/asomiyapratidin/media/media_files/2025/10/12/496-2025-10-12-18-27-32.jpg)
ডিজিটেল ডেস্ক : উদ্যোগ আৰু সেৱা খণ্ডত যুৱ সমাজক স্বাৱলম্বী হোৱাৰ সুযোগ সৃষ্টিৰ লক্ষ্যত 'ঔদ্যোগিক আৰু সেৱা খণ্ডত যুৱক -যুৱতীসকলৰ স্ব-নিয়োজনৰ সম্ভাৱনীয়তা' শীর্ষক অর্থপূর্ণ এক আলোচনা চক্র সদৌ অসম আহোম সভা, বৃহত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয়।
গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আলোচনা চক্ৰখনত গুৱাহাটীৰ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটী বিশ্ববিদ্যালয়, অসম অভিযান্ত্রিক মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আদিৰ বহুসংখ্যক শিক্ষার্থী, যুৱক-যুৱতী আৰু তৰুণ পেছাদাৰীসকলে অংশগ্ৰহণ কৰে।
আলোচনা চক্ৰখনৰ মূল উদ্দেশ্য আছিল - দক্ষ উদ্যোগীৰ বাঢ়ি অহা চাহিদা পূৰণ কৰা আৰু যুৱ সমাজক চাকৰি অনুসন্ধানৰ পৰিৱৰ্তে নতুন কর্মক্ষেত্র সৃষ্টিৰ দিশলৈ আগবঢ়াই দিয়া। আলোচনা চক্ৰখনিৰ আৰম্ভণিতে সংগীত শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ প্রতি শ্রদ্ধাজলি অনুষ্ঠান এটি অনুষ্ঠিত হয়।
আলোচনাচক্ৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ প্রতিষ্ঠাপক সঞ্চালক ড০ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাই। আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানৰ বক্তা হিচাপে উপস্থিত থাকে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ বিবেকানন্দ শইকীয়া।
তেওঁ কয় যে "যুৱকসকলৰ মাজত উদ্যোগী মনোবলৰ সঞ্চাৰ কৰাতো বৰ্তমানৰ সময়ত অতিকৈ আৱশ্যক। ঔদ্যোগিক আৰু সেৱা খণ্ডই যুৱকসকলৰ বাবে অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। আমাৰ কৰ্তব্য হ'ল এই সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰি সমৃদ্ধ অসম গঢ়ি তোলা।"
মুখ্য অতিথি ড০ ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইয়ে তেখেতৰ ভাষণত কয়- "আমাৰ অৰ্থনীতিৰ ভৱিষ্যৎ আমাৰ তৰুণ উদ্যোগীসকলৰ হাতত ন্যস্ত। সম্ভাৱনাময় উদ্যোগ আৰু সেৱা খণ্ডই নতুনকৈ উদ্ভাৱন আৰু উদ্যোগ স্থাপনৰ বহু সুযোগ দাঙি ধৰিছে। চৰকাৰী যোজনাসমূহে আপোনালোকক এই যাত্রাত এটা ধাৰণাৰ পৰা সফল ব্যৱসায়লৈ আগবঢ়োৱাত সহায় কৰিব।"
আলোচনাচক্রত শিল্প জগতৰ বিশিষ্ট ব্যক্তি, সফল ষ্টার্টআপ প্রতিষ্ঠাপক আৰু বিত্তীয় প্রতিষ্ঠানৰ প্ৰতিনিধিসকলে একাধিক গুৰুত্বপূর্ণ আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। বিশেষজ্ঞসকলৰ ভিতৰত আছিল- অসম মেনেজমেন্ট ইনষ্টিটিউটৰ সঞ্চালক ড০ সঞ্জীৱ ৰাজ, অসম কৃষি বিশ্ববিদ্যালয়ৰ মুখ্য বিজ্ঞানী ড০ ৰূপম বৰগোহাঞি, নাবাৰ্ডৰ সহকাৰী পৰিচালক যতীন গোহাঁই আৰু আই আই ই গুৱাহাটীৰ মুখ্য প্ৰকল্প বিষয়া কে হৰ্ষবৰ্ধন।
এই আলোচনাচক্ৰত বিশেষজ্ঞসকলে ডিজিটেল মার্কেটিং, আই টি সেৱা, লজিষ্টিক্স, পর্যটন, স্বাস্থ্য সেৱা আদিৰ দৰে সেৱা খণ্ডৰ লগতে ক্ষুদ্র শিল্প আৰু কৃষিভিত্তিক উদ্যোগৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে লগতে এটা ব্যৱসায়ৰ বাবে মূলসূত্ৰৰ জ্ঞানৰ সন্দৰ্ভতো ব্যাখ্যা আগবঢ়ায়।
ব্যৱসায়ৰ পৰিকল্পনা, ফলপ্রসূ অর্থ ব্যৱস্থাপনা আৰু এক অনন্য ব্রেণ্ড গঢ়ি তোলাৰ দিশত ব্যৱহাৰিক জ্ঞান দিয়া হয় উপস্থিত যুৱক- যুৱতীসকলক। এটা ব্যৱসায়ৰ বাবে কি উৎসৰ পৰা ধন আহিব তথা বিত্তীয় সংস্থানৰ উৎসৰ সন্দৰ্ভত বেংক ঋণ, ক্ষুদ্র বিত্ত, প্রধানমন্ত্রীৰ কর্ম সংস্থাপন সৃষ্টিৰ যোজনা আদি চৰকাৰী অনুদানৰ বিভিন্ন দিশসমূহ সন্দৰ্ভত আলোকপাত কৰে।
আনহাতে এই অনুষ্ঠানত ডিজিটেল সাক্ষৰতা আৰু ই-কমাৰ্ছ প্লেটফৰ্মৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণ আৰু অধিক গ্রাহকৰ ওচৰলৈ প্ৰচাৰ কৰাৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত নবীন উদ্যোগী পবিত্র বুঢ়াগোহাই, ড০ পঙ্কজলাল গগৈ আৰু দিলীপ গগৈয়ে তেওঁলোকৰ ব্যৱসায়িক ধাৰণা আৰু অভিজ্ঞতা সমূহ ব্যক্ত কৰে।
আলোচনা চক্রখনি সভাপতি দীপক গগৈ মূখ্য সমন্বয়ক সোমনাথ বড়া, সাধাৰণ সম্পাদক অমৰদীপ গগৈ, উপ- সভাপতি মণ্ডলী হেমন্ত গগৈ, দীপক ফুকল, কার্যনির্বাহক সদস্য প্রভাত কোঁৱৰ, ডঃ প্রীতম মহল ৰূপম চেতিয়া বড়াৰ লগতে উদ্যোক্তাসকলৰ প্ৰচেষ্টা আৰু পৰামর্শক প্রশংসা কৰে সকলোৱে । শিক্ষিত যুৱচামৰ ঔদ্যোগিক আৰু সেৱা খণ্ডত আত্মসংস্হাপনৰ সম্ভাৱনা আৰু ভবিষ্যতৰ উদ্যোগীসকলৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টিৰ এটি উজ্জ্বল আশাৰে এই আলোচনাচক্ৰৰ সামৰণি পৰে।