বৰদোৱাত কি দেখিলো…

বৰদোৱাত কি দেখিলো…

author-image
asomiyapratidin
New Update
বৰদোৱাত কি দেখিলো…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

নগাঁও চহৰৰ পৰা ১৮ কিলোমিটাৰ নিলগত এই পৱিত্ৰ থান। এই তীৰ্থস্থানলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু তেওঁৰ আদৰ্শৰ সত্বা বিচাৰি অগণন লোকৰ সমাগম হয়। বৰদোৱাৰ সমীপৱৰ্তী আলিপুখুৰীতেই গুৰুজনাৰ জন্ম হৈছিল বুলি কোৱা হয়।

সেই স্থানতেই ১৪৬৮ খ্ৰীষ্টাব্দত গুৰুজনাই শ্ৰীশ্ৰী বটদ্ৰৱা থানখন স্থাপন কৰিছিল।এইখনে আছিল তেওঁ স্থাপন কৰা প্রথমখন থান। ইয়াৰ পৰাই এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। প্ৰায় ২৮৬ বিঘা মাটিকালি সামৰি আছে এই থানখনে।

এই ঠাইৰ নাম কিয় বৰদোৱা হ'ল সেই সন্দৰ্ভতো আছে বিভিন্ন জনশ্ৰুতি। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ঠাইখিনি এসময়ত বৰ দ' আছিল। সেই জলময় ঠাইৰ নাম বৰডোবা আছিল । শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ আছিল ভূঞাসকল। তাতে তেওঁলোকে আলি বান্ধি পুখুৰী খান্দি গাঁও পাতিছিল।

সেই বৰডোৱাৰ স্থানেই এতিয়া বৰদোবা নামেৰে জনাজাত। এই স্থানক লৈ বহু জনশ্ৰুতি আছে। এক কিংবদন্তী মতে, কুন্দীল কুঁৱৰী ৰুক্মিনীয়ে তেওঁক লৈ যাবলৈ অনুৰোধ জনাই বেদ নিধি নামৰ এজন ব্ৰাহ্মনক প্ৰেৰণ কৰিছিল কৃষ্ণৰ ওচৰলৈ।

কৃষ্ণক লগত লৈ দ্বাৰকাৰ পৰা কুন্দিললৈ আহি থকা পথত বেগেৰে চলোৱা বাবে ৰথখন বেদ নিধি মুৰ্চা গৈছিল। জনশ্ৰুতিৰ মতে সেই ঠাইতে ৰথ ৰাখি বেদ নিধিৰ গালে-মুখে পানী চটিয়াইছিল শ্ৰীকৃষ্ণই। আৰু তাৰ পাছত ইয়াত থকা এজোপা বৃক্ষৰ তলত তেওঁ জিৰাইছিল।

সেই স্থানত জিৰাই ৰথত উঠোতে সেই স্থানৰ এডোখৰ ঠাই দ' হৈ পৰে। তেতিয়াৰপৰাই এই স্থানৰ নাম বৰদোৱা হয়। এই তীৰ্থ স্থানলৈ ভকত বৈষ্ণৱৰ আগমন ঘটে। কিয়নো তাত বিচাৰি পাই গুৰুজনাৰ শৈশৱ, দৰ্শন আৰু তেওঁৰ আদৰ্শৰ প্ৰতিফলন।

গুৰুজনাই প্রথম বৰদোৱাতেই কীৰ্তন ঘৰ অৰ্থাৎ নামঘৰ সজাইছিল। সেই বিশ্বাস অনুসৰিয়েই এই স্থানত প্ৰতি দিনাই ১৪ প্ৰসংগ নাম চলে। শ্ৰীমন্ত শংকৰদেৱ বৰদোৱাতেই প্ৰথম চিহ্নযাত্ৰা ভাওনা কৰিছিল। এনে বিশ্বাসো কৰা হয় যে- ১৪৭০ চনতেই শংকৰদেৱৰ ২১ বছৰ বয়সত এই বৰদোৱাৰ ফাকুৱা অৰ্থাৎ ডল উৎসৱ আৰম্ভ হৈছিল।

অনুমান কৰিছিল ১৫১৭ খ্ৰীষ্টাব্দত আহোমসকলৰ কুপদৃষ্টি পৰাৰ ভয়ত গুৰুজনাই সেই স্থান ত্যাগ কৰিছিল। তাৰ পাছত তেওঁ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতি বোৱাৰী কনকলতা, ভাগিন দামোদৰ আতাৰ উদ্যোগত সেই পূন্য থান পুনৰ উদ্ধাৰ কৰা হৈছিল। তাৰপাছত সেই বৰদোৱা থান পুনৰ উজ্জীৱিত হয়।

পিছলৈ বৰদোৱা থানলৈ গুৰুজনাৰ উত্তৰাধিকাৰীসকলৰ মাজত কিছু বিবাদ হৈছিল। সেয়েহে বৰদোৱা সত্ৰ বৰহিচা (নৰোৱা সত্ৰ) আৰু হৰহিচা (ফুলদেৱ সত্ৰ) নামেৰে দুখন সত্ৰত বিভক্ত হয়। অৱশ্যে ১৯৫৮চনত এই দু্ই সত্ৰৰ মধ্যস্থলত কীৰ্তন ঘৰ সাজি নাম প্ৰসংগ কৰি অহা হৈছে।

বৰদোৱা সত্ৰলৈ যোৱা প্ৰতিজন দৰ্শনাৰ্থীয়ে সেই স্থানত বিভিন্ন গুৰুজনাৰ স্মৃতি বিজাৰিত সা সামগ্ৰী দৰ্শন কৰি ধন্য হয়। বৰদোৱা সত্ৰৰ ভিতৰত থকা আকাশীগংগা দৰ্শকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তাৰসমীপতে আছে গুৰুজনাৰ পদচিহ্ন অৰ্থাৎ পদশিলা।

মণিকূটৰ সহ যি নামঘৰ আছে সেই নামঘৰ ভক্তৰ অন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সাচিগছ, টেম্বুৱেনীজান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ আদিৰ উপৰিও ইয়াত এক ঐতিহ্যপূৰ্ণ শিলিখা গছ আছে। স্থানীয় লোকে আৰু বৰদোৱাৰ সৈতে জড়িত লোকসকলে জানিবলৈ দিয়া মতে, সেই শিলিখা গছত ভেজা দিয়েই গুৰুজনাই বহু পুথি ৰচনা কৰিছিল।

আচৰ্যজনক কথা যে, সেই শিলিখা গছৰ আকাৰ, আকৃতি কেতিয়াও নাবাঢ়ে। তাৰ সমীপতে সেই গছৰ শিপাৰ পৰা আন এজোপা শিলিখা গছ বৃহৎ আকাৰত বাঢ়িছে যদিও গুৰুজনাই আওজা সেই শিলিখা গছজোৱা একেই আছে বুলি সকলোৱে বিশ্বাস কৰে।

এই বৰদোৱা থানলৈ আহোম ৰজাই চাৰিখনকৈ দুৱাৰ দিছিল। তাৰ দুখন দুৱাৰ এতিয়াও নামঘৰত লাগি আছে। বৰদোৱা থানৰ আন আকৰ্ষণৰ সামগ্ৰীৰ ভিতৰত বৰদোৱা থানৰ মুখ্য দ্বাৰ, গুৰুআসনৰ ভগ্নাংশ, কাঠৰ বাতি, কাঠৰ শৰাই ইত্যাদি।

এই স্থানত থকা এই সামগ্ৰীসমূহ সঠিকভাৱে সংৰক্ষণ অৱশ্যে কৰিবলৈ আৰু কিছু পৰিকল্পনাৰ প্ৰয়োজন নথকা নহয়। সপ্তম শতিকাতেই দক্ষিণ ভাৰতৰ হিন্দু ধৰ্মকেন্দ্ৰিক যি আধ্যাত্মিক আন্দোলন আৰম্ভ হৈছিল, সেই আন্দোলনক জনা গৈছিল ভক্তি আন্দোলন ৰূপে।

শংকৰাচাৰ্য কবিৰাজ চৈতেন্দ্ৰ মহাপ্ৰভূ আদিয়ে যি ভক্তি আন্দোলনৰ সূচনা কৰিছিল সেই ভক্তি আন্দোলনত আধ্যাত্মিক গুৰু আৰু দাৰ্শনিক প্ৰচেষ্টাই অধিক ৰক্ষণশীল হিন্দু ধৰ্মক এক ইশ্বৰৰ বাট দৰ্শনৰ জৰিয়তে নৈব্য উদাৰ ৰূপত সৰ্বগ্ৰহণযোগ্য ধৰ্মীয় প্ৰৱণতা আকোৱালি ল'বলৈ সাধাৰণ লোকক উৎসাহিত কৰিছিল।

এই নতুন দৰ্শন তথা, চিন্তা ধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিছিল সমগ্ৰ ভাৰতজুৰি। জাতি ভেদ আৰু শ্ৰেণী বৈষম্য মূলক ভাব ধাৰাৰ বিপৰীতে, কুসংস্কাৰৰ বিৰুদ্ধে, সংস্কৃত ৰহিত এই নৱবৈষ্ণৱ বাদৰ উন্মেষ ঘটাইছিল শংকৰদেৱে।

কিয়নো ১২০০ৰ পৰা ১৫০০ শতিকাত অসম ভূমিত যথেষ্ট ৰাজনৈতিক অস্থিৰতা, সামাজিক অৱস্খলন আৰু ধৰ্মীয় কুসংস্কাৰে গা কৰি উঠিছিল। শ্ৰেণী বৈষম্য আৰু সামন্তবাদী ধাৰণাই সুবিধাবাদী এক শ্ৰেণীক ধৰ্ম আৰু সাধাৰণ জনতাৰ পৰা এনেদৰে পৃথক কৰিছিল যে, সেই অসংস্কৃতি ধৰ্মী প্ৰৱণতাই মানুহৰ জীৱন যাত্ৰাক কোঙা কৰি পেলাইছিল।

দেৱ-দেৱীৰ পূজা, নৰ বলি, পশু বলি, নিচা সেৱন আদি অসংস্কাৰবাদী কাৰ্যৰ বিৰুদ্ধে ধৰ্মী আচাৰ আৰু সাংস্কৃতিক বিপ্লৱেৰে এক সবল অসমীয়া স্বাবলম্বী জাতি গঠনৰ ভেটি এই নৱবৈষ্ণৱ আন্দোলনৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱে গঢ়ি তুলিছিল।

বিভিন্ন জাতি-জনগোষ্ঠীয়ে বাস কৰা অসমত আধ্যাত্মিক পৰিৱেশ গঢ়ি তুলি গীতা ভাগৱত ৰচনাৰে বেদ-বেদান্তৰ অন্তনিৰ্হিত জ্ঞানৰ সন্ধান কৰিছিল গুৰুজনাই। ধৰ্ম শাস্ত্ৰসমূহ মাতৃভাষালৈ অনুবাদ কৰি তাৰ জ্ঞান অৰ্জন কৰাৰ পৰা নামঘৰ প্ৰতিষ্ঠালৈকে ভাওনা আৰু কুটীৰশিল্পৰ উপৰিও শাৰীৰিক ব্যামলৈকে সকলো দিশতেই শ্ৰীমন্ত শংকৰদেৱে সেই সময়ত এক সুস্থ সবল অসমীয়া জাতি গঢ়াৰ বাবে চেষ্টা কৰিছিল।

ভক্তিধৰ্মৰ সেই বৈশিষ্টত আপোচবিহীনভাৱে ধৰ্মৰ আদৰ্শৰ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে ৰক্ষণশীল আচৰণ কৰা এচামৰ কুপদৃষ্টিতো পৰিছিল তেওঁ। তেওঁৰ বাবে সকলো মানুহৰ মূল্য সমান। তেতিয়াই তেওঁ এক গণতান্ত্ৰিক মূল্যবোধৰ জন্ম দিছিল।

সেই নৱবৈষ্ণৱ আন্দোলনে অসমীয়া ভাষা সংস্কৃতিক যি নতুন মাত্ৰা প্ৰদান কৰিছিল, সেই জাতীয় কৃষ্টিধাৰাৰে আজিৰ অসমীয়া ভেটিৰ সংস্কৃতিৰ পৰিকাঠামো গঢ় লৈ উঠিছে। সেই সময়ত চিহ্ন যাত্ৰাৰ জৰিয়তে অসমত নতুন সাংস্কৃতিক ইতিহাসৰ সূচনা কৰিছিল গুৰুজনাই।

জাতি ভেদ পৰিহাৰ কৰি সাম্যবাদী আদৰ্শৰে গুৰুজনাই মানৱতাবাদী চিন্তা ধাৰাৰ পোষকতা কৰিছিল। সমাজত ঐক্য প্ৰতিষ্ঠাৰ হকে আৰু ধৰ্মীয় চিন্তা চৰ্চাৰ উপিৰও সামাজিক বিকাশৰ বাবে নামঘৰৰ ধাৰণা আৰু এইবোৰ প্ৰতিষ্ঠা কৰি শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিৰ ভেটি গঢ়িছিল।

সেই আদৰ্শ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ব্যৱহাৰিক ভাৱে কৰণীয় বহু আছে। বৰদোৱা থানৰ এক সাংস্কৃতিক কেন্দ্ৰ ৰূপে গঢ়ি তুলি অসমীয়া জাতীয় জীৱনৰ প্ৰতিফলন কৰিব পৰাকৈ বহু কাম ইতিমধ্যে হৈছে।

মন কৰিব লগা যে, এই স্থানৰ বহু ভূমি বেদখল হৈছিল। নতুন প্ৰজন্মই গুৰুজনাৰ সেই কৃষ্টি সংস্কৃতিক ধাৰাবাহিক ভাৱে ধৰি ৰাখিবলৈ ব্যৱহাৰিক ভাৱে তেওঁলোকক আকৰ্ষিত কৰিব পৰা ব্যৱস্থাৰ এতিয়া প্ৰয়োজন হৈ পৰিছে। তেনে এক পদক্ষেপ হিচাপে গুৰুজনাৰ জন্মস্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহোৎসৱ পোনপ্রথমবাৰৰ বাবে আয়োজন কৰাতো অতি ইতিবাচক দিশ।

২৯ জানুৱাৰী, ২০২১ৰ পৰা ৩১ জানুৱাৰী, ২০২১লৈ মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আয়োজন কৰা এই মহোৎসৱত দেখা পোৱা গ'ল ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কণ কণ শিশু, যুৱক-যুৱতী আহি অতি সুন্দৰভাৱে গুৰুজনাৰ কলা কৃষ্টিক দাঙি ধৰিছে।

গুৰুজনাৰ এই পৱিত্ৰ জন্মক্ষেত্ৰত উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাঁহীবাদক পণ্ডিত চেতন যোশীয়েও স্বীকাৰ কৰি গ'ল গুৰুজনাৰ এই তীৰ্থক্ষেত্ৰলৈ আহি তেওঁৰ জীৱনৰ ধন্য হৈছে। ভাৰতৰ প্ৰেক্ষাপটতে নহয়, বিশ্বৰ প্ৰেক্ষাপটত শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহাপুৰুষ বিৰল।

সেই সাংস্কৃতিক দৰ্শনত বিশ্বৰ মানৱতাবাদী একাত্মবোধৰ যি নিদৰ্শন পোৱা যায় সেয়া বিশ্বজুৰি প্ৰচাৰ আৰু প্ৰসাৰ হোৱাতো প্ৰয়োজন। সেই স্থানত , সেই পূণ্য ভূমিত গুৰুজনাৰ শ্বাস-প্ৰশ্বাস নিহিত হৈ আছে। এই অনুষ্ঠানত উপস্থিত থাকি ওড়িয়া ভাষাৰ গৱেষক পণ্ডিত ৰজনীকান্ত মহাপাত্ৰই ক'ব লগা হ'ল গুৰু শংকৰে মোক জগন্নাথ পুৰীৰ পৰা ইয়ালৈ আনিলে।

ওড়িশ্যাৰ সংস্কৃতি আৰু অসমৰ সংস্কৃতিৰ মাজত সমন্বয়ৰ ভেটি গঢ়িছিল শ্ৰীমন্ত শংকৰদেৱে। এই মহোৎসৱত মেলামুখিতা পৰিহাৰ কৰি নতুন প্ৰজন্মক গুৰুজনাৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টা সমূহ প্ৰশংসনীয়। আকাশীগংগাৰ পাৰত গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ যি চৰ্চা হ'ল সেই চৰ্চাই নতুন প্ৰজন্মক গুৰুজনাৰ সৃষ্টিৰাজীৰ প্ৰতি নিঃসন্দেহে আকৰ্ষিত কৰিবলৈ বাধ্য কৰাব।

শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শন বিষয়ক আন্তঃজাতিক আলোচনাৰ লগতে দাঁতিকাষৰীয়া ৭খন ঐতিহ্যমণ্ডিত সত্ৰত এই উপলক্ষে বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিটো কাৰ্যসূচীতে সত্ৰৰ কৃষ্টি আৰু বৈভৱময় ঐতিহ্যৰ সমাহাৰ ঘটিছিল। কোনোৱে যদি হৰিনামৰ ৰসত বুৰ গৈছে, আন কোনোৱে ভাগৱত পাঠত মগ্ন হৈ গুৰুজনাক হৃদয়ংগম কৰিছে।

আকাশীগংগাৰ পাৰত শংকৰদেৱৰ চিন্তা চৰ্চাৰে শিল্পীয়ে কেনভাছত ৰং সানিছিল। গুৰুজনাক বিষয় ৰূপে লৈ চলিছিল কবিতাপাঠ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পী সাহিত্যিক, কবি, চিত্ৰশিল্পী, গৱেষকৰ উপস্থিতিত আকাশীগংগাৰ পাৰৰ আই খেৰখুতি সাংস্কৃতিক মঞ্চত বৰগীত , দিহানাম, সত্ৰীয়া সংস্কৃতি, ভাওনা আদিৰ প্ৰয়োভৰ ঘটিছিল।.

দেশৰ বিভিন্ন প্ৰান্তৰ ২০০ শিল্পীয়ে এই ঠাইত ৰং-তুলিকাৰে গুৰুজনাক তুলি ধৰিছিল। সমবেত হৈছিল হাজাৰ হাজাৰ ভক্ত। নিঃসন্দেহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম দিনত এনে মহোৎসৱ অতি আশাব্যঞ্জক খবৰ। ধেমাজি, লখিমপুৰ, ঢকুৱাখনা ক'ৰ পৰা অহা নাই কৃষ্টি সাধক।

অতি সুচাৰুৰূপে আয়োজকসকলে এই অনুষ্ঠানৰ মাধ্যমেৰে গুৰুজনাৰ দৰ্শন, কৃষ্টি-সংস্কৃতি নতুম প্ৰজন্মৰ হৃদয়লৈ প্ৰবাহিত কৰাত সফল হৈছে। বৰদোৱা মানেই পবিত্ৰ ধাম। সেই পবিত্ৰ ধামত এনে চিন্তা চৰ্চা অতি আশাব্যঞ্জক খবৰ।

তাৰ মাজতেই আন কিছু দিশ হ'ল যে- এই অঞ্চলত এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে নতুন প্ৰজন্মক এই কৃষ্টি-সংস্কৃতি সাধনাৰ বাবে উৎসাহিত কৰিব পৰা কিছু পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব লাগে। থানৰ সমীপত এক বৃহৎ ক্ষেত্ৰত বৰদোৱাৰ সৌন্দৰ্য বঢ়োৱাৰ বাবে প্ৰকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

সেই কামবোৰৰ উপৰিও তাৰ ভকত, বৈষ্ণৱৰ সৈতে হোৱা বাৰ্তালাপত এনে বোধ হ'ল যে উচ্চাংগ সংগীতৰ চৰ্চাৰ মাধ্যমেৰে গুৰুজনাৰ কৃষ্টিক ধৰি ৰখা এই সকল প্ৰকৃত শিল্পীক চৰকাৰে মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

কেৱল সৌন্দৰ্যবৰ্ধন নহয়, তাৰ সমান্তৰালভাৱে বৰদোৱা থানৰ সেই কৃষ্টি-সংস্কৃতিৰ চৰ্চাকাৰীসকলক শিল্পী পেঞ্চনৰ দৰে ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কিছু এৰা-ধৰা নিয়মৰ মাজেৰে তেওঁলোকক উৎসাহিত কৰিব পৰা ব্যৱহাৰিক ব্যৱস্থা সাংস্কৃতিক বিভাগে গ্ৰহণ কৰাতো প্ৰয়োজন হৈ পৰিছে।

এনে নকৰিলে নতুন প্ৰজন্মৰ এই কৃষ্টি সংস্কৃতি- সাধনাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বৃদ্ধি নহ'ব। বেদখলকাৰীৰ পৰা এই থানৰ ভূমি মুক্ত কৰি তাত এনে কিছু অনুষ্ঠান গঢ় দিব লাগে, যিবোৰ প্ৰকৃতাৰ্থত গুৰুজনাৰ কৰ্মৰাজিক মানুহৰ মাজলৈ লৈ যোৱাত সহায় কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই মহোৎসৱ কেৱল আৰম্ভণিহে। ইয়াৰ ধাৰাবাহিকতা আৰু এই পবিত্ৰ ধাম তথা গুৰুজনাৰ জন্মস্থানক তাৰ ঐতিহ্যৰ মৰ্যাদা ৰক্ষা কৰি গঢ়ি তোলা দায়িত্ব সকলোৰে আছে। সেই দিশত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এক বিজ্ঞানসন্মত অধ্যয়নৰো প্ৰয়োজন আছে।