/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/bises-lekha-8376f-599a-428a-9aa3-48426f942a86-1.jpg)
ৰাজৰ্ষি চহৰীয়া
হৰ হৰ মহাদেৱ। দেশজুৰি হিন্দু ধৰ্মী লোকসকলে উদযাপন কৰিছে শিৱৰাত্ৰি। শান্তি, সমৃদ্ধিৰ লগতে মনোবাঞ্চা পূৰণ হোৱাৰ বিশ্বাসেৰে ভক্তসকলে আশীষ লৈছে আদিযোগী ভোলানাথৰ। শিৱ হৈছে এনে এজন দেৱতা যি কাৰোৰে বেয়া হোৱাটো নিবিচাৰে। সংস্কৃত শব্দৰ পৰা অহা 'শিৱ'ৰ অৰ্থ হৈছে মংগল। হিন্দু সকলৰ তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্বাৰ অন্যতম হ'ল মহাদেৱ। ত্ৰিমূৰ্তিৰ ভিতৰত বহুতে শিৱকে সৰ্বোচ্চ ইশ্বৰ বুলি জ্ঞান কৰে।
শিৱৰ অৰ্থ মংগল। কিন্তু কেতিয়াবা সংহাৰ সৃষ্টিকাৰী ৰূপত ৰুদ্ৰমূৰ্তি ধৰি এই শিৱই ধ্বংসৰ প্ৰতীক ৰূপেও নিজকে প্ৰতিষ্ঠা কৰিছে। কেতিয়াৰ পৰা মানুহে শিৱক পূজা কৰিবলৈ ল'লে সেয়া নিশ্চিতভাৱে কোনো ক'ব নোৱাৰে। উল্লেখ্য যে, মহেঞ্জোদাৰো খনন কাৰ্যৰ সময়ত এক প্ৰাচীন ভাস্কৰ্য আৱিষ্কাৰ হৈছিল। যি ভাস্কৰ্যৰ খোদিত চিত্ৰই শিৱক প্ৰতিনিধিত্ব কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/siv-kedarnath-face.jpg)
আধুনিক শিৱ আৰু বৈদিক দেৱতা ৰুদ্ৰৰ মাজত বহু মিল পৰিলক্ষিত হয়। হিন্দু সমাজত দুয়োকে একেজনেই বুলি বহুজনে জ্ঞান কৰে। শিৱৰ সন্দৰ্ভত ঋগবেদত মৰৎগণৰ পিতা বুলি উল্লেখ আছে। একেদৰে যজুৰ্বেদত ৰুদ্ৰম স্তোত্ৰটোত ৰুদ্ৰক শিৱ নামেৰে বন্দনা কৰা হৈছে। যিটো হিন্দু সকলৰ বাবে অতি পবিত্ৰ।
দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যেই প্ৰতি বছৰে এই উৎপৱ পালন কৰি অহা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতি মাহৰে ত্ৰয়োদশ নিশা/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰি তিথি পৰে। কিন্তু বছৰত এবাৰকৈ ফাগুণত আয়োজন কৰা হয় মহাশিৱৰাত্ৰি।
হিন্দু সকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰাৰ পণ স্মৰণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আঁৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰে। অৱশ্যে প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ নিশ্চিতভাৱে কোনো ক'ব নোৱাৰে।
শিৱৰ এটা বৈশিষ্ট্য হ'ল- তেওঁৰ ত্ৰিনয়ন। কঠিত আছে, এই তৃতীয় নয়নেৰে তেওঁ কামদেৱক পুৰি ভস্ম কৰিছিল। সেইদৰে শিৱৰ জঁটাধাৰী শিৰত বিৰাজ কৰে চন্দ্ৰই। যাৰ কাৰণে শিৱৰ অন্য এটা নাম চন্দ্ৰশেখৰ। সৰ্বাংগত ভস্ম অৰ্থাৎ বিভূতিৰ প্ৰলেপ থকাৰ বাবেই তেওঁৰ আন এক নাম হ'ল বিভূতিভূষণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/assam/uploads/2020/10/1601872441_shiva.jpg)
শিৱৰ চুলি জঁটাবন্ধা। তেওঁ সমুদ্ৰ মন্থনত ওলোৱা বিহ পান কৰাৰ বাবে নীলকন্ঠ নামেৰেও পৰিচিত। এনে বিশ্বাসো আছে- পবিত্ৰ গংগা নদী শিৱৰ জঁটাৰ পৰা ওলাইছে। গংগা মৈত্ৰলৈ নামি অহা কালত তেওঁক শিৱই জঁটাত ধাৰণ কৰি লৈছিল। শিৱ আৰাধনাত ঔমঃকাৰ ধ্বনিয়ে তেওঁৰ পৰম ব্ৰহ্ম ৰূপক উপস্থাপিত কৰে। শিৱৰ হাতত থাকে এটা বিশেষ বাদ্য। ডম্বৰু বজাই এটা বিশেষ ভংগীমাৰে শিৱৰ অস্তিত্বক নটৰাজ ৰূপত উপাসকসকলে কল্পনা কৰি পূজা কৰে।
কেদৰে শিৱৰ আন এটা ৰূপ হ'ল তাণ্ডৱ। তেওঁ যেনেদৰে দুৰ্বলজনৰ ত্ৰাণকৰ্তা, তেনে দৰে অপশক্তিৰ বিনাশৰ বাবে মুহূৰ্ততে তাণ্ডৱ ৰূপো ধাৰণ কৰিব পাৰে। শিৱক যোগী বা গৃহস্থী ৰূপত কল্পনা কৰা হয়। পাবৰ্তীৰ স্বামী আৰু গণেশ-কাৰ্তিকৰ পিতৃ হিচাবে তেওঁক এজন আদৰ্শবান গৃহস্থ হ'লেও প্ৰয়োজনত তেওঁ সকলো পাহৰি ধ্যানস্থও হ'ব পাৰে আৰু এই ধ্যানৰ পৰা তেওঁক বাস্তৱলৈ ঘূৰাই অনাটোও অতিকৈ কঠিন। যাৰ বাবে তেওঁক মহাযোগী বোলা হয়।
শিৱই মৃত্যুক জয় কৰিব পাৰে। বিশ্বৰ ভিতৰতে আটাইতকৈ ভক্ত থকা দেৱতা শিৱ। ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ, এই তিনিমূৰ্তিৰ ভিতৰত শিৱক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। শিৱক লিংগ ৰূপত পূজা কৰা হয়। ইয়াৰ অৰ্থ অনেক আছে। ই এক প্ৰতীকি অৰ্থ। মূলতঃ হিন্দু ধৰ্মত শিৱ লিংগ আৰু নাৰায়ণশিলাক ভক্তসকলে এই প্ৰতীকি ৰূপ দি অতীতৰ পৰাই পূজা কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/originals/0f/32/7a/0f327acc6e47c941364fca56843e4b03.jpg)
শিৱ অতি দয়ালু আৰু সহজ-সৰল। ইয়াৰ সুযোগ বহু সময়ত দুষ্ট শক্তিয়েও গ্ৰহণ কৰিছিল। শিৱক আৰাধনা কৰি সন্তুষ্ট কৰাৰ পাছত নিজকে শক্তিশালী কৰাৰ বাবে বৰ আদায় কৰিছিল। যাৰ উদ্দেশ্য বহুসময়ত অশুভ আছিল। কিন্তু সহজেই সন্তুষ্ট হোৱা শিৱই এনে অসৎ উদ্দেশ্য উপলব্ধি কৰিব নোৱাৰি অপাত্ৰজনকে অধিক শক্তিশালী হোৱাৰ বৰদান দিছিল। হিন্দু ধৰ্মাৱলম্বী গৰিষ্ঠসংখ্যক লোকে সেয়ে শিৱক প্ৰধান দেৱতা ৰূপে সেৱা কৰে। শিৱৰ শান্ত-সৌম্য ৰূপত দয়ালু, মহৎ, কোমল আৰু শুভ্ৰ চিন্তা প্ৰবাহমান। শিৱৰ বাহন এটা ষাঁড় গৰু। নাম নন্দী। শিৱৰ অধিষ্ঠান আছিল হিমালয়ৰ কৈলাস পৰ্বত।
উল্লেখ্য যে, কিছু সংখ্যক যোগীৰ মতে, শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি ৰক্ষা কৰিছিল পৃথিৱী। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পূৰাণত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত শিৱৰাত্ৰিৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/content/2015/Nov/1_1448368167.jpg)
মহাশিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণনা কৰা বহু কাহিনী আছে। শৈৱধৰ্মৰ তেনে এটা কাহিনী অনুসৰি শিৱৰাত্ৰিৰ নিশাই ভগৱান শিৱই সৃষ্টি, পালন আৰু ধ্বংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। প্ৰাৰ্থনা, শিৱ ত্ৰোস্তৰ পাঠ আৰু ভক্ত সকলৰ সমবেত কন্ঠ এই মহাজাগতিক নৃত্যত যোগ হৈ সকলোৱে শিৱৰ উপস্থিতি সোৱৰায়।
বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত ১১ মাৰ্চ, ২০২১ৰ দিনত বহু ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি। নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত ১২৬ ফেটু ওখ এই লিংগাকৃত মহামৃত্যুঞ্জয় মন্দিৰটোত ভক্তই আশীষ লয় মহাদেৱৰ।
তদুপৰি, গুৱাহাটী মহানগৰীৰ উমানন্দ, শুক্ৰেশ্বৰ মন্দিৰৰ লগতে শিৱসাগৰৰ শিৱদৌলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহত আড়ম্বৰপূৰ্ণভাৱে শিৱ পূজাৰ আয়োজন কৰা হৈছে। ইফালে, পুৱাই ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াযোগে দেশবাসীক শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰে।

ইফালে, অসম গৌৰৱ হিমা দাসেও ফেচবুকত শুভেচ্ছা জনাইছে শিৱৰাত্ৰিৰ। ফেচবুকত হিমা দাসে লিখিছে- 'সমূহ ৰাইজলৈ মহা শিৱৰাত্ৰি ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ! শিৱ বাবাৰ কৃপাত সকলোৰে মনোৰথ পূৰ্ণ হওঁক ! শান্তি আৰু সমৃদ্ধি বিৰাজ কৰক | ওঁম নমঃ শিৱাই। This MahaShivratri , May Lord Shiva Destroy All your Sorrow and eliminate all the troubles to help you lead a Happy and Healthy Life. Happy Mahashivratr'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/158134010_279832830179274_193118868202541662_n-1024x1024.jpg)
শিৱৰ মন প্ৰফুল্ল। সহজতে তেওঁ প্ৰসন্ন হয়। সেয়ে তেওঁক ভক্তসকলে পূজা কৰে সহজতে মনোকামনা পূৰণৰ বাবে। মহাশিৱৰাত্ৰীত পূজা কৰা হৈছে শিৱ লিংগক। গাখীৰেৰে ধুৱাইছে শিৱলিংগ। সেই পৰম্পৰাৰে বিশ্বজুৰি শিৱৰ আৰাধনা চলিছে।