তেজৰ নহ’লেও নিজৰ আছিল অৰুণ

ঐ ক’ত আছ’ ? আহ আগলৈ... - এটা গান শেষ কৰি নতুনকৈ গান এটা আৰম্ভ কৰাৰ পূৰ্বে মাইক্ৰ’ফোনটোত এনেদৰে কৈ কাৰোবাক বিচাৰিছিল জুবিন গাৰ্গে। চুচুক-চামাককৈ আগলৈ আহিছিল এজন যুৱক...

New Update
AP FOR WEB NEW  bikhekh lekha (8)

মৃদুল কুমাৰ সন্দিকৈ

ঐ ক’ত আছ’ ? আহ আগলৈ... - এটা গান শেষ কৰি নতুনকৈ গান এটা আৰম্ভ কৰাৰ পূৰ্বে মাইক্ৰ’ফোনটোত এনেদৰে কৈ কাৰোবাক বিচাৰিছিল জুবিন গাৰ্গে। চুচুক-চামাককৈ আগলৈ আহিছিল এজন যুৱক। তাৰ পাছত জুবিনে যুৱকজনক চিনাকি কৰাই দি কৈছিল- ই অৰুণ, অৰুণ গাৰ্গ। তই নাচিব লাগিব এতিয়া। 

জুবিনে তাৰ পাছতেই আৰম্ভ কৰিছিল ঝুমুৰৰ সুৰৰ সেই গীতটো- অ’ একাদশী ৰাতিয়া/ অন্তৰে ফচিলৌ ধনি গ'/ তোৰে চো ৰথিয়া/  কৰমাকে ৰাতিয়া/ অন্তৰে পচিলৌ ধনি গ'/ তোৰে চো ৰথিয়া/ জিলিমিলি শাৰী পিন্ধে/ আখৰা মে নাচিলে/ অ মোৰ ধনি গ'…

জুবিন গাৰ্গে এফালে এই গীত গাই গৈছিল, আনফালে মঞ্চত ঝুমুৰৰ তালে তালে অৰুণে নাচিছিল। কোন এই অৰুণ ? বহুতে জানে, বহুতে নাজানে। জনা সকলেও অৰুণৰ এই কাহিনী শুনিলে বা জানিলে জুবিন গাৰ্গ কিয় জুবিন গাৰ্গ তাক আকৌ এবাৰ উপলব্ধি কৰাৰ অৱকাশ পাব। 

আনৰ মুখেৰে নহয়, অৰুণৰ মুখেৰে শুনিছিলো অৰুণৰ কাহিনী। অৰুণে কৈ গৈছিল জুবিন গাৰ্গক লগ পোৱা সেই ঘটনাৰ কথা। অৰুণৰ নাম আছিল অৰুণ চাচনীয়া। এতিয়াৰ চৰাইদেউ জিলাৰ দলবাগানত তেওঁৰ ঘৰ। 

ঘৰুৱা অসুবিধাৰ বাবেই অৰুণ ওলাই আহিছিল ২০০২ চনত নেমুগুৰিলৈ। তাতেই অৰুণে এজন ব্যক্তিৰ ঘৰত ঘৰুৱা কাম- বনত সহায় কৰি দিছিল। স্কুললৈও গৈছিল অৰুণে। নৱম শ্ৰেণীলৈকে পঢ়িছিল তাতেই। ঘৰত থাকোতে অৰুণে শুনিছিল জুবিনৰ গান।

বৰদেউতাকৰ ঘৰত জুবিনৰ ফটো দেখিছিল। কেছেটত থকা ফটো আছিল সেয়া। জুবিনৰ প্ৰেমত পৰিছিল অৰুণ। মানুহজনক লগ পোৱা দুৰ্বাৰ হেঁপাহ পুহি ৰাখিছিল অৰুণে। তেতিয়া তেওঁ ভবা নাছিল- কোনোবা দিনা জুবিন গাৰ্গৰ সান্নিধ্য সি পাব!

সেই ইচ্ছা লৈয়ে দিন অতিবাহিত কৰিছিল অৰুণে। অৰুণৰ বৰদেউতাকৰ জীয়েকক যোৰহাটৰ তিৰোৱাল বাগানলৈ বিয়া দিছিল। বৰদেউতাকৰ জীয়েকে তাক খবৰ এটা দিলে- গুৱাহাটীত এজন ডাঙৰ মানুহৰ ঘৰত সহায়কাৰী এজন লাগে। 

অৰুণে সুধিলে- কোন মানুহ ? বায়েকে জনালে- এজন ডাঙৰ চিনেমাৰ পৰিচালক, নাম- মুনিন বৰুৱা। একেষাৰে অৰুণে হা ক’লে। অৰুণৰ মনটোৱে কৈ উঠিল- এই মানুহজনৰ জৰিয়তে তেওঁ কোনোবা নহয়, কোনোবা এদিন জুবিন গাৰ্গক লগ পাব। 

তাৰ কেইদিনমানৰ পূৰ্বে অৰুণ নেমুগুৰিত থকা মানুহজনৰ ঘৰৰ পৰা ঘূৰি আহি ঘৰত আছিল। সি ঘৰৰ পৰাই যোৰহাটৰ তিৰোৱাল বাগানত থকা বায়েকৰ ঘৰলৈ গৈ সকলো বুজ লৈ ল’লে। তাৰ পাছত চাহপাত কঢ়িওৱা পাঞ্জাৱবডী ট্ৰাক এখনত উঠি অৰুণ গুচি আহিল গুৱাহাটী অভিমুখে। 

দুদিন লাগিল গুৱাহাটী পাওতে। বাটত পঞ্জাৱবডী ট্ৰাকখন য’তেই ৰখে, তাতেই সিও ৰ’ব লগা হৈছিল। কাহিলীপাৰত থকা মুনিন বৰুৱাৰ ঘৰ পালেহি অৰুণ। অৰুণে মুনিন বৰুৱাক “দ’দৌ“ সম্বোধন কৰিছিল। মুনিন বৰুৱাৰ সহধৰ্মিনী মঞ্জুলা বৰুৱাক মাতিছিল- আইতা বুলি। 

মুনিন বৰুৱাৰ ঘৰত থাকোতে এদিন কলিং বেলটো দীঘলকৈ বাজি উঠিছিল। অৰুণক দুৱাৰখন খুলিবলৈ কোৱাত সি ভিতৰৰ পৰা দুৱাৰখন খুলি চকুৰ সন্মুখত মানুহজনক দেখা পাই ভেবা লাগি চাই ৰৈছিল। অৰুণে কোৱা কথা এইবোৰ- মই চকুৰ সন্মুখত তেওঁক দেখি একো ক’ব পৰা নাছিলো। মোৰ চকুৰে চকুপানী বৈ আহিছিল। আৰু মই তেওঁৰ ভৰি দুটাত ধৰি দীঘল দি পৰি দিছিলো। 

তেওঁ মোক হ’ব হ’ব থ’ বুলি উঠাই দিছিল। মোৰ নাম সুধিছিল। দ’দৌহঁতৰ সৈতে তেওঁ কথা পাতিছিল। কথা- বতৰাৰ পাছত মোক ওচৰলৈ মাতি সেইদিনাই কৈছিল- চাধা এপালি মাৰ। অৰুণে চাধা নাখাও বুলি কোৱাত তেওঁ আদিবাসী ল’ৰা হৈ কি চাধা নাখাৱ বুলি কৈ তলত থকা ফ্লেটৰ নিৰাপত্তাৰক্ষী বৰাদা নামৰ কোনোবা এজনৰ পৰা চাধা এপালি আনিবলৈ দিছিল। 

বৰাৰ হাতৰ পৰা চাধা লৈ মলি দিছিল অৰুণে জুবিনক। চাধা মাৰি থাকোতে তাৰ চকুপানী সৰিছিল। এনেকৈয়ে জুবিনৰ সৈতে অৰুণৰ পৰিচয় ঘটিছিল। লাহে লাহে জুবিনৰ সৈতে অৰুণ সহজ হৈ পৰিছিল। 

এদিন জুবিলে ক’লে- তই ইয়াত থাকিব নালাগে, মোৰ লগ ব’ল। জুবিনৰ এই প্ৰস্তাৱ শুনি অৰুণে আন এটা ল’ৰা ঠিক কৰি মুনিন বৰুৱাৰ ঘৰত দি তেওঁ গুচি আহিল জুবিনৰ সৈতে। জুবিনৰ কমাৰ্চৰ ওচৰত থকা ঊষা ক’ৰ্টৰ ফ্লেটত থাকিবলৈ ল’লে অৰুণে। তাৰ দায়িত্ব তেতিয়া আছিল জুবিন গাৰ্গৰ দেউতাক কপিল ঠাকুৰক চোৱা-চিতা কৰা। 

জুবিনে দেউতাকক পাপু বুলি মাতিছিল। অৰুণেও সেই নামেৰেই মাতিছিল জুবিনৰ দেউতাকক। জুবিনৰ আন কামবোৰতো সহায় কৰাৰ দায়িত্ব আছিল অৰুণৰ ওপৰত। বাহিৰত জুবিন প্ৰগ্ৰাম কৰিবলৈ গ’লে কেয়াৰ টেকাৰ হিচাপে অৰুণক লৈ গৈছিল। 

এনেকৈয়ে অৰুণ হৈ পৰিছিল- জুবিনৰ এক অংগ। জুবিনে কি পিন্ধিব, গান গাওতে মঞ্চত জুবিনক সহায় কৰি দিয়া আদি দায়িত্বৰ উপৰিও বাদ্যযন্ত্ৰসমূহ গাড়ীৰ পৰা উঠোৱা- নমোৱাত সহায় কৰি দিছিল অৰুণে। এবাৰ তেনে এক অনুষ্ঠানলৈ যাওঁতে ঘটিছিল এটা আমোদজনক ঘটনা। 

গৰিমা গাৰ্গৰ সৈতে বজাৰলৈ গৈ অৰুণে কিনি আনিছিল এযোৰ নতুন জোতা। ৰাতি গৰিমা গাৰ্গ, অৰুণ আদি জুবিনৰ সৈতে সেই অনুষ্ঠানলৈ যোৱাৰ কথা। ৩৫০ টকীয়া নতুন জোতাযোৰ পিন্ধি অৰুণ অনুষ্ঠানলৈ যাবৰ বাবে সাজু হৈ বাথৰুমলৈ গৈছিল। 

ইতিমধ্যে জুবিন গাৰ্গ ওলাই গৈছিল ঘৰৰ পৰা। বাথৰুমৰ পৰা আহি অৰুণে তেওঁৰ নতুন জোতাযোৰ বিচাৰি পোৱা নাছিল। তলত ৰৈ আছিল গৰিমা গাৰ্গ অৰুণৰ বাবে। বহু সময় বিচাৰি জোতাযোৰ নাপাই চেণ্ডেল এযোৰ পিন্ধি অনুষ্ঠানলৈ যাত্ৰা কৰিছিল অৰুণ। 

মঞ্চত জুবিন গাৰ্গ উঠাৰ পাছতহে অৰুণে দেখিছিল- তাৰ নতুন জোতাযোৰ জুবিনৰ ভৰিত। অনুষ্ঠানৰ শেষত জুবিনক অৰুণে এই কথা কোৱাত জুবিনে হাঁহি হাঁহি কৈছিল - একো নহয় দে। এনেদৰে জুবিন গাৰ্গৰ সৈতে ছাঁৰ দৰে থকা অৰুণক লকডাউনৰ সময়ত জুবিনে হঠাৎ এদিন কৈ দিলে- মোৰ লগত থাকিলে তোৰ একো নহ’ব। আজিৰ পৰা তই মোৰ লগত থাকিব নালাগে। 

অৰুণে জুবিনৰ কথা শুনি কান্দি পেলাইছিল। ’মই কি ভুল কৰিলো’ বুলি জুবিনক সুধিছিল। জুবিনে তেতিয়া অৰুণক কৈছিল- ’তই গৰিমাৰ সৈতে থাকিবি। গৰিমাৰ কাম- কাজত সহায় কৰি দিবি। কিছু শিকিবি। তোৰ লাভ হ’ব। মোৰ লগত থাকিলে তোৰ এইবোৰ উঠোৱা- নমোৱা কৰোতে যাব।’

অচিন অৰুণ তেতিয়া জুবিন গাৰ্গৰ পৰিয়ালৰ এজন সদস্যৰ দৰে হৈ পৰিছিল। অৰুণৰ কথা, অৰুণৰ ভৱিষ্যতৰ বিষয়ে সজাগ আছিল জুবিন। গৰিমাৰ সৈতে আহি অৰুণে গৰিমাৰ ফেশ্বন ডিজাইনিঙৰ কামত সহযোগ কৰিলে। শিকি পেলালে কামবোৰ। গৰিমাৰ নিৰ্দেশনা অনুসৰি অৰুণে সাজ-পোচাকবোৰৰ ডিজাইনিঙত সহায় কৰি গ’ল।

তাৰ পাছত গৰিমাৰ সোঁহাত হৈ পৰিছিল অৰুণ। গৰিমাই কোৱাৰ দৰেই ’চিকাৰ’ত জুবিনে পিন্ধা সেই জেকেটোতো আছে অৰুণৰ হাতৰ পৰশ। এতিয়া অৰুণ অভিজ্ঞ হৈছে। জুবিনৰ বাবে অৰুণৰ জীৱন কিছু হ’লেও সলনি হৈছে। মানুহে চিনিছে অৰুণক। কেৱল অৰুণ বুলিয়েই নহয়- অৰুণ গাৰ্গ বুলি। 

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে দিশহাৰা কৰি তুলিছিল অৰুণক। কিয়নো অৰুণৰ জীৱন গঢ়াই নহয়, অৰুণক নিজৰ কৰি লৈছিল জুবিনে। জুবিনৰ ঘৰলৈ অহাৰ পাছত অৰুণক এটা ডাঙৰ মোবাইল কিনি দিছিল জুবিন গাৰ্গে। মোবাইলটো পাই অৰুণে ফেচবুকৰ একাউণ্ট এটা খুলিব লৈছিল। 

সেইদিনা সেই সময়ত কাষত আছিল জুবিন। জুবিনে সহায় কৰি দিছিল ফেচবুকৰ একাউণ্ট খোলাত অৰুণক। লিখি দিছিল অৰুণৰ নাম ফেচবুকত- অৰুণ গাৰ্গ বুলি। এনেকৈয়ে অৰুণ চাচনি হৈ পৰিছিল অৰুণ গাৰ্গ। সাধাৰণ মানুহৰ প্ৰতি কিমান দায়িত্ববোধ আছিল জুবিন গাৰ্গৰ তাৰ প্ৰমাণ অৰুণ। 

অৰুণৰ গাঁৱৰ ঘৰটো ভালদৰে নিৰ্মাণ কৰাৰ খবৰো ৰাখিছিল। দৰমহাৰ পইচাৰে অৰুণে সেই ঘৰখন সাজি আছিল। জুবিনে খবৰ লৈছিল ঘৰ কি পৰ্যায়ত আছে। এনেদৰে অৰুণৰ সেই সৰু পৃথিৱীখনৰো খবৰ ব্যস্ততাৰ মাজতে ৰাখিছিল জুবিনে।

জুবিনৰ অন্ত্যোষ্টিক্ৰিয়াত যি সকলে মুখাগ্নি কৰিছিল, সেই সকলৰ ভিতৰত অৰুণো আছিল অন্যতম। এতিয়াও অৰুণৰ চকুপানী শুকোৱা নাই। ৰাতি উচুপে অৰুণে। জুবিনৰ কথা মনত পৰিলে অৰুণে চকুপানীবোৰ ধৰি ৰাখিব নোৱাৰে।

জুবিন গাৰ্গ