২০১৯ বৰ্ষই ৰাজ্যবাসীক কি সুখবৰ, কি দুঃখবৰ দিলে…

২০১৯ বৰ্ষই ৰাজ্যবাসীক কি সুখবৰ, কি দুঃখবৰ দিলে…

author-image
asomiyapratidin
New Update
২০১৯ বৰ্ষই ৰাজ্যবাসীক কি সুখবৰ, কি দুঃখবৰ দিলে…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কি দিলে, কি নিলে ২০১৯-য়েঃ

প্ৰতিটো বছৰেই ঘটনাবহুল। প্ৰতি মুহূৰ্ততে ঘটে বহু ঘটনা। ইয়াৰে কিছুমানে কঢ়িয়াই আনে সুখৰ বতৰা, আন কিছুমানে দি যায় দুখৰ হুমুনিয়াহ! সময়ৰ সোঁতত হেৰাই যায় পল-অনুপল। ইয়াৰে কিছুমান ঘটনা ৰৈ যায় স্মৃতিত। সোঁৱৰণী হৈ অতীতৰ বুকুত সেইবোৰ হেৰাই নাযায়।

১৪ ফেব্ৰুৱাৰী, ২০১৯- পুলৱামাত সন্ত্ৰাসবাদীয়ে চলাইছিল ভয়াৱহ আক্ৰমণ…

২০১৯ চনৰ ভাৰতৰ প্ৰেক্ষাপটত সংঘটিত হৈছিল বহু কেইটা উল্লেখযোগ্য ঘটনা। ১৪ ফেব্ৰুৱাৰীত আহিছিল পুলৱামাৰ পৰা দুখবৰ। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত ৪০ জনৰো অধিক চি আৰ পি এফৰ জোৱান নিহত হৈছিল। বছৰটোৰ আৰম্ভণিতে আহিছিল এই দুঃখবৰ। তাৰ ৭ দিনৰ পিছতেই অসমৰ এটা খবৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল। গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হৈছিল ১৬৮ জনকৈ লোকৰ।

২০১৯ত গোলাঘাট-যোৰহাটত বিষাক্ত সুৰাই কাঢ়ি নিলে ১৬৪জনৰ প্ৰাণ…

পুলৱামাৰ আক্ৰমণৰ প্ৰতিশোধস্বৰূপে এল অ' চি পাৰ হৈ ভাৰতীয় সেনাই বালাকোটত চলাইছিল বিমান আক্ৰমণ। প্ৰতি আক্ৰমণ চলাবলৈ আহিছিল পাক সেনা। বাধা দিছিল ভাৰতীয় বায়ু সেনাই। এই আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ পাক সেনাৰ হাতত বন্দী হৈছিল উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমান। পাকিস্তানৰ সেনাৰ হাতত বন্দী হৈও বীৰৰ দৰে সাহসেৰে প্ৰত্যুত্তৰ দিয়া অভিনন্দন হৈ পৰিছিল দেশবাসীৰ নয়নৰ মণি।

পাক সেনাৰ হাতত বন্দী হৈছিল উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান…

আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক হেঁচাত পাকিস্তানে মুকলি কৰি দিবলৈ বাধ্য হৈছিল অভিনন্দনক। তাৰ পাছত দেশত চলিছিল নিৰ্বাচনী বতাহ। ২০১৯ৰ ১১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল লোকসভা নিৰ্বাচনৰ ভোট দান পৰ্ব। অসমত ৩টা পৰ্যায়ত আৰু দেশজুৰি ৭টা পৰ্যায়ত অনুষ্ঠিত হৈছিল নিৰ্বাচন। অসমত ১১ এপ্ৰিল, ১৮ এপ্ৰিল, ২৩ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। দেশৰ আন প্ৰান্তত এই দিন কেইটাৰ উপৰিও ২৯ এপ্ৰিল, ৬ মে', ১২ মে' আৰু ১৯ মে'তো ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

২০১৯ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে গুৱাহাটীৰ এক দৃশ্য…

৩ মে'ত উড়িশাৰ সাগৰীয় অঞ্চলত খুন্দা মাৰিছিলহি ঘূৰ্ণী ফেণীয়ে। ২৩ মে', ২০১৯ত লোকসভা নিৰ্বাচনৰ ভোটগণনা হৈছিল। এই নিৰ্বাচনত বিজেপিয়ে অকলেই লাভ কৰিছিল ৩০৩ খন আসন। এক প্ৰকাৰ মোডীৰ চুনামীত বিধ্বস্ত হৈছিল বিৰোধী। মাত্ৰ ৫২ খন আসনতে সন্তুষ্ট হ'বলগা হৈছিল দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ।

এই নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছদিনাই অৰ্থাৎ ২৪ মে'ত চুৰটত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। এই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল ২২জনকৈ লোকে। ৩০ মে', ২০১৯ত দেশৰ ১৪ সংখ্যক প্ৰধানমন্ত্ৰীৰূপে শপত লৈছিল নৰেন্দ্ৰ মোডীয়ে।

দ্বিতীয় কাৰ্যকালৰ বাবে প্রধানমন্ত্ৰী ৰূপে শপত লোৱা মুহূৰ্তত প্ৰধানমন্ত্ৰী মোডী…

ৰাজনীতিৰ এই খবৰবোৰৰ মাজতেদেশবাসীক গৌৰৱাম্বিত কৰিছিল ইছৰ'ৱে। ২৩ জুলাই, ২০১৯ত ইছৰ'ৱে চন্দ্ৰযান-২ প্ৰক্ষেপণকৰিছিল। মহাকাশ ক্ষেত্ৰত ভাৰতৰ এই সফলতা আছিল প্ৰতিজন দেশবাসীৰ বাবে গৌৰৱৰ বিষয়।

৩০ জুলাই, ২০১৯ত নিষিদ্ধ কৰাহৈছিল তিনি তালাক প্ৰথা। এনেবোৰ উল্লেখযোগ্য ঘটনা প্ৰবাহৰ মাজতে আগবাঢ়িছিল দেশ।আৰু বহু ঘটনাৰ সমাহাৰ ঘটিছিল এই দিনবোৰত। ৫ আগষ্ট, ২০১৯ত সংবিধান সংশোধন ঘটাইজম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বাতিল কৰা হয়। জম্মু-কাশ্মীৰক দুটা ভাগত বিভক্ত কৰিজম্মু-কাশ্মীৰ আৰু লাডাখ নামেৰে কেন্দ্ৰীয় শাসিত অঞ্চল কৰে চৰকাৰে।

জুলাই মাহত অসমত হৈছিল ভয়ংকৰ বানপানী। দেশৰ অন্য স্থানতো বানে তাণ্ডৱ চলালে। মহাৰাষ্ট্ৰত বানৰ বাবে স্থানান্তৰিত কৰিবলগা হৈছিল ১ লাখ ৩২ হাজাৰ লোকক। জম্মু-কাশ্মীৰৰ পৰা চৰকাৰে কাটি দিছিল ইণ্টাৰনেট সেৱা। গৃহবন্দী কৰা হৈছিল কেইবাজনো নেতাক।

চন্দ্ৰযান-২…

প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমক চিবিআইয়ে নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰে ২২ আগষ্টত। সেইবোৰ ৰাজনৈতিক খবৰৰ মাজতে পুনৰ চৰ্চালৈ আহিছিল চন্দ্ৰযান-২ৰ খবৰ। ৬ ছেপ্তেম্বৰ, ২০১৯ত চন্দ্ৰযান-২ৰ বিক্ৰম নামৰ লেণ্ডাৰখনে সফলভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বুলি ভৱা হৈছিল যদিও সেই সফলতা লাভ নকৰিলে।

হাউডী মোডীত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে নৰেন্দ্ৰ মোডী…

২২ ছেপ্তেম্বৰত আমেৰিকালৈ গৈ প্ৰধানমন্ত্ৰী মোডীয়ে ৫০ হাজাৰ প্ৰৱাসী ভাৰতীয়ৰ সন্মুখত ডনাল্ড ট্ৰাম্পৰ উপস্থিতিত হাউডী মোডী কাৰ্যসূচীত অংশ লয়। টেক্সাছৰ এন আৰ জি ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। ৯ নৱেম্বৰত অযোধ্যা বিবাদমান ভূমি গোচৰৰ সন্দৰ্ভত ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।

যিসকলক দেশবাসীয়ে হেৰুৱালে বিদায় বৰ্ষতঃ

অন্তিম শয়নত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী…

এই সময়ছোৱাত দেশৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত লোকে প্ৰাণ হেৰুৱালে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰমাকান্ত আৰ্ছেকাৰৰ মৃত্যুৰ খবৰ আহিছিল ২ জানুৱাৰীতে। ২৯ জানুৱাৰীত দেশে হেৰুৱালে জৰ্জ ফাৰ্ণাণ্ডেজৰ দৰে নেতাক। ১৪ মাৰ্চত প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰে শেষ নিশ্বাস ত্যাগ কৰে।

সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ-২০১৫ অনুষ্ঠানত অংশ লোৱা সময়ত সুষমা স্বৰাজ…

এই সকলৰ উপৰিও ২০ জুলাইত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দিক্ষীত, ২৪ আগষ্টত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰ, ৰাম জেঠমালানী, টি এন শেষাণ, বিশিষ্ট নাট্যকাৰ গিৰীশ কাৰ্ণাড, বিশিষ্ট উপন্যাসিক নৱনীতা সেন, বাওঁপন্থী নেতা গুৰুদাস দাশগুপ্ত, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজকে ধৰি বহু কেইজনক এই বছৰটোত হেৰুৱালে দেশবাসীয়ে।

ৰাজনৈতিক দৃষ্টিত ২০১৯ঃ

২০১৯ বৰ্ষত দেশৰ ৰাজনীতিত চৰ্চা লাভ কৰা কেইটামান খবৰে খলকনি আৰু বিতৰ্কৰ সূচনা কৰিছিল। অসমৰ নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশক লৈও যথেষ্ট চৰ্চা চলিছিল। উচ্চতম ন্যায়ালয়ৰ তত্বৱধানত এই নাগৰিক পঞ্জীৰ পৰা কৰ্তন হৈছিল ১৯ লাখ লোকৰ নাম।

এই নাগৰিক পঞ্জী ৰাজ্য চৰকাৰে ক্ৰুটিপূৰ্ণ বুলি আখ্যা দিছিল। সমান্তৰালভাৱে সমগ্ৰ দেশতে এন আৰ চি উন্নিতকৰণ হ'ব বুলি গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল। জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ কৰ্তন আন এক উল্লেখযোগ্য ঘটনা আছিল এই বিদায় বৰ্ষটোত ।

ৰাম মন্দিৰ, বাবৰি মছজিদৰ ৰায়দান আছিল আন এক উল্লেখযোগ্য ঘটনা। একেদৰে কেইবাখনো ৰাজ্যত বিজেপিৰ পতন ২০১৯ বৰ্ষৰ অন্যতম ঘটনা ৰূপে বিবেচিত হৈছিল। মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাৰ সংঘাতৰ বাবে চৰকাৰ গঠন কৰাত বিফল হৈছিল। ইয়াৰ সুযোগ গ্ৰহণ কৰি শিৱসেনাই কংগ্ৰেছ আৰু এন চি পিৰ সৈতে মিলি চৰকাৰ গঠন কৰিছিল।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে উদ্ধৱ থাকৰেয়ে…

লোকসভা আৰু ৰাজ্যসভাত কেব গৃহীত কৰাৰ পাছত সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা  প্ৰতিবাদ ৰাজনৈতিক দৃষ্টিভংগীৰে আন এক উল্লেখযোগ্য পৰিঘটনা আছিল ২০১৯ত। এই আইন গৃহীত কৰাৰ পাছতেই ঝাৰখণ্ডত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিজেপিয়ে পৰাজয়ৰ সন্মুখীন হৈছিল। লক্ষণীয় যে, হিন্দু প্ৰধান এই ৰাজ্যখনত হিন্দুত্ববাদী শ্ল'গানেৰে ক্ষমতা ধৰি ৰাখিব নোৱাৰিলে বিজেপিয়ে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ হেমন্ত চোৰেনৰ…

২০১৯ আৰু অসমঃ

বছৰটোৰ আৰম্ভণি সঠিকভাৱেই হৈছিলযদিও, অসমৰ প্ৰেক্ষাপটত ২০১৯ বৰ্ষৰ শেষৰ ফালে ৰাজ্যবাসীৰ বাবে ইতিবাচক বুলি ক'বনোৱাৰি। নাগৰিকত্ব সংশোধনী আইনক লৈ হোৱা আন্দোলনে ২০১৯ৰ ডিচেম্বৰৰ শেষৰ ভাগত তীব্ৰৰূপ ধাৰণ কৰে।

ইয়াৰ সমান্তৰালভাৱে চৰকাৰী পক্ষই এই আন্দোলন প্ৰতিৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখে উক্ত সময়চোৱাত। বছৰটোৰ আৰম্ভণীতে আহিছিল ৰাজ্যবাসীৰ বাবে এক প্ৰত্যাশীত খবৰ। ২০১৯ৰ ২৫ জানুৱাৰীত সুধাকণ্ঠলৈ দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছিল।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতৰ পৰা ভূপেন হাজৰিকাক প্ৰদান কৰা ভাৰতৰত্ন গ্ৰহণ কৰা সময়ত তেজ হাজৰিকা…

৮ আগষ্টত সুধাকণ্ঠৰ পুত্ৰ তেজহাজৰিকাই গ্ৰহণ কৰিছিল এই সন্মান। ২০১৯ বৰ্ষৰ ২৯ জানুৱাৰীত নগেন শইকীয়ালৈ আগবঢ়োৱাহৈছিল সাহিত্য একাডেমীৰ ফেল' সন্মান। সাহিত্য, ক্ৰীড়া আৰু আন ক্ষেত্ৰবোৰলৈ আহিছিলযথেষ্ট সফলতা। কিন্তু ৰাজনৈতিক দৃষ্টিকোণেৰে এই বছৰটোৰ শেষৰ মাহটোত ৰাজ্যখনপ্ৰতিবাদমুখৰ হৈ পৰে।

চলচ্চিত্ৰ ক্ষেত্ৰখনৰ বাবে ২০১৯ বৰ্ষটো আছিল আশাৰ পোহৰ দিয়া এটা বছৰ। কেইবাখনো সফল চলচ্চিত্ৰ মুক্তি লাভ কৰিছিল এই বছৰটোত। হিমা দাসে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকি উঠিছিল। ১৪ জুলাই, ২০১৯ত চেক গণৰাজ্যত অনুষ্ঠিত ক্লডনু এথলেটিক মিটত ২০০ মিটাৰৰ ইভেন্টত হিমাই স্বৰ্ণ জয় কৰিছিল। ১১ দিনত দুটাকৈ স্বৰ্ণ জয় কৰিছিল হিমাই।

স্বৰ্ণ জয়ৰ অভিলেখ ২০১৯ত গঢ়িলে হিমা দাসে…

শিক্ষাৰ ক্ষেত্ৰখনতো ৰাজ্য খনৰ বাবে প্রথম কেইটা মাহ আছিল বিশেষভাৱে উল্লেখযোগ্য। ১২জনকৈ অসমৰ পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল ভাৰতীয় লোকসেৱাৰ অনু্ষ্ঠিত কৰা পৰীক্ষাত। পৰিৱেশ শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসমৰ ৰাস্না নাথে লাভ কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি পুৰস্কাৰ।

২০১৯ৰ উল্লেখযোগ্য সুখবৰসমূহঃ

  • সুধাকণ্ঠ ভূপেন হাজৰিকাক মৰোণত্তৰভাৱে 'ভাৰত ৰত্ন' প্ৰদান।
  • আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ১৯ দিনত হিমা দাসৰ ৫টাকৈ সোণৰ পদক দখলেৰে অভিলেখ স্থাপন।
  • মাদাৰছ অল্ড এজ হোমৰ স্থায়ী ঘৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল ২০১৯ৰ প্ৰথম দিনটোতে। ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰিব লোৱা এই বৃদ্ধাশ্ৰমখনৰ স্থায়ী গৃহৰ আধাৰশিলা স্থাপন কৰিছিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁঞিয়ে।
মাদাৰ বৃদ্ধাৱাসৰ স্থায়ী গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা মুহূৰ্তত বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাঞি…
  • ৰীমা দাসৰ 'বুলবুল কেন চিং' ছবিখন বাৰ্লিন চলচ্ছিত্ৰ মহোৎসৱত বিচাৰকৰ বিশেষ বঁটাৰে সন্মানিত।
  • ভাস্কৰ হাজৰিকাৰ পৰিচালিত ছবি "আমিষ" "ত্ৰাইবেকা ৱৰ্ল্ড ফ্লিম ফেষ্টিভেল"ত প্ৰদৰ্শন।
  • জুবিন গাৰ্গৰ "কাঞ্চনজংঘা' আৰু যতীন বৰাৰ 'ৰত্নাকৰ'কে ধৰি অসমীয়া চলচ্ছিত্ৰ জগতলৈ আশাৰ বতৰা কঢ়িয়াই অনা কেইবাখনো সফল অসমীয়া ছবিৰ মুক্তিলাভ।
  • ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁইৰ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমৰ লাভলীনা…
  • অলিম্পিক বক্সিং টেষ্ট প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন বক্সাৰ শিৱ থাপাৰ।
  • কুৱেইটত অনুষ্ঠিত এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপত স্বৰ্ণজয় অসম সন্তান হৃদয় হাজৰিকাৰ।
  • ড° নগেন শইকীয়ালৈ সাহিত্য অকাডেমিৰ সর্বোচ্চ সম্মান 'সাহিত্য অকাদেমী ফেল' সন্মান।
  • সঞ্জীৱ পল ডেকা আৰু ড০ ৰুজাৱ মুছাহাৰীলৈ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা।
  • 'চাণক্য' গ্ৰন্থৰ বাবে জয়শ্ৰী গোস্বামীলৈ সাহিত্য অকাডেমী সন্মান।
  • চন্দ্ৰ অভিযান-২ত ৩ গৰাকী অসমীয়া বিজ্ঞানীৰ অংশগ্ৰহণ।  
  • উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ২৩ ছেপ্তেম্বৰত শপত লয় অসম সন্তান ঋষিকেশ ৰয়ে। তেওঁ হৈছে উচ্চতম ন্যায়ালয়ত নিযুক্তি লাভ কৰা অষ্টম গৰাকী অসমীয়া।
  • অমৃত প্ৰীতমৰ নাম হলীউডৰ গল্ডেন হিল এৱাৰ্ডলৈ মনোনীত।
অমৃত প্ৰীতমৰ নাম হলীউডৰ গল্ডেন হিল এৱাৰ্ডলৈ মনোনীত …
  • নিউয়ৰ্ক চিনেমটোগ্ৰাফী এৱাৰ্ডছত অৰুণাভ বৰাৰ মিড নাইট চঙলৈ স্বীকৃতি।
  • নিত্যাচাৰ্য যতীন গোস্বামীলৈ সংগীত নাটক অকাডেমী ৰত্ন প্ৰদান।
  • লেফটেনেন্ট জেনেৰল পদলৈ পদোন্নতি অসম সন্তান ৰাণাপ্ৰতাপ কলিতাৰ।
  • পৃথিৱীৰ চতুৰ্থ বৃহত্তৰ শৃংগ কাল মাঞ্জাৰুত সফল আৰোহন অসম সন্তান চন্দন দাসৰ।
  • ৱাশ্বিংটন ডিচিত গৱেষণা পাঠৰ বাবে আমন্ত্ৰণ ধেমাজিৰ প্ৰিয়ংকা দাসক।
  • সৌৰভ জ্যোতি শৰ্মা, অভিজিত নাথ, সন্দীপ গগৈৰ ৰাষ্ট্ৰীয় উদ্ভাৱনী বঁটা প্ৰদান।
  • পৰিৱেশ শিক্ষালৈ বিশেষ বৰঙণি আগবঢ়োৱাৰ বাবে ৰাস্না নাথলৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ।
  • চাইপ্ৰাছত থকা ভাৰতীয় দূতাবাসৰ পৰৱৰ্তী উচ্চায়ুক্ত ৰূপে অসম কন্যা মধুমিতা হাজৰিকাৰ নাম ঘোষণা।
ভাৰতীয় দূতাবাসৰ পৰৱৰ্তী উচ্চায়ুক্ত অসম কন্যা মধুমিতা হাজৰিকা…
  • পদ্মশ্ৰী এলি আহমেদলৈ ভাৰত চৰকাৰৰ বয়োজ্যেষ্ঠ সন্মান।
  • কৰৱী গগৈক ৰাছিয়াৰ ভাৰতীয় দূতাবাসৰ সহকাৰী নৌসেনা বিশেষজ্ঞৰূপে নিযুক্তি।
  • বিশিষ্ট বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱাৰ নামত অসম সাহিত্য সভাই প্ৰদান কৰা সন্মান সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক প্ৰদান কৰে উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে।
  • দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল সাঁতোৰ প্ৰতিযোগিতাত অসমৰ জাহ্নৱী কাশ্যপ আৰু আস্থা চৌধুৰীৰ স্বৰ্ণ দখল।
  • ২০১৯ৰ ১১ এপ্ৰিল, ১৮ এপ্ৰিল আৰু ২৩ এপ্ৰিলত ৩টা পৰ্যায়ত অসমত ১৪ খন আসনৰ বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়।
  • চেন্নাইত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় গণিতৰ বুদ্ধিমত্তা পৰীক্ষাত বৰপেটাৰ অৰ্চিতা বাশ্যচকে প্ৰথম স্থান লাভ কৰে।
  • এছিয়াৰ পেচিফিৰ মহিলা দেহশ্ৰী প্ৰতিযোগিতাত ৰিংকুমণি চেতিয়াৰ সোণৰ পদক।
এছিয়াৰ পেচিফিৰ মহিলা দেহশ্ৰী প্ৰতিযোগিতাত ৰিংকুমণি চেতিয়াৰ স্বৰ্ণ জয়…
  • থলুৱা গছ-বন, ধান সংৰক্ষণৰ বাবে ড০ পবীন শইকীয়া আৰু মোহন চন্দ্ৰ বৰালৈ ৰাষ্ট্ৰীয় জিন সংৰক্ষণ বঁটা।
  • ইণ্ডিয়ান অপেন বক্সিঙত কেইবাগৰাকীও অসম সন্তানৰ স্বৰ্ণজয়। শিৱ থাপা, ভাগ্যৱতী কছাৰী, যমুনা বড়োৱে লাভ কৰে স্বৰ্ণপদক।
  • মাৰ্কিন যোগাযোগ আয়োগৰ মুখ্য কাৰিকৰী বিষয়া পদত অসমৰ বোৱাৰী মণিকা ঘোষক নিযুক্তি।
  • কাঁ চলচ্ছিত্ৰ মহোৎসৱত ৰীমা দাসৰ অংশগ্ৰহণ।
  • অসম সন্তান চিকিৎসা বিজ্ঞানৰ গৱেষক সত্যকাম বৰুৱালৈ আমেৰিকান ইয়ং ইনভেষ্টিগেটৰৰ সন্মান।
  • ইউ পি এছ চিৰ চূড়ান্ত ফলাফলত ১২ অসম সন্তানৰ স্থানলাভ। ২০১৯ৰ ৫ এপ্ৰিলত ঘোষণা কৰা হৈছিল এই ফলাফল।
ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ অসমৰ ১২জন মেধাৱী…
  • অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল মঞ্জু বৰাৰ 'ইন দ্য লেণ্ড অৱ পইজন ৱমেন' আৰু ববী শৰ্মা বৰুৱাৰ 'মিচিং' নামৰ ছবিলৈ প্ৰদান।
  • আমেৰিকাৰ বিখ্যাত 'ফ'ৰ্বছ' আলোচনীয়ে ২০১৯ বৰ্ষৰ ৩০ বছৰ অনুৰ্ধ্ব ৩০ গৰাকী ভাৰতীয়ৰ তালিকাত হিমা দাসৰ নাম অন্তৰ্ভূক্ত কৰে।
  • ইণ্ডিয়া টুডে'য়ে কলকতাত আয়োজন কৰা কনক্লেভ ইষ্ট, ২০১৯ত 'আই এম দাস' শীৰ্ষক বাৰ্তালাপত হিমা দাস, ৰীমা দাস আৰু নিত্য পটিয়সী লিমা দাসৰ অংশগ্ৰহণ।
টৰ'ন্ট ইন্টাৰনেশ্যনেল ফিল্প ফেষ্টিভেলত ৰীমা দাস…
  • ইজিপ্তৰ কাইৰ'ত অনুষ্ঠিত চিত্ৰ প্ৰদৰ্শনীত অসমৰ চিত্ৰশিল্পী পৰেশ ভূঞাৰ চিত্ৰকমল প্ৰদৰ্শন।
  • উদ্ধৱ ভৰালী আৰু ইলিয়াছ আলীলৈ পদ্মশ্ৰী সন্মান।
  • ভাৰতীয় বায়ুসেৱাৰ গ্ৰুপ কেপ্টেইন দেৱজ্যোতি বৰালৈ ৰাষ্ট্ৰপতিৰ 'বিশিষ্ট সেৱা' মেডেল পদক।
  • ছনী টিভিৰ ৰিয়েলিটী শ্ব'ত উজ্বলি উঠিল অসমৰ হৰ্ষিত নাথ।
  • তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় স্তৰৰ "অভিযান্ত্ৰিক উদ্ভাৱনী"ৰ বাবে সমাদৃত চইল মেকানিক্সত বিশেষজ্ঞ অভিযন্তা ৰূপম মহন্ত।
  • ৩ অক্টোবৰ, ২০১৮ত দেশৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণ কৰা ৰঞ্জন গগৈয়ে সফলতাৰে এই পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছত ১৭ নৱেম্বৰ, ২০১৯ত অৱসৰ গ্ৰহণ কৰে। এন আৰ চি, অযোধ্যা বিবাদমান ভূমি গোচৰ, ৰাফেল চুক্তি আদি কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান কৰিছিল গগৈয়ে।
মুখ্য ন্যায়াধীশ ৰূপে অৱসৰ লোৱাৰ মুহূৰ্তত ৰঞ্জন গগৈ…
  • অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে উচ্চস্তৰীয় কমিটী গঠন কৰিছিল ৬ জানুৱাৰী, ২০১৯ত।
  • ১৫ জুলাই, ২০১৯ত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ বাবে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত ১৩জনীয়া কমিটী গঠন কৰে।
  • ১৬ নৱেম্বৰত অইলৰ ডাইৰেক্টৰ অপাৰেশ্যন পদত নিযুক্তি অসম সন্তান পংকজ গোস্বামীক।
  • ৩১ আগষ্টত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ।
  • আইপিএলত ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ান পৰাগৰ চমকপ্ৰদ প্ৰদৰ্শন।
কঁকালত গামোচা গুজি ৰাসস্থান ৰয়েল্সৰ হৈ আই পি এল খেলিলে অসম সন্তান ৰিয়ান পৰাগে…
  • প্ৰ' ৱৰ্ল্ড কাপ, ২০১৯ৰ খিতাপ অৰ্জন অসমৰ শৰীৰচৰ্চাবিদ গোলাপ ৰাভাৰ।
  • ৩০ ছেপ্তেম্বৰত ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা ভাৰতৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • গামোচাৰে ডিঙি চেপি চলন্ত ৰে'লত কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰীক হত্যা কৰা অপৰাধী বিকাশ দাসৰ মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ।
  • অস্থায়ীভাৱে বাবুলাল শৰ্মাক এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব।
  • ৬ ডিচেম্বৰ, ২০১৯ত কটনিয়ানৰ আহ্বানত গুৱাহাটীত 'কেব'ৰ বিৰুদ্ধে সমবেত হৈছিল সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী।
  • ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে গুটখাজাতীয় সামগ্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছিল ২৭ নৱেম্বৰত।
  • অনিল বৰুৱাৰ 'সাৰথি' নামৰ অনলাইন অভিধান এপ মুকলি।
'সাৰথি'ৰ উদ্ভাৱক অনিল বৰুৱা…

২০১৯ৰ অসমৰ দুঃখবৰ সমূহঃ

২০১৯ত ভালৰ মাজতে আহিল বহু বেয়াখবৰো। সেই খবৰবোৰৰ ভিতৰত ৰাজ্যত কা বিৰোধী আন্দোলনৰ গণ প্ৰতিবাদৰ মাজতেই ৬জনকৈ লোকশ্বহীদ হোৱা খবৰে ৰাজ্যবাসীক ব্যৰ্থিত কৰি ৰাখিলে। আনকি এইবাৰ বনভোজৰ বতৰতবনভোজস্থলীত দেখা পোৱা নগ'ল কোনো উৎসাহপূৰ্ণ পৰিৱেশ।

এইবোৰৰ উপৰিও ৰাজ্যৰ কেইবাগৰাকীওবিশিষ্ট ব্যক্তি, ৰাজনীতিবিদক ৰাজ্যবাসীয়ে হেৰুৱালে। তাৰ ভিতৰত দ্ৰুপদ বৰগোঁহাই,ইন্দ্ৰমণি বৰা, বিৰাজ শৰ্মা অন্যতম। ২০১৯ বৰ্ষত ৰাজ্যবাসীৰ বাবে দুঃখবৰ ৰূপেবিবেচিত কেইটামান খবৰ-

৫ জানুৱাৰী- মুকুল মহন্তৰ সহধৰ্মিনী মিনতী মহন্তৰ দেহাৱসান।

৯ জানুৱাৰী- কেবক লৈ দৰদাম! অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে উচ্চস্তৰীয় কমিটী গঠন কৰিছিল ৬ জানুৱাৰীত। এই কমিটীৰ পৰা বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ পদত্যাগ।

১০ জানুৱাৰী- নেশ্যনেল বুক ট্ৰাষ্টৰ সন্মানীয় সঞ্চালক পদ ত্যাগ কৰিলে বিশিষ্ট ঔপন্যাসিক তথা লেখিকা ৰীতা চৌধুৰীৰ।

বিৰাজ শৰ্মাৰ মৃত্যু…

১৫ জানুৱাৰী- প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা বিৰাজ শৰ্মাৰ বিয়োগ।

২৮ জানুৱাৰী- দিল্লীৰ পৰা ৰেডিঅ'যোগে অসমীয়া বাতৰি পৰিৱেশন কৰা গুণ বৰুৱাৰ মৃত্যু।

৩১ জানুৱাৰী- জি এল পাব্লিকেশ্যনৰ পৰিচালন সঞ্চালক জি এল আগৰৱালাৰ মৃত্যু।

২ ফেব্ৰুৱাৰী- জনপ্ৰিয় বোলছবি অভিনেত্ৰী মনোৰমা বৰঠাকুৰৰ দেহাৱসান।

৩ ফেব্ৰুৱাৰী- প্ৰবীণ নাট্যকৰ্মী জ্ঞানদা বৰাৰ দেহাৱসান।

সু গল্পকাৰ আৰু আৰক্ষী বিষয়া পাৰ্থ বিজয় দত্তক হেৰুৱালে ৰাজ্যবাসীয়ে ২০১৯ বৰ্ষত…

৭ ফেব্ৰুৱাৰী- বিশিষ্ট গল্পকাৰ তথা সু আৰক্ষী বিষয়া পাৰ্থ বিজয় দত্তৰ মৃত্যু।

১৪ ফেব্ৰুৱাৰী- পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হয় বাক্সা জিলাৰ তামুলপুৰৰ মনেশ্বৰ বসুমতাৰী।

২১-২৫ ফেব্ৰুৱাৰী- অসমৰ গোলাঘাট, যোৰহাট জিলাত বিষাক্ত সুৰা সেৱন কৰি এই সময়ছোৱাত ১৬৮ জন লোকৰ প্ৰাণহানি।

৮ মাৰ্চ- জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মাৰ অকাল বিয়োগ।

পুলৱামাত শ্বহীদ হোৱা মনেশ্বৰ বসুমতাৰীৰ নশ্বৰদেহ স্বগৃহলৈ অনা মুহূৰ্তত…

১৬ মাৰ্চ- বিজেপি ত্যাগ কৰাৰ কথা ঘোষণা তেতিয়াৰ তেজপুৰ সমষ্টিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ। দলে আৰ পি শৰ্মাক লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ বাবেই এই কথা সংবাদ মাধ্যমযোগে ঘোষণা কৰিছিল।

২৭ মাৰ্চ- প্ৰবীণ সাংবাদিক প্ৰফুল্ল ৰাজগুৰুৰ দেহাৱসান।

৪ এপ্ৰিল- ছত্তীশগড়ত শ্বহীদ বিএছএফৰ জোৱান বিপুল বৰা। মাওবাদী আক্ৰমণত নিহত হোৱা বিপুল বৰাৰ ঘৰ আছিল শিৱসাগৰত।

৮ এপ্ৰিল- বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ৰামদাস বড়োৰ মৃত্যু।

১০ এপ্ৰিল- বিশিষ্ট ৰাজনীতিবিদ দ্ৰুপদ বৰগোহাঁইৰ মৃত্যু।

২০ এপ্ৰিল- সৰভোগৰ প্ৰাক্তন বিধায়িকা প্ৰণিতা তালুকদাৰৰ দেহাৱসনা।

২৯ এপ্ৰিল- যুৱ লেখিকা তুলিকা শইকীয়াৰ মৃত্যু।

৫ মে'– ঘূৰ্ণী বতাহ 'ফেণী'য়ে চুই গ'ল দেশৰ বিভিন্ন প্ৰান্ত। অসমতো ফেণীৰ প্ৰভাৱত বতাহ-বৰষুণ।

ফেনী ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিছিল অসমত…

১৪ মে'- বিশিষ্ট শিক্ষাবিদ, সত্ৰাধিকাৰ কমলচন্দ্ৰ গোস্বামীৰ পৰলোক প্ৰাপ্তি।

১৫ মে'- গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত গ্ৰেণেড বিস্ফোৰণ, ৮ জন আহত।

২৭ মে'- তেজপুৰৰ প্ৰাক্তন সাংসদ মণি কুমাৰ চুব্বাৰ দিল্লীত মৃত্যু।

২৯ মে'- ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য্য শিল্পী বেণু মিশ্ৰৰ দেহাৱসান।

বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰ গুচি গ'ল আমাৰ মাজৰ পৰা…

৫ জুন- চলচ্চিত্ৰ পৰিচালক তথা ধাৰাবাহিক পৰিচালক মানস অধিকাৰীৰ অকাল মৃত্যু।

১২ জুন- কাশ্মীৰৰ অনন্তনাগৰ কেপি ৰোডত সন্ত্ৰাসবাদীৰ আক্ৰমণত নলবাৰীৰ বৰমাৰ নিৰোদ শৰ্মা শ্বহীদ।

১৪ জুন- ঝাৰখণ্ডত মাওবাদী আক্ৰমণত আহত হোৱা কমলপুৰৰ সুনীল কলিতা শ্বহীদ। ২৮ মে'ত সংঘটিত হোৱা এই আক্ৰমণত আহত হৈছিল বিএছএফৰ জোৱানগৰাকী।

২৫ জুন- ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ বিয়োগ।

১৫ জুলাই- বিশিষ্ট ঔপন্যাসিক পুৰৱী বৰমূদৈৰ দেহাৱসান।

আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে বিশিষ্ট ঔপন্যাসিকা পূৰবী বৰমুদৈয়ে…

১৯ জুলাই- বিশিষ্ট লেখিকা, আবৃত্তিকাৰ তথা ডিব্ৰুগড় মনোহৰী দেৱী কানৈ কলেজৰ অধ্যাপিকা ৰত্না দত্তৰ বিয়োগ।

২২ জুলাই- ইচ্ছামৃত্যু বিচৰা বিশিষ্ট সাহিত্যিক মহেন্দ্ৰ বৰাৰ কনিষ্ঠ কন্যা স্বপ্নামিতাৰ দেহাৱসান।

২৩ জুলাই- কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ তথা প্ৰবীণ ৰাজনীতিবিদ চৰণ নাৰ্জাৰীৰ ৮৭ বছৰ বয়সত বিয়োগ।

১ আগষ্ট- মহমৰা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক শৰৎ শইকীয়াৰ মৃত্যু।

২ আগষ্ট- নিকামূল সত্ৰৰ সত্ৰাধিকাৰ তথা ৰাজ্যৰ বিশিষ্ট সংগীতজ্ঞ পূন্যব্ৰত গোস্বামীৰ দেহাৱসান।

১৭ আগষ্ট- বিশিষ্ট শিক্ষাবিদ, শিক্ষা প্ৰশাসক, সাহিত্যিক টাবুৰাম টাইডৰ দেহাৱসান।

১৯ আগষ্ট- কংগ্ৰেছৰ মুখপাত্ৰ তথা ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ছাত্ৰনেতা মুকুল শৰ্মাৰ বিয়োগ।

২৩ ছেপ্তেম্বৰ- ডিমৌৰ থাউৰাদলৰ সমীপত বাছ আৰু ট্ৰেভেলাৰৰ সংঘৰ্ষ। এই দুৰ্ঘটনাত ১১ জনকৈ লোকৰ প্ৰাণ হানি।

ডিমৌ পথ দুৰ্ঘটনাত নিহত ১১জন…

২৬ ছেপ্তেম্বৰ- বিশিষ্ট লিখক, গণিতজ্ঞ তথা কম্পিউটাৰ প্ৰথমখন অসমীয়া গ্ৰন্থ ডিটিপি কৰা দিলীপ কুমাৰ দত্তৰ মৃত্যু হয় আমেৰিকাত।

৭ অক্টোবৰ- উমাৰাংচুত থকা কপিলী জলবিদ্যুৎ প্ৰকল্পত অঘটন। পানীৰ পাইপ ফুটি জলপ্ৰলয়। ৪ কৰ্মচাৰী সন্ধানহীন, কেইবাশ কোটি টকাৰ সম্পত্তি বিনষ্ট।

১৬ অক্টোবৰ- বিশিষ্ট ভাস্কৰ্য্য শিল্পী দিলীপ ভূষণ শৰ্মাৰ দেহান্ত।

২০ অক্টোবৰ- কাশ্মীৰত সন্ত্ৰাসবাদীৰ উচ্ছেদ অভিযানত প্ৰাণ বিসৰ্জন দিয়ে বৰপথাৰৰ পদুম বাহাদুৰ শ্ৰেষ্ঠাই।

২৩ অক্টোবৰ- ভ্ৰাম্যমানৰ বলিষ্ট অভিনেতা দিলীপ ৰঞ্জন দত্তৰ দেহাৱসান।

২৫ অক্টোবৰ- অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান খগেন শৰ্মাৰ মৃত্যু।

১৭ নৱেম্বৰ- গোৱালপাৰাৰ ৰংজুলি অঞ্চলত ৫ জন লোকৰ প্ৰাণ কঢ়া বন্যহস্তী লাডেনৰ মৃত্যু। ১১ নৱেম্বৰত কৰায়ত্ব কৰা হৈছিল বন্যহস্তীটোক।

২৫ নৱেম্বৰ- গোৱালপাৰাৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰিলে আইএছআইএছ সমৰ্থকক।

২৮ নৱেম্বৰ- আইটিবিপিৰ জোৱান বিজয় নাৰ্জাৰী হিমাচল প্ৰদেশত শ্বহীদ।

শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী তথা শ্ৰীশ্ৰী নিকামুল সত্ৰৰ সত্ৰাধিকাৰ পূণ্যব্ৰত গোস্বামীক হেৰুৱালো ২০১৯ত…

৩০ নৱেম্বৰ- বিশিষ্ট লেখিকা, সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা চেনেহী বেগমৰ পৰলোকপ্ৰাপ্তি।

৩ ডিচেম্বৰ- প্ৰগতিশীল লিখক তথা আইনজীৱী হৰিণ মহন্তৰ বিয়োগ।

৩ ডিচেম্বৰ- অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ঘোষণা- '১৯৫১ৰ পৰিৱৰ্তে ১৯৭১লৈকে বাংলাদেশীৰ বোজা আমি ল'লো। আৰু অলপ লোৱাত আপত্তি ক'ত?' কেবৰ সমৰ্থনত অতুল বৰাই সংবাদ মেলযোগে কৰা এই মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়া।

৫ ডিচেম্বৰ- বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমী বঁটাপ্ৰাপক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ দেহাৱসান।

৮ ডিচেম্বৰ- অভাৱনীয়ভাৱে বৃদ্ধি পিঁয়াজৰ দাম। বজাৰত প্ৰতিকেজি পিঁয়াজৰ দাম ১৪০-১৬০ টকা পৰ্যন্ত।

৯ ডিচেম্বৰ- টাইমছ অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক নৰেশ মিত্ৰৰ মৃত্যু।

১০ ডিচেম্বৰ- অসম আন্দোলনৰ শ্বহীদ সকলক সোঁৱৰণ কৰি শ্বহীদ দিৱস উদযাপন কৰা দিনাই লোকসভাত উত্থাপন হ'ল কেব। ইয়াৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি স্বতঃস্ফূৰ্তভাৱে জনজাগৰণ আৰু গণবিক্ষোভ। সেইদিনা মাজ নিশা লোকসভাত গৃহীত কৰা হয় কেব।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ…

১০ ডিচেম্বৰ- ৰঙাপাৰাৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ চিকিৎসালয়ত মৃত্যু।

১০ ডিচেম্বৰ- 'কা'ৰ বিৰোধিতাৰে নেছ' আৰু সদৌ অসম ছাত্ৰসন্থাৰ অসম বন্ধৰ আহ্বান।

১১ ডিচেম্বৰ- ৰাজ্যসভাতো গৃহীত হয় নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৯।

১১ ডিচেম্বৰ- সাহিত্যিক মহেন্দ্ৰ বৰাৰ সহধৰ্মিনী গীতা বৰাৰ মৃত্যু।

১২ ডিচেম্বৰ- এই বিধেয়কত স্বাক্ষৰ কৰে ৰাষ্ট্ৰপতিয়ে।

৯-১৩ ডিচেম্বৰ- নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত ব্যাপক প্ৰতিবাদ। গুৱাহাটীকে ধৰি কেইবাস্থানত কাৰ্ফিউ জাৰি। বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা। এই আন্দোলনত ৬ জনকৈ লোক শ্বহীদ।

কা বিৰোধী প্ৰতিবাদঃ গুৱাহাটীত শ্বহীদ হ'ল দশম শ্ৰেণীৰ ছাত্ৰ ছেমছন ষ্টেফ'ৰ্ড

১৫ ডিচেম্বৰ- গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ইন্দো-জাপান চামিট বাতিল। 'কা' বিৰোধী আন্দোলনৰ বাবে এই সন্মিলন বাতিল কৰা হয় বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।

১৭ ডিচেম্বৰ- যোৰহাটৰ পৰা কৰায়ত্ত কৰা কৃষক নেতা অখিল গগৈক ১০ দিনৰ এন আই এৰ জিম্মালৈ প্ৰেৰণ আদালতৰ। ১২ ডিচেম্বৰত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতাজনক।

অখিল গগৈক এন আই এ আদালতত হাজিৰ কৰিবলৈ অনা মুহূৰ্তত…

২১ ডিচেম্বৰ- কবি, অনুবাদক অনুপম কুমাৰৰ মৃত্যু।

২৩ ডিচেম্বৰ- বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ চি আই ডিৰ।

২৬ ডিচেম্বৰ- ১০ দিনৰ ন্যায়িক জিম্মাৰ অন্তত কৃষক নেতা অখিল গগৈক এন আই এৰ আদালতত হাজিৰ। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অখিল গগৈক।

২৬ ডিচেম্বৰ- ৰাষ্ট্ৰসংঘৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা নাগৰিকত্ব সংশোধনী আইন বৈষম্যমূলক বুলি টুইটাৰযোগে প্ৰতিক্ৰিয়া ব্যক্ত। এই আইনখনক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ। এই আইনখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰসংঘৰ।

ৰাষ্ট্ৰসংঘৰ টুইটটো…

২৮ ডিচেম্বৰ- বিজেপিৰ অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ইন্দ্ৰমণি বৰাৰ দেহাৱসান।

২৮ ডিচেম্বৰ- অসমলৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কংগ্ৰেছে খানাপাৰত অনুষ্ঠিত কৰা জনসভাত ৰাহুল গান্ধীৰ অংশগ্ৰহণ।

কা আমি নামানোঃ প্ৰতিবাদ অব্যাহত…

২৯-৩০ ডিচেম্বৰ- ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী আন্দোলন অব্যাহত। এই আন্দোলন ধাৰাবাহিকভাৱে চলি আহিছে। কিন্তু এই গণ প্ৰতিবাদলৈ ৰাজ্য বা কেন্দ্ৰ চৰকাৰে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

প্ৰকাশ পোৱা উল্লেখযোগ্য গ্ৰন্থঃ

২০১৯ বৰ্ষত অনুষ্ঠিত নহ'লগুৱাহাটী গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ২৮ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱাকথা আছিল এই গ্ৰন্থমেলা। কা বিৰোধী আন্দোলনত ৰাজ্যত সৃষ্টি হোৱা শেহতীয়াপৰিস্থিতিৰ বাবে এই গ্ৰন্থমেলা বাতিল কৰা হয়।

ইয়াৰ বিপৰীতে উত্তৰ-পূবগ্ৰন্থমেলা সুচাৰুৰূপে অনুষ্ঠিত হৈ যায়। এই গ্ৰন্থমেলাত অংশ লৈ উপ-ৰাষ্ট্ৰপতিভেংকায়া নাইডুৱে মাতৃভাষাক গুৰুত্ব দিবলৈ আহ্বান জনালে। ১ নবেম্বৰত অনুষ্ঠিতউত্তৰ-পূব গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈছিল উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

মনোৰঞ্জন বড়ি আৰু অংকুৰঞ্জন ফুকনলৈ আগবঢ়োৱা হয় মুনিন বৰকটকী সাহিত্য বঁটা। বহু দিনৰ অন্তত কমল কুমাৰ মেধিৰ কাব্যগ্ৰন্থ 'এই দেশ কাৰাগাৰ'-য়ে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিলে। সেই সকলৰ উপৰিও দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত তেতিয়াৰ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উন্মোচন কৰিলে 'স্বৰাজোত্তৰ অসম ১৯৪৭-২০১৯' শীৰ্ষক গ্ৰন্থৰ ইংৰাজী সংস্কৰণ।

কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ প্ৰকাশ পালে ২০১৯ বৰ্ষত…

কবি নিবেনন্দ দাস পাটোৱাৰী 'দাইঙৰ পোহৰত', পংকজ গোবিন্দ মেধিৰ 'ৰঙা হাঁহি', 'নীলা সৌৰভৰ', উত্তৰ আধুনিকতাৰ ঘাঁ, দীপক কুমাৰ বৰকাকতিৰ হৃদয়ালয়, গোবিন্দ কুমাৰ খাউণ্ডৰ বগী, ইন্দ্ৰানী শৰ্মাৰ ছ'চিয়েল মিডিয়াত বিশেষভাৱে চৰ্চিত উপন্যাস 'অৰ্ণৱ, আস্থা আৰু জে ই চি',  মৃণাল কুমাৰ গগৈৰ 'অনাহূত', অনুৰাধা শৰ্মা পূজাৰীৰ 'নয়ন তৰা', সত্যৰঞ্জন বৰাৰ 'ইছলাম আৰু কুৰআনৰ কলংকিত কথাবোৰ', ৰঞ্জীৱ শৰ্মাৰ 'বৌদ্ধিক সন্ত্ৰাস', হিমন্ত বিশ্ব শৰ্মাৰ 'ভিন্ন সময় অভিন্ন মত', অৰূপা পটোংগীয়া কলিতাৰ 'পানী গাভিনী আৰু অন্যান্য', প্ৰশান্ত কুমাৰ দাসৰ 'মৃণ্ময়ী ভেনাছ', মনালিছা শইকীয়াৰ 'পানীৰ পালক', তপন দাসৰ 'গল্প গুচ্ছ', ৰত্না ভৰালী তালুকদাৰৰ 'নদীৰ বুকুত কাতি ৰোৱা আঙুলি', হেমন্ত শৰ্মাৰ 'প্লাষ্টিকৰ পৃথিৱী', সমিষ্টাৰ প্ৰিতমৰ 'পৰাণ নিগৰে', অৰুণী কাশ্যপৰ 'নৈখন এতিয়া দূৰৈত', মৃণাল কলিতাৰ 'ৰিপ, মুণমীহঁতৰ শেষ নোহোৱা কাহিনী', জোনমণি দাসৰ 'শিশুহঁতৰ ওমলা পদ্য', টুনুজ্যোতি গগৈৰ 'চকৰী ফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়', জয়ন্ত মাধৱ বৰাৰ 'দোতাৰা', শান্তনু কৌশিক বৰুৱাৰ 'ভূগোলৰ নজনা কথাবোৰ', সিদ্ধান্ত পৰ্ণ শইকীয়াৰ 'বেকফি', ইছমাইল হুছেইনৰ হোমেন বৰগোঁহাঞি আৰু ঢকুৱাখানা, অনুৰাধা দত্তৰ 'আৰিৱা', বিদ্যুৎ কুমাৰ ভূঞাৰ 'প্ৰসংগ ভূপেন হাজৰিকা', ভাস্কৰজ্যোতি বৰাৰ 'ৰাফকুৱাষ্টিক্', টম মেদকৰ 'আকাশত বৃত্ত অঁকা চিলনী', অলকেশ কলিতাৰ 'নিষ্পল উৎসৱ' আদি বিভিন্ন বিষয়ক গ্ৰন্থ প্ৰকাশ পাইছে ২০১৯ বৰ্ষত।

ইয়াৰোপৰি ভাস্কৰজ্যোতি গগৈৰ 'লুম্বে দাইৰ উপন্যাসৰ বিচাৰ', ৰাজীৱ বৰাৰ 'অসমীয়া কবিতাৰ আলচ-বিলচ', ময়ুৰ বৰাৰ 'অসমীয়াত্বৰ জ্যোতি', জ্ঞান পূজাৰীৰ 'মণিমুগ্ধ অন্য জীৱন আৰু অন্য ৰচনা', টুলুজ্যোতি গগৈৰ 'পিৰিটীৰ নিছিগা ধাৰ', অৰবিন্দ ৰাজখোৱাই সম্পাদনা কৰা 'অসমীয়া বিজ্ঞান সাহিত্য' বছৰটোত প্ৰকাশিত আন কেইখনমান উল্লেখযোগ্য গ্ৰন্থ আছিল।

নতুন বছৰটোত মন কৰিবঃ

২০০০চনৰ আৰম্ভণিতে এক সমস্যাৰসৃষ্টি হৈছিল। সেয়া আছিল 2K। ১৯০০চনৰ পৰা ২০০০ চন প্ৰৱেশ কৰাৰ পাছত কম্পিউটাৰত এইবছৰটোক লৈ সৃষ্টি হোৱা এক জটিল সমস্যা আছিল। কিন্তু এইবাৰ তেনে সমস্যা নহ'লেও, আনএক সমস্যাৰ আপুনি সন্মুখীন হ'ব পাৰে। নতুন বছৰৰ প্ৰাকক্ষণতে এই কথাটো মনত ৰখাউচিত। কিয়নো আপোনাৰ দৰে বহুতৰে তাৰিখ লিখিলে সম্পূৰ্ণ চনতো নিলিখি চনটোৰপাছৰ দুটাসংখ্যাহে লিখা হয়। যেনে ধৰক ২০ ডিচেম্বৰ, ২০১৯। এই তাৰিখটো লিখোতে ২০-১২-১৯ লিখিলেআপোনাৰ কোনো সমস্যা নাছিল। কিন্তু এইবাৰ সেইটো নহ'ব। যদি আপুনি ১ জানুৱাৰী, ২০২০লিখিবলৈ গৈ ১-১-২০ লিখে তেন্তে আপুনি লিখা চনৰ সংখ্যা দুটা অৰ্থাৎ ২০ৰ পাছতকোনোবাই আন দুটা সংখ্যা সংযোগ কৰি দিয়ে, তেনেহ'লে সেয়া অন্য এটা বছৰ হৈ পৰিব পাৰে।

সেয়েহে এই বছৰটোত তাৰিখ লিখোতে আপুনি সাৱধান হোৱাটো প্ৰয়োজন। আনকি ছ'চিয়েল মিডিয়াত এনে মেছেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। যি মেছেজত সতৰ্ক কৰি দিয়া হৈছে যে, চৰকাৰী নথিপত্ৰকে ধৰি প্ৰয়োজনী নথিপত্ৰসমূহত আপুনি সম্পূৰ্ণ চনটো লিখাতো অতিকৈ প্ৰয়োজন। নহ'লে কোনো দালাল চক্ৰ বা অপৰাধীৰ পাকচক্ৰত পৰি ঠগ খোৱাৰ সম্ভাৱনা আছে।

সময় আহে,সময় যায়। সময় ৰৈ নাযায়। ৰৈ যায় মাথোঁ স্মৃতি। পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি চৌদিশে। কিন্তু সেই নতুনক আদৰাৰ পূৰ্বৰ দৰে প্ৰস্তুতি এতিয়া ৰাজ্যত নাই। চৌদিশে প্ৰতিবাদ। নতুন বছৰৰ দিনাই 'কা আমাক নালাগে' বুলি সংকল্প ল'বলৈ ৰাজ্যবাসীক আহ্বান জনাইছে দল-সংগঠনে। বিদায় বৰ্ষটোৰ ক্ষোভ-প্ৰতিবাদৰ ভাষা নতুন বছৰটোত চৰকাৰে বুজিব বুলি আশাবাদী ৰাজ্যবাসী।