বাঘজানত কি দেখিলো…

বাঘজানত কি দেখিলো…

author-image
asomiyapratidin
New Update
বাঘজানত কি দেখিলো…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

প্ৰচণ্ড জুই আৰু ধোঁৱাই আঁৱৰি আছে আকাশ। চৌদিশে কেৱল হেৰুওৱাৰ আৰ্তনাদ। এনে জুই কোনেও দেখা নাছিল। ঘৰ, প্ৰহৰীয়া জীৱ-জন্তু, সা-সাম্পত্তি হেৰুৱাই সৰ্বহাৰা হোৱা বাঘজানৰ অইলৰ তেলখাদৰ সমীপৰ পৰিৱেশ যি দেখা নাই, তেওঁ কল্পনা কৰিব নোৱাৰে বাঘজানত কি হৈ আছে।

বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ড… (ফটোঃ বিজু বড়ো)

কেনেকৈ জ্বলিল এই জুইঃ

বাঘজানৰ এই অঞ্চলটোত আছে বিশাল তৈলভাণ্ডাৰ আৰু গেছ। এই প্ৰাকৃতিক সম্পদ নিষ্কাষণৰ জৰিয়তে আহৰণ কৰিছিল অইল ইণ্ডিয়া লিমিটেডে। এই অঞ্চলটোত আছে ৫টাকৈ তৈলখাদ। এতিয়া যিটো তৈলখাদত প্রথমে গেছ আৰু কণ্ডেন্স অইল নিৰ্গত হৈছিল, সেই তৈল খাদটো আৱিষ্কাৰ কৰা হৈছিল ২০০৪চনতে।

৫ নম্বৰ তৈলখাদ ৰূপে পৰিচিত এই খাদটোৰ কিছু নিলগতে আছে ডিব্ৰু ছৈখোৱা। তাৰ নিম্নাংশত আছে মাগুৰি বিল। তৈলখাদটোৰ সমীপত আছে বহু লোকৰ বাসস্থান। বাঘজানৰ এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিল যে, অইল ইণ্ডিয়া লিমিটেডে বে-আইনীভাৱে এই স্থানত ৫টাকৈ তৈলখাদত তেল আৰু গেছ আহৰণ কৰি আহিছে।

২৭ মে', ২০২০ৰ পুৱা এই তৈলখাদটোত প্রথমে গেছ নিৰ্গত হৈছিল। ভূগৰ্ভৰ পৰা নিৰ্গত হোৱা এই গেছে সেই সময়ত ভয়াৱহ ৰূপ লোৱা নাছিল। স্থানীয় লোকে ইয়াক এক দুৰ্ঘটনা বুলি সন্দেহ কৰি খবৰ দিছিল স্থানীয় সংবাদমাধ্যমক। কিন্তু অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই সেয়া দুৰ্ঘটনা বুলি ভবা নাছিল।

এনে তৈলখাদসমূহত ভূগৰ্ভত থকা বিভিন্ন স্তৰৰ পৰা গেছ আৰু তেল নিৰ্গমন কৰা হয়। অইল ইণ্ডিয়াৰ এই তৈলখাদটোত গুজৰাটৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে গেছ আৰু তেল নিৰ্গমনৰ কামৰ ঠিকা লাভ কৰিছিল। সেই প্ৰতিষ্ঠানটোৰ নাম আছিল জ'ন এনাৰ্জী।

বাঘজানৰ তৈলখাদৰ সমীপত এছডিআৰএফ-এনডিআৰএফৰ উদ্ধাৰ অভিযান… (ফটোঃ বিজু বড়ো)

ৰিগ বহুৱাই এই তৈলখাদটোত প্ৰথমে গেছ আহৰণ কৰা হৈছিল যদিও পৰৱৰ্তী লেয়াৰত তেলৰ সন্ধানৰ বাবে প্ৰচেষ্টা অব্যাহত আছিল। হঠাৎ গেছ আৰু কন্ডেন্স অইল (ক'ড অইল) নিৰ্গমন হোৱাৰ পাছত তৈলখাদটোৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক আৰু দুৰ্যোগ প্ৰশমনৰ বিভাগৰ কিছু লোক ব্যস্ত হৈ পৰিছিল।

সেই তেলখাদটোৰ সমীপত থকা এটা পানীৰ খুঁটিৰ পৰা কেইবাটাও পাম্পেৰে পানী তাত নিক্ষেপ কৰি সেয়া নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছিল যদিও, প্ৰকৃতাৰ্থত এয়া আছিল এক ব্যৰ্থ প্ৰচেষ্টা। সেই সময়তে অইল ইণ্ডিয়াৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই তেলখাদটোৰ সমীপৰ স্থানত ভৰাই লৈ ইয়াৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি হৈছিল সাধাৰণভাৱে।২৭ মে'ৰ পৰা প্ৰায় ১৩দিন এইদৰে নিয়মমাফিকভাৱে চলি আছিল ইয়াক নিয়ন্ত্ৰণৰ প্ৰচেষ্টা।

এনেদৰেই উদ্ধাৰ অভিযান চলাই গৈছে তেওঁলোকে (ফটোঃ বিজু বড়ো)

কি হৈছিল ৯জুন, ২০২০তঃ

ইমান দিনে বৰষুণ হৈ থকাৰ বাবে এই গেছ আৰু তেল নিৰ্গত হৈ থকা তৈলখাদটোৰ পৰা বিশেষ একো ক্ষতি হোৱা নাছিল যদিও, আতংকিত ৰাইজক স্থানীয় কিছু বিদ্যালয়লৈ আঁতৰাই পঠিওৱা হৈছিল। কিন্তু হঠাৎ ৯ জুন, ২০২০ত প্ৰসৰ ৰ'দৰ পাছত সংঘঠিত হৈছিল অগ্নিকাণ্ড।

ইয়াৰ পূৰ্বে এই তৈলখাদটোৰ পৰা নিৰ্গত হোৱা গেছ আৰু কণ্ডেন্স অইল তৈলখাদটোৰ পৰা প্ৰায় ৫ কিলোমিটাৰ ব্যাসাৰ্ধ অঞ্চললৈ বিয়পি পৰিছিল। আনকি সেইস্থানত থকা চাহ বাগিছা, গছ-গছনি, পথাৰ আদি কণ্ডেন্স অইলৰ তৰপ বহিছিল।

চাহপাতৰ ওপৰতে পৰিছে তেলৰ তৰপ (ফটোঃ বিজু বড়ো)

তাৰপাছত হঠাৎ বিস্ফোৰণ হৈ এই স্থানত ভয়ানক অগ্নিকাণ্ড সংঘটিত হোৱাই নহয়,সেই জুই ৩-৪ কিলোমিটাৰ পৰ্যন্ত বিয়পি পৰিছিল। পূৰ্বতে অইলৰ কণিকা আৰু গেছ জমা হৈ পৰিছিল চৌদিশে আৰু সেই স্থানবোৰত এই স্থানৰ পৰা সংঘটিত অগ্নিকাণ্ড বিয়পি পৰিছিল।

এক ভয়ংকৰ অগ্নিকাণ্ড (ফটোঃ বিজু বড়ো)

কিমান ক্ষয়ক্ষতি হ'লঃ

এই অগ্নিকাণ্ডৰ পৰা হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ টকাৰে মূল্যায়ন কৰিব নোৱাৰি। তৈলখাদটোৰ পৰা নিলগত থকা আন এটা তৈলখাদ অইল কৰ্তৃপক্ষই বন্ধ কৰি দিয়াত সফল হ'ল যদিও এই ৫ নং তৈলখাদটোত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল।

এটা সৰু নলাৰ পৰা ৪-৫ কিলোমিটাৰলৈকে বিয়পি পৰা এই অগ্নিকাণ্ডত জাহ গ'ল বহুতৰ ঘৰ-বাৰী। প্ৰাণৰ মমতাত সেই সকল লোকে ঘৰত থকা বয়বস্তু ঘৰতে এৰি দৌৰি পলায়ন কৰিলে সুৰক্ষিত স্থানলৈ।

জ্বলি চাৰখাৰ হৈছে ঘৰ-বাৰী (ফটোঃ বিজু বড়ো)

ঘটনাস্থলীত গৈ প্ৰত্যক্ষ কৰা দৃশ্যসমূহ আছিল অতি ভয়ানক। পানী থকাৰ পাছতো পথাৰসমূহ জ্বলি শেষ হৈ যোৱাৰ লগতে পানীত বিৰিঙি থকা তেলৰ কণিকা তেতিয়াও জ্বলি আছিল। প্ৰায় ডেৰ কিলোমিটাৰ আঁতৰলৈকে মানুহ যাব পৰা অৱস্থা নাছিল আৰু সেই স্থানৰ উষ্ণতা কেইবা ডিগ্ৰী বৃদ্ধি হৈছিল।

পানী পৰ্যন্তত জ্বলিছে জুই (ফটোঃ বিজু বড়ো)

কিয় এই দুৰ্ঘটনা সংঘটিত হ'ল? কি কয় বিশেষজ্ঞইঃ

কিয় এই দুৰ্ঘটনা সংঘটিত হ'ল? এই সন্দৰ্ভত আমি কথা পাতিছিলো ৰাজ্যৰ এগৰাকী বিশিষ্ট পেট্ৰ'লিয়াম বিজ্ঞানী তথা পেট্ৰ' ফিজিষ্ট ড০ প্ৰদীপ কুমাৰ শইকীয়াৰ সৈতে। উল্লেখ্য যে, সেই স্থানত তেল থকা কথা গৱেষণা কৰা কোম্পানীটোৰ মুখ্য বিজ্ঞানী ৰূপে এইগৰাকী বিশেষজ্ঞই পোহৰলৈ আনিছিল। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত তেখেতৰ সৈতে হোৱা কথোকথনৰ সম্পাদিত ৰূপ এয়া-

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ বাঘজানত যি ঘটনা সংঘটিত হ'ল, সেইটো কিয় হৈছে বুলি ভাবে আপুনি?

ড০ প্ৰদীপ কুমাৰ শইকীয়াঃ এইটো মিছ কেলকুলেশ্যনৰ বাবে হৈছে। যিমান ফৰ্চ তেওঁলোকে কেলকুলেশ্যন কৰি প্ৰস্তুত হৈছিল, তাতকৈ ফৰ্চটো বহু বেছি।ভুলটো এইটোৱে যে, যি ষ্ট্ৰেংথৰ প্লাগ লগাব লাগিছিল, সেই ষ্ট্ৰেংথৰ প্লাগ নলগালে তেওঁলোকে। যাৰ ফলত সেই প্লাগটো লীক কৰি, প্লাগটো ডেমেজ কৰি দিলে প্ৰথম অৱস্থাত। আৰু বিঅ'পি খোলাৰ আগত অইলৰ সাধাৰণ এটা নিয়ম থাকে যে, বিঅ'পিটো খোলাৰ আগত যিটো মিটাৰ থাকে, সেইটো চেক কৰিব লাগিছিল। তেওঁলোকে যিকেইটা চিমিন প্লাগ লগাইছিলে, সেইকেইটা কেনেকৈ প্লেচ কৰিলে নাজানো। মই ঠিক নেগলিজিয়ান্স বুলি নকওঁ, কিন্তু তেওঁলোকে প্ৰেছাৰটো আণ্ডাৰেষ্টিমেট কৰিলে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ যিটো তেলৰ খাদ আছে, সেই খাদটো আৱিষ্কাৰ কৰাৰ সময়ত আপুনিও তাত কাম কৰিছিল নেকি?

ড০ প্ৰদীপ কুমাৰ শইকীয়াঃ সেই সময়ত ছায়েন্টিফিক ষ্টাডিছৰ কন্ট্ৰেক দিছিলে অইলে হেলিবাৰ্টান এছিয়াক। আৰু সেই হেলিবাৰ্টান এছিয়াত ছিনিয়ৰ ছায়েন্টিছ হিচাপে মই নিজেই তালৈ গৈছিলো। ২০০৫ত যেতিয়া আৱিষ্কাৰ হয়, তেতিয়া মেইন ছায়েন্টিভিক ষ্টাডি যিটো কৰা হয় সেইটো মই কৰিছিলো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ এই সমগ্ৰ ঘটনাক নিয়ন্ত্ৰণ কৰাৰ বাবে আপুনি অইল কৰ্তৃপক্ষৰ সৈতে কথা পাতিছিল নেকি?

ড০ প্ৰদীপ কুমাৰ শইকীয়াঃ মই ২ জুনত এটা লিখা আপডেট দিছিলো। সেই আপডেটটো অইল কৰ্তৃপক্ষ মিষ্টাৰ মিশ্ৰক কোৱা হৈছিল আৰঅবি ছাৰৰ থ্ৰ'ইদি। অসমীয়া অফিচাৰ এজনৰ থ্ৰ'ইদিয়ে মিষ্টাৰ মিশ্ৰক কোৱা হৈছিল। আৰু কোৱা হৈছিল যে ড০ শইকীয়া ছাৰে প্ৰয়োজন হ'লে সহায় কৰিব বিচাৰে। আপোনাৰ লগত কথা পাতিব বিচাৰে। মোক তৃতীয় পক্ষই কোৱা মতে। তেতিয়া মিশ্ৰই ক'লে যে, ঠিক আছে বাৰু সময় হ'লে কথা পাতিম। কিন্তু কথা নাপাতিলে। আৰু ২ তাৰিখৰ পৰা মই একো নামাতিলো বিশেষ।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ দেখা পোৱা হৈছে যে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ছিংগাপুৰৰ পৰা বিশেষজ্ঞৰ দল আনিলে। কিন্তু আপুনি কি ভাবে? কিধৰণে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা গ'লে হেঁতেন?

ড০ প্ৰদীপ কুমাৰ শইকীয়াঃ ছিংগাপুৰৰ বিশেষজ্ঞই যি কেইটা পইন্ট ইনিচিয়েলি দেখাইছে, তাৰমানে কালি অইলৰ মুখপত্ৰই যি কেইটা ইছ্যু দেখাইছে,সেইকেইটা ইছ্যু ভাৰতৰ বিশেষজ্ঞয়ো দেখাব পাৰিলে হয়। অ যদি ইকিউপমেন্টবোৰ লৈ আৰু আগলৈ আগবাঢ়ে তেতিয়া বেলেগ কথা। কিন্তু কালি যি কেইটা পইন্ট তেওঁলোকে দিলে, সেইকেইটা মই ভাবো ভাৰততো বিচাৰিলে বিশেষজ্ঞ পালেহেঁতেন। আনকি ময়ো আগবাঢ়ি আহিব পাৰিলোহেঁতেন। জুইৰ ক্ষেত্ৰত মই বিশেষজ্ঞ নহয়, মই ফিজিক্সৰ মানুহ। বিশ্বৰ বিভিন্ন দেশত আমিও তেনেকুৱা পৰিস্থিতি কিছুমান পূৰ্বতে ফেচ কৰি আহিছো। তেনেকুৱা ব্ল'আউট পাই আহিছো। নিশ্চয় কিছুমান অভিজ্ঞতা আমি শ্বেয়াৰ কৰিব পাৰিলোহেঁতেন। হ'লেও বিশেষজ্ঞ সদায় বিশেষজ্ঞই। তেওঁলোকৰ যিটো কোম্পানী ডিজাষ্টাৰ এলাৰ্ট কোম্পানীটো সঁচাকৈ ফেমাচ।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ এটা কথা কোৱা হৈছে যে, যিসময়ত জুই লগা নাই, সেই সময়তে গেছ বা ক'ড অইল বিয়পি পৰিছে বিভিন্ন অঞ্চললৈ। সেইখিনি প্ৰতিৰোধ কৰা হ'লে আজি এই ধৰণৰ ডেমেজ নহ'লহেঁতেন।

ড০ প্ৰদীপ কুমাৰ শইকীয়াঃ আচলতে সেইটোৱে পইন্ট মই তেওঁলোকক ক'বলৈ বিচাৰো। পৰহি আহি বিশেষজ্ঞয়ো সেইটোৱে কৈছিলে। অইলৰ প্রথমখন মুখপত্ৰ দিনত উলিয়াইছিলে তাত কৈছিলে যে ইগনাইড দ্য ৱেল। তাৰমানে ৱেলটো জ্বলাই দিয়া। আমিও এইটোৱে কৈছিলো যে ৱেলটো জ্বলাই দিব। নিয়ন্ত্ৰণ যেতিয়া কৰিব নোৱাৰা ৱেলটো জ্বলাই দিয়ক। গতিকে তেতিয়াই যদি জ্বলাই দিলেহেঁতেন তেন্তে পেট্ৰ'ল বা গেছ দূৰলৈ বিয়পি নপৰিলহেঁতেন। প্ৰদূষণো নহ'লহেঁতেন। প্ৰদূষণৰ লগতে গছে-বনে যি চিটিকণি পৰিছে সেই চিটিকণিবোৰ নপৰিলেহেঁতেন। হয় ক'লা ডাৱৰে আঁৱৰিলে হেঁতেনে কিছুদিন টেম্পৰেলি। কিন্তু গছে-বনে, খাল-পুখুৰীত তেল জমা হ'ল সেইটো নহ'লহেঁতেন।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ এতিয়া সমগ্ৰ পৰিস্থিতিটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়? কি ভাবে আপুনি?

ড০ প্ৰদীপ কুমাৰ শইকীয়াঃ চাওঁক, নিয়ন্ত্ৰণ মানে ৱেলটো ডিফিউজ বা ৰিলিজ কৰিব লাগিব। আৰু বাকী যিবোৰ চামনি পৰিলে সেইবোৰ কেমিকেলেৰে আঁতৰাব লাগিব। আন কোনো উপায় নাই।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কিমান সময়ৰ প্ৰয়োজন হ'ব?

ড০ প্ৰদীপ কুমাৰ শইকীয়াঃ জুই যদি তাত জ্বলিয়েই থাকে এনেদৰে তেন্তে কিমান দূৰৰ পৰা ডিফিউজাৰ ৱেল খান্দিব লাগিব তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব। জুই নজ্বলা হ'লে ধৰি লওঁক আধা কিলোমিটাৰ ডিফিউজাৰ ৱেল খান্দিব লাগিলহেঁতেন। কিন্তু জুই জ্বলি থাকিলে ২ কিলোমিটাৰ মান দূৰৰ পৰা ডিফিউজাৰ ৱেল খান্দিব লাগিব। গতিকে ৱেলটো ড্ৰিল কৰোতে দীঘলীয়া সময় লাগি যাব।

৫ কিলোমিটাৰ দূৰলৈকে ধ্বংস হৈছে জৈৱ-বৈচিত্ৰঃ

এই তৈলখাদটোৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে কিধৰণৰ জীৱ জন্তুৰ মৃত্যু হৈছে সেই দৃশ্য নেদেখিলে অনুমান কৰিব নোৱাৰি। সৰু সৰু কীট পতংগ আধা পুৰা হৈ পৰি আছে সেই অঞ্চলত। কেৱল এয়াই নহয় শিহুৰো মৃত্যু হৈছে এই দুৰ্ঘটনাৰ পাছত।

জুইত জ্বলি গৈছে বহু কীট-পতংগ (ফটোঃ বিজু বড়ো)

পৰিৱেশ সম্পূৰ্ণ ৰূপে বিনষ্ট হৈ গৈছে এই অঞ্চলত । প্ৰচণ্ড জুই জ্বলি আছে আজিও। বিস্ফোৰণ হোৱাৰ দিনা ক'লা ডাৱৰে আঁৱৰি ধৰিছিল আকাশ।

জলচৰ জীৱও এনেদৰে জ্বলি গৈছে বাঘজানৰ তৈলখাদৰ অগ্নিকাণ্ডত (ফটোঃ বিজু বড়ো)

ঘৰচীয়া জীৱ জন্তুৰ মৃত্যু হৈছে এই অগ্নিকাণ্ডত। অতি কষ্টৰে সংগ্ৰহ কৰা কিছু দৃশ্য দেখিলে বুজিব আচলতে তাত হৈছিল কি। জীৱ-জন্তুৰ মৃতদেহ পৰি আছে অ'ত ত'ত। সেই স্থানলৈ আজিও যাবলৈ দিয়া হোৱা নাই মানুহক।অগ্নিনিৰ্বাপণ কৰিবলৈ যোৱা এজন লোকৰ ভাষ্য অনুসৰি তৈলখাদটোৰ সমীপত বহু জীৱ-জন্তু ছাই হৈ পৰি আছে।

বহু পোহনীয়া জীৱৰ প্ৰাণ হানি (ফটোঃ বিজু বড়ো)

বাঘজানৰ এই তৈলখাদটোৰ পৰা আমি কিছু নিলগলৈ গৈ প্ৰত্যক্ষ কৰিছিলো এক ভয়ানক দৃশ্য। এজন লোকৰ এটা পুখুৰীত সেই তৈলখাদটোৰ পৰা উফৰি অহা ক'ড অইলৰ কণিকা ভৰি আছিল। আৰু তাত মৰি আছিল এটা সাপ। এইদৰেই জীৱকুল ধ্বংস হৈছে এই তৈলখাদটোৰ চৌদিশে।

পানীতেই এনেদৰে মৰি ৰৈছে সাপ (ফটোঃ বিজু বড়ো)

কেৱল এয়াই নহয়, এই তৈলখাদটোৰ পৰা নিলগত থকা কিছু পকী বাট-পথৰ আলকতাৰ গলি গৈছে। ক্ষুদ্ৰ ক্ষুদ্ৰ জৈৱ বৈচিত্ৰৰে ভৰা মাগুৰি বিলত কি ক্ষতি হৈছে সেয়া আপুনি কল্পনাই কৰিব নোৱাৰে। আনকি পানীত থকা ভেকুলীৰো মৃত্যু হৈছে।

কিমান যে ভয়ংকৰ এই ঘটনা! ভেকুলী পৰ্যন্ত নাথাকিল জীয়াই (ফটোঃ বিজু বড়ো)

কি কয় স্থানীয় পৰিৱেশ কৰ্মীয়েঃ

এই অঞ্চল আছিল অতিকৈ সংবেদনশীল। জীৱ বৈচিত্ৰৰে ভৰা এই অঞ্চলত আছিল বিলুপ্ত প্ৰজাতিৰ বহু চৰাই। মাগুৰি বিলৰ যি গ্ৰাছলেণ্ড অঞ্চল আছিল সেয়া সম্পূৰ্ণ ছাই হৈ গৈছে। ইতিমধ্যে এই অবৈধ তৈলখাদটোৰ বিৰুদ্ধে ৰাইজে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই সন্দৰ্ভত স্থানীয় এজন পৰিৱেশ কৰ্মী নিৰন্তৰ গোঁহাইয়ে কয়- আমি বাৰে বাৰে এই অবৈধ তৈলখাদৰ বিৰোধিতা কৰি আহিছিলো যদিও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে। লগতে তেওঁ কয় কিমান ক্ষতি হৈছে এই জুইৰ পাছত এই জৈৱ বৈচিত্ৰৰ।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কি কি ক্ষয়ক্ষতি হৈছে?

নিৰন্তৰ গোঁহাইঃ য'ত এই খাদটো আছে তাৰ চাৰিওটা দিশ জৈৱবৈচিত্ৰৰ ভাণ্ডাৰ হয়। দিব্ৰুচৈখোৱা হ'ল আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় উদ্যান। আৰু ইয়াৰ ১০০ মিটাৰ কাষতে আছে মাগুৰি গ্ৰাছলেণ্ড। এই মাগুৰি গ্ৰাছলেণ্ড বিখ্যাত কেইটামান দুষ্প্ৰাপ্য চৰাইৰ কাৰণে। ইয়াত থকা ৪টা দুষ্প্ৰাপ্য চৰাইৰ ভিতৰত ব্লেক বেৰিষ্টেট, পেৰ'ট বিল, মাৰ্ছ বাবলাৰ, জৰ্ডান বাবলাৰ আৰু ছোৱামপিনিয়া। ইয়াৰোপৰি অসংখ্য দুষ্প্ৰাপ্য চৰাইৰ এয়া বসতিস্থল। সেই চৰাইবোৰে কণী পাৰিছিল, পোৱালি জগাইছিল।কিন্তু সেই সকলোবোৰ জ্বলি গৈছে। কেৱল চৰাইয়ে নহয়, ইয়াত বনৰীয়া ম'হ, লেপাৰ্ড আছে। আটাইবোৰ জ্বলি চাৰখাৰ হ'বলৈ গৈ আছে। আৰু ইয়াৰে যি জলভাণ্ডাৰ আছে, সেইটো পৃথিৱীৰ ভিতৰতে চহকী ৱাটাৰ ব'ডী। আৰু এইটো হৈছে শ্ৰম এৰিয়া। ডলফিন মৰিছে, বহু ডাঙৰ ডাঙৰ কাছ, অজগৰ আৰু অসংখ্য জলস্বৰ প্ৰাণী আছে। কিন্তু চৌদিশ বিষাক্তহৈ গৈছে বাবে এই জীৱ-জন্তু মৰিছে। আৰু ইয়াৰ আশে-পাশে যিবোৰ গাঁও আছে এই কেইখন হ'ল মটক-মৰাণ জনগোষ্ঠীৰ মুল বসতি অঞ্চল। এই বসতি অঞ্চলক অইল ইণ্ডিয়াই ভাঙি থান-বান কৰি দিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে, য'ত খাদটো আছে, এই খাদটো ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৭৬০ মিটাৰ দূৰত্বত অৱস্থিত। যিহেতু নীতিগতভাৱে এনে উদ্যানৰ ১ কিলোমিটাৰ দূৰত্বলৈ এনেকুৱা পলিউটেড ইণ্ড্ৰাষ্টী থাকিব নোৱাৰে। গতিকে অইল ইণ্ডিয়াই কেনেকৈ ইয়াত প্ৰতিষ্ঠা হ'ল? এইটো অবৈধভাৱে প্ৰতিষ্ঠা হ'ল। আৰু বন বিভাগে গোটেইবিলাক জানে। ইক' ছেনচিটিভৰ প্রথমটো কন্সাৰ্ণ হ'ল বন বিভাগ। বন বিভাগে গোটেইবোৰ জানিও তেওঁলোকক ছাইলেন্টলী এইবোৰ ধ্বংস কৰিবলৈ তেওঁলোকক সুবিধা কৰি দিছে। বন বিভাগ বন সংৰক্ষণৰ বাবেহে আছে, ডিব্ৰু ছৈখোৱাৰ কৰ্তৃপক্ষ আছে ডিব্ৰু ছৈখোৱাক বচাবৰ কাৰণে। ডিব্ৰু ছৈখোৱাৰ কৰ্তৃপক্ষ আৰু অসমৰ কেইজনমান আই এফ এছ বিষয়াৰ তত্বাৱধানত অইল ইণ্ডিয়াক ধ্বংসৰ কাৰণে এৰি দিয়া হৈছে। আৰু ধ্বংসৰ ক্ষেত্ৰত পলিউশ্যন বৰ্ডৰো অৰিহণা আছে। আৰু গণ শুনানি অনুষ্ঠিত নকৰাকৈয়ে খাদবোৰ চলি আছে। তাৰ কাৰণে পলিউশ্যন কন্ট্ৰল বৰ্ড দায়ী। আৰু বন বিভাগ দায়ী এই কাৰণেই যে ধ্বংস চলাবলৈ গোটেইখিনি অইল ইণ্ডিয়াক বন বিভাগে কৰি দিছে। বন বিভাগ সংৰক্ষণৰ কাৰণেহে আছে, আৰু এতিয়া ধ্বংসৰ ৰূপ লৈছে। আমি আচৰিত হৈছো। চৰকাৰক আমি দাবী জনাই আহিছো বাৰম্বাৰ যে, এটা উচ্চপৰ্যায়ৰ তদন্ত কমিটী গঠন কৰিব লাগে। চৰকাৰে কিন্তু কোনো ধৰণৰ তদন্ত কমিটী গঠন কৰা নাই। বন্যপ্ৰাণীৰ ছাৰ্ভে'ৰ কাৰণে, ইনভেষ্টিগেশ্যনৰ কাৰণে এখন সমিতি গঠন কৰি দিছে। শুনিছো যে এম কে যাদৱ নামৰ যিজন চীফ তেওঁক ইনছাৰ্জ বনাইছে। আৰু আমি যিমানখিনি জানো যে,এম কে যাদৱৰ নেতৃত্বতেই ডিব্ৰু ছৈখোৱা ইক' ছেনছিটিভ জ'নটো ১০ কিলোমিটাৰৰ পৰা কমাই আনি শূন্য কিলোমিটাৰ কৰি পেলাৱো হৈছে…।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ পি আই এল দাখিল কৰা হৈছে নেকি?

নিৰন্তৰ গোঁহাইঃ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ পি আই এলখনত কি উল্লেখ কৰিছে আপোনালোকে?

নিৰন্তৰ গোঁহাইঃএই খাদটোৰ পৰা পাৰ্শ্বৱৰ্তী অঞ্চলৰ ব্যাপক ক্ষতি হৈছে। ক্ষতিপূৰণ আৰু জৈৱ বৈচিত্ৰৰ ওপৰত বিচাৰ। এখন উচ্চপৰ্যায়ৰ তদন্ত কমিটীৰ দাবী কৰিছো। সমগ্ৰ বিষয়বোৰক সামৰি।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ এই খাদটো কেতিয়াৰ পৰা চলি আছে?

নিৰন্তৰ গোঁহাইঃ এইটো ২০০৪চনৰ পৰা। কিন্তু প্ৰথমে এইটো তেল খাদহে আছিল। পাছলৈ তেওঁলোকে গেছ খাদলৈ এইটো ৰূপান্তৰিত কৰে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ইয়াৰ সমীপত আৰু কেইটা খাদ আছে?

নিৰন্তৰ গোঁহাইঃএই অবৈধ খাদবোৰৰ বিৰুদ্ধে আমি বহু প্ৰতিবাদ কৰি আহিছো। কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে। অইল ইণ্ডিয়াই চৰকাৰী আইনবোৰ উলংঘা কৰিছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কোনবোৰ নিয়ম উলংঘা কৰিছে?

নিৰন্তৰ গোঁহাইঃ তেওঁলোকৰ এনভাইৰ'মেন্টেল ক্ৰেয়ান্স নাই, তেওঁলোকে গণ শুনানি অনুষ্ঠিত কৰা নাই। আৰু এইটো হ'ল ডিব্ৰু ছৈখোৱাৰ ১ কিলোমিটাৰ ৰেষ্ট্ৰিকটেড এৰিয়া। কিন্তু আইনগতভাৱে কেতিয়াও এইটো অনুমোদিত নহয়। তেওঁলোকে ৭৬০ মিটাৰ দূৰত্বত এই খাদটো প্ৰতিষ্ঠা কৰিছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ দেখা গৈছে এইখন বিলত যথেষ্ট জৈৱ বৈচিত্ৰ আছিলে…

নিৰন্তৰ গোঁহাইঃ এইখন মাগুৰি মতাপুং বিল। এই পৃথিৱীৰ বিখ্যাত পখীৰ আৱাসস্থল। এতিয়া এইবোৰ জ্বল ছাই হৈ গৈছে। আৰু ইয়াত থকা লাখ লাখ ক্ষুদ্ৰ জীৱ-অনুজীৱ ধ্বংস হৈ গৈছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ইয়াত থকা গ্ৰাছলেণ্ড এৰিয়া এই জুইত জাহ গৈছে…

নিৰন্তৰ গোঁহাইঃ য'ত এই ঘটনা সংঘটিত হৈছে তাৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সকলো জ্বলি চাৰখাৰ হৈ গৈছে। আৰু ওচৰচুবুৰীয়া লোকসকলৰ ইয়াৰ পৰা ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে।এই জুইকুৰা ইমানেই ডাঙৰকৈ জ্বলিছে যে গোটেই পৃথিৱীত ইয়াৰ পোহৰ পৰিছে। ইয়াত ১০কিলোমিটাৰ দূৰত্বৰ ভিতৰত বে-আইনীভাৱে অবাধ গতিত অসম চৰকাৰ, বন বিভাগৰ সহযোগিতাত বহু দুষ্কাৰ্য কৰি আছিল। এই সকলোবোৰ পোহৰাই তুলিছে। গোটেই পৃথিৱীত এই কথাবিলাক জনাই দিছে। গতিকে আপোনালোকে যিমান লুকুৱাই থ'বলৈ চেষ্টা কৰিলেও লাভ নাই। সেই কাৰণে জনতাৰ মুখলৈ আহক। ৰাইজৰ আগত স্পষ্ট কৰক প্ৰকৃততে যে আপোনালোকে বন সংৰক্ষণ কৰিব বিচৰা নাই। আৰু যদি বিচাৰে এতিয়াৰ পৰা স্পষ্টভাৱে কৈ দিয়ক। কিন্তু নাটক নকৰিব অনুগ্ৰহ কৰিছো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ আপোনালোকে পিআইএল আজি দাখিল কৰিলে?

নিৰন্তৰ গোঁহাইঃ ১৪ দিন অতিক্ৰম কৰাৰ পাছত আমি মহামান্য আদালতৰ কাষ চাপিলো। থলুৱা লোকসকলৰ যিখিনি ক্ষতি হ'ল তাৰ বাবে উচিত প্ৰাপ্য পাব লাগিব। আৰু যিখিনি জৈৱ বৈচিত্ৰৰ ক্ষতি হৈছে সেই জৈৱ বৈচিত্ৰৰ ক্ষতিৰ পৰিণাম ভূগিব লাগিব। আৰু আমি এইবোৰ তদন্তৰ আওতালৈ এইবাবেই আনিব বিচাৰিছো যে ইয়াত কেইবাটাও বিভাগ অইল ইণ্ডিয়াৰ দুষ্কাৰ্যৰ সৈতে জড়িত হৈ আছে। তদন্তৰ পাছতহে এই কথাখিনি পোহৰলৈ আহিব। আমি আশা কৰিছো খুব কম সময়ৰ ভিতৰত আদালতে জনতাক এটা উচিত সিদ্ধান্ত দিব। আৰু উচিত প্ৰাপ্যখিনি প্ৰদান কৰিব জনতাক।

কোনে দিছিল এই অবৈধ তৈলখননৰ অনুমতিঃ

ডিব্ৰু ছৈখোৱা আৰু মাগুৰি বিলৰ পৰা ইক' ছেনছিটিভ জ'নৰ ভিতৰত এই তৈলখননৰ অনুমতি দিছিল বন বিভাগে। জানিব পৰা মতে, উক্ত স্থানত কোনো পধ্যেই তৈলখনন কৰিব নোৱাৰে অইল ইণ্ডিয়াই। ডিব্ৰু ছৈখোৱা ইক' ছেনছিটিভ জ'নৰ পৰা মাত্ৰ ৭৬০ মিটাৰ দূৰৈত অৱস্থিত এই তৈল খাদটো।তেনেস্থলত ইয়াত তৈলখননৰ অনুমতি যে অবৈধ আছিল সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই।

এতিয়া প্ৰশ্ন উঠিছে- এই অগ্নিকাণ্ড সংঘঠিত হোৱাৰ পাছত ধ্বংস হোৱা এই জৈৱ বৈচিত্ৰতাৰ দায়িত্ব ল'ব কোনে? প্ৰকৃতি প্ৰেমীয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে কিয় তেওঁৰ গৃহজিলাতেই হ'ল এই অৱস্থা?

জুইর তাপত গলি গৈছে পকী পথৰ আলকতৰা (ফটোঃ বিজু বড়ো)

গোচৰ ৰুজু অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে

অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ। অপূৰ্ব পল্লৱ গোস্বামীয়ে ৰুজু কৰা এই গোচৰ অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সম্পাদক ছত্তীশ চন্দ্ৰ মিশ্ৰ, জ'ন এনাৰ্জী গ্ৰীণ বাঘজানৰ মুখ্য বিষয়া আৰু অইল ইণ্ডিয়াৰ গ্ল'আউট প্ৰিভেন্টাৰৰ দায়িত্বত থকা বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা হৈছে।

২৯/২০২০ নম্বৰৰ জামিনবিহীন এই গোচৰ দি দাখিল কৰা এজাহাৰত পৰিৱেশ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব পল্লৱ বৰুৱাই উল্লেখ কৰিছে যে, তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিব্ৰু ছৈখোৱাৰ বাঘজানত ২৭ মে'ত অই ইণ্ডিয়াৰ ঠিকাদাৰ কোম্পানী গুজৰাটৰ জ'ন এনাৰ্জীয়ে অঞ্চলটোত ড্ৰিলিং কৰি থাকোতেই বিস্ফোৰণ ঘটি অঞ্চলটোত বিষাক্ত গেছ আৰু তৈলজাত পদাৰ্থৰে পৰিৱেশ প্ৰদূষিত কৰে।

এই স্থানত হোৱা অগ্নিকাণ্ড আৰু এনে প্ৰদূষণৰ ফলত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ, জলবায়ু, জীৱ জন্তুৰ মৃত্যু ঘটাৰ কথা উল্লেখ কৰি এই অঞ্চলত গেছ নিৰ্গত হোৱাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ কথা উল্লেখ কৰিছে এজাহাৰখনত।

অই ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ এফ আই আৰ

মেনেজ কৰাত ব্যস্ত অইল কৰ্তৃপক্ষ

এই দুৰ্যোগৰ পাচতো গাত কথা নলগা অইল কৰ্তৃপক্ষই এই এজাহাৰ দাখিল কৰা ব্যক্তি তথা কিছু সংবাদমাধ্যমৰ লোকক মেনেজ কৰাৰ চেষ্টা চলাইছে। গোস্বামী উপাধিধাৰী এজন অইল ইণ্ডিয়াৰ সঞ্চালক আৰু অইল ইণ্ডিয়া কোম্পানীৰ মুখ্য পৰিচালন সঞ্চালকে এজন ঠিকাদাৰ ৰূপে দালালৰ জৰিয়তে এই ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে। আনকি ইয়াৰ বাবদ ধনৰ লেনদেন কৰাৰো প্ৰয়াস কৰিছে এই চক্ৰটোৱে। কিন্তু কথা হ'ল অইল কৰ্তৃপক্ষই এই ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলক পৰ্যাপ্ত সা সুবিধাৰ দিয়াৰ পৰা বঞ্চিত আছে।

কি দেখিলো আশ্ৰয় শিবিৰতঃ

এই স্থানৰ পৰা সুৰক্ষিত স্থানলৈ নিয়া হৈছে ৩ সহস্ৰাধিক লোকক। প্রথমে সেই লোকসকলক এখন বিদ্যালয়ত ৰখা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকক বাঘজান এম ই স্কুল, বান্দৰকাটি এল পি স্কুল, বান্দৰকাটি এম ই স্কুল, বান্দৰকাটি হাইস্কুল, জফাইচুক এল পি স্কুল, কৰদৈ এম ই স্কুল, কৰদৈ হাইস্কুল, কৰদৈ ক্ৰীড়া সংঘ আদি স্থানলৈ স্থানান্তৰিত কৰা হয়। কিন্তু আশ্ৰয় শিবিৰত থকা সকলে পোৱা নাই ন্যূনতম সা সুবিধা।

আশ্ৰয় শিবিৰত এওঁলোকে পোৱা নাই ন্যূনতম সা-সুবিধা (ফটোঃ বিজু বড়ো)

মহৰ কামোৰ খাই এই আশ্ৰয় শিবিৰত দিন ৰাতি কটাইছে আতংকিত লোকসকলে। জানিব পৰা মতে, আই আশ্ৰয় শিবিৰত ৩০ৰো অধিক সন্তান সম্ভৱা মহিলা আছিল। তেওঁলোকেও পৰ্যাপ্ত সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আনকি উত্তেজিত স্থানীয় লোকে এই স্থানত অগ্নিনিৰ্বাপন কৰিবলৈ যোৱা এক দলকো আক্ৰমণৰ লক্ষ্য কৰাৰ চেষ্টা কৰিছিল।

কেনেকৈ এই জুই নিয়ন্ত্ৰণ কৰিবঃ

এই জুই নিয়ন্ত্ৰণ কৰিবলৈ ছিংগাপুৰৰ পৰা অনা হৈছে বিশেষজ্ঞৰ দল। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পৰা পানী তৈলখাদটোৰ সন্মুখত জমা কৰিবলৈ কেইবাটাও পাম্প বহুওৱা হৈছে। খন্দা হৈছে এই তৈলখাদটোৰ সমীপতে এটা পুখুৰী সদৃশ বৃহৎ আকাৰৰ খাল।

জুই নিৰ্বাপনৰ চেষ্টা। ব্যৱহাৰ কৰিছে পানীৰ পাম্প (ফটোঃ বিজু বড়ো)

এই জুই নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ নিদিলে ১৫-২০ দিন লাগিব বুলিজানিব দিছে ছিংগাপুৰৰ বিশেষজ্ঞৰ দলটোৱে। উল্লেখ্য যে, অসমত থকা বিশেষজ্ঞসকলে তেওঁলোকক প্ৰথমেই সেই স্থানত গেছ নিৰ্গত হোৱাৰ সময়ত সেই গেছ আৰু তেলসমূহ যাতে বিয়পিব নোৱাৰে তাৰবাবে ব্যৱস্থা গ্ৰহণৰ কথা কৈছিল। কিন্তু এই কথা গুৰুত্ব দিয়া নাছিল অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই।

১৯৯৫চনত সংঘটিত হৈছিল অনুৰূপ কাণ্ড। ইয়াৰ পূৰ্বে অসমৰ ডিকমত এই ধৰণৰ অগ্নিকাণ্ড সংঘটিত হৈছিল যদিও বাঘজান সদৃশ কাণ্ড সংঘটিত হৈছিল অ এন জি চিৰ এটা খাদত। অন্ধ্ৰপ্ৰদেশৰ আলাৱাড়ামত থকা এই খাদটোত গেছ আৰু তেল নিৰ্গত হৈছিল ১৯৯৫চনৰ ৮জানুৱাৰীত।

২০০ মিটাৰ উচ্চতালৈকে উঠিছিল সেই জুই। সমীপৱৰ্তী ৭খন গাঁৱৰ ১৫০০গাঁওবাসীক আঁতৰাই নিব লগা হৈছিল সুৰক্ষিত স্থানলৈ। কিন্তু এই জুই নিৰ্বাপন কৰিবলৈ তেতিয়া প্ৰয়োজন হৈছিল প্ৰায় তিনি মাহৰো অধিক সময়।

টেলিস্কপিক ড্ৰিলিঙৰ জৰিয়তে এই খাদৰ গভীৰতালৈ গৈ খাদটোৰ মুখ বন্ধ কৰি এই জুই নিৰ্বাপন কৰিব লগা হৈছিল। ইয়াৰ বাবে যথেষ্ট পৰিকল্পনা কৰিব লগা হৈছিল অ এন জি চিয়ে। এই ধৰণৰ ঘটনাৰাজীৰ ওপৰত অধ্যয়ন কৰা এগৰাকী বিশেষ অভিযন্তাৰ মতে ইয়াৰ বাবে প্রথম এই খাদটোৰ চৌদিশে ৱাটাৰ আমব্ৰেলা প্ৰস্তুত কৰিব লাগিব। তাৰপাছত বিটানাইড কৰি বিস্ফোৰণ কৰিলে বা কাৰ্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰিলে এই জুইৰ প্ৰাবল্য কমাৰ পাছত কেপিং কৰি ইয়াক ঢাকি দিলেহে এই অগ্নিকাণ্ড নিয়ন্ত্ৰিত হ'ব।

উদ্ধাৰ অভিান এছডিআৰএফ-এনডিআৰএফৰ…

নীল আমষ্ট্ৰঙৰ আমেৰিকাৰ এটা কোম্পানীয়ে এই অগ্নিকাণ্ড প্ৰতিৰোধ কৰিছিল। এতিয়া বাঘজানৰ ক্ষেত্ৰত কি কৰে সেয়া সকলোৱে লক্ষ্য কৰিছে।

মুখ্যমন্ত্ৰীলৈ ফোন পেট্ৰ'লিয়াম মন্ত্ৰীৰঃ

বাঘজানৰ এই কাণ্ডৰ পাছত মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে পৰিস্থিতি সন্দৰ্ভত কথা পাতিছে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীয়ে । পৰিস্থিতি কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰিছে মুখ্যমন্ত্ৰীৰ সৈতে। মুখ্যমন্ত্ৰীয়েও ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনাইছে। কিন্তু এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত কি পৰিস্থিতি সৃষ্টি হৈছে সেই কথা অনুমান কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে। কেৱল এজন মন্ত্ৰীক পৰিবেশ কৰিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে দায়িত্ব সামৰিছে। অগ্নিকাণ্ডৰ প্ৰচণ্ড শব্দ আৰু তীব্ৰ প্ৰাবল্যত ঘৰসমূহ কপি উঠিছে। চৌদিশে গছ বন লতা জ্বলি পুৰি যোৱাৰ লগতে কলৰ বাগান পৰ্যন্ত ছাই হৈ গৈছে।

জ্বলি গৈছে কলগছবোৰো (ফটোঃ বিজু বড়ো)

আনকি ভস্মীভূত হোৱা এটা ঘৰৰ ছাইৰ মাজত দেখা পোৱা গ'ল গলি যোৱা এটা বাল্ব। কাচৰ বাল্বটো গলি যোৱাকৈ কিমান উচ্চ প্ৰাবল্য এই অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া মাথোঁ কল্পনা কৰক!

ঘৰৰ বাল্ব পৰ্যন্ত গৈছে গলি (ফটোঃ বিজু বড়ো)

দুজনকৈ অইলৰ কৰ্মীৰ মৃত্যুঃ

এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে উক্ত স্থানত কৰ্মৰত টুখেশ্বৰ গোঁহাই, দুৰ্লভ গগৈ নামৰ দুজন ব্যক্তিৰ মৃত্যু হৈছে। দুয়ো আছিল অইল ইণ্ডিয়াৰ অগ্নিনিৰ্বাপক আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্মী। বিস্ফোৰণ হোৱাৰ দিনা অৰ্থাত ৯ জুন, ২০২ত নিৰুদ্দেশ হৈছিল এই কৰ্মী দুজন।

এখন ড্ৰ'নযোগে চলোৱা অভিযানত দুয়োৰে মৃতদেহ উদ্ধাৰ হয় সমীপতে থকা এটা খুঁটিত। তেওঁলোকৰ মৃতদেহ উদ্ধাৰৰ পাছতেই শোকাকুল পৰিৱেশ সৃষ্টি হয়। ইয়াৰে দুৰ্লভ গগৈ অইল ইণ্ডিয়াৰ ফুটবল দলৰ গ'ল কিপাৰ আছিল। ২০০৩চনত অইল ইণ্ডিয়াৰ ফুটবল দলৰ হৈ খেলা অতি ফূৰ্তিবাজ দুৰ্লভ গগৈয়ে ২০১২চনলৈকে অইল ইণ্ডিয়া দলৰ হৈ খেলিছিল।

অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে অইল ইণ্ডিয়াৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুৰ্লভ গগৈয়ে

দুৰ্লভ গগৈ আৰু টুখেশ্বৰ গোঁহাইৰ নশ্বৰ দেহ দুলিয়াজানতে মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰাৰ পাছত ৰাজ্যিক মৰ্যদাৰে তেওঁলোকক শেষ বিদায় দিয়া হয়। অনুৰ্ধ ১৯ আৰু অনুর্ধ ২১ৰ ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰা দুৰ্লভ গগৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল। দুৰ্লভ গগৈৰ কণমানি সন্তান আৰু পত্নী, পিতৃক এৰি থৈ যায়। তেওঁলোকৰ নশ্বৰ দেহ ঘৰত পোৱাৰ পাছতেই শোকত ভাগি পৰে আত্মীয়-স্বজন।

কাৰ ভুলৰ বাবে এই বিভীষিকাঃ

প্ৰশ্ন উঠিছে কাৰ ভুলৰ বাবে এই বিভীষিকা। ৫ জুন, ২০২০ত অইল ইণ্ডিয়া লিমিটেডে এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। নিয়মমাফিক এই বিজ্ঞপ্তিত ছিংগাপুৰৰ এম এছ এলাৰ্ট ডিজেষ্টাৰ কন্ট্ৰলৰ বিশেষজ্ঞৰ জৰিয়তে অগ্নিনিৰ্বাপন কৰাৰ কথা কোৱা হৈছে। কিন্তু অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ অনুসন্ধানত ওলাই পৰে যে প্ৰায়ে অনিয়ম সংঘটিত কৰি তৈলখাদসমূহত তেল নিষ্কাষণ কৰে অইল ইণ্ডয়াই।

এই অইল ইণ্ডিয়াৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল বিজে দাস নামৰ এজন ব্যক্তি। মাত্ৰ তিনি বছৰ কাম কৰি এই ব্যক্তিজনে ড্ৰিলিং ইনছাৰ্জ হিচাপে অনিয়ম সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে। চিমেন্টেশ্যনৰ পাছত এটা খাদত ১২ ঘম্টা সময় ইয়াক ৰখোৱা আৰু ইয়াৰ ভিতৰৰ প্ৰেছাৰ উপযুক্তভাৱে গণনা কৰাতো অতি প্ৰয়োজনীয়। কিন্তু এই নিয়ম বাৰে বাৰে ভংগ কৰে অইলৰ এই বিষয়াসকলে।বাঘজানৰ এই ঘটনাত কেৱল সাধাৰণ ঘৰবাৰীয়ে ধ্বংস হোৱা নাই। ধ্বংস হৈ গ'ল জীৱকূল আৰু মাগুৰি বিলৰ গ্ৰাছলেণ্ড অঞ্চলত থকা বিৰল প্ৰজাতিৰ চৰাইৰ আবাসস্থলী।

সেই স্থানত এই সময়ত প্ৰজনন হয় এই বিৰল প্ৰজাতিৰগ চৰাইবোৰৰ। এনে এক পৰিস্থিতিত এই অগ্নিকাণ্ড আৰু অনীতিগতভাৱে অইলে কৰা এই তৈলখননে ৰাজ্যৰ জৈৱ বৈচিত্ৰতাৰ প্ৰতিয়েই তীব্ৰ ভাবুকি আনিলে। তেলখাদত এনে অগ্নিকাণ্ড সংঘটিত হয়। কিন্তু বাঘজানৰ দৰে ক'তো হোৱা নাই। ইয়াৰ প্ৰভাৱ বছৰ বছৰ ধৰি থাকিব যাব। কিন্তু এই প্ৰশ্নসমূহৰ উত্তৰ কোনে দিব? সাধাৰণ ৰাইজক কেইটামান টকা ক্ষতিপূৰ্ণ ৰূপে দিলেই জানো সকলো ঘূৰি আহিব? সেই ধনেৰে কিনিব পাৰিবহ জানো এই জৈৱ বৈচিত্ৰতা। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে লোৱা নাই কঠোৰ ব্যৱস্থা। কিয় এই বিষয়টো উচ্চস্তৰীয় তদন্তৰগ ব্যৱস্থা কৰা নাই। কেন্দ্ৰীয় বন পৰিৱেশ মন্ত্ৰণালয়ৰ দায়িত্ব কি?

অসমৰ পৰা এনেদৰে অসম আৰু অসমীয়াক মাৰি কিমান দিনলৈ চলাব আমাৰ প্ৰাকৃতিক সম্পদ কাঢ়ি নিয়াৰ প্ৰতযোগিতা? এই সেই প্ৰশ্ন সকলোৰে মুখে মুখে। স্থানীয় ৰাইজে আহ্বান জনাইছে- সাহস আছে যদি মুখ্যমন্ত্ৰী আহক এই স্থানলৈ। চাই যাওঁক এই তৈলখাদৰ পৰা নিৰ্গত হোৱা গেছ আৰু ক'ড অইলে কি বিনাশ কৰিলে, কেনেদৰে ধ্বংসলীলা চলালে। নিঃশেষ কৰা এই জৈৱ বৈচিত্ৰতা পাৰিব জানো মুখ ঘূৰাই দিব? কেইটামান টকাৰ লোভত অইল ইণ্ডিয়াই কিয় কৰিলে এনে, তাৰ উত্তৰ দিব কোনে?