/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/1ef86149-1a88-407e-866a-54e35c6e69e5.jpg)
মৃদুল কুমাৰ সন্দিকৈ
তেওঁ আছিল মাতৃভাষা উৎকৰ্ষ সাধনত ওৰেটো জীৱন উৎসৰ্গা কৰা এজন অসম হিত্যষী।তেওঁ জীৱনৰ সফলতাৰ মুল মন্ত্ৰ আছিল- নীৰৱ সাধনা, আত্মপ্ৰত্যয় আৰু তীব্ৰ ভাষাপ্ৰেম। কৃতকাৰ্যতাৰ সোণালী ৰেণুৰে জলমলাই থকা এক জীৱন।তেওঁ আছিল প্ৰকৃততে ৰত্ন। এজন সাধক পুৰুষ। সকলোৰে বাবে আদৰ্শ স্বৰূপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/golokgoswami-111pic-a-824e-9ed3f2d02ab2.jpg)
স্বআৰোপিত দায়ৱদ্ধতাৰে তেওঁ কৰি গৈছিল প্ৰতিটো কাম। স্বীকৃতি তেওঁ নিলগাই ৰাখিছিল বহু আঁতৰত। প্ৰায় তেওঁ কৈছিল- মোৰ অন্তৰৰ প্ৰেৰণা আৰু উদগনিতহে মই কাম কৰো। বহিকাৰকৰ ভূমিকা ইয়াত নাই।
তেওঁ আছিল এগৰাকী ভাষা বিজ্ঞানী। অসমীয়া ভাষাক লৈ তেওঁ চলাইছিল পৰীক্ষা-নিৰীক্ষা। নিষ্ঠা আৰু একাগ্ৰতাৰে তেওঁ সুদীৰ্ঘ জীৱন একানপটীয়াকৈ ভাষা বিজ্ঞানৰ চিন্তা-চৰ্চা কৰিয়েই পাৰ কৰিছিল। তেওঁৰ এই মৰ্যাদাপূৰ্ণ কৰ্মৰ কোনো তুলনা নাই। তেওঁৰ গুণৰ কীৰ্তন কৰাতো সহজ নহয়। কাৰণ তেওঁ আছিল এজন মহীৰূপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/f4db2ecf-c80a-4e63-9d5e-f48fbcc9275d.jpg)
শিক্ষক হিচাপেও তেওঁ আছিল অনন্য। শ্ৰেণীকোঠাত গলগলিয়া মাতেৰে তেওঁ পঢ়ুৱাইছিল। উৎফুল্লিত মন লৈ শ্ৰেণী কোঠাত সোমাইছিল। ছাত্ৰ-ছাত্ৰীয়ে কিবা নুবুজিলে বাৰে বাৰে সেইটো পঢ়াইছিল। তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য আছিল ভাষা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে সকলো খৰচি মাৰি জানিব লাগিব।
ধ্বনি বিজ্ঞানত তেওঁৰ অগাধ দখল আছিল। মৃত্যু পৰ্যন্ত অটুট আছিল শ্ৰৱণ শক্তি। ধ্বনি আৰু বৰ্ণ বিশ্লেষণত তেওঁ আছিল সুক্ষ্ম আৰু নিৰ্ভুল প্ৰবক্তা। অসমীয়া ভাষাৰ ধ্বনি সমূহ সুসংগত বৰ্ণনা কৰি তেওঁ তুলি ধৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/999999a-485f-4a0a-824e-9ed3f2d02ab2.jpg)
ব্যাকৰণবিদ হিচাপেও তেওঁৰ আছিল যথেষ্ট সুনাম। অসমীয়া ভাষাৰ ছাত্ৰ-ছাত্ৰী, গৱেষক-শিক্ষক সকলৰ বাবে আছিল তেওঁ প্ৰেৰণা আৰু অভিভাৱকস্বৰূপ। চাৰি কুৰি বছৰ পৰ্যন্ত তেওঁ মৌলিক গ্ৰন্থ ৰচনা কৰিছিল। বিশ্বৰ আভিজাত গ্ৰন্থ প্ৰকাশকে সেইবোৰ প্ৰকাশ কৰিছিল।
বিশিষ্ট প্ৰাশ্চতত্ববিদ তথা বাকবিজ্ঞানী ড০ জৰ্জ কাৰ্ডুনাৰ দ্বাৰা সম্পাদিত আৰু লণ্ডন প্ৰেছৰ দ্বাৰা প্ৰকাশিত 'The Indo-Aryan Language' শীৰ্ষক গ্ৰন্থত অসমীয়া ভাষাৰ বিষয়ে লিখা মূল্যবান অধ্যায়নৰ লেখক আছিল তেওঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/55555574f28a-485f-4a0a-824e-9ed3f2d02ab2.jpg)
অসমীয়া ভাষাৰ উন্নয়ন আৰু বিকাশৰ বাবে এদিন গঠন কৰিছিল তেওঁ অসম ভাষাবিজ্ঞান সমিতি। ইয়াৰ বাবে তেওঁ লিখিছিল এটা গীত। যি গীতৰ কথা আছিল এইধৰণৰ- 'ভাষাৰ পতাকা উৰে, হিয়াৰ দুৱাৰ খোলে…' এয়াই তেওঁৰ ভাষাৰ প্ৰতি থকা প্ৰেম আৰু প্ৰেৰণা।
কৃষ্ণকান্ত সন্দিকৈ, ড০ বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ আদি মহীৰূহ সকলৰ শাৰীতেই তেওঁক থোৱা হৈছিল। এই সকল অগ্ৰজক তেওঁ গুৰু দৰে জ্ঞান কৰি ঘৰত আঁৰি থৈছিল মৃত্যু পৰ্যন্ত তেওঁলোকৰ আলোকচিত্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/333ce74f28a-485f-4a0a-824e-9ed3f2d02ab2.jpg)
অসমৰে নহয়, তেওঁ আছিল ভাৰতৰে এজন বাক বিজ্ঞানী। দেৱানন্দ ভৰালী, কালিৰাম মেধি, ড০ বীৰিঞ্চি কুমাৰ বৰুৱাৰ পাছতেই ভাষাতত্ব গৱেষণাত একাণপটীয়াভাৱে লাগি আছিল। ১৯৫৪চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি তেওঁ গুচি গৈছিল এবছৰৰ বাবে পুণেৰ ডেক্কান কলেজলৈ।
তাত ভাষাতত্ব বিষয়ত অধ্যয়ন কৰি গুৱাহাটীলৈ ঘূৰি আহি ১৯৫৬চনত নিউয়ৰ্কৰ ৰকফেলাৰ ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰদান কৰা দুবছৰীয়া ফেল'শ্বিপ লৈ পুনৰ ব্যস্ত হৈ পৰিছিল ভাষাতত্ব আৰু ভাষা বিজ্ঞানৰ অধ্যয়নত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/10101010110f28a-485f-4a0a-824e-9ed3f2d02ab2.jpg)
অসমৰ এখন ঠাই মায়ং। যাদু-মন্ত্ৰৰ দেশ বুলি নাম আছে এই ঠাইৰ। সেই মায়ঙৰে দৈপৰা সত্ৰৰ এটা গৌৰিয় বৈষ্ণৱ পৰিয়ালত জন্ম হৈছিল তেওঁৰ। সেয়া আছিল ১৯২৩চনৰ ১৫ নবেম্বৰ। পিতৃৰ নাম স্বৰ্গীয় পৰমানন্দ গোস্বামী, মাতৃৰ নাম স্বৰ্গীয় দৈময়ন্তি দেৱী। তেওঁলোকৰ ৫টা সন্তানৰ ভিতৰত এওঁ আছিল পেটমচা।
বীৰিঞ্চি কুমাৰ ভট্টাচাৰ্যৰ বিখ্যাত উপন্যাস মৃত্যুঞ্জয়। স্বাধীনতা আন্দোলনৰ পটভূমিত লিখা সেই উপন্যাসৰ নায়ক আছিল মহানন্দ গোস্বামী। মহদা গোঁসাই ৰূপে পৰিচিত এই স্বাধীনতা আন্দোলনৰ নায়ক গৰাকী আছিল তেওঁৰ জ্যেষ্ঠ ভাতৃ। স্বৰ্গীয় দয়ানন্দ গোস্বামী, মোহনচন্দ্ৰ গোস্বামী, গংগা দেৱীৰ পাছতেই জন্ম হৈছিল তেওঁৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/66666664f28a-485f-4a0a-824e-9ed3f2d02ab2.jpg)
৩ বছৰ বয়সতে পিতৃহাৰা হৈ খুৰাক স্বৰ্গীয় উমানন্দ দেৱ গোস্বামীৰ তত্বৱধানত ডাঙৰ-দীঘল হৈছিল। দৈপৰা সত্ৰৰ পৰা ডেৰ মাইল দূৰৰ বঢ়মপুৰ প্ৰাথমিক বিদ্যালয়ত ক, খ শ্ৰেণী পঢ়াৰ পাছতেই পৰৱৰ্তী শিক্ষা লাভৰ বাবে জাগীভগত গাঁৱত থকা মামায়েক ধৰ্মনাথ ঠাকুৰৰ ঘৰলৈ গুচি গৈছিল তেওঁ। তাতেই বাকজাপ প্ৰাথমিক বিদ্যালয়ত পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰে।
১৯৩৫চনত জাগী এম ই স্কুলত নামভৰ্তি কৰি দশম শ্ৰেণীলৈকে সেই বিদ্যালয়তে অধ্যয়ন কৰিছিল। স্বাধীনতা আন্দোলনৰ বাবে এবছৰ শিক্ষাবৰ্ষ হেৰুৱাই ১৯৪৩চনত ৰহা হাইস্কুলত নাম লগাই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/7777777f28a-485f-4a0a-824e-9ed3f2d02ab2.jpg)
চাৰিটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি প্ৰতিযোগিতামূলক বৃত্তিসহ ১৯৪৪চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯৪৬চনত প্রথম বিভাগত কটন মহাবিদ্যালয়ৰ পৰা আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ কটনৰ পৰাই ১৯৪৮চনত স্নাতক ডিগ্ৰী লয়।
১৯৫০চনত দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ প্ৰশিক্ষণ লাভ কৰি ১৯৫৩চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান সহ অসমীয়া বিষয়ত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়।
পুণেৰ ডেক্কাম কলেজৰ সঞ্চালক ড০ সুমিত্ৰ মংগেশকাট্টাৰ তত্বৱধানত গৱেষণা কৰি ১৯৬৭চনত তেওঁ লাভ কৰে ডক্টৰেট ডিগ্ৰী। তেওঁৰ গৱেষণাপত্ৰৰ বিষয় আছিল ষ্টাকছাৰ অৱ আছামিছ লেংগুৱেজ। ১৯৪৮চনৰ পৰা ১৯৪৯চনলৈ এবছৰৰ বাবে কামৰূপ একাডেমীত সহকাৰী শিক্ষক ৰূপেও তেওঁ কাম কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/xxxxa-485f-4a0a-824e-9ed3f2d02ab2.jpg)
শিক্ষকৰ চাকৰি এৰি সাংবাদিক ৰূপেও যোগদান কৰিছিল তেওঁ। ১৯৫০চনৰ ২০ মে'ৰ পৰা ১৯৫৪চনৰ ৩১ জুলাইলৈকে নতুন অসমীয়া বাতৰি কাকতৰ জ্যেষ্ঠ সম্পাদক ৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। সেই বৰ্ষতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা ৰূপে যোগদান কৰি ১৯৬৭চনত ৰিডাৰ, ১৯৭৮চনত অসমীয়া বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব লয়। ১৯৮১চনত তেওঁ জ্যেষ্ঠ প্ৰধ্যাপক ৰূপে আৰু বিভাগৰ মুৰব্বী ৰূপে পদোন্নতি লাভ কৰিছিল। ১৯৮৫চনৰ ১ আগষ্টত অৱসৰ লৈছিল যদিও, তেওঁৰ ভাষা-চৰ্চা ইয়াৰ পাছত জোৰদাৰভাৱে চলিল।
১৯৫৫চনৰ ২ মে'ত উজান বজাৰৰ বাসিন্দা কামাখ্যা নাথ ঠাকুৰৰ জীয়ৰী মামনি দেৱীৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁৰ ৩গৰাকী কন্যা হ'ল ক্ৰমে- ৰিতা গোস্বামী, ৰণা গোস্বামী, ৰূপা গোস্বামী আৰু একমাত্ৰ পুত্ৰ ৰূপনয়ন গোস্বামী।
তেওঁ ৰচনা কৰা মৌলিক গ্ৰন্থসমূহৰ ভিতৰত- ধ্বনি বিজ্ঞানৰ বুৰঞ্জী (১৯৬৬), অসমীয়া বৰ্ণ-প্ৰকাশ (১৯৬৯), অসমীয়া গোলোক ব্যাকৰণঃ প্ৰভূতভাগ (১৯৭২), অসমীয়া আখৰ জোঁটনী (১৯৭২), অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ (১৯৮৭), ভাষা-ভাষনিকা (১৯৯২) আছিল বিশেষভাৱে উল্লেখযোগ্য। ইংৰাজী মৌলিক গ্ৰন্থসমূহৰ ভিতৰত- এন ইন্ট্ৰ'ডাকশ্যন টু আছামিছ ফ'ন'লজি, ষ্ট্ৰাকছাৰ অৱ আছামিছ আছিল বিশেষভাৱে উল্লেখযোগ্য গ্ৰন্থ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/444444ce74f28a-485f-4a0a-824e-9ed3f2d02ab2.jpg)
কেইবাখনো অভিধান তেওঁ প্ৰণয়ন কৰিছিল। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় হিন্দী নিৰ্দেশলায়ৰ পৃষ্ঠপোষকতাত প্ৰস্তুত কৰা হিন্দী-অসমীয়া-ইংৰাজী ত্ৰিভাষিক অভিধান, হিন্দী-অসমীয়া লঘুকোশ, ভাৰতীয় ভাষাকোশৰ উপৰিও তেওঁ অনুবাদ কৰিছিল আনন্দ সাগৰ শ্ৰীকৃষ্ণ, ঈশ্বৰৰ বাণী, ব্যাকৰণ মহাভাষা, যথাৰ্থ প্ৰশ্নঃ যথাৰ্থ উত্তৰ দৰে গ্ৰন্থও।
অসমীয়া ভাষাৰ অনুশীলন, অসমীয়া ব্যাকৰণ প্ৰৱেশ, অসমীয়া ভাষা উচ্চাৰণ, অসমীয়া আখৰ জোটনী সমীক্ষা তেখেতৰ আন কেইখনমান উল্লেখযোগ্য নাম। তেওঁ সম্পাদনা কৰা গ্ৰন্থসমূহৰ ভিতৰত এখন উল্লেখযোগ্য গ্ৰন্থ আছিল শ্ৰী মহানন্দ দেৱগোস্বামীঃ মায়া প্ৰসংগ, পদ্মাৱতী দেৱ ফুকননী, সুধৰ্মাৰ উপষ্যান আদি।
ভাৰত চৰকাৰে গঠন কৰা ওৱান মেম্বাৰ এক্সপাৰ্ট কমিটী অন ট্ৰাইবেল এণ্ড মাইন'ৰ ইণ্ডিয়ান লেংগুৱেজৰো সদস্য আছিল তেওঁ। ট্ৰাইবেল এণ্ড এডভাইছ'ৰী কমিটীৰ সদস্যৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ১৯৬৯চনত। ১৯৮২চনৰ ১৯৮৫চনলৈ তেখেত আছিল সাহিত্য একাডেমীৰ কাৰ্যবাহী সমিতিৰ সদস্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/ce74f28a-485f-4a0a-824e-9ed3f2d02ab2.jpg)
বহু আন্তঃৰাষ্ট্ৰীয়-ৰাষ্ট্ৰীয় আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ লগতে সেই আলোচনাচক্ৰ সমূহত পাঠ কৰা গৱেষণা পত্ৰসমূহ ভাৰতৰ ভাষা বিজ্ঞানীসকলৰ বাবে আছিল ডাঙৰ সম্পদ। অসম সাহিত্য সভাৰ ১৯৮৫চনত অনুষ্ঠিত ভাষা সন্মিলনীৰ সভাপতি আছিল তেওঁ।
অসম সাহিত্য সভাৰ সৰ্বশ্ৰেষ্ঠ সন্মান সাহিত্যচাৰ্য প্ৰদান কৰিছিল তেওঁ। তেতিয়াৰ অসম সাহিত্য সভাৰ সভাপতি হোমেন বৰগোঁহাঞিয়ে প্ৰদান কৰিছিল এই সন্মান। ভাষা আৰু সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবেই হেমচন্দ্ৰ বৰুৱা ন্যাসে তেওঁক প্ৰদান কৰিছিল 'হেমচন্দ্ৰ বৰুৱা ভাষা সাহিত্য সন্মান'।
এই সন্মানৰ সৈতে প্ৰদান কৰা ২ লাখ টকা তেওঁ অসমীয়া ভাষা-সাহিত্যৰ হকে ব্যয় কৰিবলৈ ন্যাসক অৰ্পণ কৰিছিল। যি ধনেৰে ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত অসমীয়া ভাষাৰ বিকাশ আৰু আধুনিক শিক্ষাদানৰ বাবে কম্পিউটাৰ ক্লাছ ৰূম স্থাপনৰ বাবে খৰচ কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/I/41onbHky5LL._SX302_BO1,204,203,200_.jpg)
এয়াই আছিল তেওঁৰ সৰলতা আৰু সততা। ৯৬ বছৰ বয়সত দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত এই বিশিষ্ট ভাষা বিজ্ঞানী তথা মহীৰূহগৰাকীয়ে ২০২০চনৰ ২৪ জানুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰিলে। মহানগৰীৰ কেজিএমটি চিকিৎসালয়ত পুৱা ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
মৃত্যুৰ খবৰ পোৱাৰ পাছতেই জাতীয় জীৱন আৰু মাতৃভাষাৰ উৎকৰ্ষৰ সাধনত জীৱন উৎসৰ্গা কৰা এই মহীৰূহগৰাকীক শেষ বিদায় জনাবলৈ তেওঁৰ বাসগৃহলৈ গুণমুগ্ধৰ সোত বয়। সকলোৱে তেওঁৰ অৱদান, একাগ্ৰতা, নিষ্ঠা আৰু দায়ৱদ্ধতাৰ কথা সশ্ৰদ্ধাৰে সোঁৱৰে বিদায় বেলাত।
শেষ বিদায় জনাবলৈ তেওঁৰ নশ্বৰদেহ অম্বিকাগিৰি নগৰৰ সেউজ সংঘ, অসম সাহিত্য সভালৈ নিয়া হয়। তাৰপাছত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া আৱেলি প্ৰায় ৪ বজাত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় নৱগ্ৰহ শ্মশানত। এনেদৰেই অন্ত পৰিল এক মহাজীৱন। অসমীয়া ভাষালৈ কেতিয়াও সংকট নাহে বুলি আশ্বস্ত কৰা বিশিষ্ট ভাষাবিদ, ভাষাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ এই মৃত্যু অসমীয়া ভাষা-সাহিত্য তথা সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি।