদিকৰ অধিকাৰ আৰু নিৰাপত্তা সুনিশ্চিত হোৱা উচিত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/16/whatsapp-image-202-2025-11-16-18-21-20.jpeg)
অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক তুৱাকান্ত দুৱাৰা, সাংবাদিক কুকিল বৰুৱা, কাজু শইকীয়াক প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তাৰোপৰি বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগতো উদযাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
উক্ত অনুষ্ঠানটিত উপস্থিত থাকে জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস। প্ৰেছ দিৱস উপলক্ষে আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ কাৰ্যসূচীত সাংবাদিক ৰাজীৱ বৰালৈ বিশেষ সন্মান আগবঢ়োৱা হয়। একেদৰে মাৰ্ঘেৰিটা সমজিলা উদ্যোগতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। মাৰ্ঘেৰিটাত ”বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতা সুৰক্ষা” শীৰ্ষক এক আলোচনাচক্ৰো আয়োজন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/16/whatsapp-image-2-2025-11-16-18-21-37.jpeg)
তাৰোপৰি হাফলঙতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম, ডিজিটেল মাধ্যমৰ সংবাদকৰ্মী তথা সাংবাদিকসকলক আজিৰ এই দিনটোত বিশেষভাৱে সম্বৰ্ধন জনোৱা হয়। নলবাৰীতো গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়।
নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত এই দিৱস পালন কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্তকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ভালেকেইগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। একেদৰে আপকুৰ উদ্যোগত দিশপুৰ প্ৰেছ ক্লাৱতো পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/16/whatsapp-i-2025-11-16-19-51-15.jpeg)
অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সাংবাদিক ফণীধৰ দাসক বিশেষভাৱে সম্বৰ্ধনা জনায়। একেদৰে দৈনিক জনমভূমি কাকতৰ পবিত্ৰ গগৈ আৰু ইউ বি ফটোছৰ সাংবাদিক আব্দুল ছজিদকো সম্বৰ্ধনা জনাই আপকুৱে। অনুষ্ঠানত আপকুৰ সভাপতি, সম্পাদক, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, সঞ্জীৱ ফুকন আদি উপস্থিত থাকে।
এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হৈছে। কাৰ্যতঃ সুস্থ সাংবাদিকতা যেতিয়ালৈকে অসমৰ আকাশ- বতাহে প্ৰবাহিত হৈ থাকিব তেতিয়ালৈকে জীয়াই থাকিব সাংবাদিকতা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us