'মাত্ৰ চাৰিটি নিশাৰ কাৰ্যসূচীৰে আপোনালোকৰ মাজলৈ আহিছে ভ্ৰাম্যমান নাট্য গোষ্ঠীৰ হেঙুল। আজি প্ৰথম নিশা আপোনালোকৰ মাজলৈ আগবঢ়াব মহেন্দ্ৰ বৰঠাকুৰৰ বহু চৰ্চিত নাট 'মুখ্যমন্ত্ৰী'। মুল নাটকৰ আগে আগে মঞ্চস্থ কৰা হ'ব এখনি নৃত্য নাটিকা- শ্যামলী পাতৰ আঁৰে আঁৰে।'- দূৰৈৰ পৰা মাইকত এই ঘোষণা ভাহি আহিছিল।
এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল অঞ্চলটোত। ভ্ৰাম্যমানৰ সেই নাটক চাই চাই মানুহে কান্দিছিল, হাঁহিছিল। সেই ভ্ৰাম্যমানৰ মঞ্চতে 'পূজনীয় দেউতা' নাটকত সুৰেণ মহন্তৰ অভিনয় চাই, তেওঁৰ মুখৰ সংলাপ শুনি মন্ত্ৰমুগ্ধ হোৱাৰ পৰিৱেশ আজি নাই।
এতিয়া ভ্ৰাম্যমান থিয়েটাৰ আহিলে আগৰ দৰে গাঁৱে-ভূঞে আয়োজকসকলে প্ৰচাৰ চলায়। ডাঙৰ ডাঙৰ হৰ্ডিং আগৰে পৰা অঁৰা থাকে। সমান্তৰালভাৱে চলে সেই থিয়েটাৰৰ পোষ্টাৰিং। পোষ্টাৰবোৰত থাকে কোনোবা অভিনেত্ৰীয়ে আকৰ্ষণ কৰিব পৰা বিশেষ ভংগীমাৰ ছবি।
'মাত্ৰ ৪টি নিশাৰ কাৰ্যসূচীৰে আপোনালোকৰ মাজলৈ আহিছে… থিয়েটাৰ। আপোনালোকে চাবলৈ পাব অভিনেত্ৰী …ৰ লগতে অভিনেতা…ৰ অভিনয়।'- এইদৰে আৰম্ভ কৰি নাটকত কি জাকজমকতা আছে তাৰ প্ৰচাৰ চলোৱা হয়।
শেহতীয়াকৈ ভ্ৰাম্যমানৰ নাটকৰ মানক লৈ প্ৰশ্ন উঠিছে। এগৰাকী অভিনেত্ৰীৰ অভিযোগৰ পাছত সেই চৰ্চা মানুহৰ মুখে মুখে। নাটকৰ নামত আচলতে আমি চাওঁ কি? কিন্তু এই ভ্ৰাম্যমান থিয়েটাৰৰ বাবে নাটক লিখিছিল মহেন্দ্ৰ বৰঠাকুৰ, ভৱেন্দ্ৰ নাথ শইকীয়া, হেমন্ত দত্ত আদিৰ দৰে নাট্যকাৰে।
নাটকৰ মাজত আছিল মৌলিকতা। নাটক মানে কেৱল এটা কাহিনী নহয়। বহু লোকে ভ্ৰাম্যমান থিয়েটাৰৰ আচল নাটকৰ সোৱাদ এতিয়া ল'বলৈ নাপায় নাটক চাবলৈ যাবলৈকে বাদ দিছে। অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ নাট্য সম্ৰাট আখ্যা দিয়া হয় মহেন্দ্ৰ বৰঠাকুৰক।
নাটক আছিল তেওঁৰ বাবে এক সাধনা। গল্প, উপন্যাস, ব্যাংগাত্মক লেখা সকলো দিশতে আছিল তেখেতৰ বিশেষ অৱদান। কিন্তু মুলতঃ তেখেত আছিল এগৰাকী নাট্যকাৰ। শিক্ষকতাৰে জীৱন আৰম্ভ কৰা মহেন্দ্ৰ বৰঠাকুৰৰ জন্ম হৈছিল ১৯৩৫চনত। গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ সহকাৰী কেন্দ্ৰ সঞ্চালক ৰূপে অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ বৰঠাকুৰে ২০০১চনৰ পৰা ২০০৩চনলৈ অসম নাট্য সন্মিলনৰ সভাপতি ৰূপেও দায়িত্ব পালন কৰিছিল।
'নোকোৱাই ভাল' এসময়ত অসমৰ আকাশবানীৰ শ্ৰোতাৰ বাবে আছিল অতি পৰিচিত অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে হাস্যক ব্যংগাত্মকভাৱে ৰাজনৈতিক, সামাজিক আৰু অন্যায়-অবিচাৰৰ বিৰুদ্ধে যি বাৰ্তা দিছিল, তেনে অনুষ্ঠান দ্বিতীয়টো নাই বুলিব পাৰি।
১৯৪৭চনত উচ্চ শিক্ষা সমাপ্ত কৰি মহেন্দ্ৰ বৰঠাকুৰে লিখিছিল 'লাচিত বৰফুকন' নাটকখন। ছাত্ৰ অৱস্থাতে তেওঁ 'তিনি মকৰাজাল' নামৰ এখন নাটক ৰচনা কৰিছিল। আকাশবানী কেন্দ্ৰৰ বাবে তেওঁ লিখা নাটকসমূহো আছিল মৌলিকতাৰ স্বাক্ষৰ বহন কৰা অনুপম সৃষ্টি।
ৰবিন্দ্ৰ নাথৰ কাবুলীৱালা গল্পৰ আধাৰত তেওঁ ৰচনা কৰিছিল আন এখন উল্লেখযোগ্য নাটক। এইগৰাকী নাট্য সম্ৰাটৰ ভ্ৰাম্যমান থিয়েটাৰত মঞ্চস্থ হোৱা নাটকৰ সংখ্যা প্ৰায় শতাধিক হ'ব। শিমলু চন্দন আছিল তেখেতৰ ভ্ৰাম্যমানত মঞ্চস্থ হোৱা প্ৰথমখন নাটক। তাৰপাছত ক্ৰমে- 'বন্দিনী', 'এই মাটিতে', 'শৰাগুৰি চাপৰি', 'বাঘ হাজৰিকা', 'আইৰ চকুলো', 'বিলকিছ বেগম', 'অসতী কন্যা', 'দধীচি' আদি নাটক লিখি গৈছিল।
নাটক লেখাটো তেওঁৰ বাবে সহজ নাছিল। নাটক এখন লিখিবলৈ তেওঁ অধ্যয়ন কৰিছিল। প্ৰায় এমাহ মান তেওঁ পঢ়া-শুনা কৰিছিল এখন নাটক লিখিবলৈ। হেমলেট, অথেল' নাটকৰ নাট্যৰূপ দিয়া নাট্যকৰজন আছিল মহেন্দ্ৰ বৰঠাকুৰ।
২০০৫চনত মহেন্দ্ৰ বৰঠাকুৰৰ মৃত্যু হয়। কিন্তু সযতনে তেওঁৰ নাটকৰ পাণ্ডুলিপি, সাহিত্য সম্ভাৰ সাঁচি ৰাখিছে পত্নী বিবি বৰঠাকুৰে। তেওঁ অসুস্থ হৈ পৰা সময়ত কেইবাখনো নাটক কোনোবাই নি ঘূৰাই নিদিলে। কিন্তু যিবোৰ আছে, সেইবোৰ বৰ সযতনে সাঁচি থৈছে।
নাটক এখন লিখি শেষ কৰাৰ পাছতেই সেই নাট্যকৰ প্ৰথম পাঠিকা আছিল বিবি বৰঠাকুৰ। মহেন্দ্ৰ বৰঠাকুৰ নিগাজী পামৰ ঘৰখন ভ্ৰাম্যমান গোষ্ঠীৰ প্ৰযোজক-পৰিচালকসকলৰ দ্বিতীয়খন ঘৰ আছিল।
ৰজা হৰিচন্দ্ৰ, হালধীয়া চৰায়ে বাওঁধান খায়, মোৰ আই, বেয়া মানুহ, গোসাঁনী, অমানুহ, মকৰাজাল, মানুহ, মুখ্যমন্ত্ৰী, ভাল মানুহ, অৱতাৰ, পুতলা নাট, সম্ৰাট আৰু সুন্দৰী, কামৰূপ কামাখ্যা, পগলা চাহাব, পাখীত জুই আদি অনেক নাটকৰ স্ৰস্তা আছিল তেওঁ।
লিখিব লাগে বাবেই তেওঁ নাটক লিখা নাছিল। সামাজিক দায়ৱদ্ধতাৰে তেওঁ হাতত কলম তুলি লৈছিল। সেয়েহে যিখন নাটকেই লিখিছিল, সেই নাটকেই দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছিল। মৌলিকতাবিহীন সৃষ্টিৰ মাদকতা ক'ত? আজি এচাম নাট্যকাৰৰ দৰে তেওঁ টকাৰ বাবে তেওঁ নাটক লিখা নাছিল।
পিতামহ, বলিয়া হাতী, তাৰ্জান তাৰ্জান, তেজ লগা বাট, যদু বংশ, তেজাল ঘোঁৰা, নৰক বন্দনা, আজলী নবৌ, নেদেখা নদীৰ ঘাট, ডেকা হাকিম, মাতৃ হত্যা পৰশুৰাম, চাহাবজাদা, ৰজাৰো ৰজা, হেমলেট, ৰাতিৰ জুই, অপহৰণ, বালি ঘৰৰ আলহী, পোহৰৰ ছাঁ, সেই মহানগৰ, মহাবীৰ চিলাৰায় আদি নাটকেৰে অসমীয়া নাট্য সাহিত্যৰ লগতে ভ্ৰাম্যমানক নতুন গতি দিয়া মহেন্দ্ৰ বৰঠাকুৰক ২০০১চনত অসম শিল্পী দিৱস বঁটাৰে সন্মানিত কৰা হৈছিল।
১৯৮৯চনত মহেন্দ্ৰ বৰঠাকুৰক শ্ৰেষ্ঠ ভ্ৰাম্যমান নাটক বঁটাৰে সন্মানিত কৰা হৈছিল। মাজনিশাৰ চিঞৰ, ডাইনী প্ৰেম, অগ্নিক্ষণ, আধাৰশিলা, অতিথি, জুয়ে পুৰা মানুহ, সমদল, সাগৰলৈ বহু দূৰ, পুৰুষ, বলীয়া গোঁসাই, কুৰুক্ষেত্ৰ, কাৰাগাৰৰ বাস, শিকলি, প্ৰজা ঘৰৰ ৰজা, ছাংলট ফেনলা, বনকুঁৱৰী, প্ৰতীক্ষা, আচল সুতী, প্ৰেত আত্মা, অৰুণ তৰুণ, বিষ্ণু প্ৰসাদ, অৰ্ধপতন, ছাঁ, মুখাৰ মুখ আদি নাটকেৰে অসমীয়া নাট্য সম্ভাৰ টনকিয়াল কৰা মহেন্দ্ৰ বৰঠাকুৰক ২০০৪-০৫ বৰ্ষৰ অসম নাট্য সন্মিলনৰ বঁটাৰে সন্মানিত কৰা হৈছিল।
সেইগৰাকী বিশিষ্ট নাট্যকাৰৰ নাটকেৰে সমৃদ্ধ হোৱা ভ্ৰাম্যমানত এতিয়া নাটকৰ নামত চলে কি? মৌলিকতা বিহীন চানাচুৰ জাতীয় নাটকেৰে সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰা এই ভ্ৰাম্যমানৰ নাটকৰ নামতো চলে লবীগিৰি!
যিসকলে এই লবীগিৰিক নেতৃত্ব দিয়ে বুলি অভিযোগ উঠে, তেওঁৱেই এদিন লিখিছিল- মহেন্দ্ৰ বৰঠাকুৰৰ 'দধীচি' নাটক পঢ়িয়েই তেওঁ প্ৰথম ভ্ৰাম্যমানত নাটক লিখা কথা ভাবিছিল আৰু শিকিছিল। সেই গৰাকী নাট্যকাৰক লৈ এতিয়া বিতৰ্ক-চৰ্চা।
তাৰমাজতে আমি খবৰ ল'বলৈ গৈছিলো বিশিষ্ট নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ ঘৰলৈ। কেনে পৰিৱেশতনো মহেন্দ্ৰ বৰঠাকুৰে নাটক লিখিছিল এই বিষয়ে সুধিছিলো তেখেতৰ সহধৰ্মীনি বিবি বৰঠাকুৰক। নাটক লিখাটো ইমান সহজ নেকি? মহেন্দ্ৰ বৰঠাকুৰক ওচৰৰ পৰা পোৱা আৰু তেওঁৰ প্ৰতিটো মুহূৰ্তৰ খবৰ ৰখা, সাহিত্য তথা নাট্য চৰ্চাৰ বাবে সকলো সুবিধা কৰি দিয়া বিবি বৰঠাকুৰে ক'লে- নাটক লিখিবৰ বাবে তেখেতে কষ্ট কৰিছিল। প্ৰচুৰ পৰিমানে তেওঁ পঢ়িছিল। লিখোতে তেওঁৰ বেছি সময় লগা নাছিল। কিন্তু পঢ়া-শুনা কৰোতে তেওঁ যথেষ্ট সময় দিব লগা হৈছিল।
নাটকখন লিখিবলৈ তেওঁক এসপ্তাহ-১০দিনৰ সময় লাগিলেও প্ৰস্তুতি আছিল দীৰ্ঘদিনীয়া। প্ৰতিখন নাটকেই আছিল মহেন্দ্ৰ বৰঠাকুৰৰ ভিন্ন ৰুচি। সেই সময়ত ভ্ৰাম্যমানৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক ৰখা মহেন্দ্ৰ বৰঠাকুৰৰ কোনখন নাটক তেওঁৰ প্ৰিয় আছিল?- এই প্ৰশ্নৰ উত্তৰত তেওঁ ক'লে- তেওঁ লিখা নাটকসমূহৰ প্ৰতি মানুহৰ কি আগ্ৰহ আছিল। প্ৰতিখন নাটকৰে সংলাপ মানুহৰ মুখে মুখে ৰৈ গৈছিল। আৰু এতিয়া…
নাটকতকৈ নাটকৰ প্ৰচাৰৰ বাবে বনোৱা বিজ্ঞাপন, গীতহে জনপ্ৰিয় কৰাৰ চেষ্টা কৰা হয়। কেৱল ভ্ৰাম্যমানৰ বাবে তেওঁ নাটক লিখা নাছিল। বহু কেইখন ছবিৰো চিত্ৰনাট্য লিখিছিল তেওঁ। বহু কেইখন ধাৰাবাহিকৰ চিত্ৰনাট্যকাৰ আছিল মহেন্দ্ৰ বৰঠাকুৰ।
ভ্ৰাম্যমানৰ বাবে তেওঁ লিখা প্ৰথমখন নাটকৰ কথা সুঁৱৰিলে বিবি বৰঠাকুৰে। সুঁৱৰিলে সেই পুৰণি দিনবোৰ। নাটক বিচাৰি মানুহ আহিছিল। সকলোকে কেৱল নাটক লাগে। কিন্তু তেওঁ বিচাৰিলেই নাটক দিব পৰা নাট্যকাৰ নাছিল। সস্তীয়া নাটক লিখি ধন ঘটা মানুহ নাছিল মহেন্দ্ৰ বৰঠাকুৰ। মুল্যবোধৰ আধাৰত নাটকক সাহিত্যলৈ উত্তোৰণ কৰিব পৰা কাহিনীৰে নাটকৰ ভেটি গঢ়িছিল।
মহেন্দ্ৰ বৰঠাকুৰৰ নাটকৰ প্ৰায়বোৰ পাণ্ডুলিপি তেওঁ সযতনে থৈ দিছে। তেওঁৰ চিন্তা- এই পাণ্ডুলিপিসমূহ কিতাপ আকাৰে প্ৰকাশৰ বাবে কিবা এটা কৰাৰ। যিজন নাট্যকাৰৰ নাটকেৰে ভ্ৰাম্যমান গোষ্ঠীসমূহে অসমৰ দৰ্শকৰ পৰা মৰম বুটলিছিল। হাজাৰ হাজাৰ কলা-কুশলীৰ জীৱিকাৰ পথ মুকলি হৈছিল। সেই ভ্ৰাম্যমান গোষ্ঠীৰ বাবে লিখা নাটক এতিয়া পৰি আছে অপ্ৰকাশিত ৰূপত।
কোনো এক গোষ্ঠীয়ে তেওঁৰ নাট্য সম্ভাৰৰ এক সমগ্ৰ সংকলন কৰাৰ কথা চিন্তা নকৰিলে। অসম সাহিত্য সভায়ো এই দিশত উদ্যোগ নল'লে। অথচ এইজন মানুহে নাটকৰ বাবেই যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিলে।
বহুদিন বিবি বৰঠাকুৰে ভ্ৰাম্যমানৰ নাটক চোৱা নাই। দৰ্শকৰ মুখত তেওঁ শুনিছে- ভ্ৰাম্যমানৰ নাটকত হেনো মৌলিকতাৰ অভাৱ ঘটিছে। যি অভাৱ ঘটিব দিয়া নাছিল মহেন্দ্ৰ বৰঠাকুৰে। তেওঁৱেই কৈছিল আন এক অভিজ্ঞতাৰ কথা।
এদিন মহেন্দ্ৰ বৰঠাকুৰৰ ঘৰলৈ নাটক বিচাৰি হাতত দা লৈ আহিছিল ৰতন লহকৰ। কাৰ্যালয়ৰ পৰা আহি মহেন্দ্ৰ বৰঠাকুৰে ৰতন লহকৰৰ হাতত দা দেখি আচৰিত হৈছিল। ভয়ো খাইছিল। সেই দিনটোৰ কৰা সোঁৱৰি বিবি বৰঠাকুৰে কৈছিল-
'প্ৰযোজকসকলে মানে…, ৰতন লহকৰে এবাৰ দা লৈ আহিছিলে। কৈছিল- হয় নাটক দিয়ক, নহয় আমাক কাটক। সেই মুহূৰ্তবোৰলৈ মনত পৰিলে মোৰ হাঁহি উঠে অকলে অকলে। তাৰমানে এদিন অফিচৰ পৰা আহিছে এওঁ। তাৰ আগতেই আহি বহি আছেহি ৰতন লহকৰ আৰু দুই-এজন সহকৰ্মী। তেওঁলোক ৰৈ আছে আৰু ওচৰত এখন দা। অফিচৰ পৰা আহি এওঁ সুধিলেহি- কি হ'ল? আপোনালোকে দা লৈ আহিছে দেখোন। অলপ ভয়ো খাইছে। ৰতন লহকৰে দা খন আগত থৈছে আৰু কৈছে- আপুনি হয় নাটক দিয়ক, নহ'লে আমাক কাটক। তেওঁ প্ৰত্যেকখন নাটকেই প্ৰযোজকসকলৰ তাগিদা অনুসৰি লিখা।' -এয়াই আছিল ভ্ৰাম্যমান।
প্ৰযোজকে হাতত দা লৈ আহি নাট্যকাৰক তাগিদা দিছিল- হয় নাটক দিয়ক, নহয় ঘপিয়াই মাৰক! কিন্তু এতিয়া লাখ টকা দিয়ক, নাটক নিয়কলৈ সলনি হৈছে সেই দিন। নাটকত নাই মৌলিকতা নাই সামাজিক দায়ৱদ্ধতা। কিন্তু মহেন্দ্ৰ বৰঠাকুৰৰ দৰে ভ্ৰাম্যমানৰ নাটকৰ পিতামহ গৰাকীয়ে কি স্তৰৰ নাটক ৰচনা কৰিছিল সেই কথা যেন আমি পাহৰি গৈছো। আৰু তথাকথিত একাংশ নাট্যকাৰে নাটকক পণ্য সামগ্ৰী কৰি পেলাইছে। তেওঁলোকে কেতিয়া অনুধাৱন কৰিব এই কথা? নাটক মানেই এটা কাহিনী নহয়। গীত-মাতেৰে ভৰপূৰ কৰি পোহৰৰ জাকমকতাৰে সৃষ্টি কৰা হৈ-হাল্লা নহয়। লাহে লাহে ৰুচিসম্পন্ন লোকে ভ্ৰাম্যমানৰ এনে অৱস্থা দেখি এই উদ্যোগটোৰ বিৰুদ্ধে সৰৱ হৈছে।
কিন্তু তথাকথিত নাট্যকাৰসকলৰ এতিয়াও চিন্তা-চেতনাৰ দুৱাৰবোৰ মেল খোৱা নাই। তেওঁলোকে ভাবে- তেওঁলোকে যি লেখে সেয়াই দৰ্শকে চাব। কিন্তু এই দিন আপেক্ষিক। বেছি দিনলৈ নচলিব এনে কাৰবাৰ। থাকি যাব মহেন্দ্ৰ বৰঠাকুৰৰ দৰে বিশিষ্ট নাট্যকাৰসকলৰ নাটকৰ মূল্য। কিন্তু হেৰাই যাব তেওঁলোকৰ সেই দম্ভ-অহংকাৰ। মহেন্দ্ৰ বৰঠাকুৰৰ দৰে নাট্যকাৰে ভ্ৰাম্যমানক গঢ়ি তুলিছিল। মানুহৰ মাজলৈ লৈ গৈছিল। নাটকৰ জৰিয়তে বহু কথা কৈছিল। আৰু এতিয়া এচামে ভ্ৰাম্যমানক আহিলা কৰি লৈ নাটকক কৰিছে ধন ঘটাৰ সস্তীয়া আহিলা।