অসমীয়া জাতীয় জীৱন আৰু অসম সাহিত্য সভা…

অসমীয়া জাতীয় জীৱন আৰু অসম সাহিত্য সভা…

author-image
asomiyapratidin
New Update
অসমীয়া জাতীয় জীৱন আৰু অসম সাহিত্য সভা…

পলাশ জ্যোতি গগৈ / ডিম্পুল বৰগোঁহাই

Advertisment

অসম সাহিত্য সভা অসমীয়া জাতীয় জীৱনৰ অভিভাৱক স্বৰূপ। ভাষা-সংস্কৃতি আৰু জাতীয় মৰ্যাদা ৰক্ষাৰ্থে সেই জাতীয় সংগঠনটোৰ ভূমিকা কোনেও নুই কৰিব নোৱাৰে। সাহিত্য সভাৰ প্ৰতি সকলো অসমীয়াৰে আছে এক বিশেষ টান। ১৯১৭চনত আৰম্ভ হোৱা অসম সাহিত্য সভাই ইতিমধ্যে ১০০ বছৰ গৰকিছে।

এনে এক দিন আছিল অসম সাহিত্য সভাৰ সৈতে সকলোৰে এক বান্ধোন গঢ় লৈ উঠিছিল। চৰকাৰী অনুদানলৈ অপেক্ষা নকৰি ৰাইজে হাতে-কামে লাগি সাহিত্য সভাৰ অধিবেশন সাফল্যমণ্ডিত কৰিবলৈ হাত উজান দিছিল।

কাৰোবাৰ হাতত যদি বাঁহ, কাৰোবাৰ হাতত খেৰ। সাহিত্য সভা অনুষ্ঠিত কৰিব পৰাটো অহংকাৰ আৰু গৌৰৱৰ বিষয় আছিল। অসমৰ দিগ্বজ সাহিত্যিক সকলে নেতৃত্ব দিছিল অসম সাহিত্য সভাক। সাহিত্য সভাৰ সভাপতিৰ অভিভাষণে অসমীয়া জাতীয় জীৱনৰ দিশ নিৰ্ণয় কৰিছিল।

অসমৰ বহু কেইজন সাহিত্যিকে সাহিত্য সভাৰ সভাপতি আসনত অধিস্থিত হৈ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক আগুৱাই নিবলৈ বিদেশী অনুপ্ৰৱেশ আৰু অন্যান্য দিশসমূহ অতি গভীৰভাৱে পৰ্যালোচনা কৰিছিল।

জাতীয় সংগঠন হিচাপে অসম সাহিত্য সভা অসমীয়া জাতিৰ অভিভাৱক স্বৰূপ। পদ্মনাথ গোঁহাই বৰুৱাই নেতৃত্ব দিয়া এই জাতীয় সংগঠনৰ সিদ্ধান্তৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে আজিও। ভাষাৰ মৰ্যাদা সাহিত্য সংস্কৃতিৰ দিশত আমাৰ কৰণীয় আৰু জাতীয় জীৱনৰ এক সংহত আৰু চেতনা উদ্বেগ কৰিবলৈ অসম সাহিত্য সভাৰ কৰণীয় বহু আছিল যদিও, বিভিন্ন সময়ত সেই দায়িত্ব পালন কৰাত অসম সাহিত্য সভা বিফল হৈ আহিছে বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰে।

লবীকেন্দ্ৰিক সাহিত্য, ৰাজনীতি, চেতনালব্ধ প্ৰৱণতাবোধৰ অভাৱৰ বাবেই সাহিত্য বিকাশৰ এই ধাৰাত কোনো নিৰ্দিষ্ট কাৰকেৰে সীমাৱদ্ধ কৰিব খোজাতো অতি পৰিতাপৰ বিষয়। অসম সাহিত্য সভাৰ দৰে এক অনুষ্ঠানে পূৰ্বতে যি জাতীয় চেতনা উদ্বেগ কৰিব পাৰিছিল, সেই জাতীয় চেতনা এতিয়া সৰ্বসাধাৰণৰ মন-মগজু জোকাৰিব পৰাকৈ সৃষ্টি কৰিব পাৰে বুলি মনে নধৰে।

তথাপিও সাহিত্য সভাৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী আছে সকলোৰে। শুৱালকুছিত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ এই দ্বিবাৰ্ষিক সন্মিলনে এই জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিব। অসম সাহিত্য সভাৰ মৌলিক দায়িত্ব আৰু জাতীয় চেতনাবোধৰ ওপৰত যথেষ্ট কথা নিৰ্ভৰ কৰে।

সাহিত্য সভাই এই কথা অনুভৱ কৰিছে যে শৃংখলাবদ্ধ অধ্যয়ন আৰু চেতনালব্ধ অন্বেষণে ভাষা-সংস্কৃতিক বহু উচ্চপৰ্যায়লৈ লৈ যাব পাৰে। ইয়াৰ বাবে এক তথ্যগত আৰু প্ৰমাণিবদ্ধ অধ্যয়নৰ প্ৰয়োজন। অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনে অসমৰ জনসাধাৰণক কিছু বিশেষ বাৰ্তা দিবলৈ চেষ্টা কৰিছে। ভবা হয় শিল্পী, সাহিত্যিকসকল কেতিয়াও ক্ৰয় নহয়। কোনোবাই সেই ক্ৰয়ৰ চেষ্টা কৰিলেও তেওঁলোকৰ চেতনাসমৃদ্ধ প্ৰৱণতাই জাতীয় জীৱনক সদায় তুলি ধৰি আহিছে।

সেয়েহে সাহিত্য সভা আৰু সমাজ জীৱনৰ বিষয়বোৰ প্ৰাসংগিক হৈ আহিছে। অসম সাহিত্য সভাই এই মুহূৰ্তত নাগৰিকত্ব সংশোধনী আইনকে ধৰি আন বিষয় সমূহক লৈ যি সচেতনতা আৰু জাতীয় আৱেগ অনুভূতিক গুৰুত্ব দি সমাজ জীৱনক প্ৰমুখ্য কৰি দায়িত্ব পালন কৰিব লাগিছিল, সেয়া কৰাত বিফল হৈছে।

সাহিত্য সভাৰ মজিয়াত ৰাজনীতিবিদৰ প্ৰৱেশ সেয়া আজিও এক বিতৰ্কিত বিষয় হৈ আহিছে। তেনেবোৰ দিশত ইতিবাচক চিন্তা-চৰ্চা আৰু সংস্কাৰমূলক চিন্তা-চেতনাৰ প্ৰয়োভৰৰ লগতে অসমীয়া সমাজ জীৱনক তুলি ধৰিব পৰা এক মানসিকতা গঢ় দিব পৰাকৈ আমিও সাজু হ'ব পৰা সময় আৰু পৰিৱেশ সৃষ্টি কৰিব লাগিব।

অসম সাহিত্য সভা কোনো নিৰ্দিষ্ট জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা অনুষ্ঠান নাছিল। এই জাতীয় অনুষ্ঠানৰ ধাৰাবাহিক চিন্তা-চেতনা আৰু দৰ্শনক সৰ্বগ্ৰহণযোগ্য কৰি তুলি ধৰিবলৈ কিছু অপশক্তিয়ে এনেদৰে ক্ৰিয়া কৰিবলৈ ধৰে যে আজি পৰিপ্ৰেক্ষিতত সেইবোৰ কথাও গুৰুত্ব দিয়াৰ প্ৰয়োজন।

অসমীয়া জাতীয় জীৱন আৰু সমাজ জীৱনৰ সৈতে সংযুক্ত হৈ থকা এই জাতীয় অনুষ্ঠানসমূহৰ পৰা অসমৰ ৰাইজে বহু আশা কৰে। তেনে এক দৃষ্টিভংগীৰেই জাতীয় সত্বাক প্ৰতিনিধিত্ব কৰা অসম সাহিত্য সভালৈ জাতীয় অনুষ্ঠানৰ পৰা পাৰস্পৰিক বুজা পৰাৰ আধাৰত বিভিন্ন দল-সংগঠন তথা জাতি-জনগোষ্ঠীৰ অধিকাৰ খৰ্ব নোহোৱাকৈ ৰাষ্ট্ৰীয় স্তৰৰ এক অনুষ্ঠান পৰিৱেশন কৰিব পৰাটো সকলোৰে বাবে গৌৰৱৰ বিষয়।

অসম সাহিত্য সভাই বিভিন্ন জাতি-জনগোষ্ঠীৰ জনজীৱনক গুৰুত্ব দি আহিছে। সেই অধিকাৰ আৰু প্ৰাসংগিকতাৰ মাজত বিৰাজ কৰা মানৱীয় চেতনাবোধ আৰু প্ৰমূল্যবোধৰ নতুন পদক্ষেপে আমাক আশাবাদী কৰি তুলিছে।

অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনে তেনে এক ইতিবাচক বাৰ্তাই বহন কৰক। বস্ত্ৰনগৰী শুৱালকুছিত আয়োজন কৰা এই অধিবেশনস্থলীত গ্ৰন্থৰ চৰ্চা আৰু অধ্যয়নৰ সুস্থ পৰিৱেশ ৰচনা হওঁক। অসম সাহিত্য সভাই কেতিয়াও আনৰ নাছিল আৰু আনৰ হ'ব নোৱাৰে। সেই দৃষ্টিভংগীৰেই আমাৰ মনত সদায় অসম সাহিত্য সভা পৰিচালিত হৈ আহিছে।