/asomiyapratidin/media/media_files/2026/01/05/bikhekh-lekha-14-2026-01-05-11-41-55.jpg)
মৃদুল কুমাৰ সন্দিকৈ
সেইদিনা আছিল ২০১৮ৰ ১০ডিচেম্বৰ। মানুহজন তজবজীয়া হৈয়ে আছিল। তেওঁৰ জীৱন আৰু কৰ্মৰ সন্দৰ্ভত কিছু কথা পতাৰ অৱকাশ পাইছিলো। তেতিয়াই উপলদ্ধি কৰিছিলো অসমত থাকি এজন অসমীয়াই নিজক প্ৰতিষ্ঠা কৰাৰ লগতে অসমৰ দৰে এখন ৰাজ্যত উদ্যোগ স্থাপন কৰিবৰ বাবে তেওঁ কেনে ত্যাগ আৰু পৰিশ্ৰম কৰিছিল।
প্ৰায় ৮টা বছৰৰ পাছত ২০২৬ৰ ৪জানুৱাৰীৰ দিনা নিশা ভাগলৈ এটা দুঃখবৰ আহিছিল। সেই খবৰটো আছিল তেখেত নোহোৱাৰ খবৰ। লক্ষ্মীকান্ত মহন্ত নোহোৱা হোৱাৰ খবৰ। ৰিণিকি ৰিণিকি সেই পুৰণি কথাবোৰে স্মৃতি হৈ খুন্দা মাৰিছেহি মনত।
তেৱেই কৈছিল সেইদিনা তেওঁৰ জীৱন কাহিনীৰ কথা- 'লীলাৰাম বৰুৱা ছাৰে মোক বৰ ভাল পাইছিল। কি কাৰণত নাজানো, ছাৰে ফুটবল খেলিবলৈ আমি ওলালে এই গোসাঁইৰ হাততহে ফুটবলটো দিম বুলি মোৰ হাততহে ফুটবলটো তুলি দিছিল। সেই সময়ত বল আছিল লেছ থকা বল। কিমান চনৰ মানে, সঠিক চনটো মই পাহৰিলো। ১৯৪৬-৪৭ মানৰ কথা হ'ব সেয়া।'- তেখেতৰ সৈতে কথা পাতি বিদায় লোৱাৰ আগত আমাক বিদায় দিবলৈ আহি দুৱাৰখনৰ সমুখত ৰৈ তেওঁ তেতিয়া এইদৰে সেই অতীতৰ সোণোৱালী স্মৃতি ৰোমন্থন কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/e0b4e46e-8544-4809-b308-d68470de34ff-2026-01-05-11-27-59.jpg)
ফুটবল তেওঁৰ প্ৰাণত আছিল। ফুটবলে তেওঁক জীৱনৰ গতি দিছিল। ফুটবল তেওঁৰ বাবে জীৱন আৰু জীৱিকা আছিল। আত্মবিশ্বাস, কঠিন পৰিশ্ৰম আৰু অধ্যৱসায়ে বহু প্ৰত্যাহ্বানক নেওচি তেওঁ শিৱসাগৰৰ দৰে সৰু চহৰ এখনৰ পৰা প্ৰতিষ্ঠাৰ দৌৰ আৰম্ভ কৰিছিল তেওঁ।
১৯৩৪ চনৰ ৫ জুলাইত যোৰহাটৰ টীয়কৰ শ্ৰীশ্ৰী উজনিয়াল সত্ৰত জন্ম হৈছিল লক্ষ্মীকান্ত মহন্তৰ। পিতৃৰ নাম আছিল স্বৰ্গীয় ফণীন্দ্ৰ নাথ গোস্বামী আৰু মাতৃৰ নাম স্বৰ্গীয় মুক্ষেশ্বৰী মহন্ত। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেওঁ প্ৰথমে বেতবাৰী হাইস্কুলত শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৫৮চনৰ অক্টোবৰৰ পৰা ১৯৬৯চনৰ ডিচেম্বৰলৈকে এইখন বিদ্যালয়ত তেওঁ শিক্ষকতা কৰিছিল যদিও, পিছলৈ সেই চৰকাৰী চাকৰি বাদ দিছিল।
সেই সময়ত ফুটবল আছিল খুবেই জনপ্ৰিয় খেল। শিক্ষকতা চাকৰিৰ সমান্তৰালভাৱে তেওঁ ১৯৫৮চনতেই শিৱসাগৰ নগৰত এটা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিছিল। নাম দিছিল 'ইণ্ডাষ্ট্ৰিয়েল আৰ্ট'। প্ৰথমে তেওঁ ছাইন ব'ৰ্ড লিখা কাম হাতত লৈছিল। দৰমহাৰ পইচাৰে সংসাৰ ভালকৈ চলা নাছিল। কিমাননো দৰমহা পাই তেতিয়া এজন শিক্ষকে? তেওঁকে সুধিছিলো সেই কথা। তেওঁ কৈছিল - ৮০ টকা মান আছিল আমাৰ দৰমহা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/2a5f9bcf-a048-4a05-9a57-265581614503-2026-01-05-11-28-40.jpg)
সেয়েহে ছাইন ব'ৰ্ড লিখা কাম আৰম্ভ কৰিছিল তেওঁ। ভাতৃ আৰু এজন বন্ধুক সংস্থাপন দিবলৈ তেওঁ বাস কৰা ঘৰটোৰ তলতেই থকা ক্ৰীড়া সামগ্ৰী বিক্ৰী কৰা এখন দোকানো ক্ৰয় কৰিছিল লক্ষ্মীকান্ত মহন্তই। হাতত তেওঁৰ টকা নাছিল। দোকানৰ গৰাকীজনে তেওঁক কৈছিল- কেইবাটাও ইনষ্ট'লমেন্টত ধন দিয়ক, লৈ লওঁক দোকানখন।
বহুতেই তেওঁৰ কথা নাজানিছিল। সততা আৰু বিনম্ৰতাৰে ব্যৱসায় কৰা এইজন উদ্যোগপতিৰ জীৱন সংগ্ৰামৰ কাহিনী অনুপ্ৰেৰণামূলক। তেওঁৰ উন্নতি হঠাৎ অহা নাছিল। ক্ৰয় কৰা ক্ৰীড়া সামগ্ৰীৰ দোকানখনত তেওঁ আন সামগ্ৰীৰ লগতে ফুটবলো বিক্ৰী কৰিছিল। এদিন গ্ৰাহকে আহি তেওঁক অভিযোগ দিছিলহি যে, সেই সময়ত আটাইতকৈ দামী আৰু ব্ৰেণ্ডেড ফুটবল ৰূপে পৰিচিত বলটো খেলিলে এটা ফাল উখহি যায়।
এই সমস্যাৰ সমাধানৰ বাবে আৰু গুণগত মানৰ ফুটবল প্ৰস্তুত কৰিম বুলি মনতে আশা লৈ এদিন তেওঁ গুচি গৈছিল কলকাতালৈ। কলকাতাত ফুটবল নিৰ্মাণ কৰা এটা প্ৰতিষ্ঠানৰ মালিকক লগ ধৰি কৈছিল- ইয়াতকৈ গুণগত মানৰ ফুটবল নিৰ্মাণ কৰিব নোৱাৰিনে?
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/64e16155-80b4-4848-85bb-1cd7ab553e88-2026-01-05-11-29-09.jpg)
গ্ৰাহকে তেওঁক কৰা অভিযোগৰ কথাও জনাইছিল। কিন্তু ভোকাহি মাৰি মালিকে উত্তৰ দিছিল- সেয়া সম্ভৱ নহয়। তেতিয়া তেওঁ কৈছিল- অসমত তেওঁ এয়া কৰি দেখুৱাব। একো নভবাকৈয়ে কৈ দিছিল এই কথাষাৰ। কি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইদিনা? আমি তেওঁক সুধিছিলো। ৬০ দশকৰ সেই অভিজ্ঞতাৰ কথা তেওঁ আমাক কৈ গৈছিল।
মালিকক তেওঁ একপ্ৰকাৰৰ প্ৰত্যাহ্বান জনাইছিল। যদি তেওঁ অসমত এনে বল প্ৰস্তুত কৰিব পাৰে, তেন্তে এই ব্যৱসায় বাদ দিম বুলি কৈছিল কলকাতাৰ ফুটবল নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৰ মালিকগৰাকীয়ে। মালিকৰ কোঠাৰ পৰাই ওলাই আহোতেই এজন লোকে তেওঁৰ পিছে পিছে আহি সঁচাকৈয়ে তেওঁ ফুটবল নিৰ্মাণৰ উদ্যোগ স্থাপন কৰিব নেকি বুলি জানিব বিচৰাত তেওঁ হয় ভৰ দিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/7a2028f3-ce31-4d53-8727-a274972c92d6-2026-01-05-11-29-33.jpg)
কিন্তু এটা চৰ্ত, তেওঁ প্ৰস্তুত কৰা ফটুবল উচ্চমানৰ হ'ব লাগিব। সেই মানুহজনেই কেইজনমান ফুটবল বনোৱা কাৰিকৰী জ্ঞান থকা লোকক লগ কৰাই দিছিল। কলকাতাৰ বজাৰত তেওঁলোকে এদিন বিচাৰি গৈছিল উচ্চমানৰ চামৰা।
চামৰা বিক্ৰী কৰা ব্যৱসায়ীজনেও ক'লে- এনে চামৰা পোৱাতো সম্ভৱ নহ'ব। পালেও লট হিচাপত কিনিব লাগিব। দাম বেছি পৰিব। কাৰিকৰী জ্ঞান থকা মানুহ কেইজনেও তেওঁৰ সৈতে শিৱসাগৰলৈ আহিবলৈ সন্মতি হৈছিল। কিন্তু ৫হাজাৰ টকা আগধন বিচাৰিছিল তেওঁলোকে, লগতে বিচাৰিলে এমাহ সময়।
তেতিয়ালৈকে তেওঁ এনে উদ্যোগ স্থাপন কৰা কোনো পৰিকল্পনাই কৰা নাছিল। কিন্তু মনত আছিল অদম্য হেপাঁহ। কিবা এটা কৰাৰ উদ্যম। সেই উদ্যমকে মুলধন কৰি লৈ আগবাঢ়ি গৈছিল লক্ষীকান্ত মহন্ত। কাৰিকৰী জ্ঞান থকা মানুহকেইজনক কৈছিল - এমাহ নহয়, এসপ্তাহতেই তেওঁলোক যাব লাগিব তেওঁৰ সৈতে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/bdd79fe5-c8ff-4aff-8a70-78576544501c-2026-01-05-11-30-00.jpg)
কলকাতাৰ পৰা ঘৰলৈ আহি তেওঁ বেংকলৈ ঋণ বিচাৰি গৈছিল। বেংক বিষয়াই কৈছিল- ব্যৱসায় কৰিবলৈ লোণ দিব, কিন্তু উদ্যোগ স্থাপনৰ বাবে বেংকে ঋণ নিদিয়ে। বহু ঘূৰা-পকাৰ পাছত তেওঁ কেইহাজাৰ মান টকা ঋণ পাইছিল। তাৰ বাবেও যথেষ্ট খাটি-বাটি কৰিব লগা হৈছিল। ঋণৰ বাবে কিছুদিন লাগিব বুলি কওঁতে তেওঁ কৈছিল- তেওঁক এদিনৰ পাছতেই টকা লাগিব। সেয়াও সম্ভৱ হৈছিল তেওঁৰ আত্মবিশ্বাসৰ জোৰতেই।
কলকাতাৰ পৰা তেওঁ লৈ আহিল কাৰিকৰী জ্ঞান থকা ব্যক্তি, উন্নতমানৰ কেঁচা সামগ্ৰী। আৰম্ভ কৰিছিল ফুটবল প্ৰস্তুতৰ কাম। সেই সময়ত শিৱসাগৰত এনে উদ্যোগ স্থাপন কৰাতো সপোনৰ অগোচৰ আছিল। সকলোৱে ভাবিছিল- পাৰিব জানো চম্ভালিব, ফুটবল প্ৰস্তুতৰে ব্যৱসায় কৰি প্ৰতিষ্ঠা লাভ কৰিব?
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/53637a4e-f853-455d-a977-889c75de87d6-2026-01-05-11-30-23.jpg)
হতাশ তেওঁ কোনো দিনেই হোৱা নাছিল। ধৈৰ্য্য আছিল তেওঁৰ মূল শক্তি। সততা আছিল তেওঁৰ সম্পদ। গ্ৰাহকক তেওঁ সন্তুষ্ট কৰিব খুজিছিল কামেৰে। সেয়েহে আগবাঢ়ি গৈছিল একনিষ্ঠভাৱে। বাধা বহুত আহিছিল যদিও সেইবোৰ অতিক্ৰম কৰিছিল।
তাৰ পাছত তেওঁৰ কাম দেখি চৌদিশৰ পৰাই প্ৰশংসা আহিছিল। প্ৰথম তেওঁ প্ৰস্তুত কৰা ফুটবলটো শিৱসাগৰত সেই সময়ত অনুষ্ঠিত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত খেলোৱা হৈছিল। সকলো আচৰিত! ইমান ধুনীয়া ফুটবল!
ফাইনেলতো তেওঁৰ কোম্পানীয়ে প্ৰস্তুত কৰা বলেৰেই খেল হৈছিল। কমেন্ট্ৰিত প্ৰেমধৰ শৰ্মাই কৈছিল - শিৱসাগৰত প্ৰস্তুত কৰা বলেৰেই এই ফাইনেল খেলা হৈছে। চৌদিশে সেই খবৰ বিয়পি পৰিছিল। সফলতা এনেকৈয়ে আহিছিল। সফলতাৰ বাবে নাছিল তেওঁৰো চমু বাট।
সৰলতা তেওঁৰ মুখত সদায় বিৰাজমান হৈ আছিল। সততা আৰু সৌজন্যতা জীৱনৰ যেন ব্ৰত আছিল। কথা পাতি আমি সেয়াই বুজিছিলো সেইদিনা। ইমান সাধাৰণ, অথচ ইমান অসাধাৰণ ব্যক্তিত্বৰ এজন মানুহজন।
বহুজাতিক কোম্পানীৰ সৈতে ফেৰ মাৰিব লাগিছিল বজাৰত। প্ৰয়োজনত তেওঁ চৰকাৰী পক্ষৰ অমনোযোগিতা বা থলুৱা উদ্যোগসমূহলৈ আগবঢ়াব লগা সহযোগিতাৰ অভাৱৰ কথা অনুভৱ কৰিছিল। কিন্তু এদিন অসম চৰকাৰেও তেওঁক সহায় কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/8379a139-09a6-4f06-b3c4-59d174209948-2026-01-05-11-30-53.jpg)
বৰদলৈ ট্ৰফী খেলিবলৈ অহা বাংলাদেশৰ খেলুৱৈক তেওঁৰ কোম্পানী 'ইণ্ডাষ্ট্ৰিয়েল আৰ্টে' নিৰ্মাণ কৰা ফুটবল উপহাৰ দিবলৈ ৰাজ্য চৰকাৰে ১০০টা বল ক্ৰয় কৰিছিল। বেংককৰ খেলুৱৈয়েও ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ ফুটবল বিচাৰিছিল। যোৰহাট বিমান বন্দৰত তেওঁ গৈ তুলি দিছিল বেংককৰ খেলুৱৈৰ হাতত সেই ফুটবল।
এজন বিশেষ লোকৰ বাবে তেওঁ এই উদ্যোগতো স্থাপন কৰাটো সম্ভৱ হৈছিল। এদিন তেওঁৰ দোকানলৈ এখন কাকত লৈ আহিছিল এজন বিশেষ ব্যক্তি। পদ্মধৰ চলিহা আছিল তেওঁ। সেই কাকতখনত উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী যুৱকসকলক প্ৰশিক্ষণৰ বাবে বাহিৰলৈ যাবলৈ আবেদন জনোৱাৰ এটা বিজ্ঞাপন প্ৰকাশ হৈছিল। সময় আছিল হাতত এদিন নে দুদিন। পদ্মধৰ চলিহাই আহি তেওঁক কৈছিল- তেওঁ বাহিৰলৈ যাব লাগে, প্ৰশিক্ষণ ল'ব লাগে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/939eb1e7-72e5-4d15-b2f1-e85e12674f58-2026-01-05-11-31-16.jpg)
লক্ষ্মীকান্ত মহন্ত আচৰিত হৈছিল। ইমান কম সময়ৰ ভিতৰত সেয়া কেনেকৈ সম্ভৱ। সেই সময়ৰ প্ৰভাৱশালী ব্যক্তি পদ্মধৰ চলিহা আৰু পৰাগধৰ চলিহাৰ সহযোগৰ বাবেই সেয়াও সম্ভৱ হৈছিল। তেওঁ পাঞ্জাৱলৈ গৈছিল প্ৰশিক্ষণৰ বাবে আৰু তাতেই খোল খাইছিল সম্ভাৱনাৰ আন এখন দুৱাৰ।
দেশ-বিদেশৰ নামী-দামী ক্লাৱৰ লগতে সেই সময়ৰ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ তাৰকাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল লক্ষ্মীকান্ত মহন্তই। সকলো দিশৰ পৰাই পিছ পৰা অসম। তেনেস্থলত অসমৰো এখন পিছপৰা চহৰ শিৱসাগৰত এনে এটা উদ্যোগ সেই তেতিয়াই স্থাপন কৰাতো কম ডাঙৰ কথা নাছিল।
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ তথা কেপ্টেইন সুনীল গাভাস্কাৰো সেই কথা শুনি আচৰিত হৈছিল। লক্ষ্মীকান্ত মহন্তৰ সৈতে কৰমন্দন কৰি ক্ৰীড়া ক্ষেত্ৰখনলৈ এনে অৱদান আগবঢ়োৱা সুযোগ্য অসম সন্তানগৰাকীক অভিনন্দন জনাইছিল তেতিয়াই। খালি তেওঁৰ মূল্য বুজি পোৱা নাছিল অসম আৰু অসমীয়াই। সেয়া বুজিবলৈ পৰৱৰ্তী সময়তো কোনেও চেষ্টা নকৰিলে।
তেওঁ আছিল ফুটবল বা আন ক্ৰীড়া সামগ্ৰী নিৰ্মাণ কৰা উদ্যোগ স্থাপন কৰা অসমৰ প্ৰথম আৰু একমাত্ৰ উদ্যোগপতি। ১৯৬৩ চনত ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ জৰিয়তে ক্ৰীড়া সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰা মহন্তই ১৯৬৮চনত ৰংঘৰ নামৰ চ'ক পেঞ্চিল উদ্যোগ, ১৯৯৯চনত ABC অট'বেটাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল।
১৯৭৬চনত ফুটবলৰ বুট আৰু কেৰামবৰ্ড উদ্যোগ আৰম্ভ কৰিছিল। ১৯৭৭চনত আৰম্ভ কৰিছিল চাটল ক'ক প্ৰস্তুতৰ কাম। ২০০৮চনত ট্ৰেক ছ্যুট, টি ছাৰ্ট আদি খেলৰ পোছাক প্ৰস্তুত কৰা উদ্যোগ 'ইণ্ডাছ স্পৰ্টছ ৱেৰ' আৰম্ভ কৰিছিল মাজু পুত্ৰ দেৱজিৎ মহন্তৰ সৈতে মিলি।
বৰ্তমান শিৱসাগৰত তেওঁলোকৰ আছে দুখন ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ ক্ৰীড়া সামগ্ৰী বিক্ৰী কৰা প্ৰতিষ্ঠান। ১৯৭৯চনত গুৱাহাটীতো আৰম্ভ কৰিছিল ইয়াৰ শাখা। ১৯৬৭চনত অসম চৰকাৰৰ দ্বাৰ আয়োজিত ইণ্ডাষ্ট্ৰিয়েল ষ্টাডী টুৰত শিৱসাগৰৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰি দিল্লী, হাৰিয়ানা, জলন্ধৰ আদি ঠাই পৰিভ্ৰমণ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/8761d8c5-7475-400c-bc3e-8d58f346cc64-2026-01-05-11-31-39.jpg)
কেৱল ব্যৱসায়েই নহয়, সামাজিক দিশতো তেখেত আছিল সচেতন। ১৯৬০চনত যোৰহাটৰ শ্ৰীশ্ৰী লেতুকাম সত্ৰৰ প্ৰয়াত কৃষ্ণকান্ত মহন্ত আৰু নীৰদা মহন্তৰ জ্যেষ্ঠ কন্যা ছাৰু মহন্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ৫ পুত্ৰ কুশল, সুৰজিৎ, দেৱজিৎ, অভিজিৎ আৰু পাৰ্থজিতৰে এখন সম্পূৰ্ণ ঘৰ।
শিক্ষা-সংস্কৃতি, ক্ৰীড়া ক্ষেত্ৰৰ সৈতে ওতঃপোতভাৱে জড়িত আছিল লক্ষ্মীকান্ত মহন্ত। শিৱসাগৰ নাট্য সমাজৰ সৈতে তেওঁ ১৯৭৯চনৰ পৰাই তেওঁ জড়িত। শিশু কালত কৃষ্ণৰ গোপবালক, ৰাম আদি চৰিত্ৰত অভিনয়ো কৰিছিল। ১৯৯০চনত তেওঁ 'আমি স্বপ্নাতুৰ', উত্তৰপুৰুষ নাট পৰিচালনাৰ লগতে অভিনয় কৰিছিল।
বিভিন্ন সময়ত তেওঁ বহু সামাজিক অনুষ্ঠানৰ বিষয়বাবক দায়িত্ব গ্ৰহণ কৰিছিল। অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক আছিল ১৯৯৯-২০০৩চনলৈ। অসমৰ ক্ৰীড়া সন্থাৰো তেওঁ আজীৱন সদস্য আছিল। কেবাখনো নাটো ৰচনা কৰিছিল লক্ষ্মীকান্ত মহন্তই। সামাজিক কাম-কাজৰ মাজতে তেওঁ ব্যৱসায়কো সমানে আগুৱাই লৈ গৈছিল এই গৰাকী পুৰোধা ব্যক্তিয়ে।
তেওঁ প্ৰস্তুত কৰা বলটোৰ নাম প্ৰথম 'অসম গৌৰৱ' নাছিল। ভাৰতীয় ফুটবল ইতিহাসৰ তাৰকা খেলুৱৈ টি আওৱে নুৰুল আমিনৰ সৈতে মিলি স্বাধীনতা কাপ ফুটবলৰ সময়ত এই নাম ৰাজহুৱা কৰিছিল। তেতিয়াৰ পৰাই 'অসম গৌৰৱ' নামৰে তেওঁ প্ৰস্তুত কৰা ফুটবল জনপ্ৰিয় হৈছিল।
যিয়ে এই ফুটবল খেলিছিল, তেওঁলোকেই মানি লৈছিল এই ফুটবল কিমান উচ্চ মানৰ। কলকাতাৰ বহু কেইটা ক্লাৱে ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ ফুটবল খেলি তাৰ স্বীকৃতি দিছিল। ফুটবলৰ লগতে নিৰ্মাণ কৰিছিল ভলী বলৰো।
ক্ৰীড়া ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৰিহণা আছিল বহু উৰ্ধৰ। নীৰৱে তেওঁ সেই অৰিহণা আগবঢ়াই গৈছিল। ২০১৬চনৰ ১০ জানুৱাৰীত যোৰহাটৰ সাংস্কৃতিক গোষ্ঠী 'গতি'য়ে তেওঁক প্ৰদান কৰিছিল 'অসম গৌৰৱ'। বিভিন্ন দল-সংগঠনে তেওঁক সম্বৰ্ধনা জনাইছিল। শিৱসাগৰ, যোৰহাটৰ এই সামাজিক সংগঠনসমূহ জনোৱা সম্বৰ্ধনাই তেওঁক আৰু অধিক দায়ৱদ্ধশীল কৰি তুলিছিল। ১১১সংখ্যক প্ৰতিষ্ঠা দিৱসত এই গৰাকী উদ্যোগপতিক মহাৰাণা ক্লাৱেও সম্বৰ্ধনা জনাইছিল
জীৱিত কালতে প্ৰকাশ পাইছিল তেওঁৰ এখন অভিনন্দন গ্ৰন্থ। ২০২৪ৰ ১৭ফেব্ৰুৱাৰীত প্ৰকাশ পাইছিল এই গ্ৰন্থখন। ৫৫০ পৃষ্ঠাৰো অধিক এই বৃহৎ আকাৰৰ গ্ৰন্থখনত কেৱল লক্ষ্মীকান্ত মহন্তৰ গুণানুকীৰ্তনতেই সীমাবদ্ধ নাছিল। গ্ৰন্থখনৰ সম্পাদনা কৰিছিল বিশিষ্টা লেখিকা তথা প্ৰাক্তন অধ্যাপিকা ড০ অৰুন্ধতী মহন্তই। সম্পাদকীয়ত ড০ অৰুণদ্ধতি মহন্তই কম কথাত অতি গুৰুত্বপূৰ্ণ বিষয়সমূহ চুই গৈছিল। লক্ষীকান্ত মহন্তৰ জীৱন পথৰ বৰ্ণাঢ্য ক্ৰমণিকা নতুন প্ৰজন্মৰ বাবে কিমান গুৰুত্বপূৰ্ণ তাক উল্লেখ কৰিছিল ড০ মহন্তই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/dadsdsds-2026-01-05-11-32-46.jpg)
তেওঁ আছিল আধুনিক মনৰ মানুহ। সময়ৰ সৈতে তেওঁ চিন্তা কৰিব জানিছিল। দূৰদৰ্শী চিন্তা-চৰ্চা তেওঁৰ আন এক সফলতাৰ কাৰণ। এই সফলতাই তেওঁক কোনো দিনেই অহংকাৰী কৰি তোলা নাছিল। সমান্তৰালভাৱে তেওঁ ধৰ্মীয়-সাংস্কৃতিক দিশতো নিজকে আগুৱাই নিছিল।
তেওঁৰ জীৱনৰ বিশাল অভিজ্ঞতাৰ মাজত আত্মবিশ্বাস আৰু সততা বিৰাজমান আছিল। কোনোৱে হয়তো কল্পনাই কৰিব নোৱাৰে ৬০-৭০ দশকতেই তেওঁ প্ৰতিষ্ঠা কৰা কোম্পানীয়ে শিৱসাগৰত প্ৰস্তুত কৰা ফুটবলেৰে খেলা হৈছিল বৰদলৈ ট্ৰফী। অসমৰ গাঁৱে-ভূঞে বিদ্যালয়, ক্লাৱত চিনাকি নাম হৈ পৰিছিল 'অসম স্পিছিয়েল', 'অসম গৌৰৱ' আদি ফুটবল।
এইবোৰ কথা এতিয়া সাধু কথাৰ দৰে। ক্ৰীড়া ক্ষেত্ৰত নিজ প্ৰজ্ঞাৰে উজ্বলি উঠা ক্ৰীড়াবিদসকলৰ দৰে ক্ৰীড়াৰ আন্তঃগাঁথনিক সুদৃঢ় কৰাৰ লক্ষ্যৰে এজন অসমীয়াই কৰা এই চেষ্টা কোনো গুণেই কম নাছিল। পদ্মশ্ৰী, পদ্মভূষণ বা আন সন্মান তেওঁক দিয়া নহ’ল। অথচ তেওঁ নীৰৱে ক্ৰীড়াক্ষেত্ৰত সূচনা কৰিছিল বিপ্লৱৰ।
সেইজন লক্ষীকান্ত মহন্ত গুছি গ’ল ৯২বছৰ বয়সত। শ্ৰী শ্ৰী উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰো আছিল তেওঁ। কিছুদিন তেওঁ অসুস্থ হৈ আছিল। সেই অসুস্থতাই তেওঁৰ কৰ্মময় জীৱনত প্ৰভাৱ পেলাব পৰা নাছিল। শেষ বয়সৰ লৈকে তেওঁ আছিল সক্ৰিয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us