কি ক্ষোভত, কাৰ দোষত ওলাই গৈছে অসমীয়া ডেকা ল’ৰা?

কি ক্ষোভত, কাৰ দোষত ওলাই গৈছে অসমীয়া ডেকা ল’ৰা?

author-image
asomiyapratidin
New Update
কি ক্ষোভত, কাৰ দোষত ওলাই গৈছে অসমীয়া ডেকা ল’ৰা?

♦ মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অতি শেহতীয়াকৈ ৰাজ্যত এক জাগৰণ হৈছে। এই জাগৰণৰ মূল কাৰণ জাতীয় সত্তাক মূলধনৰূপে লৈ এচাম শিক্ষিত লোকৰ মাজত জাতীয় চেতনাই গা কৰি উঠিছে। শিক্ষিত সেই নৱপ্ৰজন্মৰ মুখত জাতি-মাটিৰ অস্তিত্ব ৰক্ষাৰ শ্ল'গান উচ্চাৰিত হৈছে। এয়া সুখৰ নে দুখৰ কথা সেয়া সময়ে ক'ব। কিন্তু বাস্তৱক কোনেও আওকাণ কৰিব নোৱাৰে। জাতীয় জীৱনৰ সৈতে এই প্ৰজন্মৰ একাত্মবোধ আৰু শান্তিকামী ৰাইজৰ শংকাৰ বিপৰীতে চৰকাৰে এই দিশত মৌনতা অৱলম্বন কৰিছে।

১৯৭৯চনৰ ৭ এপ্ৰিলত ৰংঘৰৰ বাকৰিত অসমৰ স্বাধীনতা আৰু স্বনিয়ন্ত্ৰণৰ দাবীৰে ৰাজনৈতিক-গণতান্ত্ৰিক আন্দোলনৰ বিকল্পৰূপে এক বিপ্লৱিক সংগঠনৰ জন্ম হৈছিল। নিজকে বিচ্ছিন্নতাবাদী সংগঠন বুলি মানি ল'ব নোখোজা এই সংগঠনটোৱে ইতিহাসক সাক্ষী কৰি ১৮২৬চনত স্বাক্ষৰিত হোৱা ইংৰাজ চৰকাৰৰ জেনেৰেল ছাৰ আৰ্কিবল্ড কেম্পবেল আৰু বাৰ্মাৰ লিগেইংৰ ৰাজ্যপাল মহা মিন হ্লা ক্যাও টিনৰ মাজত হোৱা 'ইয়াণ্ডাবু সন্ধি'ৰ আধাৰত স্বাধীন অসমৰ যুক্তি উত্থাপন কৰিছিল।

বহু ঘাত-প্ৰতিঘাটৰ মাজৰে এই বিপ্লৱ আগবাঢ়িছিল। ১৯৯০চনত ভাৰত চৰকাৰে সংগঠনটোক নিষিদ্ধ কৰি উগ্ৰপন্থীৰূপে ঘোষণা কৰিছিল। সশস্ত্ৰ সংগঠনটোৰ এতিয়ালৈকে ২০হাজাৰৰো অধিক যুৱকে অসমৰ হকে প্ৰাণ আহুতি দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ কেবাটাও বিদ্ৰোহী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অসমত সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলা আলফাৰ স্বাধীন অসম গঢ়াৰ দাবীক সমৰ্থন কৰা নকৰা, সপক্ষে-বিপক্ষে বহু যুক্তি দিব পাৰি।

ইয়াণ্ডাবু সন্ধিৰ চুক্তিমতে, বাৰ্মীজসকলে ইংৰাজৰ সৈতে মান্তি হৈছিল নতুন সীমাৰেখাত। সেই অনুসৰি অসমকে আদি কৰি মণিপুৰ, ৰাখিনে(আৰাকান) আৰু তানিনথাই(টেনচ্ছেৰিম, চালৱীন নদীৰ দক্ষিণ উপকূল) ইংৰাজৰ অধীনলৈ গৈছিল। কাছাৰ আৰু জয়ন্তীয়াত সকলোধৰণৰ কাৰ্য্যকলাপ বাৰ্মীজসকলে বন্ধ কৰিছিল। লগতে ৪টা কিস্তিত ইংৰাজক মানসকলে ১০ লাখ পাউণ্ড পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

আলফাৰ দাবী অসমৰ প্ৰতিনিধি নথকাকৈ এই চুক্তি স্বাক্ষৰিত হৈছিল। অসমৰ জনগণ এতিয়া বহু সমস্যাৰ সন্মুখীন হৈছে। তাৰ ভিতৰত এটা হ'ল ৰাষ্ট্ৰীয় পৰিচয়। স্বাধীন মনৰ সংগ্ৰামী অসমীয়াই সেয়েহে এই চুক্তিক মানি ল'ব নোখোজে। এনে দাবীৰে জন্ম হোৱা আলফাৰ পৰৱৰ্তী কাৰ্যকলাপৰ সন্দৰ্ভত বহু দিশ আলফাৰ সপক্ষে বা বিপক্ষে আলোচনা কৰাৰ থল আছে। ১৯৯০ চনত অপাৰেশ্যন বজৰং, ১৯৯১ত অপাৰেশ্যন ৰাইন' আৰু ২০০৩চনত অপাৰেশ্যন অ'লক্লিয়েৰ আৰু অপাৰেশ্যন ৰাইন' (দ্বিতীয়)ৰ জৰিয়তে আলফাক নিঃশেষ কৰাৰ বাবে অভিযান চলিছিল। এতিয়াও ইউনিফাইড কমাণ্ডৰ অধীনত আলফাৰ বিৰুদ্ধে দমনমূলক অভিযান অব্যাহত আছে।

১৯৮৫-৯০চনত আলফাৰ ৰাজনৈতিক গতি-বিধি প্ৰায় মুকলিকৈ হৈছিল। বিভিন্ন স্থানত সভা পাতি আলফাই জনমত গঠনৰ চেষ্টা কৰিছিল। তাৰ মাজতে ভালে কেইটা কূটাঘাত তথা হত্যাকাণ্ডৰে আলফাই নিজৰ অস্তিত্ব জাহিৰ কৰাৰ চেষ্টা চলাইছিল। ১৯৯০চনৰ মে' মাহত ব্যৱসায়ী সুৰেন্দ্ৰ পালৰ হত্যাকাণ্ডই চৰকাৰক জোকাৰি গৈছিল। ১৯৯১চনত আলফাই ৰাচিয়ান অভিযন্তাক অপহৰণ কৰা, ১৯৯৭ চনত সঞ্জয় ঘোষক হত্যা, ২০০০চনত অগপ মন্ত্ৰী নগেন শৰ্মাক আলফাই হত্যা কৰাৰ পাছত আলফাৰ বিৰুদ্ধে ৰাষ্ট্ৰই যথেষ্ট সচেতনতাৰে অভিযান চলাইছিল।

•আৰু পঢ়ক ⇒ তেজৰ ফাঁকু বহুত হ'ল… আৰু নালাগে…

আলফাৰ লক্ষীপথাৰত থকা শিবিৰ উৎখাত, এচাম আলফা আহি আত্মসমৰ্পন কৰা, আলোচনাৰ মজিয়ালৈ আলফাৰ অৰবিন্দ ৰাজখোৱাকে ধৰি একাংশ ওলাই অহা আদি ঘটনা-পৰিঘটনাৰে এই সংগ্ৰামী ইতিহাসৰ পৃষ্ঠা ভৰি আছে। ধেমাজিৰ শিশু হত্যা, সঞ্জয় ঘোষৰ হত্যাকাণ্ড, বাংলাদেশৰ পৰা গৈ চীনত আলফাৰ নেতৃত্বৰ আশ্ৰয় গ্ৰহণ, ২০০৭চনত কেবাজনো বিহাৰী শ্ৰমিকক গুলীয়াই হত্যা কৰা ঘটনাবোৰৰ মাজতেই ২৮ নং আলফাৰ বেটেলিয়ানে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল।

২০১২চনৰ এপ্ৰিলত আলফাৰ গৰিষ্ঠ সংখ্যক নেতা-সদস্য বাংলাদেশত আটক হোৱা আৰু তেওঁলোকক ভাৰতলৈ প্ৰত্যাৱৰ্তণ ঘটাই আলোচনাৰ মাজেৰে এই সমস্যা সমাধানৰ বাবে চেষ্টা চলাইছিল যদিও, সেয়া এতিয়াও চালুকীয়া পৰ্যায়তে আছে। হত্যা-হিংসাৰ মাজেৰে অতিবাহিত হোৱা প্ৰায় ৪টা দশকৰ অন্তত আলফাক দুৰ্বল হোৱা বুলি ভবা হৈছিল। আলফাৰ প্ৰতি সৰ্বসাধাৰণৰ মনত সৃষ্টি হোৱা শংকাৰ বাবেই আলফাক মুকলিকৈ সাধাৰণ লোকেও সমালোচনা কৰিছিল। বিশেষকৈ পৰেশ বৰুৱাক লৈ ৰাইজে তেওঁ আলোচনাৰ মজিয়ালৈ আহিব লাগে বুলিও চৰ্চা কৰিছিল।

আলফাত যোগ দিয়া এচাম সদস্যৰ কাৰ্য-কলাপে বিগত সময়ত মানুহক বাৰুকৈয়ে বিৰক্ত কৰিছিল। সংগ্ৰামী সত্তাৰ বিপৰীতে তেওঁলোকৰ অৰ্থ সৰ্বস্ব বিলাসী জীৱন আৰু দাদাগিৰিৰ লগতে ধেমাজি কাণ্ডৰ দৰে নিৰীহ লোকৰ হত্যাযজ্ঞত অতিষ্ঠ হৈ তেওঁলোকৰ বিৰুদ্ধে ৰাজপথলৈও মানুহ ওলাই আহিছিল। আনহাতে, গণভিত্তি হেৰুওৱা এনে এক পৰিৱেশত আলফাৰ এক বৃহৎ অংশ আলোচনাৰ মজিয়াত বহাৰ বিপৰীতে আন একাংশই অস্ত্ৰ সমৰ্পণ কৰি মুক্ত আকাশৰ তললৈ আহিছিল। কিন্তু পৰেশ বৰুৱাই ৪০ বছৰে নিজৰ স্থিতিত অটল থাকি এই সংগ্ৰামী যুঁজখনৰ অটল সেনানী ৰূপে নিজৰ এক ভাৱমূৰ্তি ধৰি ৰাখিবলৈ সক্ষম হৈছে। বিবৃতি প্ৰদানৰে পৰেশ বৰুৱাই সংগ্ৰামী সত্তাক ধৰি ৰখা বুলি আলোচনা কৰা সকলে আজি পৰেশ বৰুৱাৰ স্থিতিত অন্য ধৰণে বিচাৰ কৰিবলৈ বাধ্য হৈছে। স্বাধীন অসমৰ সপোন পূৰণ নহ'লেও, জাতীয় সত্তাক বিসৰ্জন নিদি পৰেশ বৰুৱাই সংগ্ৰামী মানসিকতাৰে ৪দশকৰো অধিক কাল এই সংগ্ৰামৰ নেতৃত্ব দিয়াটো সৰু কথা নহয়।

শেহতীয়াকৈ আলফা স্বাধীন হিচাপে আলফা সংগ্ৰামী যাত্ৰাক আগুৱাই নিয়া পৰেশ বৰুৱা আৰু তেওঁৰ সহযোগীসকলে অসম আৰু অসমীয়াৰ স্বাৰ্থত আঘাত হনা কিছু কাৰ্য-কলাপৰ বিৰুদ্ধে দৃঢ়তাৰে মাত মতাতো পোষকতা কৰে নতুন প্ৰজন্মৰ কিছু সংখ্যক যুৱক-যুৱতীয়ে। তাৰ প্ৰতিফলন ঘটিছে এই যুৱক-যুৱতীসকলৰ ক্ষোভ আৰু মানসিকতাত।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত সৃষ্টি হোৱা পৰিবেশৰ মাজতেই ছৈখোৱাত সংঘটিত হত্যাকাণ্ড আলফা স্বাধীনৰ দ্বাৰা সংঘটিত কৰা বুলি দাবী কৰা হৈছিল। কিন্তু সেই দাবী চৰকাৰী পক্ষই কৰিলেও পৰেশ বৰুৱাৰ নেতৃত্বধীন আলফা স্বাধীনে ইয়াক অস্বীকাৰ কৰি চৰকাৰী পক্ষলৈ বল ঠেলি দিয়াৰ পাছত সমগ্ৰ বিষয়টোক লৈ এক ধূসৰ পৰিৱেশ সৃষ্টি হৈছে। আলফা স্বাধীনক মানুহে বিশ্বাস কৰিবলৈ এৰা মুহূৰ্ততে চৰকাৰী পক্ষই গ্ৰহণ কৰা কিছু কাৰ্য-কলাপৰ বাবেই পুনৰ আলফা প্ৰাসংগিক হৈ পৰিছে নেকি বুলিও এতিয়া আলোচনা চলিছে।

অসমৰ ৰাজনীতিত কংগ্ৰেছ দলে ৰাইজক বহু আভুৱা ভুৱালে। অগপ দলেও দুবাৰকৈ শাসনলৈ আহি সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দি দুৰ্নীতিৰ অসম গঢ়াৰ লগতে অসমীয়া মানুহৰ আৱেগক ভৰিৰে মোহাৰিলে। সেয়েহে ৰাজনৈতিক বিকল্পৰূপে বিজেপিক আকোৱালি লৈছিল নতুন প্ৰজন্মই। এই সময়ত প্ৰায় বিপন্ন হৈ পৰা সংগ্ৰামৰ এই যুঁজত বিজেপি চৰকাৰৰ স্থিতিয়ে নতুনকৈ সাৰ-পানী যোগাইছে। যাৰবাবে বিকল্প ৰূপেই আলফা স্বাধীনৰ এই সংগ্ৰামী সত্তাক সমৰ্থন দিবলৈ মানুহ ওলাই আহিছে। শিক্ষিত চামটোৱে আলফাৰ প্ৰতি আকৰ্ষিত হোৱাৰ অন্তৰালত আলফাৰ নীতিগত দিশতকৈ বিশ্বাস ৰখা চৰকাৰী পক্ষৰ অৱহেলা আৰু বঞ্চনাৰ কাৰ্য-কলাপে অনুঘটকৰ ভূমিকা পালন কৰিছে।

অসমৰ স্বাধীনতা সম্ভৱ হওঁক বা নহওঁক, কিন্তু অসমক ত্ৰিপুৰাৰ বিকল্পৰূপে গঢ়িবলৈ কোনো অসমীয়াই এৰি দিব নোখোজে। সেয়েহে পৰেশ বৰুৱাৰ আলফা স্বাধীনৰ প্ৰাসংগিকতাই নতুন যুৱ-প্ৰজন্মৰ মাজত পুনৰবাৰ গা কৰি উঠিছে। ছে গুৱেভাৰৰ দৰেই সংগ্ৰামী জীৱনকেই আকোৱালি ধৰি থকা পৰেশ বৰুৱাই ভালদৰে জানে- শক্তিশালী ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজি থকাতো সহজ কথা নহয়। কিন্তু তেওঁ এই ৰণক্ষেত্ৰৰ পৰা আঁতৰি আহিব নোখোজে।

উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰ সৈতে দীৰ্ঘসময় ধৰি আলোচনা চলি আছে। কিন্তু এই আলোচনাৰ কোনো ফলাফল ওলোৱা নাই। আলোচনাৰ অন্তত কোনো বিদ্ৰোহী সংগঠনৰ নেতৃত্বই ৰাজনৈতিক মুনাফাৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে যদিও, ডিএইচডি, ইউএনএলএফ, এনএছচিএন আদি বিদ্ৰোহী সংগঠনৰ সদস্যসকলৰ বাবে তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য গৌণ হৈছে।

উত্তৰবিহীন এই আলোচনা, ৰাজনৈতিক প্ৰেক্ষাপট, জাতীয় জীৱনৰ প্ৰতি ভাবুকি আদি সকলোখিনি মিলি নতুন চামৰ মনত পঞ্জীভূত হৈ থকা ক্ষোভ ৰাজনৈতিক আদৰ্শৰে, ৰাজনৈতিত ইচ্ছাৰে সমাধান নহ'ব বুলি জানি এই চামটোৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অতি মুকলিকৈ আলফা স্বাধীনৰ সমৰ্থনত প্ৰচাৰ চলাইছে। সেই প্ৰচাৰৰ তীব্ৰতা আৰু স্থায়িত্বক লৈ সন্দেহ থাকিলেও চৰকাৰো ইয়াৰ বাবে দায়ী।

এখন সমৃদ্ধশীল ৰাজ্যৰূপে গঢ়ি তুলিবলৈ নতুন প্ৰজন্মক কামৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ কোনো কৰ্মসূচী ল'ব পাৰিছে বুলি এই চৰকাৰে দাবী কৰিব নোৱাৰে। সমান্তৰালভাৱে জাতীয় জীৱনৰ প্ৰতিও চৰকাৰৰ দায়িত্বহীনতা নতুন প্ৰজন্মই লক্ষ্য কৰিছে। সেয়েহে সংগঠনৰ নেতা, আলফা নেতৃত্বৰ পৰিয়ালৰ সদস্য, বিদেশীত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা অভিযন্তা, বিদ্যালয়ৰ ছাত্ৰী, নিবনুৱা যুৱক-যুৱতীয়ে এনে সশস্ত্ৰ সংগ্ৰামৰ পোষকতাৰে ঘৰ এৰা ঘটনা সাধাৰণ ঘটনা নহয়।

ৰাজ্যৰ আভ্যন্তৰীণ আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি এইবোৰ ঘটনাই ভাবুকি সৃষ্টি কৰাৰ পাছতো নতুন প্ৰজন্মক আস্বস্ত হ'ব পৰাকৈ চৰকাৰে বিশ্বাস জন্মাব পৰা নাই। আচলতে চৰকাৰৰ হাতত এই ক্ষোভক প্ৰশমিত কৰিব পৰাকৈ কোনো উত্তৰ নাই।  কম দিনৰ ভিতৰতে আলফা স্বাধীনৰ কাৰ্য-কলাপো ৰাজ্যত বৃদ্ধি পাইছে। এক দীৰ্ঘ সংঘাতময় পৰিৱেশৰ অন্তত অসমলৈ কিছু শান্তিময় পৰিৱেশ ঘূৰি আহিছিল। ৰাইজে আশা কৰিছিল- সংঘাতৰ অন্তত নতুন আশাৰ সঞ্চাৰ হ'ব। জাতীয় জীৱনলৈ এই সংগ্ৰামী আন্দোলনে পৰিৱৰ্তন আনি দিব।

এই সকলোবোৰ সপোন পুৰণ হোৱাৰ বিপৰীতে পুনৰ নতুন প্ৰজন্মই হাতত বন্দুক তুলি ল'বলৈ ইচ্ছাকৃতভাৱে ঘৰ এৰি যোৱা ঘটনাহে এতিয়া পোহৰলৈ আহিছে। চৰকাৰৰ বাবে এইবোৰ ঘটনা বিফলতাৰ চিন ৰূপেই এদিন পৰিগণিত হ'ব। ইফালে, পৰেশ বৰুৱাৰ সংগ্ৰামী সত্তাই নতুন প্ৰজন্মৰ পৰা পোৱা এনে প্ৰতিশ্ৰুতি আৰু সমৰ্থনে পুনৰ অসমৰ পৰিবেশ সংঘাতময় কৰি তোলাৰ সম্ভাৱনা নথকা নহয়।

বন্দুকৰ শব্দত ৰাতি নুপুৱায়। গুলী-বাৰুদৰ সংগ্ৰামৰ অৱসান আলোচনাৰ মাজেৰেই হয়। বিদ্ৰোহৰ অন্তত শান্তি বিচাৰে ৰাইজে। ইয়াৰ বাবে উপযুক্ত পৰিৱেশ ৰচনা কৰাৰ দায়িত্ব চৰকাৰৰ। সেই দায়িত্বই আজিলৈকে ল'ব পৰা নাই কেন্দ্ৰ বা ৰাজ্য চৰকাৰে। তাৰ সলনি পৰোক্ষ বা প্ৰত্যক্ষভাৱে জাতীয় অস্তিত্বক নাকচ কৰা চৰকাৰৰ জাতি বিদ্বেষী সিদ্ধান্তই অসমৰ নতুন প্ৰজন্মক ক্ষোভিত কৰি তুলিছে। এই সত্যক অস্বীকাৰ কৰিব নোৱাৰে চৰকাৰে। সেয়েহে সকলো জানিও মৃত্যুৰ ভয়কো নেওচি ঘৰ এৰি সংগ্ৰামী পথ বাচি লৈছে এচামে। আৰু সেই সকলক এনে পথ বাচি ল'বলৈ প্ৰৰোচনা কৰাৰ অভিযোগত আজি নহ'লেও এদিন অভিযুক্ত হ'ব বৰ্তমানৰ মুখ্যমন্ত্ৰী। যেনেকৈ গুপ্তহত্যাৰ ক'লা দাগৰ ভাৰ আজিও লৈ আছে আন এজনে।

অসমৰ ৰাইজে শান্তি বিচাৰে। অশান্তি, হত্যা-হিংসা কেতিয়াও কামনা নকৰে। সেইসকলে এদিন হিংসাৰ পথ লৈ কূটাঘাত সংঘটিত কৰিলে চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু তাৰ আগতেই কিয় তেওঁলোকক বাধা দিব পৰা নাই চৰকাৰে? কেবাদশক ধৰি অব্যাহত থকা সশস্ত্ৰ সংগ্ৰামৰ অন্ত বিচাৰে ৰাইজে।

ডিমৌৰ শেহতীয়া বিস্ফোৰণৰ দৰে ঘটনা অসমৰ ৰাইজে কেতিয়াও নিবিচাৰে। পৰেশ বৰুৱাৰ সংগ্ৰামী সত্তাক সন্মান কৰিলেও বিপ্লৱৰ নামত নিৰীহৰ প্ৰাণ কাঢ়ি নিয়াৰ অধিকাৰ কাৰোৰে নাই। অসমৰ শান্তিপ্ৰিয় ৰাইজে সংঘাতৰ সমাধান বিচাৰে। সংঘাতময় পৰিৱেশ আৰু নিবিচাৰে। সেই কথা চৰকাৰে বা আন পক্ষই বুজা উচিত।