/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/dbcb5c07-26d2-45db-90a0-9507c3bcc656.jpg)
♦ মৃদুল কুমাৰ সন্দিকৈ
মনত পৰিছিল আকৌ আজি ৰীমালৈ। ৰীমা দাস। ভিলেজ ৰকষ্টাৰ্ছৰ জৰিয়তে অস্কাৰৰ সপোন অসম আৰু অসমীয়াক দেখুৱাইছিল। সেই দৌৰ সম্পূৰ্ণ নহ'ল। এক নতুন জাগৰণ আনিলে 'ভিলেজ ৰকষ্টাৰ্ছে'। তাৰ মাজতেই লজ এঞ্জেলেছৰ পৰা আহিল ভাল খবৰ। অস্কাৰৰ সৈতে উচ্চাৰিত হ'ল ভাৰতৰ নাম। পুৱা ৮.২১ বজাত গুণিত মোংগাই টুইট কৰিলে- 'WE WON!!! To every girl on this earth… know that you are a goddess… if heavens are listening… look MA we put @sikhya on the map ❤'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/bc020934-b9b7-42bc-a270-e2804eeadd8b.jpg)
কি সুখৰ ক্ষণ আছিল সেয়া। জাউৰিয়ে জাউৰিয়ে হাত চাপৰি। কান্দি কান্দি উঠি গৈছিল ষ্টেজলৈ। আৰু সপোনৰ 'অস্কাৰ' হাতত লৈ ৰাইকা জেহতাবচীয়ে কৈছিল- 'এয়া মই বিশ্বাস কৰিব পৰা নাই।' লগতে কৈছিল ভাৰতৰ কথা। কিয়নো ভাৰতৰ পটভূমিত নিৰ্মাণ কৰা হৈছিল এইখন চুটি তথ্যচিত্ৰই।
অস্কাৰ লাভ কৰাৰ পাছতেই মেলিছা বাৰট'ন আৰু ৰাইকা জেহতাবচীয়ে প্ৰেছ ৰূমত গৈ সন্মুখীন হৈছিল সাংবাদিকৰ। ভাৰতত এই চুটি তথ্যচিত্ৰখন কেনেদৰে দৃশ্যগ্ৰহণ কৰিছিল সেই অভিজ্ঞতাৰ কথা কৈছিল দুয়ো।
অস্কাৰ বঁটা এই চুটি তথ্যচিত্ৰখনে লাভ কৰাৰ পাছত দীৰ্ঘদিন ধৰি ভাৰতত মহিলাসকলৰ মাজত মাহেকীয়া সম্বন্ধীয় সজাগতা আৰু স্বচ্ছতাৰ দিশত এক নতুন বাট সূচনা হ'ব। এই তথ্যচিত্ৰখনত প্ৰযোজনা কৰিছিল ভাৰতীয় প্ৰযোজক গুণিত মোংগাছে। শিক্ষা এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মাণ কৰা হৈছিল ছবিখন। ইৰাণ-আমেৰিকান ছবি নিৰ্মাতা ৰাইকা জেহতাবচীয়ে ২৬ মিনিটৰ এই ছবিখনৰ দৃশ্য গ্ৰহণ কৰিছিল উত্তৰ ভাৰতত। হৰপুৰ অঞ্চলত পেড মেচিন স্থাপন কৰি তেওঁলোকে ব্যৱহাৰিকভাৱে মহিলাৰ মাজত সজাগতা সৃষ্টি কৰিব চেষ্টা কৰিছিল।
এই চুটি তথ্যচিত্ৰখনে অস্কাৰ বুটলিব পাৰে বুলি ২২ ফেব্ৰুৱাৰী, ২০১৯ত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কতে এক প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল। যি লেখাৰ শিৰোনাম আছিল- 'ৰীমা থমকি ৰ'লেও কাৰ বাবে অস্কাৰৰ সৈতে উচ্চাৰিত হৈছে ভাৰতৰ নাম…'।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/oskar-spcl-wrtng-pics.jpg)
অস্কাৰৰ সৈতে ভাৰতৰ নাম। ভাৰতৰ পটভূমিৰ এক কাহিনীয়ে বুটলিব পাৰে অস্কাৰ। ৰীমাৰ সপোন পূৰণ নহ'লেও বহুদূৰ আগুৱাই গৈছিল ৰীমা দাস। ভিলেজ ৰকষ্টাৰৰ জৰিয়তে বিদেশী ছবিৰ শিতানত ভাৰতৰ পৰা প্ৰতিনিধিত্ব কৰি মনোনয়নৰ যুঁজত নামিছিল এখন অসমীয়া ছবি। এগৰাকী কিশোৰীৰ জীৱনৰ কাহিনীয়ে চমকিত কৰি তুলিছিল অস্কাৰৰ সপোন।
কম বাজেটৰ সেই ছবিখন অস্কাৰৰ দৌৰৰ পৰা ওলাই আহিল। কিন্তু ভাৰতৰ নাৰী জীৱনৰ মৰ্ম বেদনাক লৈ ভাৰতৰ মাটিত নিৰ্মাণ কৰা এখন তথ্যচিত্ৰই অৱতীৰ্ণ হ'ব এই যুঁজত। এতিয়াও বহু নাৰীয়ে নাজানে মাহেকীয়া হোৱাৰ কাৰণ। তেওঁলোকৰ বাবে এয়া হেনো পাপ বা মহামাৰীৰ ফল।
তেনে এক বিষয়কে লৈ ৰাইকা জেহতাবচীয়ে নিৰ্মাণ কৰিছিল 'পিৰিয়ড, এন্দ অৱ ছেন্টেন্স' নামৰ তথ্যচ্চিত্ৰখন। এটা অঞ্চলৰ মহিলাৰ মাহেকীয়াক লৈ থকা অজ্ঞতা আৰু মাহেকীয়াৰ কলংকৰ বিৰুদ্ধে অহৰহ কৰা যুঁজক তথ্যচ্চিত্ৰখনৰ জৰিয়তে উপস্থাপন কৰা হৈছে। লগতে উপস্থাপন কৰা হৈছে মহিলাৰ অতি কম মূল্যৰ বিনিময়ত চেনিটাৰী পেড নিৰ্মণৰ প্ৰয়াসক।এই তথ্যচিত্ৰখন মুক্তি পাইছিল ৫ এপ্ৰিল, ২০১৮ত। ইতিমধ্যে এই তথ্যচিত্ৰখনে বহু সন্মান বুটলিছে। ছবিখনৰ সবিশেষ এনেধৰণৰ-
মুক্তি- ৫ এপ্ৰিল, ২০১৮
নিৰ্দেশক- ৰাইকা জেহতাবচী
প্ৰযোজক- মেলিচ্ছা বেৰটন
চিনেমাট'গ্ৰাফী- চাম ডেভিছ
সম্পাদনা- চাম ডেভিছ
সংগীত নিৰ্দেশনা- ডান ৰোমাৰ, ওচেই এছেদ
নমিনেশ্যন- শ্ৰেষ্ঠ তথ্যচ্ছিত্ৰ চুটি বিষয়ৰ একাডেমি বঁটা।২৪ ফেব্ৰুৱাৰীত লজ এঞ্জেলেছৰ ডলবি থিয়েটাৰত অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। সেইদিনাই আহিব পাৰে এই খবৰ। তথ্যচিত্ৰৰ শিতানত ঘোষকে ঘোষণা কৰিব পাৰে- 'এণ্ড অস্কাৰ গ'জ টু…'। জাউৰিয়ে জাউৰিয়ে পৰিব হাত চাপৰি। ৰীমাৰ সপোন সফল নহ'লেও ভাৰতীয় নাৰীৰ কাহিনীক লৈ নিৰ্মাণ কৰা 'পিৰিয়ড, এন্দ অৱ চেনটেনছ' হ'ব পাৰে সেই সৌভাগ্যৰ গৰাকী।
এই শিতানত আছে মুঠ ৫ খন তথ্যচিত্ৰ। তাৰ ভিতৰত এখনে বুটলিব সেই সন্মান। অস্কাৰৰ দৌৰত থকা আন কেইখন চুটি তথ্যচিত্ৰ হ'ল- ব্লেক চীপ, এন্দ গেম, লাইফবোট, এ নাইট এট দ্য গাৰ্ডেন। এতিয়া অপেক্ষা সকলোৰে। ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ অস্কাৰৰ মূল দৌৰলৈ যাব নোৱাৰিলেও ৰীমা দাসৰ সেই সপোন এতিয়া প্ৰতিফলিত হৈছে এই তথ্যচিত্ৰখনত।
ভিলেজ ৰকষ্টাৰ আছিল এগৰাকী কিশোৰীৰ সপোনক লৈ। আৰু এইখন তথ্যচিত্ৰৰ কাহিনী ভাৰতীয় নাৰীয়ে জীৱনত সন্মুখীন হোৱা বাস্তৱক লৈ। বলীউডতো এনে কাহিনীৰ ছবি নিৰ্মাণ হৈছে। কিন্তু এই তথ্যচিত্ৰৰ কাহিনীৰ সৈতে পাৰ্থক্য আছে। কিন্তু পটভূমি প্ৰায়ে একেই। এতিয়া কেৱল অপেক্ষা, কিজানিবা আনেই 'পিৰিয়ড, এন্দ অৱ ছেন্টেন্স'-এ অস্কাৰ বুটলি।
অস্কাৰৰ এই দৌৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে 'গ্ৰীণ বুকে'। ইতিমধ্যে এই ছবিখনে গ'ল্ডেন গ্ল'বৰো শ্ৰেষ্ঠ ছবিৰ সন্মান আৰু শ্ৰেষ্ঠ স্ক্ৰীণ প্লে' সন্মান লাভ কৰিছিল। ছবিখনৰ সন্দৰ্ভত প্ৰযোজনক জীম বাৰ্কেয়ে কৈছিল- "We made this film with love, we made it with respect, and we made it with tenderness,"
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/9119d194-f9af-464a-9b32-23f16cf68c51.jpg)
অলিভিয়া ক'লমেনে ৯১ সংখ্যক অস্কাৰত লাভ কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান। ৰামি মেলেকে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। "Bohemian Rhapsody." ছবিখনত অভিনয়ৰ বাবে তেওঁ এই সন্মান লাভ কৰিছে। লেডী গাগাই 'বেষ্ট অৰিজিনেল ছং' শিতানত অস্কাৰ লাভ কৰি হাতত অস্কাৰ ধৰি মঞ্চৰ পিছফালে হুকহুকাই কান্দি দিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/8a978c52-1089-4ed3-b4f2-1a585d4bb1be.jpg)
অসমীয়াৰ ছবি এখন এই দৌৰত আগবাঢ়ি গৈছিল। অতি কম বাজেটেৰে নিৰ্মাণ কৰা ৰীমা দাসে আজি সেই ড'লবি হলত উপস্থিত থাকিব পৰা হ'লে আমাৰ গৰ্ববোধ হ'লহেতেন। কিন্তু সেয়া সম্ভৱ নহ'লেও ৰীমা দাসে বিদেশী ছবিৰ শিতানত ইমানবোৰ বলিউদৰ নামী-দামী তাৰকাৰ ছবিক পিছ পেলাই সেই পথেৰে আগবাঢ়ি যোৱাটোৱেই কম প্ৰাপ্তি নাছিল।
অস্কাৰৰ বিদেশী ছবিৰ শিতানত মনোনয়ন নাপালেও, অসমীয়া কম বাজেটৰ এখন ছবিক ৰীমা দাসে আগুৱাই লৈ গৈছিল। অস্কাৰেই হয়তো প্ৰাপ্তিৰ শেষ লক্ষ্য নহয়। কিন্তু অস্কাৰৰ বাবে অসমীয়া এখন ছবিক আগুৱাই নিব পৰাতো কম প্ৰাপ্তিও নহয়। ৰীমাই সেই সৌভাগ্য অসমীয়া ছবিক আৰু অসমবাসীক দিলে।
আজি ভিলেইজ ৰকষ্টাৰ্ছৰ জৰিয়তে নহ'লেও, অস্কাৰত উচ্চাৰিত হৈছে ভাৰতৰ নাম। ভাৰতৰ পটভূমিত নিৰ্মিত 'পিৰিয়ড. এণ্ড অৱ ছেন্টেন্স'। ৰীমা দাসক যোগাযোগ কৰা হৈছিল। অস্কাৰ ঘোষণা কৰাৰ কথা কৈ তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছিলো। তেওঁ অন্য কিছু কামত ব্যস্ত আছে। কোনে অস্কাৰ পাইছে সেয়া তেওঁ খবৰ লৈহে প্ৰতিক্ৰিয়া দিব। খবৰ দিছিলো 'পিৰিয়ড. এণ্ড অৱ ছেন্টেন্স'-এ চুটি তথ্যচিত্ৰ শিতানত অস্কাৰ পাইছে। তেওঁ সন্তুষ্টি ব্যক্ত কৰিলে। কিন্তু তেওঁ এতিয়া অস্কাৰক লৈ ব্যস্ত নহয়, ব্যস্ত নতুন কামক লৈ।