/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/bhupen-spl.jpg)
► মৃদুল কুমাৰ সন্দিকৈ
ফোনটো ৰিং হৈ হৈ শেষ হৈ গৈছিল, তাৰপাছত আকৌ এবাৰ চেষ্টা চলোৱা হ'ল। ৭ ছেপ্টেম্বৰৰ দিনাই তেওঁৰ খবৰ ল'বলৈ ফোন কৰা হৈছিল। সিমূৰৰ পৰা এগৰাকী ভদ্ৰ মহিলাই ফোনটো ধৰিলে। সুধিলে- কাক বিচাৰিছে? পৰিচয় দি কাক বিচাৰিছো ক'লো। তেতিয়া ৰাতি ১১ বাজিছিল। সিমূৰৰ পৰা ক'লে- তেখেত শুইছে। কাইলৈ পুৱা ফোন কৰিব। তেওঁ কোন জানিব বিচৰাত, তেওঁ ক'লে, মই যাক বিচাৰিছো, তেওঁৰ ঘৰতে থাকে তেওঁ। নাম জোনা বাই। তেওঁৰেই কেয়াৰ টেকাৰ।
এই কেয়াৰ টেকাৰগৰাকীৰ পৰাই তেওঁৰ বিষয়ে দুটামান কথা জানিলো। দুদিনৰ আগতেহে আহিছে চিকিৎসালয়ৰ পৰা। দুয়োটা বৃক্ক বিকল। ডায়'লছিছ কৰি আছে। পিছদিনা পুৱা পুনৰ ফোন কৰিছিলো। তেওঁ ফোনত কথা পাতিব নোৱাৰিলে। তাৰ পাছতেই আহিল খবৰ। ৮ ছেপ্টেম্বৰ, ২০১৮ত এখন কিতাপ উন্মোচন হ'ল। কিতাপখনৰ নাম 'ভূপেন হাজৰিকা এজ আই নিউ হিম'। এইগৰাকী মহিলাই ১৯৮০চনত প্ৰথম ভূপেন হাজৰিকাক লগ পাইছিল।
হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ ঘৰত চিনাকি হৈছিল তেওঁৰ সৈতে। তাৰপাছত আত্মীয়তা, চিনেমাৰ কাম। বাঢ়ি আহিল ঘনিষ্ঠতা। আৰু এদিন দুয়ো কোনো আনুষ্ঠানিকতা সম্পূৰ্ণ নকৰাকৈয়ে ৰৈ গ'ল ইজনে সিজনৰ কাষত। সুধাকণ্ঠৰ মৃত্যুৰ পাছত তেওঁ নিসংগ হৈ পৰিল। সুধাকণ্ঠৰ জন্মদিনৰ দিনা সেয়েহে তেওঁৰ খবৰ ল'বলৈ ইচ্ছা গৈছিল। প্ৰত্যক্ষভাৱে খবৰ নাপালেও, তেওঁৰ কাষতেই থকা কেয়াৰ টেকাৰগৰাকীয়ে জনালে- সুস্থ হৈ থকা নাই কল্পনা লাজমী।
ভূপেন হাজৰিকা। তেওঁ মানুহজনেই আছিল ৰোমান্টিক, ভীষণ ৰোমান্টিক। মাটি, পানী, মানুহ, সমাজ-প্ৰকৃতিক ভাল পোৱা মানুহ। বহেমিয়ান চৰিত্ৰৰ এজন সম্পূৰ্ণ মানুহ। তেওঁৰ কথাবোৰেই আছিল একো একোটা গান। যেতিয়া মঞ্চত তেওঁ গীত গাইছিল তাৰ মাজে মাজে ৰসাল কথাৰে দৰ্শক-শ্ৰোতাক বান্ধি পেলাইছিল। এয়াও এক কলা। সেই গুণ আছেনো কেইজনৰ? ২০১১ৰ ৫ নবেম্বৰত কায়িকভাৱে তেওঁ গুচি গ'ল। ৰৈ গ'ল তেওঁৰ নামৰ এক সত্তা। যাৰ নাম ভূপেন দা! ডাঙৰ-সৰু সকলোৰে বাবে তেওঁ ভূপেন দা। একেবাৰে সৰুচামৰ বাবে তেওঁ ভূপেন মামা। অভিমানী মানুহ, মুখত লাগি থকা সৰল হাঁহি, মানুহক নিজৰ কৰি ল'ব পৰা বিশালতা, গীত-চিনেমা, সাহিত্য সকলোতে তেওঁৰ অগাধ দখল। য'তেই হাত থয়, তাতেই প্ৰাণ পাই উঠে গীতে। সেয়েহে হয়তো নিজৰ মৃত্যুৰ কথা ভাবি তেতিয়াই গাইছিল- 'মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশা কৰো চিতাৰ কাষত তোমাৰ সঁহাৰি পাম…'।
আজি তেওঁৰ জন্মদিন। ১৯২৬চনৰ ৮ ছেপ্টেম্বৰত তেওঁৰ জন্ম হৈছিল। তেওঁৰ বিষয়ে জানিবলৈ, তেওঁক বুজিবলৈ তেওঁৰ গানবোৰেই যথেষ্ট। গানেৰে তেওঁ লিখিছিল আত্মকথা। গানেৰে তেওঁ সজাইছিল প্ৰেম আৰু জীৱনগাঁথা। গানৰ মাজতে তেওঁৰ জাতীয় চেতনা। সেই বাবেইতো তেওঁ অসম আৰু অসমীয়াৰ ইমান আপোন। ব্ৰহ্মপুত্ৰ যদি অসমীয়া জাতিৰ আয়ুসৰেখা। তেওঁ আছিল অসমীয়া জাতীয় স্পন্দন। সাধাৰণভাৱে কৈ দিব পাৰে বহু অসাধাৰণ কথা। নিজক চিকুটি চাব জানে। জাতিটোৰ ভৱিষ্যতৰ কথা গীতৰ মাজতেই গাই গৈছে- 'আজিৰ অসমীয়াই নিজক নিচিনিলে, অসমতে ভগনীয়া হ'ব…।' এইবোৰ আছিল তেওঁ অসমীয়া জাতিক দিয়া সতৰ্কবাণী।
ভূপেন হাজৰিকাৰ গীত আজি চৌদিশে ৰজনজনাই থাকিব লাগিছিল। মানুহৰ মুখত অনবৰতে লাগি থাকিব লাগিছিল সেই কালজয়ী গীতবোৰ। তেওঁৰ সৃষ্টিতেই বৃষ্টি আছিল। যি বৃষ্টিয়ে সৃষ্টি কৰিছিল কলা-সংস্কৃতিৰ নতুন পৃথিৱী। বিশ্বৰ মজিয়ালৈ তেওঁ অসমীয়া গীত-মাতক লৈ গৈছিল। নিসংগ নিশাক লৈ কবিতা কবিতা লগা সেই গীতে আজিও দিয়ে সান্নিধ্যৰ মিঠা আলিংগনৰ বতৰা। যিবোৰ গীত পুৰণি নহয়। শুনিলে শুনি থাকিব মন যায়।
মানুহৰ প্ৰমূল্যবোধক তেওঁ গীতৰ মাজেৰে ধৰি ৰাখিছিল। মানুহে মানুহৰ কথা নাভাবিলে কোনে ভাবি কোৱা বুলি তেওঁ প্ৰশ্ন কৰা মানুহ। পল ৰবচনে পাৰে যদি মই কিয় নোৱাৰিম বুলি তেওঁ গীত লিখা মানুহ। মিচিচিপি নদীৰ পাৰত পল ৰবচনৰ সেই বিপ্লৱী সত্তাক তেওঁ বুঢ়া লুইতৰ পাৰত বহি উপলব্ধি কৰা মানুহ। বুঢ়া লুইতক নিঃশব্দে, নিৰৱে বৈছা কিয় বুলি প্ৰশ্ন কৰিব পাৰে কেৱল তেওঁ।
আজি তেওঁৰ জন্মদিনৰ দিনা কেইজনে আন্তৰিকতাৰে তেওঁক স্মৰণ কৰিলে? এটা দিনেই জানো যথেষ্ট এনে এজন মহান অসমীয়াক উপলব্ধি কৰিবলৈ? তেওঁৰ মৃত্যুৰ পাছত তেওঁক লৈ সৃষ্টি হোৱা আৱেগ কি ধান-খেৰৰ জুই আছিল? যি দাউ দাউকৈ জ্বলি আৰু মুহূৰ্ততে নুমাই ছাই হৈ গ'ল। তেওঁৰ সৃষ্টিৰাজিত স্থায়িত্ব আছিল। তেওঁক নীচ বুলি হঁহাজনক তেওঁ গীতেৰেই উত্তৰ দিছিল- 'মদাৰৰে ফুল হেনো পূজাতো নালাগে/মদাৰৰে ফুল হেনো সভাতো নালাগে/লাগে পিছে ব'হাগতে ৰং সানিবলে/লাগে পিছে আকাশতে জুই জ্বলাবলে/ কোনোবাই মোক হেনো মদাৰেৰে ৰিজালে/আমাৰ দৰে লোক হেনো কামে-কাজে নালাগে/লাগে পিছে সমাজতে ৰং সানিবলে/লাগে পিছে আকাশতে জুই জ্বলাবলে…' সাহিত্য সভাৰ এজন প্ৰাক্তন সভাপতিক তেওঁ দিয়া প্ৰত্যুত্তৰ আছিল এয়া। ইয়াতকৈ আৰু ভাল সমালোচনাৰ উত্তৰ কোনে দিব পাৰে?
তেওঁৰ জীৱন আছিল বৰ্ণিল জীৱন। পৃথিৱীয়েই আছিল তেওঁৰ ঘৰ। প্ৰতিজন মানুহেই আছিল তেওঁৰ পৰিয়ালৰ সদস্য। সাম্যবাদৰ সপোন তেওঁ দেখি ভাল পাইছিল। ব্যক্তিগত জীৱনত তেওঁ কেতিয়াও নিজকে সীমাৱদ্ধ কৰি ৰখা নাছিল। দিহিঙে-দিপাঙে তেওঁ ঘূৰি ফুৰিছিল। সেয়ে তেওঁক কোৱা হয় যাযাবৰ। সাহিত্য, সংগীত, ৰাজনীতি সকলো ক্ষেত্ৰতে তেওঁ পৰিভ্ৰমণ কৰিছিল। শদিয়াত জন্ম, তাৰপাছত গুৱাহাটীলৈ গুচি আহিছিল পৰিয়াল। ভৰলুমুখৰ পৰা গৈ পাইছিলগৈ ১৯৩২চনত ধুবুৰী, তাৰপাছত ১৯৩৫চনত তেজপুৰ। ১৯৩৯চনতেই জ্যোতিপ্ৰসাদৰ সান্নিধ্য লাভেৰে 'ইন্দ্ৰমালতী'ত তেওঁ কণ্ঠ নিগৰাইছিল। তেতিয়া তেওঁ আছিল শিশু।
'তেজৰে কমলাপতি পৰভাতে নিন্দ/তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ।।'- মহাপুৰুষজনৰ এই অমৰ সৃষ্টিত প্ৰাণ ঢালি যেতিয়া তেওঁ কণ্ঠ নিগৰাই, তেতিয়া সকলো ৰৈ যায়। এয়াইতো তেওঁৰ কণ্ঠৰ শক্তি। সাংসাৰিক মায়া-মোহৰ পৰা প্ৰেম, সমাজ, সকলো তেওঁৰ গীতৰ বিষয় হৈছিল। বিৰ্মূত নিশাতো তেওঁ মৌনতাৰ সূতাৰে চিলাই পেলাব পৰা শিল্পী। তেওঁ প্ৰতিধ্বনি শুনিব পৰাকৈ চকু-কাণ মেলি ৰাখিছিল। সেয়ে তেওঁ গাইছিল- 'প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো। মোৰ গাঁৱৰ সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো…' এই গীতবোৰৰ কথা মনত পৰিলেই কাণত বাজি উঠে তেওঁৰ কণ্ঠ। এনে কত গীত আছে তেওঁৰ।
১৯৬৭চনৰ পৰা ১৯৭২চনলৈ তেওঁ আছিল বিধানসভাৰ সদস্য। নাওবৈচাৰ পৰা নিৰ্বাচিত হৈছিল তেওঁ। তাৰ পাছত দীৰ্ঘকাল ৰাজনীতিত বিৰতি। ২০০৪চনত তেওঁ গুৱাহাটীৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। ৰাজনীতিত তেওঁ সাহিত্য-সংস্কৃতিৰ দৰে সফল হ'ব পৰা নাছিল। কিন্তু তেওঁ অন্তকৰণে বিশ্বাস কৰিছিল, পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত মানৱীয় ভাবধাৰাক সমাজমুখী কৰাৰ বাবে সাহিত্য-সংস্কৃতিৰ লগতে ৰাজনীতিৰো দায়িত্ব আছে।
প্ৰায় ৩৪খনতকৈ অধিক অসমীয়া ছবিত তেওঁ জড়িত আছিল। ক'ৰবাত গান, ক'ৰবাত সংগীত পৰিচালনা। বিভিন্ন ধৰণে তেওঁ ছবিবোৰৰ সৈতে জড়িত হৈ পৰিছিল। তেঁওৱেই গাইছিল এদিন- 'তুমি অসমীয়া/তুমি নুবুজিলা/তোমাৰ এই অতীতৰ অমিয়া/কমলাকান্তই লিখিছে কবিতা/ তুমি অসমীয়া/তুমি নুবুজিলা/তোমাৰ এই অতীতৰ অমিয়া/শংকৰে সিচে নামৰ কঠিয়া/অসমীয়া হ'ব বুলি দুখীয়া/পিছে দেখো শংকৰৰ মহিমা/আজি অসমীয়াই দেখো একো নুবুজা/কি হাৰে ৰাগিনী পালা অসমীয়া…'
কেতিয়াও ক্লান্ত নোহোৱা মানুহ আছিল তেওঁ। সন্মান, বঁটা তেওঁৰ ওচৰত হৈছিল তুচ্চ। সেইবোৰ সন্মানে তেওঁক ধন্য কৰা নাছিল, ধন্য হৈছিল সেই সন্মান। ১৯৯৩চনত দাদা-চাহেব-ফাল্কে, ১৯৬৭চনত সংগীত নাটক একাডেমী, ১৯৭৭চনত পদ্মশ্ৰী, ২০০১চনত পদ্ম বিভূষণ আদি অনেক বঁটাৰে সন্মানিত হৈছিল তেওঁ। বিতৰ্ক তেওঁৰ জীৱনলৈও আহিছিল অনেক। কিন্তু ক্লান্ত হোৱা নাছিল তেওঁ। তেওঁ কৰি গৈছিল নিজৰ কাম। কোনে কি কয় তালৈ তেওঁৰ ভ্ৰূক্ষেপ নাছিল। বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈ থাকোতে তেওঁ বিশ্ববিদ্যালয়ৰ এটা দলক লৈ বাহিৰত আন্তঃবিশ্ববিদ্যালয় প্ৰতিযোগিতাত যোগ দিবলৈ গৈছিল। তেতিয়াই তেওঁক লৈ ষড়যন্ত্ৰ হৈছিল। অসমৰ মানুহে তেওঁক চিনা নাছিল। হাতৰ মুঠিতে থকা মুকুতাক অনাদৰ কৰিছিল। ক্ষোভ আৰু খঙত তেওঁ এৰি দিছিল বিশ্ববিদ্যালয়ৰ চাকৰি। কিন্তু হতাশ হোৱা নাছিল। জীৱনলৈ বহু সমস্যা আহিছিল।তেওঁৱেই গাই থৈছে সেই গীত- 'সাগৰ সংগ্ৰামত কতনা সাঁতোৰিলো/তথাপিও হোৱা নাই ক্লান্ত…'
অসম আন্দোলনৰ সময়। চৌদিশে কেৱল হত্যা-হিংসা। বিদেশী বহিষ্কাৰৰ দাবীত তীব্ৰ ৰূপ লৈছিল আন্দোলনে। চিপাহী, মিলিটাৰীয়ে মাৰো বুলিয়ে মাৰি দিছিল অসমীয়া ডেকা ল'ৰা। ১৯৮৩, নিৰ্বাচনৰ বছৰ। অসম আন্দোলন আৰু নিৰ্বাচনে অসমৰ আকাশ-বতাহ কঁপাই তুলিছিল। বহু পালোৱান ডেকা সন্ধানহীন হৈছিল। তেতিয়াই তেওঁ গাইছিল সেই সময়ৰ গীত। ধৰি ৰাখিছিল অসম আন্দোলনৰ পৰিৱেশ-পৰিস্থিতি-
'জুইয়ে পোৰা তিৰাশীৰ
নিৰ্বাচনীৰ বছৰ
মোৰ ভাইটী নোহোৱা হ'ল
নেপালো খবৰ
তই জাননে খবৰ
তই জাননে খবৰ…'
তেওঁ গীতেৰে আহ্বান দিব পাৰে- 'আহ আহ ওলাই আহ সজাগ জনতা/আহ আহ ওলাই আহ পোহৰ আনোতা…'। তেওঁৰ মৃত্যুৰ পাছত ভবা হৈছিল অসম আৰু অসমীয়াই তেওঁৰ অস্তিত্ব আৰু সত্তাক হৃদয়ংগম কৰিব। কিন্তু সেয়া মিছা বুলি প্ৰমাণিত হৈছে। কেৱল জন্মদিন আৰু মৃত্যু দিন উদযাপন, তেওঁৰ প্ৰতিমূৰ্তি নিৰ্মাণ, অনুষ্ঠান-প্ৰতিষ্ঠানতেই আমাৰ দৌৰ সীমাৱদ্ধ হৈছে। তেওঁ দি যোৱা সৃষ্টিৰাজি আজি অৱহেলিত হোৱা যেন বোধ হয়। কিয়নো তেওঁৰ দৰে এজন মহান শিল্পী আৰু অসমীয়াৰ সমাধিস্থলতোকে আজি ইমান দিনে আমাৰ এক জাতীয় সম্পদৰূপে গঢ়ি তুলিব নোৱাৰিলো। তেওঁৰ মৃত্যুত চকুপানী টুকি জৰ্জ ফিল্ডলৈ যোৱা লাখ লাখ জনতাই আজি কিমান সঁচা উপলব্ধিৰে তেওঁৰ গীতবোৰ শুনে তাত সন্দেহ আছে।
আনহে নালাগে, চৰকাৰী পৃষ্ঠপোষকতাত তেওঁৰ নামত ৰাজনীতি কৰা হ'ল। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ এটা জন্মদিনতেই অসম চৰকাৰে ঘোষণা কৰিছিল ৰাজ্যৰ বিভিন্ন স্থানত তেওঁৰ নামত হ'ব মুকলি মঞ্চ আৰু উদ্যান। এই আঁচনিৰ অধীনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰিব ২১৯টা ব্লকত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মুকলি মঞ্চ আৰু উদ্যান। খুব খৰখেদাকৈ ২০১৫চনৰ ৮ ছেপ্টেম্বৰত ৰাজ্যত থকা ২১৯ টা ব্লকৰ ভিতৰত ১৯৮টা ব্লকত নিৰ্মাণ সম্পূৰ্ণ হৈছিল ড০ ভূপেন হাজৰিকাৰ মুকলি মঞ্চ আৰু উদ্যান। ইয়াৰে ১৮৭টা ব্লকতেই সেই দিনটোত উদ্বোধন কৰা হ'ল। ১১টা তেওঁৰ নামত থকা মুকলি মঞ্চ বানপানী আৰু অন্যান্য কাৰণত মুকলি নহ'ল। সেই সময়ত মানুহে ভাবিছিল। সুধাকণ্ঠৰ প্ৰতি চৰকাৰৰ কি প্ৰীতি? আচলতে সেয়া আছিল সন্মুখত থকা ২০১৬চনৰ নিৰ্বাচনৰ ৰাজনীতি!
যদি এই কোটি কোটি ধন সদব্যৱহাৰ কৰিলে হয়, তেন্তে ক'বলগীয়া একো নাছিল। এই মুকলি মঞ্চবোৰ নিৰ্মাণৰ নামত আচলতে কোনো কোনো ঠিকাদাৰ, অভিযন্তাৰ জেপ গৰম হ'ল। তাৰ বিপৰীতে যদি বিভিন্ন স্থানত থকা সাংস্কৃতিক তথা সমূহীয়া কেন্দ্ৰসমূহ ভূপেন হাজৰিকা নামেৰে নামাকৰণ কৰি আন্তঃগাঁথনি উন্নত কৰা হ'লে বেছি সুফল লাভ কৰিলেহেতেন যেন বোধ হয়। তাৰ প্ৰমাণ দিলে আজি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/bhupen-mansa-750x430.jpg)
ওদালগুৰি জিলাৰ হৰিশিঙাৰ দৃশ্য এয়া। এই অঞ্চলতো নিৰ্মাণ হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা স্মৃতি মঞ্চ আৰু উদ্যান। ৮ ছেপ্টেম্বৰৰ দিনা এগছি বন্তিও নজ্বলিল বা কোনো অনুষ্ঠানৰ আয়োজন নহ'ল। এইবাৰেই নহয়, এই স্থানত কোনোদিনেই হোৱা নাই কোনো অনুষ্ঠান। হাবি-বননিৰে আৱৰি ধৰিছে সুধাকণ্ঠৰ এই মুকলি মঞ্চ। আচলতে এয়া সন্মান নে অপমান? ৰাজ্যৰ ৮০ শতাংশ মুকলি মঞ্চতেই ৮ ছেপ্টেম্বৰৰ দিনা কোনো অনুষ্ঠানেই নহ'ল।
কেৱল গুৱাহাটীত ৰাইজক দেখুৱাই অনুষ্ঠান পাতিলেই সু্ধাকণ্ঠৰ প্ৰতি সন্মান জনোৱা নহয়। সুধাকণ্ঠক জন্মদিন বা মৃত্যুদিনাই স্মৰণ কৰিলে তেওঁৰ উপলব্ধিক জাতীয় চেতনাৰে উজ্জীৱিত কৰাতো নুবুজায়। প্ৰকৃত উপলব্ধিৰে তেওঁৰ গীতৰ মহত্ত্বক প্ৰতিজন অসমীয়াই হৃদয়ংগম কৰাৰ দিন আজি। সেই চেতনা কিন্তু আজিলৈকে কাৰোৰে হোৱা নাই। আমি কেৱল আৱেগ সৰ্বস্বভাৱে ভূপেন দা, ভূপেন দা বুলি চিঞৰো। আৰু সেই আৱেগ প্ৰকাশৰ বাবে ৰৈ থাকো তেওঁৰ জন্মদিন বা মৃত্যুদিনলৈ অপেক্ষা কৰি। তেন্তে এয়া কেনেকুৱা আন্তৰিকতা? 'ভূপেন দা' কেৱল এটা আৱেগৰ নাম নহয়, ই এক জাতীয় সত্তা। সেই কথাও আমি উপলব্ধি কৰিম নে কেতিয়াবা?