অদ্বিতীয় হিমাঃ নতুন ইতিহাস ৰচি ৪০০x৪ মিটাৰ ৰীলেত দেশবাসীক সোণ উপহাৰ

অদ্বিতীয় হিমাঃ নতুন ইতিহাস ৰচি ৪০০x৪ মিটাৰ ৰীলেত দেশবাসীক সোণ উপহাৰ

author-image
asomiyapratidin
New Update
অদ্বিতীয় হিমাঃ নতুন ইতিহাস ৰচি ৪০০x৪ মিটাৰ ৰীলেত দেশবাসীক সোণ উপহাৰ

অৱশেষত হিমাই কৰি দেখুৱালে। আঘাতৰ সমস্যা, বিতৰ্ক সকলোৰে উৰ্ধ্বলৈ গৈ হিমাই জাকাৰ্টাত জিনিলে সোণ। ইতিহাস ৰচি দেশবাসীক দিলে ৪০০x৪ মিটাৰ ৰীলে দৌৰত সোণৰ পদক। এই দৌৰত হিমাৰ লগতে অংশ লৈছিল এম আৰ পুবাম্মা, সৰিতাবেন আৰু বিশ্ময়াই। ৩ মিনিট ২৮.৭২ ছেকেণ্ডত নতুন অধ্যায় ৰচিলে অসমৰ  হিমাই। দৌৰ আৰম্ভ কৰিয়েই সোণৰ পদক এপ্ৰকাৰৰ নিশ্চিত কৰিছিল ধিঙৰ কন্যাই। সময়ৰ পাছত দৌৰা হিমাই আন প্ৰতিপক্ষ খেলুৱৈক ওচৰ চাপিবলৈ সুযোগ নিদিলে। তাৰ ফল আহিল জাকাৰ্টাত। বিতৰ্ক, সমালোচনাক প্ৰত্যুত্তৰ দি হিমাই দুহাত মুঠি মাৰি বুজাই দিলে হিমাৰ বাবে সকলো সম্ভৱ। মাথো অত্যাধিক মানসিক চাপ দিব নালাগে তেওঁক। কি কৰিব লাগে ট্ৰেকত সেই কথা হিমাই জানে আৰু বুজে। ভাৰতীয় মহিলা এথলেটিকছৰ এনে সফলতাৰ পাছত এতিয়া দেশজুৰি উৎসাহৰ ঢল বৈছে। অবতৰীয়া দীপাৱলি সদৃশ পৰিবেশে বিৰাজ নগাঁৱৰ ধিঙৰ কান্ধুলীমাৰীত। হিমাৰ এই সফলতাত সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰিছে।

Advertisment
লক্ষ্য আছিল আজি সোণ! (ফটোঃ f-বিয়ানৰ সৌজন্য, শিল্পী- হেমচন্দ্ৰ গগৈ)
লক্ষ্য আছিল আজি সোণ! (ফটোঃ f-বিয়ানৰ সৌজন্য, শিল্পী- হেমচন্দ্ৰ গগৈ)

কেনেকৈ হিমাই এই যাত্ৰা আৰম্ভ কৰিছিল কন্ধুলীমাৰীৰ পৰা? মৃদুল কুমাৰ সন্দিকৈৰ পূৰ্বৰ এক প্ৰতিবেদন।

'জুয়ে পোৰা তিৰাশীৰ
নিৰ্বাচনীৰ বছৰ
মোৰ ভাইটি নোহোৱা হ'ল
জাননে খবৰ
তই জাননে খবৰ ?
তই জাননে খবৰ ?… '

সেই বছৰৰে কথা। নোহোৱা হৈছিল লোহিত দাস। হিমাই মনত পেলাই দিলে আকৌ সেই লোহিত দাসক। পুৱাই যোগাযোগ কৰিছিলো ৰূপজ্যোতি দেৱনাথৰ সৈতে। জাকাৰ্টাত ৰূপ জিকাৰ পাছত ঠাইখনৰ প্ৰতি আগ্ৰহ বাঢ়ি গৈছিল। ৰূপজ্যোতি দেৱনাথে যোগাযোগৰ নম্বৰ দিছিল 'হিমা ফেন ক্লাৱ'ৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰাৰ। তেওঁকেই সংগী কৰি লৈ বিচাৰিছিলো হিমাৰ সোণালী শৈশৱ। হিমাক বিচাৰিবলৈ জাকাৰ্টালৈ যাব নালাগে। সোণালী শৈশৱৰ অতীত হিমাই এৰি থৈ গৈছে ধিঙৰ ৩ নং কান্ধুলীমাৰীত।

সকলোৱে হিমাক শুভেচ্ছা আৰু মৰমেৰে উপচাই দিছে। হিমাৰ এই সফলতা আহিছিল কঠিন বাটেৰে। বিচাৰি ফুৰিছিলো হিমাৰ অতীত। ক'ত অংকুৰিত হৈছিল হিমাৰ এই যাত্ৰাৰ বীজ।

এইখন ব'হাগী খেলপথাৰ। তাৰ এমূৰে এখন বিদ্যালয়। নাম লোহিত দাস প্ৰাথমিক বিদ্যালয়। আনটো মূৰত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ। এই খেলপথাৰতেই হিমাই এদিন ফুটবল খেলিছিল। খেলিছিল কাবাদী, ক্ৰিকেট। এইখনেই আছিল হিমাৰ প্ৰথম ট্ৰেক! দৌৰৰ আদিপাঠ হিমাই ইয়াতেই লৈছিল। ছোৱালী হ'লেও হিমা আছিল সৰুৰে পৰা ব্যতিক্ৰম। ল'ৰাৰ লগত ফুটবল খেলি পাৰ কৰিছিল সময়। এই খেলপথাৰেই সেই অতীতৰ সাক্ষী। ক'ত স্মৃতি লৈ ফুৰিছে এই খেলপথাৰখনে। আমি কথা পাতিলো এইজন যুৱকৰ সৈতে।

নাম তেওঁৰ অজয় দাস। কি ফূৰ্তি অজয়ৰ! হিমাই নহয়, যেন এছিয়ান গেমছত ৰূপৰ পদক জিকিছে অজয়হঁতেহে। জিকিছে যেন কান্ধুলীমাৰীবাসীয়েহে। আনন্দ আৰু ফূৰ্তিত সকলো বুৰ গৈ আছে। এনে সফলতা এই গাঁৱৰ পৰা গৈ কোনোবাই বুটলিব বুলি অজয়ে ভবা নাছিল। ভবা নাছিল অসমবাসীয়েও। অজয়ৰ চকু-মুখত প্ৰাপ্তিৰ আভা। অজয়ক সুধিলো হিমাৰ কথা-

'অ' আমি সৰুৰে পৰাই একেলগে খেলিছিলো। তাই মোৰ টীমতেই খেলিছিল। তাইৰ তিনিটা ককায়েক এফালে আৰু আমি আছিলো আনটো ফালে। ভৰিত বল পৰিলেই দৌৰি গ'লপোষ্ট পোৱাইছিল। কি ফাষ্ট দৌৰিছিল তাই। গ'লহে তাই কৰিব পৰা নাছিল। ল'ৰাবোৰৰ সৈতে তাই বেছিকৈ ফুৰিছিল…।'

এয়া হিমাৰ সৈতে এসময়ত ফুটবল খেলা অজয় দাসৰ কথা। ইণ্ডোনেছিয়াত হিমাৰ সফলতাৰ বাতৰিয়ে সুখী কৰা কথা ক'লে। এনেই সুধিছিলো- কালি ৰূপৰ পদক পোৱাৰ পাছত হৈছিল নেকি কথা হিমাৰ লগত? আকৌ সেই প্ৰাপ্তিৰ মিঠা হাঁহি দুই ওঁঠত বিৰিঙি উঠিল। উৎসাহেৰে ক'লে হিমাৰ সৈতে কথা পাতিছিল সি। এইবাৰ মেট্ৰিক দিব অজয়ে। হিমাই ইণ্ডোনেছিয়াৰ পৰা কি কথানো পাতিলে সোধাত অজয়ে ক'লে- 'কালি ৰাতি চাৰে ন টা মান বজাত হ'ব নেকি! ককায়েকলৈ ফোন কৰিছিল হিমাই। তাৰ পাছত মই থকা বুলি কোৱাত মোৰ সৈতেও কথা পাতিলে। মই তাইক কৈছো, তই ভাগৰি নপৰিবি। এইবাৰ সোণ নাপালি নাই। অলিম্পিক আছে নহয়। তই সেইটোত মন দে। আমি আছো তোৰ লগত…'

এইবোৰেইতো আছিল হিমাৰ শৈশৱৰ সংগী। গাঁওখনত হিমাৰ ফেন ক্লাৱে লগাই দিছে বেনাৰ-পোষ্টাৰ। এতিয়া কান্ধুলীমাৰী গাঁও জগত বিখ্যাত। গাঁওখনৰ আন এটা নামো হৈ পৰিছে! প্ৰথমে বাহিৰৰ পৰা যোৱা মানুহবোৰে হেনো সুধে- এইখন হিমাৰ গাঁও হয়নে? তাৰ পাছতহে কান্ধুলীমাৰী নামটো আহে। অজয়ৰ সৈতে সঞ্জীৱ বৰাৰ সহযোগত কথা পাতিলো। হিমাই অজয়ক কৈছে- এতিয়াই ঘৰলৈ আহিব নোৱাৰে। ছেপ্টেম্বৰত আহিব। লগ পাব।

হিমাৰ গাঁৱত থকা ডেকা ল'ৰাবোৰে এটা গ্ৰুপ খুলিছে- 'হিমাছ ব্ৰাডাৰ্ছ গ্ৰুপ'। গাঁৱৰ ছোৱালীজনী গৈ জগত জিনিছে। আৰু গাঁৱত আৰি দিছে এনেকুৱা পোষ্টাৰ-

হিমাৰ মন যায়। 'মন যায়' হিমাৰ প্ৰিয় শব্দ। এছিয়ান গেমছৰ পদক জিকিও হিমাই দুহাত আকাশলৈ মেলি চিঞৰিছিল 'মন যায়।' সেই হিমাৰ 'মন যায়'টোকেই যেন লিখি দিছে সেই বেনাৰত- 'মন যায় অলিম্পিকৰ সোণৰ টুকুৰাটো বুটলিবলৈ…'

এইখন বিদ্যালয়ৰ খেলপথাৰতেই হিমাই মাটি বালি লৈ খেলিছিল। হিমাৰ ঘাম পৰি আছে এই খেলপথাৰত। লোহিত দাসৰ নামত আছে এইখন বিদ্যালয়। সেয়াও এক কাহিনী।

এদিন এই পথাৰত জ্বলিছিল অসম আন্দোলনৰ ছহিদৰ চিতা। আৰু তাতেই হিমাই কৰিছিল দৌৰ আৰু খেলৰ আখৰা। খেলপথাৰখন নথকা হ'লে আজি হিমাৰ জন্মই নহ'লহেঁতেন।

গাঁৱৰ মানুহবোৰৰ মাজত এক আকলুৱা সত্তা হৈ পৰিছে হিমা। এদিন এইখন গাঁও চৰ্চালৈ আহিছিল আন এক কাৰণত। সেই কাহিনী ক'লে ৰূপ সিং দাসে। এতিয়া তেওঁ জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰী।

ৰূপ সিং দাসৰ মুখত সেই কাহিনী শুনি শিঁহৰিত হৈ পৰিলো- 'সেয়া আছিল ১৯৮৩ৰ ১৫ ফেব্ৰুৱাৰীৰ কথা। গৰু-ম'হবোৰ এৰাল দিয়া আছিল। হঠাৎ শুনিলো বোমাৰ শব্দ। মোৰ বয়স তেতিয়া ১৪ বছৰ মান হ'ব। দাদাৰ বয়স ২৩-২৪মান হ'ব নেকি। জুম বান্ধি মানুহ আহি সোমালহি গাঁৱত। হাতত সাজি লোৱা বন্দুক। মানুহবোৰে গৰু, ছাগলী, ম'হবোৰ এৰাল দিয়া স্থানৰ পৰা কাঢ়ি নিব খুজিছিল। দাদা গৈছিল বাধা দিবলৈ। হঠাৎ এটা বন্দুকৰ গুলী দাদাৰ তলপেটত লাগিল। দাদা পৰি গৈছিল। তাৰ পাছতেই কি বীভৎসভাৱে ১০-১২ঠাইত দাদাৰ দেহৰ ওপৰত হানিছিল চোকা অস্ত্ৰৰে। পুলিচ, মিলিটাৰী আৰু গাঁৱৰ মানুহবোৰ আগবাঢ়ি অহাত সিহঁত পলাল। দাদাক লৈ গৈছিলো ধিঙৰ চিকিৎসালয়লৈ। প্ৰথমতে চেলাইনটো ৫ মিনিট মান গৈছিল। তাৰ পাছত বন্ধ হ'ল। ডক্টৰে চাই দিয়াত আকৌ চেলাইন দেহত সোমাল। ১৫ মিনিট মানৰ পাছত চেলাইনটো বন্ধ হৈ গ'ল। বৰা উপাধিৰ ডক্টৰ এজন আছিল। তেওঁ ওলাই আহিল দাদাৰ কাষৰ পৰা। মই তেতিয়া বাহিৰত। এক প্ৰকাৰৰ কন্দাৰ দৰেই তেওঁ চিঞৰি উঠিছিল মোৰ ফালে চাই। আমিবোৰে তেতিয়া ভগৱানক প্ৰাৰ্থনা জনাই আছিলো। ঘৰত মাৰ অৱস্থা কাহিল। দাদাৰ তেজবোৰ চেকুৰা বান্ধিছিল। গোটেই দেহটোত তেজৰ চেকুৰা। মোৰ কাণত সেই মুহূৰ্তত সোমোৱা কথাষাৰ ৰৈ গৈছিল। আজিও মনত পৰে। ডক্টৰজনে কৈছিল- 'অ' ভাইটী! কি কম, নোৱাৰিলো…'

অসম আন্দোলনৰ কথা এয়া। তেতিয়া হিমাৰ অস্তিত্বই নাছিল। ২০০০চনৰ ৯ জানুৱাৰীতহে হিমাৰ জন্ম। এইবোৰ ১৯৮৩ৰ কথা। গাঁৱৰ মূৰত থকা পথাৰখনত লোহিত দাসৰ অন্ত্যেষ্টিক্ৰিয়া হৈছিল। গাঁৱৰ মানুহে মিলি শেষ বিদায় দিছিল লোহিত দাসক। শেষ সৎকাৰ কৰা স্থানতেই এইটো তেওঁৰ ছহিদবেদী।

অসম আন্দোলনৰ সময়ৰ এই ঘটনা কান্ধুলীমাৰীবাসীৰ বাবে এক ক'লা অধ্যায়। লোহিত দাসক অসম আন্দোলনৰ ছহিদ ঘোষণা কৰা হৈছিল। সৎকাৰ কৰা পথাৰখনতেই স্থাপন কৰা হৈছিল ছহিদ লোহিত দাস প্ৰাথমিক বিদ্যালয়। লোহিত দাসৰ এখন ফটো আছিল। শেষ সৎকাৰৰ সময়ত গাঁওবাসীয়ে শ্ৰদ্ধাঞ্জলি জনোৱা সময়ৰ ফটো। সেইখন নষ্ট হ'ল। লোহিত দাসৰ ফটো পৰিয়ালৰ হাতত নাছিল। এদিন ভাতৃ ৰূপ সিং দাসৰ মনত পৰিল। জাজৰিত এবাৰ ফটো উঠিছিল লোহিত দাসে। বায়েকক বিয়া দিছিল জাজৰিলৈ। ভাগিনীয়েকে দিছিল সেই ফটোখনৰ সন্ধান। আৰু সেইখনেই আনি সাচি থৈছে ভাতৃয়ে। এইজনেই লোহিত দাস। ১৯৮৩ৰ অসম আন্দোলনৰ কান্ধুলীমাৰীৰ ছহিদ।

লোহিত দাসৰ নামত সেই স্থানত বিদ্যালয় নোহোৱা হ'লে সেই খেলপথাৰখনো নহ'ল হয়। তেতিয়া হয়তো জন্মই নহ'লহেঁতেন হিমা দাসৰ। এমূৰে ১৯৮৩ৰ জাতীয় ছহিদৰ ছহিদবেদী, আনটো মূৰে তেওঁৰ নামত থকা বিদ্যালয়ৰ সন্মুখৰ এই বহল খেলপথাৰখনতেই দৌৰি ফুৰিছিল হিমা। ব'হাগী খেলপথাৰ বুলিয়েই এইখনক সকলোৱে জানে। এইখন খেলপথাৰেই আছিল হিমাৰ প্ৰথম মঞ্চ। বোকা-পানী লেটি হিমাই তেতিয়া লক্ষ্যহীনভাৱে হ'লেও ফুটবলৰ পাছত দৌৰি দৌৰৰ পৃথিৱীত ভৰি থৈছিল। হিমাৰ বন্দনা চৌদিশে। হিমাৰ গুণ গান সৰ্বত্ৰে। কিন্তু গাঁওবাসীয়ে কয়- অসম আন্দোলনত যদি লোহিত দাস ছহিদ নহ'ল হয়, তেন্তে এই খেলপথাৰখনো গঢ়ি নুঠিল হয়।

তেতিয়া কোনে জানে, আমি পালো হেতেন নে নাই আজিৰ হিমাক? মাজত প্ৰায় ৩৫ বছৰ ব্যৱধান। এতিয়া সলনি হৈছে পৰিৱেশ। কান্ধুলীমাৰীৰ ৮৩'ৰ স্মৃতি সুঁৱৰি থিয় হৈ আছে লোহিত দাসৰ ছহিদবেদী আৰু তেওঁৰ নামত থকা বিদ্যালয়খন। তাৰ সন্মুখৰ বিশাল খেলপথাৰখনৰ পৰা দৌৰি বিশ্বৰ প্ৰান্তে প্ৰান্তে হিমাই শ্ৰেষ্ঠত্ব আজুৰিছে। অসম আন্দোলনৰ এজন ছহিদৰ বাবেই জন্ম হ'ল হিমাৰ! এই কথা গাঁওবাসীয়ে কয়। ব'হাগী খেলপথাৰে মানুহৰ এই কথাবোৰ শুনি থয়। এদিন এই খেলপথাৰখনত জ্বলিছিল চিতা। আৰু আজি তাত চলে হিমাৰ দৰে প্ৰতিভাৰ প্ৰাথমিক আখৰা।

(অৱশেষত বৃহস্পতিবাৰে আহিল সেই ভাল  খবৰ। জাকাৰ্টাত দুটা ৰূপৰ পদকসহ সোণ জিকি  ইতিহাস ৰচিলে 'উৰন্ত কন্যা' হিমাই।)