খবৰ দিয়া মানুহজনৰ খবৰ…

খবৰ দিয়া মানুহজনৰ খবৰ…

author-image
asomiyapratidin
New Update
খবৰ দিয়া মানুহজনৰ খবৰ…

♦ মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এটা ৰাষ্ট্ৰীয় বাতৰি চেনেলৰ এজন জ্যেষ্ঠ সাংবাদিক। তেওঁৰ এক অনুষ্ঠানক লৈ দেশজুৰি ব্যাপক চৰ্চা হ'ল। অনুষ্ঠানটোৰ নাম আছিল 'মাষ্টাৰ ষ্ট্ৰ'ক'। প্ৰতিটো শব্দই আছিল শাসকীয় পক্ষৰ বিৰুদ্ধে এক শক্তিশালী অস্ত্ৰ। সাংবাদিকগৰাকীৰ এই অনুষ্ঠানটো প্ৰত্যক্ষভাৱে বন্ধ কৰিবলৈ চৰকাৰে তেওঁক বাধ্য কৰিব নোৱাৰে। সেয়েহে অন্য পন্থাৰে এই অনুষ্ঠানটোৰ পৰা এদিন তেওঁক আঁতৰি যাবলৈ বাধ্য কৰিলে ৰাষ্ট্ৰযন্ত্ৰই। অতি কৌশলৰে ৰচা হৈছিল এই ষড়যন্ত্ৰ। অথচ এই সকল সাংবাদিককে 'নেশ্যনেল প্ৰেছ ডে'ত শুভেচ্ছা জনাই খোদ ৰাষ্ট্ৰৰ মূৰব্বী প্ৰধানমন্ত্ৰীয়ে। ৰাজহুৱাকৈ সংবাদ মাধ্যম আৰু সাংবাদিকৰ স্বাধীনতাৰ কথা কয় তেওঁলোকে। কিন্তু তেওঁলোকৰ বিৰুদ্ধে গ'লে নেলু চেঁপি ধৰে।

'মাষ্টাৰ ষ্ট্ৰ'ক'ৰ মাষ্টাৰ মাইণ্ড আছিল পূণ্য প্ৰসূন বাজপেয়ী। 'মন কী বাত'ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০ জুনৰ দিনা ছত্তীশগড়ৰ এগৰাকী মহিলা কৃষকৰ সৈতে কথা পাতিছিল। মহিলাগৰাকীক প্ৰধানমন্ত্ৰীয়ে সুধিছিল- চৰকাৰী আঁচনিয়ে তেওঁক কি ধৰণে উপকৃত কৰিছে? উপাৰ্জন তেওঁৰ বাঢ়িছেনে? দেশৰ অন্যতম অনুন্নত ৰাজ্যখনৰ কাংকেৰ জিলাৰ এইগৰাকী মহিলা কৃষকে প্রধানমন্ত্ৰীক উত্তৰ দিছিল- হয় বাঢ়িছে। মোৰ এতিয়া উপাৰ্জন দুগুণ বৃদ্ধি পাইছে। চন্দামণি নামৰ এইগৰাকী মহিলা খেতিয়কৰ উত্তৰ শুনি প্ৰধানমন্ত্ৰী মোডী অত্যন্ত সুখী হ'ল। দেশবাসীৰ মাজলৈ এক বাৰ্তা গ'ল। বাহ! কি কাম কৰিছে চৰকাৰে। ৰাজ্যৰ দুখীয়া-দৰিদ্ৰ খেতিয়কৰ উপাৰ্জন এতিয়া দুগুণ বাঢ়িছে।

'মাষ্টাৰ ষ্ট্ৰ'ক'ৰ পূণ্য প্ৰসূন বাজপেয়ীয়ে কিন্তু কথাবোৰ সহজভাৱে নল'লে। ৪ বছৰত দুগুণ বৃদ্ধি পাইছে এগৰাকী মহিলা খেতিয়কৰ উপাৰ্জন। এয়া কিমান সঁচা, কিমান মিছা? ছত্তীশগড়লৈ তেওঁ পঠিয়াই দিলে সাংবাদিক। মহিলা খেতিয়কগৰাকীক লগ ধৰি সুধিলে- 'প্ৰধানমন্ত্ৰীক কোৱা কথা সঁচানে?'

চন্দামণি নামৰ খেতিয়কগৰাকীয়ে উত্তৰ দিলে- 'উপাৰ্জন তেওঁৰ দুগুণ বৃদ্ধি হোৱা নাই। মন কী বাতত কি কথা ক'ব সেয়া তেওঁক দিল্লীৰ পৰা অহা বিষয়া-কৰ্মচাৰীয়ে শিকাই দিছিল।' তেওঁলোকে শিকোৱাৰ দৰেই তেওঁ উত্তৰ দিছিল। এয়া আছিল এখন নাটক। এক কথাত ভেকোভাওনা।

এই খবৰ 'মাষ্টাৰ ষ্ট্ৰ'ক'ত সম্প্ৰচাৰ হ'ল। হাহাকাৰ লাগিল দেশজুৰি। মহিলাগৰাকীৰ কাষলৈ পুনৰ চৰকাৰী বিষয়া দৌৰিল। তেওঁ এনেদৰে সংবাদ মাধ্যমৰ আগত কোৱা নাই বুলি ক'বলৈ বাধ্য কৰোৱা হ'ল। মহিলাগৰাকীয়ে তেওঁলোকৰ নিৰ্দেশ মানি কথাখিনি ক'লে যদিও, আচল সত্য লুকাই নাথাকিল। তেওঁ খেতি কৰা শস্যভূমিৰ উৎপাদনে আচল তথ্য উদঙাই দিলে।

'মাষ্টাৰ ষ্ট্ৰ'কে' মোডী চৰকাৰৰ ভাবমূৰ্তিত আঘাত হানিলে। সাংবাদিকগৰাকীৰ বাবে এয়া বৰ সুখকৰ নহ'ল। তেওঁক নিৰ্দেশ দিয়া হ'ল- তেওঁৰ অনুষ্ঠানত মোডীৰ ফটো বা মোডীক সমালোচনা কৰিব নোৱাৰিব। এয়া প্ৰত্যুত্তৰত পূণ্য প্ৰসূন বাজপেয়ীৰ দৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ক'লে- যোৱা ৪ বছৰত ১০৬খন আঁচনি দেশজুৰি মোডীয়ে ঘোষণা কৰিছে।  তাৰে কিছু সংখ্যক পৃথক মন্ত্ৰণালয়ে ঘোষণা কৰিলেও, মূল মানুহ মোডী। মোডীৰ পৰোক্ষ-প্ৰত্যক্ষ নিৰ্দেশতেই বহু সিদ্ধান্ত লোৱা হৈছে। দেশ-বিদেশ ঘূৰি ফুৰা প্ৰধানমন্ত্ৰীগৰাকী বিশ্ব সমুদায়ৰ বাবে ভাৰতৰ প্ৰবক্তা। তেনেস্থলত মোডীক নেদেখুওৱাকৈ, মোডীক সমালোচনা নকৰাকৈ কেনেকৈ তেওঁ বাতৰি প্ৰচাৰ কৰিব?

সাংবাদিকগৰাকীৰ যুক্তি মূল্যহীন হ'ল। আন কিছু ঘটনা তাৰ মাজতেই অতি কৌশলপূৰ্ণভাৱে ঘটিল। 'মাষ্টাৰ ষ্ট্ৰ'ক' সম্প্ৰচাৰ হোৱা বাতৰি চেনেলটোত বিজ্ঞাপন বন্ধ কৰি দিলে দেশী-স্বদেশী শ্ল'গান আওৰোৱা এজন বাবাৰ কোম্পানীয়ে। চেনেলটোৰ ছেটেলাইট ছিগনেল হঠাৎ নাইকীয়া কৰি দিয়া হ'ল। ৰচনা হ'ল এক পৰিৱেশ। তাৰ পৰিণতিত চেনেলটোৰ পৰাই স্ব-ইচ্ছাই বিদায় ল'ব লগা হ'ল সত্য অন্বেষণ কৰিবলৈ যোৱা সাংবাদিকগৰাকীয়ে।

এয়াই আজিৰ সংবাদ মাধ্যমৰ স্বাধীনতা। এয়া আজি ৰাষ্ট্ৰযন্ত্ৰ হাতোৰা। ৰাষ্ট্ৰৰ কোপদৃষ্টি পৰিলে চলে-বলে-কৌশলে যিকোনো কাম যিকোনো অভিযোগ উত্থাপনেৰে ৰাষ্ট্ৰযন্ত্রই কৰিব পাৰে। তথাপিও আমি সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ মৰ্যাদাবোধৰ কথা কওঁ। কিয়নো এখন গণতান্ত্ৰিক দেশত সংবাদ মাধ্যম চতুৰ্থ স্তম্ভ। ন্যায়পালিকা, কাৰ্যপালিকাৰ দৰেই সংবাদ মাধ্যমেও সমাজ আৰু দেশৰ স্বাৰ্থত গণতন্ত্ৰ ৰক্ষাৰ হকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। সংবাদ মাধ্যমৰ এক নৈতিক দায়িত্ব আছে। সংবাদ মাধ্যমৰ স্বাধীনতা আৰু দায়িত্ববোধক সোঁৱৰাই দিবলৈকে উদযাপন কৰা হয় নেশ্যনেল প্ৰেছ ডে'।

অসুস্থ পৰম্পৰা সংবাদ মাধ্যমতো গঢ় লৈ উঠিছে। একেদৰে সততা আৰু নৈতিকতাৰে সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ সম্পূৰ্ণ দায়িত্ববোধেৰে নিজৰ কৰ্তব্য কৰি যোৱা লোকো এই মাধ্যমত আছে। সেই সকলে অধিকাৰৰ হকে যুঁজিছে, ৰাইজৰ হৈ মাত মাতিছে। বিনিময়ত তেওঁলোকে কাৰো পৰা ফুটাকড়ি এটাও লোৱা নাই। এক সাধাৰণ জীৱনৰ গৰাকী হৈ বহু উচ্চত তেওঁলোকৰ ব্যক্তিত্ব। তেনে বহু সাংবাদিকৰ মাজৰ এজন ভৱেশ বৰুৱা। ১৯৫৮চনৰ কথা, 'নতুন অসমীয়া' নামৰ হৰেন্দ্ৰনাথ বৰুৱা সম্পাদিত কাকতখনলৈ তেওঁ লিখিছিল এখন চিঠি। সেয়াই আছিল আৰম্ভণি। তাৰপাছত 'দৈনিক অসম'ত ৩ বছৰ ধৰি ৰাণীৰ পৰা সংবাদদাতা হিচাপে কাম কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ 'নতুন দৈনিক'ত আজাৰাৰ সংবাদদাতা হিচাপে যোগ দিয়ে। সেইখন কাকতৰ মৃত্যুৰ পাছত 'দৈনিক অগ্ৰদূত'ত কেইবা বছৰ কাম কৰি সাংবাদিকতা তেওঁ আনুষ্ঠানিকভাৱে এৰিলে। কিন্তু তেওঁ সাংবাদিক হৈয়ে থাকিল।

৩৫ বছৰ ধৰি সংবাদ সেৱা কৰা এইজন সাংবাদিকৰ জ্ঞান, গৰিমা কোনো গুণেই কম নহয়। ইংৰাজী, অসমীয়া সকলোতে তেওঁৰ দখল। গোট গোট, ধুনীয়া, মাণিকৰ দৰে হাতৰ আখৰ। ১৯৩৭ চনৰ ৩ ছেপ্টেম্বৰত তেওঁৰ জন্ম। পিতৃ আছিল ফৰেষ্টাৰ। পলাশবাৰীৰ ফৰেষ্টাৰ বাংলোতে জন্ম হৈছিল তেওঁৰ। বৰ্তমান তেওঁৰ বয়স ৮১ বছৰ।

পুত্ৰ এতিয়া তেওঁৰ উচ্চপদস্থ বিষয়া। পুত্ৰৰ সৈতেই থাকে তেওঁ। অভিজাত্য আৰু বিলাসী জীৱনে তেওঁক চুব পৰা নাই। সাধাৰণভাৱে তেওঁ নিজৰ ৰূমটো সজাইছে। ডানল'পৰ বিচনাত তেওঁ নুশুৱে। কাঠৰ এখন সাধাৰণ বিচনা, কাঠৰ এখন আলনা, এখন ফেন আৰু অত্যাৱশ্যকীয় কিছু সাম-সামগ্ৰীৰেই তেওঁৰ কোঠাতো সম্পূৰ্ণ হৈছে।

গভীৰ জীৱনবোধৰ মাজত জীৱনটোক সাংবাদিকতাৰ মাজত উৎসৰ্গা কৰা এটা প্ৰাণ তেওঁ। অন্যায়-অনীতিৰ হকে তেওঁ আজি যুঁজে। কাৰো ওচত তেওঁ ভিক্ষা নোখোজে। চৰকাৰে প্ৰদান কৰা সাংবাদিকৰ পেঞ্চনৰ আৱেদন তেওঁৰ কাষলৈ তেওঁক ভাল পোৱা সকলে লৈ গৈছিল। তেওঁ সেই পেঞ্চন ল'বলৈ অস্বীকাৰ কৰিলে। তেওঁৰ যুক্তি আছিল- ঠিকেই তেওঁ চলি আছে। তেওঁতকৈ সংবাদ সেৱাৰ সৈতে জড়িত হৈ কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হোৱা আন এজন সংবাদ কৰ্মীয়ে পাওঁক এই সুবিধা।

৮১ বছৰ হ'ল যদিও, তেওঁ আজিও কৰ্মঠ। বাতৰি কাকতলৈ বাতৰি নপঠিয়াই যদিও, আন এক কৰ্মৰে তেওঁ উপাৰ্জন কৰে। সেয়া হ'ল- কোনো লোকক যদি আবেদন লিখি দিব লাগে তেন্তে তেওঁ সেই কাম সামান্য কেইটামান মূল্যৰ বিনিময়ত কৰি দিয়ে। শেষৰটো দাঁত সৰিবলৈ বাকী তেওঁৰ। চকুৰো সমস্যা। দেহত বাৰ্ধক্যজনিত ৰোগ। কিন্তু তেওঁ হাৰ মনা মানুহ নহয়। সুধিছিলো- এই বয়সত আপুনি কেনেকৈ ইমান সক্ৰিয়? তেওঁ ক'লে- চলি আছো, কৰি আছো যি পাৰিছো।

গ্ৰামাঞ্চলত কাম কৰা সংবাদসেৱীসকলৰ বাবে তেওঁ চিন্তা কৰে। তেওঁলোকৰ অধিকাৰৰ হকে মাত মাতি আহিছে। তেওঁলোকক সংগঠিত কৰিছিল ১৯৯৩চনতেই। গুৱাহাটীত এক অভিবৰ্তন অনুষ্ঠিত কৰি গঠন কৰিছিল 'আছাম প্ৰেছ কৰেছপণ্ডেনছ ইউনিয়ন'। গৌৰী সদনত অনুষ্ঠিত হৈছিল এই অভিবৰ্তন। বিশ্বনাথৰ স্বৰ্গীয় বুধিন চন্দ্ৰ হাজৰিকা, গোলাঘাটৰ ভৱেশ শইকীয়া, কামৰূপৰ মুছলিম আলী শইকীয়া আদি আছিল উদ্যোক্তা।

সাংবাদিকসকলৰ সমস্যা আৰু তেওঁলোকৰ বিভিন্ন সময়ৰ দাবীক লৈ চৰকাৰক তেতিয়াই স্মাৰক পত্ৰ দিছিল। এই সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ভৱেশ শইকীয়া আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল ভৱেশ বৰুৱা। ১২ বছৰ ধৰি তেওঁ এই পদত আছিল। সাংবাদিকসকলৰ স্বাৰ্থৰ হকে তেওঁ যুঁজ দি গৈছিল।

কেতিয়াবা তেওঁ কিছু আৱেগিক হয়। সাংবাদিক তথা সংবাদ কৰ্মীসকলৰ আৰ্থিক আৰু জীৱনৰ নিৰাপত্তাক লৈ চিন্তিত হয় এই জ্যেষ্ঠ সাংবাদিকগৰাকী। তেওঁঁৰ ভাষাত- '৩২জনকৈ সাংবাদিকে প্ৰাণ হেৰুৱালে। দোষীসকল বাচি গ'ল। কিন্তু সাংবাদিকসকলে আজিও নিৰাপত্তা পোৱা নাই। সংবাদ মাধ্যমৰ বাবে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আছে। মইটো ভাবো, ছপা মাধ্যম, ছ'চিয়েল মিডিয়া, বাতৰি চেনেল অহাৰ পাছত এতিয়া মিডিয়া কাউন্সিল গঠন হ'ব লাগে। প্ৰেছ কাউন্সিলৰ দিন উকলিল।'

প্ৰতিটো চিন্তাতেই তেওঁৰ নতুনত্বৰ সন্ধান আছে। সংবাদ সেৱা তেওঁৰ বাবে কেৱল পেছা নাছিল, এয়া তেওঁৰ বাবে দায়িত্ববোধ আৰু নিচা। সমাজৰ হকে কিবা এটা কৰাৰ গভীৰ টানে তেওঁক আজিও ভিতৰৰ পৰাই সাংবাদিক কৰি ৰাখিছে। কেতিয়াবা আক্ষেপ কৰে- 'পানীত উটি যোৱা মহিলাগৰাকীক যে এই কেমেৰা লৈ থকা ল'ৰাবোৰে লাইভ দেখুৱাই দৌৰি ফূৰে, তাতোকৈ তেওঁ হাতখন মেলি মহিলাগৰাকীৰ ফালে দিলে মহিলাগৰাকীৰেই চোন প্ৰাণ ৰক্ষা পৰে!'

এয়াই তেওঁৰ চিন্তা-চৰ্চা। সেই অঞ্চলটোত এতিয়া তেওঁ এক অনুষ্ঠানত পৰিণত হৈছে। বহুজন আহে তেওঁৰ পৰা দিহা-পৰামৰ্শ বিচাৰি। সকলো খবৰ তেওঁ ৰাখে। কথাৰ মাজতে তেওঁ কৈ পেলালে- 'এতিয়া চৰকাৰে দুৰ্বৃত্তই কোনো লোকক হত্যা কৰিলে মৃতকৰ পৰিয়ালক ৫ লাখ টকা দিয়ে, কিন্তু দুৰ্বৃত্তকহে ধৰিব নোৱাৰে। বাকীবোৰটো দেখিছাই…' প্ৰতিবাদী কণ্ঠ আছে তেওঁৰ এতিয়াও। সেই সত্তা লৈয়ে সূক্ষ্মভাৱে তেওঁ সকলো বিশ্লেষণ কৰে। ৮১ বছৰ বয়সতো তেওঁ খবৰ ৰাখে, ছ'চিয়েল মিডিয়াত কি চৰ্চা হৈছে। সূক্ষ্ম পৰ্যবেক্ষণেৰে সকলো গমি-পিতি চায়।

সংবাদ মাধ্যমৰ স্বাধীনতা আৰু দায়িত্ববোধক লৈ এতিয়া যথেষ্ট প্ৰশ্ন। এফালে যেনেকৈ সংবাদ মাধ্যমৰ স্বাধীনতা হৰণ হোৱা বুলি অভিযোগ উঠিছে, তাৰ সমান্তৰালভাৱে সংবাদ মাধ্যমৰ কাৰোবাৰ হাতত পুতলা হৈ নাচিছে বুলিও অনুৰূপ অভিযোগ উঠে। ৰাইজৰো সংবাদ মাধ্যমক লৈ ক্ষোভ আছে। এই সকলোখিনি দিশ বিচাৰ-বিশ্লেষণ আৰু অনুধাৱনাৰে সুস্থ গণতন্ত্ৰৰ স্বাৰ্থত সকলো পক্ষই বিবেচনা কৰিব লাগিব।

ভৱেশ বৰুৱাৰ দৰেই সকলো হ'ব নোৱাৰে। কিন্তু তেওঁৰ দৰে মানুহ আজিও আছে। ত্যাগ আৰু নৈতিকতাৰ পাঠশালাত সাংবাদিকতাক ধৰি ৰাখি সততাৰে কেৱল কলম চলাইছিল, খবৰ বুটলিছিল। সূক্ষ্ম দৃষ্টিৰে সকলো চাইছিল। কিয়নো তেওঁ এজন ভিতৰৰ পৰাই সাংবাদিক আছিল।