ক্ষোভৰ জুই, মেজিৰ জুই! উচাহহীন নেকি এইবাৰৰ ভোগালী…

ক্ষোভৰ জুই, মেজিৰ জুই! উচাহহীন নেকি এইবাৰৰ ভোগালী…

author-image
asomiyapratidin
New Update
ক্ষোভৰ জুই, মেজিৰ জুই! উচাহহীন নেকি এইবাৰৰ ভোগালী…

♦ ৰাজৰ্ষি চহৰীয়া

Advertisment

এয়া ভোগৰ উৎসৱ ভোগালীৰ সময়। অসমীয়া গ্ৰাম্য সমাজৰ প্ৰতিঘৰ লোকে শইচ চপাই ভঁৰালত ভৰায়। কৃষকৰ শইচেৰে ভঁৰাল উপচি থকাৰ সময় বাবেই মাঘ বিহুৰ নামো ভোগালী বিহু। ভোগালী বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাড়ু, আখৈ আদি মানুহৰ ঘৰে ঘৰে যিদৰে উপচি পৰে, নগৰীয়া জীৱনতো এতিয়া হাতে-বাটে পিঠা-লাড়ু, দৈ, কোমল চাউলৰ হাট। তাৰ হেঁচাতে বহু সময়ত লুকাই যায় বানে উচন কৰা পৰিয়ালৰ চকুলো অথবা পথত তপত আলকটৰা ঢালি পিঠি গলোৱা শ্ৰমিকৰ ঘাম।

যিদৰে উৰুকা বুলিলেই ১৯৯৮চনত নলবাৰী জিলাৰ কেকোৰিকুচিত বিশেষ দুটা উগ্ৰপন্থী গোটৰ নিৰ্মম গুলীয়ে চিন্ন-বিচ্ছিন্ন কৰা ৪টা পৰিয়ালৰ ১৭জনকৈ মানুহ নিধনৰ সেই ৰক্তযজ্ঞ মনলৈ আহে, সেইদৰেই উৰুকাৰ ভোগৰ মাজত হেৰাই যায় জাতীয় আৱেগ তথা ভৱিষ্যৎ জড়িত বহুবোৰ বিষয়। চয়া-ময়া পোহৰত কেতিয়াবা মাথোঁ উভতি চাওঁতে মনলৈ আহে- তেতিয়াৰে পৰা কেকুৰীকুছি গাঁওখনলৈ উৰুকা নাহে। দুই দশকজুৰি গাঁওখনৰ নতুন প্ৰজন্মই ভোগালীৰ উৰুকাৰ ৰূপনো কি তাৰ উম-ঘামেই পোৱা নাই। তথাপি আহে ভোগালীৰ উৰুকা। গুৱাহাটীৰ হোষ্টেলে হোষ্টেলে থকা, বাটে-ঘাটে ৰিক্সা-ঠেলা চলোৱা, ডেকা-ডেকেৰী সকলো গাঁৱৰ প্ৰতি থকা টান, মাটিৰ প্ৰতি থকা মৰম আৰু সমাজ সংস্কৃতিৰ পুৰণি পৰম্পৰাৰ প্ৰতি আগ্ৰহৰ বাবে গাঁওখনলৈ ঢাপলি মেলে। ক্ষন্তেকৰ বাবে হ'লেও আনন্দ-উলাহৰ মাজত পাহৰিবলৈ চেষ্টা কৰে জাতিটোৰ দুৰ্ভোগ অথবা নিজৰ হৃদয়ৰ বেদনা-উন্মাদনাৰ কথা। দুৰ্ভোগৰ মাজেৰেই পাৰ হৈ যায় ভোগালীৰো ভোগৰ উৰুকা।

যি ভোগালী বুলিলেই আজিও আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে উৰুকাত ভেলাঘৰৰ ভোজ আৰু বিহুৰ পুৱা মেজি জ্বলাই দুৰ্ভোগ অৱসানৰ বাবে জনোৱা পাৰ্থনা পৰ্ব। অসমীয়া ডেকাই একেলগ হৈ নৰা, বাঁহ, খেৰেৰে বনাই ভেলাঘৰ আৰু মেজি। উৰুকাৰ আগদিনাখন ওৰেটো নিশা ভেলাঘৰত ভোজ-ভাত খাই, নাচি-বাগি আনন্দ কৰি কটায়। এয়া যে অসমীয়া সমাজৰ জীৱনৰেখা। অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰখাৰ এক উৎসৱ।

কিন্তু পৰিৱেশ-পৰিস্থিতি আৰু আধুনিকতাই চুই যোৱাৰ ফলত যেন সামান্য পৰিমানে হ'লেও হ্ৰাস পাইছে বা সলনি হৈছে ভোগৰ এই উৎসৱটিৰ আনন্দ তথা মাদকতা। ভোগালী বিহুত অসম ভূমিৰ প্ৰতিখন পথাৰতেই পূৰ্বে দেখিবলৈ পোৱা গৈছিল ভেলাঘৰ আৰু মেজি। কিন্তু এইবাৰ মাঘ বিহুত পথাৰবোৰত ভেলাঘৰ আৰু মেজিৰ সংখ্যা হ্ৰাস পাইছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অসমীয়া সমাজে পাহৰিবলৈ আৰম্ভ কৰিছে নিজৰ পৰম্পৰা আৰু ভোগালী বিহুক।

এতিয়াৰ সময়ত এনেকুৱা অনুভৱ হয় যেন, নগৰমুখী হৈছে ভোগালী বিহু আৰু বিহুৰ বজাৰখন। এসময়ত দেউতা-মাৰ সৈতে গাঁৱলৈ গৈ বৰদেউতা-বৰমা, খুৰা-খুৰীয়ে বনোৱা পিঠা-পনা, লাড়ু আৰু যে ক'ত কি খাইছিলো। গাঁৱৰ এমূৰৰ পৰা এপাক মাৰি আন মূৰলৈ গৈ পোৱা মানে এনে লাগে যেন ৫-৬ কেজি শৰীৰৰ ওজন বাঢ়িছে। কাৰণ গাঁৱৰ সকলোৱে জানিছিল বা বুজিছিল যে, গুৱাহাটীতনো ক'ত পাব এইবোৰ। সেয়েহে ৪-৫খনকৈ পিঠা-লাড়ু গুজি দিছিল হাতত।

ল'ৰালিৰ সেই সময়ত গাঁৱৰ লগৰ কেইটাৰ লগতেই ঘূৰি-ফুৰি দেখিছিলো মহানগৰীত কেতিয়াও নেদেখা কিছু দৃশ্য। গাঁৱৰ মহিলাসকলে একলগ হৈ হাঁহি-ধেমালি কৰি সোঁভৰিৰে ঢেঁকীটোৰ এটা মূৰত হেঁচি দিয়া আৰু আন এটা মূৰত গাঁতত সোমাই যোৱা ঢেঁকী থুৰাতো দেখিছিলো প্ৰথমবাৰৰ বাবে। কিন্তু মই বুজি পোৱা নাছিলো যে, এইমাত্ৰ গোটেই গাঁওখনত ভীম সদৃশ পেটটো লৈ দৌৰি দৌৰি খাই অহা পিঠাবোৰৰ আৰম্ভণি যে এই ঢেঁকীটোৱেই। কিন্তু সেই সময়ত মোক সকলো বুজাই দিয়া হৈছিল।

হেঁপাহৰ ভোগালী বিহুত এবাৰ গাঁৱলৈ যোৱাৰ ইচ্ছানো কোনজন অসমীয়াৰ নাথাকে! কিন্তু মহানগৰীৰ স্থায়ী বাসিন্দাসকলৰ প্ৰায়ভাগ পৰিয়ালেই ব্যস্ততাৰ মাজত যাব নোৱাৰে সেই আপোন গাঁওখনলৈ। নোৱাৰে নিজ সন্তানক অসমীয়া ভোগালীত ভোগ কৰা পিঠা-পনাবোৰৰ বাবে প্ৰয়োজনীয় উপাদান পিঠাগুৰি তৈয়াৰ কৰা সেই ঢেকীটোৰে প্ৰত্যক্ষভাৱে চিনাকি কৰি দিবলৈ। হয়তো সেয়েহে মাজে মাজে হৃদয়ত এটা প্ৰশ্ন উত্থাপন হয়- এটা সময়ত বাৰু কিছু সংখ্যক নৱ প্ৰজন্মই বুজি পাবনে ভোগালী বিহু আচলতে কি, ঢেঁকী কি, ভেলাঘৰ কি, মেজি কি, গাঁওখনলৈ গৈ ভোগ কৰা প্ৰকৃত ভোগালী বিহুনো হয় কি?

মহানগৰীত পিঠা-পনা এতিয়া পেকেটত কিনিবলৈ পোৱা হ'ল। এটা পেকেটত ১০-১২খন পিঠা, ৮-১০ লাড়ু ভৰাই থোৱা থাকে। আৰু কিনিবলৈ গ'লে দোকানীয়ে ক'ব- দাদা, পিঠাৰ দাম ৪০০ টকা, লাড়ু ২৫০ টকা। কিন্ত এই দাম শুনি আপোনাৰ মনলৈ পুনৰ আহে কিছু পুৰণি দৃশ্য। এটা সময়ত হিচাব নৰখাকৈ পিঠা-লাড়ু খাই বনৰীয়া হাতীৰ দৰে এঘৰৰ পৰা আন এঘৰলৈ ঘূৰি ফুৰিছিলো। কিন্তু এতিয়া সামান্য ১০খন পিঠাৰ বাবে ৩৫০-৪০০টকা।

কিন্তু লক্ষ্য কৰিবলগীয়া যে, ভোগালী বিহুৰ সময়ত গুৱাহাটী মহানগৰীৰ বজাৰত যথেষ্ট পৰিমানে পিঠা-লাড়ু উপলব্ধ যদিও, গ্ৰাহকৰ ভিৰ সেৰেঙা। মাঘ বিহুৰ সময়ত যে গাঁওখনলৈ গৈ একেলগে ভেলাঘৰ-মেজি জ্বলাই জুই পুওৱা, আপোন গাঁওখনৰ পৰম্পৰাগতভাৱে ঢেঁকীৰ কোবত হোৱা পিঠাগুৰিৰ সেই পিঠা কেইখন খোৱাৰ আমেজ-সোৱাদ মহানগৰীত কৰ্মসূত্ৰে, শিক্ষালাভৰ বাবে অহা ছাত্ৰ-ছাত্ৰী, কৰ্মত নিয়োজিত যুৱক-যুৱতীসকলে ভালদৰেই বুজি পায়। যাৰ ফলত ভোগালীৰ সময়ত মহানগৰীত থাকি যায় কেৱল স্থায়ী বাসিন্দাসকল। যাৰ বাবেই বজাৰত পিঠা-পনা, লাড়ু উপলব্ধ হ'লেও দেখিবলৈ পোৱা নাযায় গ্ৰাহকৰ ভিৰ।

উল্লখ্য যে, এইবাৰ ভোগালী বিহুত প্ৰতিজন অসমীয়াৰ হৃদয়ত আনন্দ-উচাহৰ লগত সংমিশ্ৰিত হৈ আছে ক্ষোভ আৰু শংকা। ভোগৰ এই বিহুৰ লগতে অসমত বলিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ বতাহ। এইবাৰ যে প্ৰতিজন অসমীয়াই পুৱাই গা ধুই মেজি আৰু ভেলাঘৰত অগ্নি সংযোগ কৰি জাতিধ্বংসী এই বিধেয়কখনৰ প্ৰতীকিও জ্বলাই দিব সেয়া প্ৰায় নিশ্চিত।

অসমীয়াই এৰিব নোৱাৰে নিজৰ পৰম্পৰা, সংস্কৃতি। সেয়েহে হয়তো এইবাৰ জাতিৰ প্ৰতি অহা সংকতৰ পাছতো পালন কৰিব এই উৎসৱ। ভেলাঘৰ-মেজি জ্বলোৱাৰ পাছত সমুহীয়াভাৱে সকলোৱে ভোজ ভাত খায়। কিন্তু এইবাৰ যেন সেই ভোজস্থলীত অধিকাংশৰেই আলোচনাৰ বিষয়বস্তু হ'ব এই নাগৰিকত্ব সংশোধনী বিধেয়কখন আৰু অসম-অসমীয়াৰ ভৱিষ্যৎ। আনবোৰ বছৰৰ দৰে এইবাৰ প্ৰতিজন অসমীয়াই মনখুলি ভোগালীৰ উচাহ-আনন্দত মিলিত হ'ব পৰা নাই। কেৱল যেন পৰম্পৰা ৰক্ষা বাবেহে এই ভোগালী বিহু  উদযাপন কৰা হ'ব সমগ্ৰ ৰাজ্যত। কিন্তু অসমীয়াৰ হৃদয়ত উৎসৱৰ সময়ত আনন্দ-উচাহৰ পৰিৱৰ্তে যে ক্ষোভ জমা হৈ আছে, এই বিষয়ে জ্ঞাত নে ৰজাঘৰীয়া?

অসমীয়া মানুহে নিজৰ জাতি আৰু নিজৰ ৰাজ্যখনৰ বাবে কাম কৰা কোনো ব্যক্তিক হৃদয়ত স্থান দিয়ে। কিন্তু স্থান পোৱা ব্যক্তিজনে হয়তো সময়ৰ গতিত পাহৰি যায় যে- জাতি আৰু মাটিৰ হকে কাম কৰাৰ বাবেহে তেওঁক দিয়া হৈছিল এই স্থান। ভোগালী বিহুৱেও যেন এইবাৰ কোনো এগৰাকী ব্যক্তিক প্ৰতিজন অসমীয়াৰ হৃদয়ৰ পৰা আঁতৰাই দিব।

জাতিধ্বংসী এই বিধেয়কখনৰ বাবে ক'ত যে ৰেলী, আন্দোলন, পথ অৱৰোধ কৰা হ'ল। কিন্তু আজি জাতীয় নায়কগৰাকীয়ে জাতি-মাটিৰ প্ৰতি অহা ভাবুকিৰ আগত অসমবাসীয়ে বিচৰাৰ দৰে দৃঢ়তাৰে থিয় দি বিৰোধিতা কৰাৰ সলনি এই বিধেয়কখনক সমৰ্থন কৰা দৃশ্যহে দেখিবলৈ পোৱা গৈছে। যাৰফলত বৃদ্ধি পাই উঠিছে তেওঁক প্ৰতিজন অসমীয়াই পাহৰি যোৱাৰ সম্ভাৱনা। এইবাৰ ভোগালী বিহুত ভেলাঘৰ-মেজি জ্বলাই অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে ৰাজ্যবাসীয়ে এটাই প্ৰাৰ্থনা কৰিব যে- এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে যাতে জাতীয় নায়কগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে এইবাৰৰ দৰে হয়তো প্ৰতিবছৰেই হ্ৰাস পাবলৈ ধৰিব ভোগালী বিহুৰ উছাহ-আনন্দ আৰু বৃদ্ধি পাব অসমীয়াৰ হৃদয়ত ক্ষোভ।