/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/Bekhekh-Lekha-diwali.jpg)
পোহৰৰ উৎসৱ দীপাৱলী। এই দীপাৱলীয়ে সকলোৰে জীৱনত পোহৰ বিলোৱাৰ আশাৰে উদযাপন কৰে এই উৎসৱটি। প্ৰতি বছৰে শৰৎ কালৰ কাতি মাহৰ অমাবস্যা তিথিত হিন্দু, জৈন, শিখ আৰু কিছু বৌদ্ধ সকলে পালন কৰে দীপাৱলী। আন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে পোহৰৰ এই উৎসৱটিয়ে।
প্ৰতি বছৰে এই উৎসৱত দেশবাসীয়ে ঘৰ-দুৱাৰ, দোকান-পোহাৰ, কাৰ্যালয়, মন্দিৰ আদিত জ্বলাই এগছি চাকি। দীপাৱলীৰ ৰীতি-নীতি ৫ দিনীয়াকৈ চলে যদিও, উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জী মতে, বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাবশ্যা তিথিত মূল দেৱালী কৰা হয় পালন।
কিন্তু এইবাৰ অৱশ্যে পূৰ্বৰ দৰে নাই দীপাৱলীৰ উৎসাহ-আনন্দ। কিয়নো অধিকাংশ ৰাইজৰে যোৱা বছৰৰ কোৰোনাই আৰ্থিকভাৱে কোঙা কৰাৰ পাছত এই উৎসৱটিক লৈ নাই বিশেষ উছাহ-উদ্দীপনাৰ। দেশৰ প্ৰায়বোৰ স্থানত দীপাৱলীত কেৱল গ্ৰীণ ফটকাহে ফুটাবলৈ নিৰ্দেশ দিয়া হৈছে।
৩১ অক্টোবৰ, ২০২১ অৰ্থাৎ দেওবাৰে প্রধানমন্ত্ৰীয়ে দেশবাসীক মন কী বাতত সম্বোধন কৰে। তেওঁ কয় যে- সকলোৱে সাৱধানেৰে দীপাৱলী উদযাপন কৰিব। উৎসৱৰ এই বতৰত এটা কথা মনত ৰাখক যে- এই সময়চোৱাত যাতে আপোনালোকে লোকেল সামগ্ৰী ক্ৰয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। এই কথা সদায়েই মনত ৰাখক।
উল্লেখযোগ্য যে, ৰামায়ণত উল্লেখ থকা অনুসৰি লংকাধিপতি ৰাৱণক বধ কৰি ৰামচন্দ্ৰ সীতা আৰু ভাতৃ লক্ষ্ণণৰ সৈতে যেতিয়া অযোধ্যালৈ উভতি আহিছিল, তেতিয়াই অযোধ্যাবাসীয়ে আনন্দ-উল্লাসত ঘৰ পদূলিয়ে পদূলিয়ে চাকি জ্বলাই আদৰণি জনাইছিল তেওঁলোকক। তেতিয়াৰে পৰা এই দিনটো দীপাৱলী হিচাপে পালন কৰি অহা হৈছে।
দেশবাসী আজি ব্যস্ত দীপাৱলী উদযাপনত। কিন্তু তাৰ মাজতে এই আনন্দ-উল্লাসৰ সময়চোৱাত নিজৰ পৰিয়ালৰ পৰা দূৰত থাকিবলগীয়া হৈছে একাংশ। সীমান্তত থিয় হৈ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত জোৱান সকলে দীপাৱলীত নিজৰ ঘৰৰ পদূলিত জ্বলাবলৈ নাপাব চাকি-বন্তি। সীমান্তত সুৰক্ষা সুনিশ্চিত কৰা জোৱান সকলৰ বাবেই আমি শান্তিৰে নিজৰ ঘৰত উদযাপন কৰিব পাৰিম এই পোহৰৰ উৎসৱ। কিন্তু তেওঁলোকৰ হৃদয়ত থাকিব সেনা বাহিনীত যোগদান কৰাৰ পূৰ্বে ঘৰত কৰা দীপাৱলীৰ আনন্দৰ স্মৃতিবোৰহে।
যিমানেই দিনবোৰ আধুনিক হৈ গৈ আছে সিমানেই পোহৰৰ এই উৎসৱটিক শব্দোৎসৱলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে। দীপাৱলীত এগছিকৈ চাকি জ্বলাই আন্ধাৰ আঁতৰোৱাৰ এই উৎসৱত ফটকা ফুটাই অহা হৈছে বহু পূৰ্বৰে পৰা। কিন্তু এই ফটকাৰ প্ৰভাৱ পৰে আমাৰ পৰিৱেশ আৰু শৰীৰত।
ফটকাত থাকে মুলতঃ ছালফাৰ। তাৰ লগতে বিভিন্ন প্ৰকাৰৰ ষ্টেবেলাইজাৰ্ছ, অক্সিডাইজাৰ, ৰিডিউছিং এজেন্ট আৰু ৰং থাকে। যেতিয়া এই ফটকা-আতচবাজীবোৰ জ্বলোৱা হয় তেতিয়া তাৰ পৰা বিভিন্ন ধৰণৰ ৰাসায়নিক গেছ বায়ুত মিলিত হৈ পৰে। যাৰ ফলত প্ৰদূষিত হয় বায়ু।
কেৱল বায়ুৱে নহয়, শব্দ প্ৰদূষণো হয় এই ফটকা-আতচবাজীৰ দ্বাৰা। মানুহৰ কাণে ৫ডেচিবেল শব্দলৈকে কোনো ক্ষতি নোহোৱাকৈ শুনিব পাৰে। কিন্তু তাতকৈ অধিক হ'লে ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে আমাৰ কাণত। কিয়নো ফটকাৰ ধ্বনিৰ স্তৰ প্ৰায় ১২৫ ডেচিবেল। যাৰ দ্বাৰা কাণৰ শ্ৰৱণ শক্তি হ্ৰাস পাব পাৰে।
মানুহেই নহয়, জন্তুৰ ওপৰতো পৰে ইয়াৰ কু প্ৰভাৱ। দীপাৱলী আমাৰ কাৰণে হৰ্ষোল্লাসৰ এক উৎসৱ হ'লেও পশু-পক্ষীৰ বাবে ফটাক ফুটুৱাটো অতিকৈ ক্ষতিকাৰক। কুকুৰ-মেকুৰী বা আনবোৰ জন্তুৰ শ্ৰৱণশক্তি মানহৰ তুলনাত অধিক। আৰু তেনেস্থলত ফটকাৰ শব্দই অধিক প্ৰভাৱ পেলায়। প্ৰায়ে দেখা যায় যে, দীপাৱলীৰ সময়ত পোহনীয়া কুকুৰবোৰে ফটকাৰ শব্দ শুনি আচৰিত হৈ পৰে বা ভয় খায়।
যাৰ ফলত বায়ু-শব্দ প্ৰদূষণ হ্ৰাস পোৱাৰ লগতে মানুহ তথা জন্তু-পক্ষীৰ ওপৰত পৰা ইয়াৰ কুপ্রভাৱ হ্ৰাস পাব। যি সঁচাকৈ এক ভাল খবৰ। দীপাৱলীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আশাৰ পোহৰ। আৰু সকলোৱে আনন্দ-উল্লাস কৰক এই শব্দবিহীন দীপাৱলী।