‘গৰু’ৰ বিষয়ে নিলিখিব লগা এখন ৰচনা…

‘গৰু’ৰ বিষয়ে নিলিখিব লগা এখন ৰচনা…

author-image
asomiyapratidin
New Update
‘গৰু’ৰ বিষয়ে নিলিখিব লগা এখন ৰচনা…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

গাঁৱৰ ঘৰৰ কাষতে চক্ৰ নামৰ এজন মানুহ আছিল। সেই অঞ্চলটোত মানুহজন আছিল অতিকৈ পৰিচিত। কাৰোবাৰ ঘৰত অভাৱ হ'লে, কাৰোবাৰ বেমাৰ-আজাৰ হ'লে সেই অঞ্চলটোত প্রথমে চক্ৰকে বিচৰা হৈছিল।

মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়াৰ পাছত বহু অভাৱী পৰিয়ালে চক্ৰক বিচাৰি ওচৰৰে গাওঁখনলৈ গৈ তেওঁক নাপালেও কাৰোবাৰ হাতত খবৰ দি থৈ আহিছিল। সেই খবৰৰ সূত্ৰ ধৰিয়েই যিকোনো সময়তে নিৰ্দিষ্ট মানুহৰ ঘৰত আহি চক্ৰ হাজিৰ হৈছিলহি।

কাৰোবাৰ ঘৰলৈ আহোতে তেওঁৰ হাতত থাকে এডাল ৰছী, কান্ধত ওলমাই থোৱা থাকে এটা কাপোৰৰ বেগ, আৰু তাৰ ভিতৰতে থাকে কিছু কাগজ আৰু ৰেভিনিউ ষ্টাম্প। দাম-দৰ ঠিক হোৱাৰ পাছত গৃহস্থই চক্ৰৰ হাতত মৰমৰ গৰুটো বা গৰুজনী গতাই দিয়া সময়ত চকুপানী টুকিছিল।

বিক্ৰী কৰা গৰুটোৰ গাত দুটা বা তিনিটা ধকা মাৰি চক্ৰৰ হাতত কেইখনমান টকাৰ বিনিময়ত অতি অভাৱত পৰি পশুধন বিক্ৰী কৰিছিল। চক্ৰ গৰু বেপাৰীয়ে লগত অনা ৰছীৰে গৰুটো বান্ধি খোজকাঢ়িয়েই গৰুটো খেদি নিছিল।

ওচৰৰ দুই একৰ উপস্থিতিত গৰুটো লৈ যোৱাৰ আগতে কিমান টকাত গৰুটো ক্ৰয় কৰিলে সেই সন্দৰ্ভত চক্ৰ আৰু গৃহস্থৰ মাজত এখন চুক্তিপত্ৰ হৈছিল। এনেদৰে কাৰোবাৰ ঘৰত গৰু বিক্ৰী কৰিলে সেই অঞ্চলটোৰ মানুহবোৰে গম পাইছিল।

অভাৱত পৰি কোনোবাই বলদ হাল, গাইজনী আৰু কেতিয়াবা বুঢ়া গৰু এইদৰে চক্ৰক বিক্ৰী কৰা হৈছিল। কিন্তু শেহতীয়াকৈ গৰুৰ চোৰাং ব্যৱসায়ীয়ে এনেদৰে গা কৰি উঠিছে যে, লাখ লাখ গৰু অসমৰ পৰা এতিয়া বাংলাদেশলৈ চালান হয়।

কিছুদিনৰ পূৰ্বে ভাৰৰত-বাংলা সীমান্তত গৰু কেনেদৰে কাইটীয়া তাঁৰৰ বেৰ পাৰ কৰা হৈছিল সেই সন্দৰ্ভত ৰাজহুৱা হোৱা এটা ভিডিঅ' ভাইৰেল হৈছিল। অসম-বাংলাদেশ সীমান্তৱৰ্তী এক অঞ্চলত গৰুৰ চোৰাং ব্যৱসায় কৰা সকলে অতি কৌশলেৰে গৰুবোৰ কাইটীয়া বেৰ দাঙি পাৰ কৰিছিল।

গৰু চোৰাং ব্যৱসায়ৰ সৈতে এক আন্তঃৰাষ্ট্ৰীয় চক্ৰ দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে। ২০১৯চনৰ ২৬ আগষ্টত কৰিমগঞ্জত কাইটীয়া তাঁৰৰ বেৰ কাটি গৰু চুৰি কৰিবলৈ আহি বি এছ এফৰ হাতত নিহত হৈছিল বাংলাদেশৰ আব্দুল ৰফ নামৰ এজন ব্যৱসায়ী।

এই চোৰাং গৰু ব্যৱসায়ৰ সৈতে জড়িত ৰফৰ ঘৰ আছিল বাংলাদেশৰ মৌলবীবজাৰৰ কেছৰিগুৰ উত্তৰ ডিমাৰী গাঁৱত। এতিয়া প্ৰায়ে সংবাদমাধ্যমত গৰু চোৰাং ব্যৱসায়ৰ সন্দৰ্ভত বিভিন্ন খবৰ প্ৰচাৰিত হয়। আনকি এই সকল চোৰাং ব্যৱসায়ীয়ে আৰক্ষী-প্রশাসনৰ সহযোগত গৰুৰ চোৰাং ব্যৱসায়ক প্ৰসাৰিত কৰি লৈ গৈছে।

দীৰ্ঘদিন ধৰি সীমান্তৱৰ্তী অঞ্চলসমূহত গৰুৰ চোৰাং ব্যৱসায় সংঘটিত হৈ আহিছে। এই ৰমৰমীয়া বেপাৰৰ বাবে ধুবুৰী আৰু দক্ষিণ শালমৰাৰ মানকাচৰ জিলাৰ কিছু সীমান্তৱৰ্তী অংশক এক সুৰক্ষিত কৰিড'ৰ ৰূপে এই চোৰাং ব্যৱসায়ী সকলে ব্যৱহাৰ কৰি আহিছে।

ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা যান-বাহনত গৰু সমূহ লৈ যোৱা হয় সেই নিৰ্দিষ্ট স্থানলৈ। আৰু তাৰ পৰাই বিভিন্ন প্ৰক্ৰিয়াৰে গৰু বাংলাদেশলৈ লৈ যোৱা হয়। এই গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে বৃহৎ চক্ৰ জড়িত হৈ থকা বুলি সকলোৱে জানে।

ইয়াক প্ৰতিৰোধ কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱা বুলি ক'লেও সেয়া কিন্তু কাৰ্যতঃ সফল হোৱা নাই। এই চক্ৰটোৱে বিভিন্ন পক্ষক মেনেজ কৰি বাংলাদেশলৈ গৰু চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে। আনকি বহু ঠাইত এই চোৰাং ব্যৱসায়ী সকলে গৰু চুৰ কৰি ট্ৰাক বা ডি আইত ভৰাই লৈ যায় ।

মহানগৰীৰ ৰাণী চাপৰি অঞ্চলত ২০১৯ বৰ্ষৰ ২৯ জুলাইত চোৰাং গৰু ব্যৱসায়ীয়ে ৫ হালকৈ বলধ চুৰি কৰি নিছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ হ'বলৈ কোৱাৰ পাছতো গৰুৰ ছিণ্ডিকেট উৎখাত কৰিবলৈ আজিও আৰক্ষী বা প্ৰশাসন সফল হ'ব পৰা নাই।

মাজে-মধ্যে কোনো স্থানত অভিযান চলাই কেই গাড়ী ধৰাতেই যেন আৰক্ষীৰ দায়িত্ব অন্ত পৰিছে। যোৱা ১৪ জুনত ধুবুৰী আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই বাংলাদেশলৈ চালান দিবলৈ নিয়া গৰুসহ ১৬ জন লোকক আটক কৰিছিল।

এই লোকসকলৰ পৰা ৪খন ডাম্পাৰ, তাঁৰ কটা সজুলী আৰু অন্যান্য সামগ্ৰী পাইছিল। সাধাৰণতে ডাৱৰীয়া বতৰত গৰুবোৰ সীমান্ত অঞ্চললৈ লৈ যায়। তাৰপাছত কাইটীয়া তাঁৰ কাটি গৰুবোৰ সীমান্তৰ সিপাৰলৈ পঠিয়াই। ইটো পাৰত থকা লোকসকলে সেই গৰুবোৰ সংগ্ৰহ কৰি তাৰ বিনিময়ত বিভিন্ন পাউনা- দেউনা আদায় দিয়ে।

২০১৯ৰ ১০ জুনতো বৰপেটাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে এখন নম্বৰবিহীন ব'লেৰ পিকআপ ভানৰ পৰা চাৰিটা গৰু জব্দ কৰিছিল। উজনিত এই গৰুৰ চোৰাং ব্যৱসায় ব্যাপক হাৰত চলিছে। বিভিন্ন দল-সংগঠনে গৰু কঢ়িয়াই অনা বাহন জব্দ কৰিছে যদিও, ৰহস্যজনকভাৱে সেই গৰুৰ চোৰাং প্ৰক্ৰিয়া অন্ত পৰা নাই।

এতিয়া প্ৰায়ে বিভিন্ন স্থানত ট্ৰাকে ট্ৰাকে গৰু জব্দ হয়। কিন্তু সেই জব্দ কৰা গৰুবোৰ ক'ৰ পৰা কেনেকৈ আহে সেই সন্দৰ্ভতহে বিচাৰ আৰু তদন্ত সঠিকভাৱে আজিও হোৱা নাই। বিশেষকৈ ৰাজ্যৰ বিভিন্ন স্থানত থকা দৈনিক, সাপ্তাহিক বজাৰসমূহৰ পৰাই একাংশ চোৰাং বেপাৰীয়ে গৰুসমূহ বিনা বাধাই সংগ্ৰহ কৰি আহিছে।

শনিবাৰে নগাঁৱৰ ফুলগুৰিত বহা সাপ্তাহিক বজাৰত বিভিন্ন প্ৰান্তৰ পৰা অহা গৰু বিনা ৰচিদত বিক্ৰী হৈ আহিছে। এদিনত প্ৰায় ২০ গাড়ীতকৈ অধিক গৰু এই বজাৰখনৰ পৰা সৰবৰাহ হয়। হঠাৎ এই বজাৰখনত এনেদৰে ভৰি পৰা গৰুসমূহ চোৰাং বেপাৰীয়ে সংগ্ৰহ কৰি সেই বোৰ গাড়ীত ভৰাই আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ লৈ যায়।

অৰ্থাৎ এনেদৰে ৰাজ্যৰ বিভিন্ন বজাৰৰ পৰা গৰু সংগ্ৰহ কৰি চোৰাং ব্যৱসায়ীসকলে ৰমৰমীয়া বজাৰ চলাই আহিছে। কেৱল নগাঁৱৰ ফুলগুৰি বুলি নহয়, ৰূপহী, মৈৰাবাৰী, বোকাখাত আদি অঞ্চলত থকা বজাৰসমূহো গৰুৰ চোৰাং বেহাৰ ঘাটি হৈ পৰিছে।

২৮ ছেপ্টেম্বৰ, ২০১৯ত নগাঁৱৰ ফুলগুৰি বজাৰৰ পৰা অতি কমেও বিশ খন বাহনত গৰু ক্ৰয় কৰি নিয়া দৃশ্য বন্দী হৈছিল এইদৰে। এনেকৈয়ে গৰুৰ চোৰাং ব্যৱসায় এতিয়া চকুৰ সন্মুখতে প্ৰসাৰ হৈছে যদিও, সেইবোৰ প্ৰতিৰোধৰ বাবে আৰক্ষী তথা প্রশাসনৰ কোনো পদক্ষেপ নাই। কেৱল গৰুৰ চোৰাং ব্যৱসায় প্ৰতিৰোধৰ বাবে দুই এঠাইত তালাচী চলাই গৰু সৰবৰাহ কৰা বাহন জব্দ কৰিলেই এই সমস্যা সমাধান নহয়।

অতি লক্ষণীয়ভাৱে, একাংশ গৰু চোৰাং বেপাৰীয়ে আৰক্ষী তথা আন মাধ্যমসমূহকো মেনেজ কৰি এই বেপাৰ অভ্যাহত ৰাখিছে। আগতে এনে বজাৰসমূহত খুব বেছি ১০-১৫টা গৰু বিক্ৰী হৈছিল। এতিয়া শ শ, হাজাৰ হাজাৰ গৰু বিক্ৰী হয় এই বজাৰ সমূহত।

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ নাওজালত থকা সাপ্তাহিক বজাৰখন, আৰু বৰপথাৰ সাপ্তাহিক বজাৰতো গৰুৰ চোৰাং ব্যৱসায়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গৰু ক্ৰয় কৰিবলৈ অহা ব্যৱসায়ীয়ে স্বীকাৰ কৰে তেওঁলোকে এই ব্যৱসায় কৰি আহিছে।

নথিপত্ৰ অবিহনে, ৰচিদ বিহীনভাৱে এই বজাৰসমূহত গৰু বেচা কিনা চলে। এনে অভিযোগ উত্থাপন হয় যে, আৰক্ষীয়ে কেইটামান টকাৰ বিনিময়ত চোৰাং গৰু বেপাৰীক নিজ নিজ ঠাইত এই বেপাৰ কৰিবলৈ অলেখিত লাইচেঞ্চ প্ৰদান কৰে।

একাংশ গৰু চোৰাং বেহাৰ সৈতে জড়িত লোকেও এনে সুযোগ গ্ৰহণ কৰি আহিছে। বিশেষকৈ এই সাপ্তাহিক বজাৰসমূহত নথিপত্ৰ অবিহনেই বলেৰ পিক আপ, টাটা এ চি গাড়ীৰ জৰিয়তে গৰু সৰবৰাহ কৰা হয়। গৰু বিক্ৰী বা ক্ৰয়ৰ বাবে কেটেল পাৰমিট, মেডিকেল চালান, ৰচিদ অতিকৈ প্ৰয়োজন।

কিন্তু কেইটামান টকাৰ বিনিময়ত বজাৰসমূহৰ লেচীয়ে এই সুবিধা গৰু বেপাৰীসমূহক প্ৰদান কৰি আহিছে। ধনশিৰি মহকুমাৰ নাওজান সাপ্তাহিক বজাৰত মঙলবাৰে এখন দুখন নহয়, প্ৰায় ডেৰ শতাধিক গাড়ীয়ে গৰু কঢ়িয়াই আনে।

গুৱাাহাটী মহানগৰীতো ৰাস্তা-পথে ঘূৰি ফুৰা বহু গৰু বিভিন্ন লোকে জি এম চিৰ মানুহ বুলি এনেকুৱা বাহনত উঠাই লয়। সেই লোকসকলে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা গৰাকী বিহীন গৰু কেনেদৰে কাক কি ধৰণে বিক্ৰী কৰে সেয়াও এক অবুজ সাঁথৰ।

গৰুৰ চোৰাং বজাৰখনক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে ৰাজ্যৰ এই বজাৰসমূহক নিয়ন্ত্ৰণ কৰিব লাগিব। কোনোবা এঠাইত চোৰাং গৰুৰ দুই এখন বাহন জব্দ কৰিলেই দীৰ্ঘদিন ধৰি চলি অহা এই সমস্যা নিয়ন্ত্ৰণ বা সমাধান নহয়।

আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ থকা গৰুৰ চোৰাং বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে ৰাজ্য চৰকাৰেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে গৰু বেচা-কিনা কৰা এই বজাৰসমূহত চকু দিব লাগিব। দৈনিক ২০-২৫টা গৰু বিক্ৰী হোৱা বজাৰত এতিয়া হাজাৰ হাজাৰ গৰু বিক্ৰী হয়। হয়তো কোনো দালাল চক্ৰৰ জৰিয়তে এই গৰুসমূহ সংগ্ৰহ কৰা হয়। ভাষণৰ ফুলজাৰিৰে কেৱল এই সমস্যা সমাধান কৰিব নোৱাৰি। সেই কথা আৰক্ষী প্ৰশাসনৰ লগতে চৰকাৰৰ বৰমূৰীয়া সকলে বুজা উচিত।