ছৈখোৱা কাণ্ড কাৰ ৰাজনীতিৰ ফচল?

ছৈখোৱা কাণ্ড কাৰ ৰাজনীতিৰ ফচল?

author-image
asomiyapratidin
New Update
ছৈখোৱা কাণ্ড কাৰ ৰাজনীতিৰ ফচল?

► মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অতি শেহতীয়াকৈ ৰাজ্যত সংঘটিত ছৈখোৱা কাণ্ডক লৈ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে। অচিনাক্ত দুৰ্বৃত্তই বিচনীমুখ খেৰাবাৰীত ১ নবেম্বৰ, ২০১৮ৰ নিশা যি গণহত্যা চলালে এই ঘটনাৰ প্ৰেক্ষাপট এদিনতে ৰচনা হোৱা নাছিল। এই প্ৰেক্ষাপট ৰচনা হোৱাত সাৰপানী যোগাইছিল খোদ চৰকাৰে। এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰৰ ৰহস্যজনক স্থিতি আৰু অসমীয়া জাতীয় আৱেগত পদাঘাত কৰি কিছু লোকে কৰা মন্তব্যৰ আৰু তাৰ প্ৰতিক্ৰিয়া কৰি দিয়া প্ৰত্যুত্তৰ ফলত এনে এক পৰিৱেশ-পৰিস্থিতি ৰচনা হ'ব বুলি অনুমান কৰা হৈছিল। সেই কথা জানিও ৰাজ্য চৰকাৰে কোনো পক্ষকে সতৰ্ক কৰা বা বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

এই সংঘাতৰ বীজ ৰোপণ কৰাত পৰোক্ষ-প্ৰত্যক্ষভাৱে চৰকাৰে সাৰপানী যোগাইছিল। তাৰেই সুযোগ গ্ৰহণ কৰি কোনো পক্ষই অসমীয়া আৰু বঙালীৰ মাজত সংঘাত সৃষ্টিৰ বাবে বা ৰাজনৈতিক জটিলতাক অন্য দিশ দিবলৈ তৃতীয় পক্ষৰ জৰিয়তে এনে কাণ্ড সংঘটিত কৰাৰো সম্ভাৱনা নথকা নহয়। জাতি-মাটি-ভেটিৰ স্বাৰ্থত কাম কৰিম বুলি কোৱা সোণোৱালে চৰকাৰে দিল্লীৰ ঈশ্বৰসকলৰ ইচাৰাত উঠা-বহা কৰা অসমৰ ৰাইজে দেখিছে। অবৈধ বাংলাদেশী সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যবাসীয়ে যেনেকৈ অতিৰিক্ত হিন্দু বাংলাদেশীৰ বোজা ল'ব নিবিচাৰে, ঠিক একেদৰেই যুগ যুগ ধৰি অসমত বাস কৰি অহা বঙালীসকলৰ অধিকাৰ সৰ্ব হোৱাতো কামনা নকৰে। সেই কথা ভালদৰে বুজিও কিছু দল-সংগঠন আৰু চৰকাৰী পক্ষৰ কিছু লোকে জাতীয়তাবাদক মষিমূৰ কৰি হিন্দুত্ববাদ আৰু ৰাষ্ট্ৰীয়তাবাদক আকোৱালি ল'বলৈ ৰাজ্যবাসীক বাধ্য কৰোৱাৰ বা হেঁচা দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

যি স্থানত ৫জনকৈ নিৰীহ লোকক হত্যা কৰা হ'ল সেই স্থানৰ সমীপতে আছিল এখন থানা। অৰুণাচল-চীনৰ সীমান্তৱৰ্তী অঞ্চল হিচাপে উক্ত স্থানত সেনা বাহিনীও সাধাৰণতে থাকে। এই পৰিৱেশত তেনে এক সংঘাতময় পৰিস্থিতি সৃষ্টি হ'ব পাৰে বুলি চৰকাৰে নিশ্চয় জানিছিল। কিয়নো দুদিনৰ পূৰ্বে এনে প্ৰৰোচিত মন্তব্যৰে বিভেদৰ বীজ ৰোপণ কৰা শাসকীয় দলৰ বিধায়কৰ নিৰাপত্তা বৃদ্ধি কৰিলে ঠিকেই, কিন্তু সৰ্বসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি যেন পিঠি দিলে।

ভাৰতৰ ৰাষ্ট্ৰ ব্যৱস্থাত এনে ঘটনা এয়াই প্ৰথম নহয়। ৰাষ্ট্ৰযন্ত্ৰই কিমান তললৈ নামিব পাৰে তাৰ প্ৰমাণ অসমবাসীয়ে পাই থৈছে। গুপ্তহত্যাৰ সেই দিনবোৰ, পৰাগ দাসৰ দৰে সাহসী সাংবাদিকক হত্যা কৰা সেই ঘটনাবোৰ তাৰ একো একোটা প্ৰমাণ। তেনে বহু উদাহৰণ ওলাব যিদৰে অাগ্ৰাসী আৰু দমন নীতি গ্ৰহণ কৰি অতি চক্ৰান্তমূলকভাৱে বহু কাণ্ড সংঘটিত কৰাৰ পাছত নিয়ম মাফিকভাৱে সেই দায়িত্ব কোনো দল বা সংগঠনলৈ ঠেলি দি সমগ্ৰ ঘটনাৰ আঁৰত থাকি উদ্দেশ্য পূৰণ কৰে।

এই ঘটনাৰ পাছত এতিয়া প্ৰশ্ন উঠিছে মূল বিষয়বোৰ তল কৰি সহানুভূতি আৰু আৱেগ সৃষ্টিৰে কোনো পক্ষই নিজৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰাৰ বাবে চেষ্টা চলাব নেকি। ইতিমধ্যে দেশজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া, ৰাজ্যজুৰি হোৱা প্ৰতিবাদ, আলফা স্বাধীনে এই ঘটনা সংঘটিত কৰা বুলি আৰক্ষীয়ে কৰা দাবী পৰেশ বৰুৱাই অস্বীকাৰ কৰাৰ পাছত এতিয়া প্ৰশ্ন উঠিছে- কোনে সংঘটিত কৰিলে এই কাণ্ড?

অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত সংঘাতৰ স্থান কেতিয়াও নাছিল। চাহ জনগোষ্ঠীয় লোকসকলে বহিঃৰাজ্যৰ পৰা আহি তেওঁঁলোকৰ কৃষ্টি-সংস্কৃতি এৰি অসমীয়াত্বৰ মাজত বিলিন হ'ব খুজিছিল। ৬০০ বছৰ ৰাজত্ব কৰা আহোমসকলেও তেওঁলোকৰ ক্ষমতাৰ জোৰ থকাৰ পাছতো থলুৱা জাতি-জনগোষ্ঠীসকলক এক গোট কৰি অসমীয়া জাতি গঢ়াৰ বাবে থলুৱা কৃষ্টি-সংস্কৃতিকে আকোৱালি লৈছিল। শংকৰদেৱে সেই ধাৰাক খৰকটীয়া কৰি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক বহুখিনি আগুৱাই নিছিল।

বন্দুকৰ শব্দত কেতিয়াও ৰাতি নুপুৱায়। হত্যা, হিংসাই কোনো সমস্যা সমাধান কৰিব নোৱাৰে। ৰাজ্যখনৰ এই পৰিস্থিতিত ছৈখোৱা কাণ্ডই বহু ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰিব। সাধাৰণ লোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব। অবৈধ বিদেশী সমস্যা, এন আৰ চি আদিক ধৰ্মীয় আৰু জাতিগত দৃষ্টিকোণেৰে চৰকাৰে বিভাজনমুখী নীতিৰে শাসকগোষ্ঠীৰ উদ্দেশ্য পূৰণ কৰাৰ বাবে ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ স্বৰূপে এনে এক পৰিৱেশ ৰচনা কৰি সাধাৰণ মানুহক শংকিত কৰাৰ প্ৰয়াস কৰে। সৰ্বসাধাৰণ শংকিত হৈ থাকিলেই ৰাষ্ট্ৰযন্ত্ৰ বা চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হ'ব নোৱাৰে। বিভাজনমুখী এই নীতিৰে এই প্ৰেক্ষাপট ৰচনা কৰাৰ বাবে মূলতঃ জগৰীয়া হ'ব শাসকগোষ্ঠী। বাৰম্বাৰ আমাক আৰু বিদেশী নালাগে বুলি জাতীয় দল-সংগঠনে দাবী কৰাৰ পাছতো সেইবোৰলৈ কোনো কাণসাৰ নাই এই চৰকাৰৰ।

মুকলিকৈ অবৈধ হিন্দু বাংলাদেশীৰ পক্ষত থিয় দিয়া কেন্দ্ৰীয় মন্ত্ৰী, বিধায়কৰ উচটনিমূলক মন্তব্যৰ পাছত নিশ্চিতভাৱেই ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব জাতীয় দল-সংগঠনে। এই দিশত চৰকাৰ সজাগ নহ'ল কিয়? নিজ দলৰে মন্ত্ৰী-বিধায়কে এনে স্পৰ্শকাতৰ বিষয়ক লৈ প্ৰৰোচনামূলক মন্তব্য কৰাৰ পাছতে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী-প্রশাসনে ব্যৱস্থা নল'লে কিয়?

অসমতে অসমীয়াক ঘৰত সোমাই পিটিব বুলি হুংকাৰ দিয়া সকলে কিন্তু জানে এনে মন্তব্যই অসমীয়া আৰু বঙালীৰ মাজত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব পাৰে। অনুৰূপ ধৰণেই অসমক জম্মু-কাশ্মীৰ নহয়, ত্ৰিপুৰাহে কৰিব বুলি প্ৰৰোচনা কৰা সকলক সংযত বা নিয়ন্ত্ৰণ কৰিবলৈ কোনো দিনে চেষ্টা নকৰিলে দল তথা চৰকাৰে।

ছৈখোৱা কাণ্ডৰ পাছত এইবোৰ কথা পুনৰবাৰ চিন্তা-চৰ্চা কৰাৰ অৱকাশ আহিছে। সাধাৰণ লোকৰ মাজত যথেষ্ট সদভাৱ আৰু মিলাপ্ৰীতি আছে। সেই সম্পৰ্কত এনে প্ৰৰোচনাই অনুঘটকৰ ভূমিকা লৈ শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ লগতে জাতীয় ঐক্যত ইয়াৰ দীৰ্ঘস্থায়ী প্ৰভাৱ পৰিব পাৰে। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ভাষীক আৰু ধৰ্মীয় সংখ্যালঘু সকলৰ প্ৰভাৱ সদায় আছে। বৰাক উপত্যকাত ভাষিক সংখ্যালঘুসকলে ৰাজনৈতিক নেতাসকলৰ ভাগ্য নিয়ন্ত্ৰণ কৰি আহিছে। অনুৰূপ ধৰণে বহু কেইখন জিলা- বৰপেটা, নগাঁও, গোৱালপাৰা, ধুবুৰী আদি ধৰ্মীয় সংখ্যালঘুসকলে এই ভূমিকা পালন কৰে। কোনো ৰাজনৈতিক দলে যদি ধৰ্মীয় সংখ্যালঘুসকলক লৈ ৰাজনীতি কৰিছে, আন এচামে ভাষিক সংখ্যালঘুৰ প্ৰতি সমৰ্থন দি মেৰু বিভাজনৰ ৰাজনীতিৰে নিজৰ ভেটি সুদৃঢ় কৰাত ব্যস্ত হৈ পৰিছে।

ছৈখোৱা কাণ্ড কিয় হ'ল সেই উত্তৰ এতিয়া সকলোৰে মুখে মুখে। ইয়াক লৈও চৰ্চা হৈছে যে, এই কাণ্ডৰ আঁৰত কোনো এক শক্তি আছে নেকি? যি শক্তিয়ে অসমীয়া আৰু বঙালীৰ মাজত সংঘাত সৃষ্টিৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৃষ্টি হোৱা জনমতক লঘু কৰি দিব পাৰে। এনেবোৰ প্ৰশ্ন অৱতৰণ হোৱা বহু যুক্তি আছে। ৰাইজে ইতিমধ্যে বিভিন্ন দৃষ্টিভংগীৰে এই কথাবোৰ বিচাৰ-বিশ্লেষণ কৰিছে। যদি চৰকাৰ সচেতন আৰু সজাগ হ'লহৈ তেন্তে এনে সংঘাতৰ পটভূমি কেতিয়াও সৃষ্টি নহ'ল হয়। এই কাণ্ডৰ পাছত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দল-সংগঠন ওলাই আহিছে।

আদৰ্শগত কাৰণত, জাতীয় স্বাৰ্থত তেওঁলোকৰ সৈতে সংঘাত থাকিলেও সাময়িকভাৱে এই সংঘাতৰ ফলশ্ৰুতিত নৰমেধ যজ্ঞলৈ ৰূপান্তৰ হ'ব নোৱাৰে। ইয়াৰ পাছৰ পৰিৱেশ-পৰিস্থিতি আৰু অধিক জটিল হ'ব। সময় থাকোতেই এই জুই নিৰ্বাপিত কৰিব নোৱাৰিলে, জাতীয় স্বাৰ্থৰ প্ৰতি পিঠি দিলে বিভীষিকাময় হৈ পৰিব অসম। সেয়েহে নাগৰিকত্ব সংশোধনী বিধেয়ক, এন আৰ চি আদি বিষয়বোৰ মোকাবিলা কৰোতে অধিক সচেতনতা আৰু সংযমতাৰ প্ৰয়োজন হয় সকলোতে। সেয়া লাগে বঙালী সংগঠনৰ নেতৃত্বৰ ক্ষেত্ৰতেই হওঁক বা ৰাজ্যৰ আন জাতীয় সংগঠনৰ নেতৃত্ব, চৰকাৰী পক্ষ, সংবাদমাধ্যম সকলোৰে বাবে প্ৰযোজ্য হয়। কেৱল মুখেৰে সতৰ্কবাণী জাৰি কৰি জাতি-মাটিৰ ভাবুকিৰ প্ৰতি পিঠি দি এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে।

সংঘাত কাকোৱেই নালাগে। এই সংঘাত অতিক্ৰম কৰিবলৈ সংযমতা, ধৈৰ্য্য সকলোকে লাগে। ছৈখোৱা কাণ্ডৰ পাছত এই প্ৰৰোচিত বাক্যবাণ কৰা সকলে এবাৰলৈ হ'লেও অনুভৱ কৰক, তেওঁলোকৰ বাবেই এনে ঘটনাৰ পটভূমি সৃষ্টি নহ'লনে? লগতে অনুভৱ কৰক মুখ আছে বুলিয়েই যি-টি কথা কোৱাৰ পৰিণাম কিমান ভয়াৱহ হ'ব পাৰে!