কটনে কৰিব নোৱৰা কাম কৰিলে মৰিগাঁও মহাবিদ্যালয়ে

কটনে কৰিব নোৱৰা কাম কৰিলে মৰিগাঁও মহাবিদ্যালয়ে

author-image
asomiyapratidin
New Update
কটনে কৰিব নোৱৰা কাম কৰিলে মৰিগাঁও মহাবিদ্যালয়ে

► মৃদুল কুমাৰ সন্দিকৈ

Advertisment

'There is this invention called a bicycle that runs on fat and saves you money'

এটা সৰু খবৰ, এটা সৰু আহ্বান আৰু ইয়াৰ ব্যাপক প্ৰভাৱ। 'গাড়ী-মটৰ এৰক, সপ্তাহৰ এটা দিন চাইকেল চলাওক, নতুবা ৰাজহুৱা খণ্ডৰ যান-বাহনেৰে কলেজলৈ আহক।'- এই আহ্বান জনাইছিল মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে। নিৰ্দেশ নাছিল এয়া। ২৫ অক্টোবৰ, ২০১৮ত তেওঁ সেই আহ্বান জনাই জাৰি কৰিছিল এখন জাননী।

তাৰেই প্ৰভাৱ পৰিছিল ২৭ অক্টোবৰ, ২০১৮ অৰ্থাৎ শনিবাৰে। ১৯৬৪চনতে স্থাপন কৰা মৰিগাঁও মহাবিদ্যালয়ৰ পৰিৱেশ আছিল আন দিনাতকৈ পৃথক। যান-বাহনৰ কোনো শব্দ নাছিল মহাবিদ্যালয়খনৰ চৌহদত। আনদিনা গাড়ী, মটৰ, বাইকেৰে ভৰি থকা মহাবিদ্যালয়খনৰ ভিতৰচৰাত সেইদিনা কেৱল চাইকেলৰে ভৰি পৰিছিল। চাইকেলৰ আন্দোলনৰো যেন আৰম্ভণিহে এয়া!

পুৱা ৯ বজাত দুদিনৰ আগতে ৪,৫০০ টকাৰে ক্ৰয় কৰা বিএছএৰ নতুন চাইকেলখন লৈ কলেজলৈ আহিছিল অধ্যক্ষ লীলা কান্ত বৰঠাকুৰ। আনোকালে বাইক-গাড়ী লৈ অহা অধ্যাপক-অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰীসকলো চাইকেল বা ই-ৰিক্সা, বাছত উঠি কলেজলৈ অহাৰ দৃশ্য আছিল এক ভাল কামৰ আৰম্ভণি।

২৭ অক্টোবৰত চাইকেলেৰে কলেজলৈ অহা মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ লীলা কান্ত বৰঠাকুৰ
২৭ অক্টোবৰত চাইকেলেৰে কলেজলৈ অহা মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ লীলা কান্ত বৰঠাকুৰ

অধ্যক্ষ লীলা কান্ত বৰঠাকুৰে নিজেই উদ্যোগ লৈছিল কিবা এটা পৃথক কৰাৰ। ইয়াত কোনো ধন ব্যয় নহয়। কিন্তু লাভ প্ৰতিজন ব্যক্তি, সমাজ তথা বিশ্বৰে হ'ব। সেই উদ্দেশ্য লৈয়ে তেওঁ চাইকেলক লৈ এনে সপোন দেখিছিল। প্রথমে কথাটো তেওঁঁ মহাবিদ্যালয়ৰ কেইজনমান অধ্যাপকৰ সৈতে আলোচনা কৰিছিল। মিশ্ৰিত প্ৰতিক্ৰিয়া আছিল সেইসকলৰ মাজত। কিন্তু তেওঁ এৰি দিয়া নাছিল মনৰ ভিতৰত লৈ ফুৰা পৰিকল্পনা।

চাইকেল, গাড়ী-মটৰ আৱিষ্কাৰ হোৱাৰ পূৰ্বে পৰিবহণৰ দিশত চাইকেলে এক যুগান্তকাৰী পৰিৱৰ্তন আনিছিল। আধুনিক বাইচাইকেলৰ আৱিষ্কাৰক আছিল জাৰ্মানী বেৰ'ন কাৰ্ল ভ'ন দ্ৰেইছ। ১৮১৭ চনত তেওঁ আৱিষ্কাৰ কৰা চাইকেলখনৰ নাম আছিল 'ডাণ্ডী হৰ্ছ'। এই  চাইকেলখন তেওঁ জাৰ্মানৰ মেনহেইমত আৰু পেৰিছত প্ৰথম প্ৰদৰ্শন কৰিছিল।

এয়াই আছিল চাইকেলৰ আৰম্ভণি। নাম আছিল 'ডাণ্ডী হৰ্ছ'।
এয়াই আছিল চাইকেলৰ আৰম্ভণি। নাম আছিল 'ডাণ্ডী হৰ্ছ'।

কাঠেৰে নিৰ্মাণ কৰিছিল এইখন চাইকেল। তাৰপাছত চাইকেলৰ বহু পৰিৱৰ্তন হ'ল। এদিন চাইকেল এখন কাৰোবাৰ ঘৰত থকাতো অভিজাত্যৰ প্ৰতীক আছিল। এখন সৰু বাহন। যাৰ কোনো প্ৰদূষণ নাই, চলাবলৈ ইন্ধন নালাগে।  সকলো কামতে ইয়াক ব্যৱহাৰ কৰিব পাৰি। বজাৰ-সমাৰ, কলেজলৈ অহা-যোৱা আদিকে ধৰি পৰিবহণৰ দিশত চাইকেলৰ ব্যৱহাৰ আমাৰ সমাজত এৰাব নোৱাৰা এক অংগ হৈ পৰে। গাখীৰ দিয়া গোৱালজনৰ পৰা আৰম্ভ কৰি চিঠি বিলোৱা পিয়ন, শাক-পাচলি বিক্ৰী কৰা বেপাৰী, বাতৰিকাকত দিবলৈ অহা হ'কাৰ জনলৈকে সকলোৰে মৰমৰ এই চাইকেল।

পেডেল মাৰি ইঠাইৰ পৰা সিঠাইলৈ যোৱা এই বাহনখন প্ৰথম ব্যৱহাৰ কৰিছিল দ্য ছিভাৰক নামৰ এজন ফৰাচী লোকে। তেওঁ অৱশ্যে দুটা কাঠৰ চকা সংযোগ কৰি ভৰিৰে হেঁচুকি এই বাহন চলাবলৈ চেষ্টা কৰিছিল। তাৰপাছত আজি এই আৰ্হিকে অনুসৰণ কৰি নিৰ্মাণ কৰা চাইকেলে ২০০ বছৰৰো অধিক সময় অতিক্ৰম কৰিলে। বিশ্বৰ শ্ৰেষ্ঠতম আৱিষ্কাৰৰ ভিতৰত আছিল চাইকেল অন্যতম।

চাইকেলৰ উপকাৰিতা যথেষ্ট আছে। সেই কথা চিন্তা কৰিছিল মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে । কিন্তু তেনে চিন্তা আৰু ইয়াক কাৰ্যকৰী কৰাৰ বাবে পৰীক্ষামূলকভাৱে তেওঁ এখন জাননী দিলে মহাবিদ্যালয়ত।

মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষই জাৰি কৰা জাননীখন
মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষই জাৰি কৰা জাননীখন

এই জাননীত কোনো নিৰ্দেশ নাছিল, আছিল কেৱল আহ্বান। পূজাৰ বন্ধত তেওঁ জাপানলৈ গৈছিল। জাপানত গৈ লাভ কৰা অভিজ্ঞতাই তেওঁক উৎসাহী কৰিলে। ট'কিঅ' চহৰত দেখিলে বিশ্বৰ উন্নত ৰাষ্ট্ৰৰ নাগৰিক সকলেও গাড়ী-মটৰতকৈ বেছি ব্যৱহাৰ কৰে চাইকেল। সেয়ে তেওঁ ট'কিঅ'ৰ পৰা ঘূৰি আহি মনত লৈ ফুৰা পৰিকল্পনাক বাস্তৱ কৰিবলৈ এই উদ্যোগ হাতত ল'লে।

জাপানৰ ট'কিঅ'ত মৰিগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ লীলা কান্ত বৰঠাকুৰ
জাপানৰ ট'কিঅ'ত মৰিগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ লীলা কান্ত বৰঠাকুৰ

বৰ বিশেষ ভবা নাছিল তেতিয়া তেওঁ। এই সিদ্ধান্ত এনেদৰে ব্যাপক আৰু ফলপ্ৰসু হ'ব বুলি কল্পনাই কৰা নাছিল। তেওঁৰ সৈতে কথা পাতোতে মাথোঁ কৈছিল- 'এদিন আমাৰ এই ইন্ধনবোৰ শেষ হৈ আহিব। গাড়ী-মটৰ চলালে আমাৰ জলবায়ুত প্ৰভাৱ পৰে, শব্দৰ প্ৰদূষণ হয়। এইবোৰ সমস্যাৰ পৰা সমাধান পাবলৈ একেদিনাই আমি একো কৰিব নোৱাৰো। কিন্তু পৰ্যায়ক্ৰমে কিছুু কাম কৰি যাব পাৰো। তাৰেই ফলশ্ৰুতিত মই  কেৱল আহ্বানহে জনাইছিলো কলেজৰ ছাত্ৰ-ছাত্ৰী তথা অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীসকলক।'

আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিদ্যালয়খনলৈ ২৭ অক্টোবৰ, ২০১৮ অৰ্থাৎ শনিবাৰৰ দিনটোত প্ৰায় ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই চাইকেল লৈ কলেজলৈ আহিল। যিসকলৰ নাছিল, সেইসকলে বাছ বা আন ব্যৱস্থাৰে কলেজ পালেহি। ছাত্ৰ সমাজৰো এই পদক্ষেপৰ প্ৰতি আছে পূৰ্ণ সমৰ্থন। মহাবিদ্যালয়খনৰ এজন ছাত্ৰ, নাম দীনেশ নাথ। স্নাতক বৰ্ষৰ এই ছাত্ৰজন মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল।

অলপতে কাৰ্যকাল অন্ত পৰা ছাত্ৰজনে এই উদ্যোগক অভূতপূৰ্ব আখ্যা দিলে। ক'লে- 'ছাৰৰ আহ্বানৰ প্ৰতি আমি সকলোৱে সহযোগ কৰিছো। ছাৰে নিজেই চাইকেল লৈ মহাবিদ্যালয়লৈ আহিছে। সেইদিনা মাত্ৰ দুজনহে বাইকত আহিছিল কলেজলৈ। তাৰে এজন ছাত্ৰ, আনজন অধ্যাপক। তেখেতসকলে গম পোৱা নাছিল এই আহ্বানৰ কথা। কিন্তু পৰিৱেশ-পৰিস্থিতি দেখি তেওঁলোকে নিজেই বাইক দুখন আঁতৰাই  লৈ গ'ল।'

চাইকেল লৈ ২৭ অক্টোবৰত কলেজলৈ অহা শিক্ষক-কৰ্মচাৰী
চাইকেল লৈ ২৭ অক্টোবৰত কলেজলৈ অহা শিক্ষক-কৰ্মচাৰী

মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২২০০ৰো অধিক। ইয়াৰে ৩০-৪০ শতাংশই লৈ আহে বাইক। সেই হিচাপত প্ৰতিদিনেই ৬০০-৮০০ বাইক কেৱল ছাত্ৰ-ছাত্ৰীয়েই লৈ আহে। কলেজখনত আছে শতাধিক শিক্ষক-কৰ্মচাৰী। সেইসকলেও প্ৰায়ে গাড়ী-মটৰ লৈয়ে মহাবিদ্যালয়লৈ আহে। কলেজখনৰ অধ্যক্ষগৰাকীৰ এটাই আহ্বান আছিল- অন্তত সপ্তাহৰ এদিন আপোনালোকে চাইকেলেৰে আহক কলেজলৈ।

শনিবাৰৰ দিনটো তেওঁ এইদৰে প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি সজাগ হ'বলৈ জনোৱা এখন সাধাৰণ জাননীৰ ফলত প্ৰায় ৯০০ৰ পৰা সহস্ৰাধিক যান-বাহন চলাচল বন্ধ হৈছিল। ইয়াৰ ফলত প্ৰদূষণ ৰোধৰ বাবে এক ব্যৱহাৰিক পদক্ষেপ আৰম্ভ হ'ল সেইদিনা। অধ্যক্ষ লীলা কান্ত বৰঠাকুৰে আৰু ক'লে- 'এই আহ্বান কিমান দিনলৈ কোনে মানে মই নাজানো। মোৰ আশা সকলোৱে বুজি পাব, এক বাৰ্তা সমাজলৈ যাব। মই এই কথা ন দি ক'ব পাৰো, মহাবিদ্যালয়ৰ পৰা ২ কিঃমিঃ দূৰৈত মোৰ ঘৰ। মই চাইকেলেৰেই দেহাটো ভালে থকালৈকে অহা-যোৱা কৰিম। কিবা কাৰণত কেতিয়াবা ক'ৰবালৈ যাব লগা হ'লে গাড়ী ব্যৱহাৰ কৰাৰ কথাতো বেলেগ।'

২০১৩চনতেই অধ্যক্ষগৰাকীৰ বাইপাছ ছাৰ্জাৰী হৈছিল। এতিয়া সুস্থ। তথাপিও সংশয় থাকে স্বাস্থ্যৰ প্ৰতি। কিন্তু সেইবোৰলৈ আওকাণ কৰি তেওঁ মানসিকভাৱে প্ৰস্তুত হৈছে, চাইকেলেৰেই তেওঁ অহা-যোৱা কৰিব।

বিশ্বত প্ৰতি বছৰে প্ৰায় ৩ কোটি চাইকেল নিৰ্মাণ কৰা হয়। সৰ্বাধিক চাইকেল চলোৱা লোক আছে চীনত। যান-বাহনৰ সমস্যাই এতিয়া সকলোকে অতিষ্ঠ কৰিছে। সেই সময়ত চাইকেল হৈ উঠিছে লাহে লাহে সকলোৰে বাবে অন্যতম উপযুক্ত বাহন। কিয়নো চাইকেলৰ আছে বহু সুবিধা। ইন্ধনৰ মূল্য বৃদ্ধি পাইছে।

চাইকেলৰ সৈতে ইন্ধনৰ কোনো সম্পৰ্ক নাই। গাড়ী-মটৰৰ দৰে চাইকেলে কোনো বায়ু প্ৰদূষণ নঘটায়। আনহাতে চাইকেল এনে এক বাহন, যিখন চলালে শাৰীৰিক ব্যাম হয়। চিকিৎসকে ডাইবেটিক ৰোগীক চাইকেল চলোৱাৰ পৰামৰ্শ দিছে। চাইকেল চলাবলৈ বিশেষ কোনো পথৰ প্ৰয়োজনো নহয়। সকলো শ্ৰেণীৰ লোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে। এফালে পৰিৱেশ প্ৰদূষণ ৰোধ, আনফালে স্বাস্থ্যৰ প্ৰতি সচেতনতা। এইসকলোবোৰ মিলি চাইকেল আকৌ মানুহৰ প্ৰিয় হৈ পৰিছে।

মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে  চাইকেলেৰ আহিবলৈ জনোৱা আহ্বানৰ সঁহাৰিৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতেই এই বিষয়টোক লৈ এক নতুন চিন্তা-চৰ্চা ঘটিছিল। হোৱাটছএপৰ গ্ৰুপে গ্ৰুপে চলিছিল এই খবৰৰ চৰ্চা।

এই পদক্ষেপক লৈ চৌদিশে এতিয়া উচ্চ প্ৰশংসা
এই পদক্ষেপক লৈ চৌদিশে এতিয়া উচ্চ প্ৰশংসা

অসমীয়াত প্ৰকাশিত এই খবৰ দিল্লীৰ ডি কুইছৰ সঞ্চালক তৰুৰ বহলৰ দৃষ্টিগোচৰ হৈছিল। কিন্তু তেওঁ বুজি পোৱা নাছিল আচলতে কি হৈছে। সেয়েহে তেওঁ এই খবৰ বিয়পি পৰা হোৱাটছএপ গ্ৰুপতে সুধিছিল- খবৰটো আচলতে কি? তেতিয়াই এজনে এই খবৰ ইংৰাজীলৈ অনুবাদ কৰি তেওঁক দিছিল।

Tarur Bahl:  'Pls tell us about above story in English

Ratul Rajkhowa: Taruji, the news published in a local daily about Dr Lila Kanta Borthakur is as follows- He served a notice to his colleagues n students of his college to avoid 4 wheelers and bikes, instead , asked to use bicycle n public transport at least for one day in a week as an awareness to protect our environment.

Ratul Rajkhowa: And being a principal he comes always to college by bicycle.

Tarur Bahl: This is wonderful!! Congrats . Indeed an example to emulate.

তেওঁলোকৰ মাজত হোৱা কথোপকথন এয়া।

দিল্লীৰ পৰাও সুধিলে- হৈছে কি? খবৰ শুনি উৎসাহিত হ'ল সকলো
দিল্লীৰ পৰাও সুধিলে- হৈছে কি? খবৰ শুনি উৎসাহিত হ'ল সকলো

এনেদৰে প্ৰভাৱ পৰিছে চৌদিশে। কলেজৰ অধ্যক্ষসকলৰ মাজতো চলিছে এই কথা। অতি সুক্ষ্মভাৱে লোৱে এই সিদ্ধান্তই পৰিৱেশ আৰু সমাজৰ প্ৰতি কেনে প্ৰভাৱ পেলাব পাৰে তাক লৈ সকলো উৎসাহী হৈছে। কলেজ অধ্যক্ষসকলৰ গ্ৰুপতো চলিছে এই খবৰৰ চৰ্চা।

মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ হোৱাটছএপ গ্ৰুপতো এই খবৰৰ ইতিবাচক চৰ্চা
মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ হোৱাটছএপ গ্ৰুপতো এই খবৰৰ ইতিবাচক চৰ্চা

সৰু খবৰ বুলি বহুতে উপেক্ষা কৰা এই খবৰৰ প্ৰভাৱৰ পাছত উৎসাহিত হৈছে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকী। তেওঁ যেন খুলি দিছে বহুতৰে চকু। সাধাৰণতে চাইকেল এখন চলাই ক'ৰবালৈ যোৱাতো লাজৰ কথা বুলি বহুতে ভাবে। বহু ছাত্ৰ-ছাত্ৰীয়ে পৰিয়ালক কলেজলৈ অহা-যোৱা কৰিবলৈ বাইক-স্কুটী লাগে বুলি দাবী কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ সেই মানসিকতাৰ পৰিৱৰ্তন হানিবলৈও এই পদক্ষেপে এক ইতিবাচক পৰিৱেশ ৰচনা কৰিব। অৰ্থনীতিৰ দিশতো ইয়াৰ প্ৰভাৱ পৰিব। পৰিৱেশৰ প্ৰতি এয়া হ'ব তৃণমূল পৰ্যায়ৰ ব্যৱহাৰিকভাৱে কৰা এক পৰিৱেশ সুৰক্ষাৰ  আন্দোলন। চাইকেল এখন চলাবলৈ লাজ কৰা ছাত্ৰ-ছাত্ৰীসকলে অধ্যাপক-অধ্যক্ষই যেতিয়া চাইকেল কলেজলৈ আহিব, তেতিয়া তেওঁলোকৰ মনতো সেই হীনমন্যতা দূৰ হ'ব।

অসমৰ এখন ভিতৰুৱা মহাবিদ্যালয়ৰ পৰা আৰম্ভ হ'ল এই কাম। বৌদ্ধিক প্ৰাণ কেন্দ্ৰ স্বৰূপ বহু শিক্ষানুষ্ঠান আছে, সেইবোৰৰ পৰাই আচলতে এইধৰণৰ বাৰ্তা গাঁৱলৈ যাব লাগিছিল। কিন্তু সেই বাৰ্তা এতিয়া আহিছে গাঁৱৰ পৰা। কল্পনা কৰকচোন- এনেকৈ যদি এদিনৰ বাবেও অসমৰ প্ৰতিখন মহাবিদ্যালয়, শিক্ষানুষ্ঠানে এই মৰিগাঁও  মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে লোৱা পদক্ষেপক অনুসৰণ কৰে তেন্তে কিমান বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, ইন্ধন ৰাহি হ'ব? তাৰ সমান্তৰালকৈয়ে এক স্বাস্থ্যৰ সজাগতা আৰু বাইক লৈ অহা উদণ্ড ছাত্ৰৰ কাম-কাজ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিব।

মৰিগাওঁ মহাবিদ্যালয়ে সিদ্ধান্ত লৈছে- প্ৰতি সপ্তাহৰ শনিবাৰে চাইকেল বা ৰাজহুৱা খণ্ডৰ যান-বাহনৰে তেওঁলোক কলেজলৈ আহিব। এই পদক্ষেপক আৰু প্ৰসাৰ আৰু বিস্তাৰ ঘটাই ইয়াক এক আন্দোলনৰ ৰূপ দিবলৈ আন মহাবিদ্যালয়ৰ অধ্যক্ষসকলেও এই কথাতো ভাবি চাব পাৰে। কিয়নো এয়া সৰু আৰম্ভণি হ'লেও এক ভৱিষ্যতৰ প্ৰতি সচেতনতাৰে আৰম্ভ কৰা ব্যাপক আন্দোলন। চাইকেল চলাওঁক, ইন্ধন বচাওঁক, প্ৰদূষণ ৰোধ কৰক আৰু নিৰোগী হৈ থাকক। এই চাইকেল আন্দোলনৰ ফলাফল চকুৰ সন্মুখত। তাক অনুধাৱন কৰি ধাৰাবাহিকতা ৰক্ষা কৰাতোহে আমাৰ কৰ্তব্য।