বীৰ হৈয়েই স্বদেশলৈ উভতিব উইং কামাণ্ডাৰ অভিনন্দন…

বীৰ হৈয়েই স্বদেশলৈ উভতিব উইং কামাণ্ডাৰ অভিনন্দন…

♦ মৃদুল কুমাৰ সন্দিকৈ

যুদ্ধত বন্দী হৈছিল ৰজা পুৰু। সম্ৰাট আলেকজেণ্ডাৰৰ বিৰুদ্ধে যুদ্ধত পৰাস্ত হৈ বন্দী হৈছিল ৰজা পুৰু। আলেকজেণ্ডাৰে বন্দী ৰজাক সুধিছিল- মোৰ পৰা কেনে ব্যৱহাৰ আশা কৰা? পুৰুৱে সাহসেৰে কৈছিল- এজন ৰজাৰ পৰা ৰজাৰ দৰে ব্যৱহাৰ বিচাৰো মই। এই কথাত সুখী হৈ সম্ৰাট আলেকজেণ্ডাৰে যুদ্ধবন্দী পুৰুক ৰজাৰ দৰে ব্যৱহাৰ কৰি মুক্তি দিছিল।

এয়াই যুদ্ধৰ নীতি। যুদ্ধ হ'ব পাৰে। যুদ্ধ বন্দী হ'লেও শত্ৰু সেনাক পুৰণি কালতো বৰ্বৰ অত্যাচাৰ কৰা নাছিল। শেহতীয়া ভাৰত-পাকিস্তানৰ ঘটনাৱলীত পাক সেনাৰ হাতত দুৰ্ভাগ্যক্ৰমে বন্দী হ'ল ভাৰতৰ সাহসী বীৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান। ২৭ ফেব্ৰুৱাৰী, ২০১৯ত মিগ-২১ বিমানেৰে পাকিস্তানী বায়ু সেনাৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ যাওঁতেই ঘটিছিল অঘটন। ভূপতিত হৈছিল তেওঁ চালকৰ আসনত থকা যুঁজাৰু বিমানখন।

তাৰপাছত কি হ'ল সেয়া সকলোৱে জানে। এই সাহসী ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰজনক লৈ পাকিস্তান সেনাই বহু ষড়যন্ত্ৰ ৰচিলে। এনে কিছু ভিডিঅ' আৰু আলোকচিত্ৰ ৰাজহুৱা কৰিলে যে, যিবোৰ যুদ্ধনীতিৰ পৰিপন্থী। সমগ্ৰ মুখত তেজৰ চেকুৰা। তাৰপাছতো তেওঁ এজন বীৰৰ দৰেই আচৰণ কৰি গ'ল।

পাকিস্তানী সেনা বিষয়াই তেওঁক সোধ-পোছ কৰা এটা ভিডিঅ'ও ৰাজহুৱা হৈছে। য'ত তেওঁ কিছু প্ৰশ্নৰ উত্তৰ দিয়া নাই। পাকিস্তান সেনাৰ জিম্মাত থকা এই ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰজনৰ সন্দৰ্ভত পাকিস্তানৰ বাতৰি কাকতত যথেষ্ট চৰ্চা হৈছে। ড'ন কাকতে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বাতৰিত উল্লেখ কৰিছে এইদৰে- 'The pilot, who was equipped with a pistol, asked the youngsters whether it was India or Pakistan. On this, one of them intelligently responded that it was India. The pilot, later identified as Wing Commander Abhi Nandan, shouted some slogans and asked which place exactly it was in India. To this, the same boy responded that it was Qilla'n.

The pilot told them that his "back was broken" and he needed water to drink.'

মিষ্টাৰ ৰাজাক নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে সংবাদমাধ্যমক সদৰী কৰা মতে, তেওঁ আধা কিঃমিঃ মান দৌৰি আত্মৰক্ষাৰ চেষ্টা কৰিছিল। সেই সময়ত এজন ল'ৰাই তেওঁক পিছা কৰাত তেওঁ পিষ্টলেৰে আগবঢ়াত বাধা দি সাৱধানবাণী দিছিল। স্থানীয় লোকে পোছাকত থকা এই উইং কামাণ্ডাৰগৰাকীক কৰায়ত্ত কৰিছিল আৰু আৰক্ষী তথা সেনাক খবৰ দি তেওঁক প্ৰহাৰ কৰা বুলি সংবাদমাধ্যমত খবৰ প্ৰকাশ পাইছে।

দেশবাসীৰ নিৰাপত্তাৰ বাবে দায়িত্ব পালন কৰি পাক সেনাৰ হাতত বন্দী হৈ না না নিৰ্যাতনৰ বলি হৈও উদ্যম হেৰুওৱা নাই এইগৰাকী বীৰ জোৱানে। ৩৪ বছৰীয়া উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান এন ডি এত অধ্যয়ন কৰিছিল । মিগ-২১ বিছ'ন স্কোৱাৰ্ডন চলোৱাৰ পূৰ্বে তেওঁ ছুখই-৩০ও চলাইছিল। তেওঁৰ পৰিয়ালটোৱে বায়ু সেনাৰ সৈতে জড়িত। অভিনন্দন আছিল অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বেল এছ বৰ্ধমানৰ পুত্ৰ। তেওঁৰ পিতৃয়ে ষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ মুৰব্বী হিচাপে অৱসৰগ্ৰহণ কৰিছিল।

তেওঁৰ ভাতৃও বায়ু সেনাতে কৰ্মৰত। সমগ্ৰ দেশবাসীয়ে এতিয়া বিচাৰিছে- সুকলমে আৰু অতি শীঘ্ৰেই দেশলৈ ঘূৰি আহক এই বীৰ পুৰুষগৰাকী। ইতিমধ্যে দিল্লীয়ে সেই তৎপৰতা আৰম্ভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় উইং কামাণ্ডাৰগৰাকীক ঘূৰাই আনিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈছিল চৰকাৰে।

পাক অধ্যুষিত কাশ্মীৰত পাকিস্তান সেনাই বন্দী কৰা উইং কামাণ্ডাৰগৰাকী ভাৰতৰ হাতত গতাই দিব বুলি মন্তব্য কৰিছে পাক বিদেশ মন্ত্ৰীয়ে। বুধবাৰৰ পুৱাই পাক সেনাৰ হাতত বন্দী হোৱা এই উইং কামাণ্ডাৰগৰাকীক মাৰপিট কৰা দৃশ্য ভাইৰেল হোৱাৰ পাছত ভাৰত চৰকাৰে পাকিস্তানৰ এনে কাৰ্যক কঠোৰ সমালোচনা কৰি ইয়াৰ বিৰুদ্ধে ইতিমধ্যে ইছলামাবাদৰ ওচৰত আপত্তি দৰ্শাইছে।

ভাৰতে যুক্তি দিছে যে- জেনেভা চুক্তিৰ আধাৰত এই উইং কামাণ্ডাৰগৰাকীক পাকিস্তানে ঘূৰাই পঠিয়াব লাগে। তেওঁৰ সৈতে যি ব্যৱহাৰ কৰা হৈছে, সেয়া সেই চুক্তিৰ নীতিৰ উলংঘন হৈছে। পাকিস্তানৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেছীয়ে কৈছে যে- উইং কামাণ্ডাৰগৰাকীক ভাৰতলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত মুকলি হৃদয়েৰে তেওঁলোকে বুজা-পৰা কৰিবলৈ ইচ্ছুক।

২৭ ফেব্ৰুৱাৰীত ভাৰতীয় সেনাই ভূপতিত হোৱা পাকিস্তানৰ এফ-১৬ যুঁজাৰু বিমানখনৰ ধ্বংশৱাশেষ।
২৭ ফেব্ৰুৱাৰীত ভাৰতীয় সেনাই ভূপতিত হোৱা পাকিস্তানৰ এফ-১৬ যুঁজাৰু বিমানখনৰ ধ্বংশৱাশেষ।

১৮৬৪চনত হৈছিল জেনেভাৰ সন্ধিপত্ৰ। তাৰপাছত ১৯০৬চনত, ১৯২৯চনত আৰু দ্বিতীয় বিশ্বযুদ্ধ ১৯৪৯চনত এই সন্ধিপত্ৰত স্বাক্ষৰ কৰিছিল বিশ্বৰ ১৯৪খন দেশে। যুদ্ধবন্দী সকলৰ সুৰক্ষা আৰু সন্মানৰ বাবে সহমত প্ৰকাশ কৰি এই সন্ধিপত্ৰ প্ৰস্তুত কৰা হৈছিল। তাত স্বাক্ষৰ কৰা সকলৰ ভিতৰত আছে ভাৰত আৰু পাকিস্তানো।

এই সন্ধিপত্ৰত থকা নীতি অনুসৰি যুদ্ধবন্দীৰ সৈতে কোনো অমানসিক অত্যাচাৰ আৰু অপমান কৰিব নোৱাৰিব। চাৰিটা মূল সন্ধি আৰু তিনিটা মূল আদৰ্শৰ নীতি ভিত্তিত চুক্তিত স্বাক্ষৰ কৰা দেশসমূহে যুদ্ধবন্দীৰ মানৱীয়তাৰ অধিকাৰত বল প্ৰয়োগ কৰিব নোৱাৰিব বুলি উল্লেখ আছে। লগতে বন্দী সেনা সকল তথা নাগৰিকৰ সুৰক্ষা আৰু তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰি ৭ দিনৰ ভিতৰত নিজ দেশলৈ ঘূৰাই পঠিয়াব বুলিও সহমত পোষণ কৰিছিল চুক্তিত স্বাক্ষৰ কৰা দেশসমূহে।

বন্দী সেনাৰ কোনো আপত্তিজনক ছবি, ভিডিঅ' বা তেওঁৰ বিষয়ে কোনো তথ্য ৰাজহুৱা কৰিব নোৱাৰিব। লগতে তেওঁলোকৰ পৰিচয় বা পদমৰ্যদাৰ বাদে বিপদত পৰিব পৰা কোনো কথা ৰাজহুৱা কৰিব নোৱাৰিব এই চুক্তিত স্বাক্ষৰ কৰা দেশসমূহে। যিখন দেশে সেনাক যুদ্ধবন্দী কৰে, সেই বন্দীজনৰ অপৰাধৰ বিচাৰ হ'ব পাৰে, কিন্তু তেওঁক মাৰপিট কৰিব নোৱাৰিব।

দেশৰ আভ্যন্তৰীণ কথাও সুধিব নোৱাৰে এনে বন্দীক। যুদ্ধবন্দীসকলৰ মানসিক আৰু শাৰীৰিক দিশত বন্দী কৰা দেশখনে মন দিব লাগিব। তেওঁলোকক উপযুক্ত আহাৰ দিব লাগিব আৰু কোনো কামত নিয়োগ কৰিব নোৱাৰিব। সেই নীতি জেনেভা সন্ধিপত্ৰ স্বাক্ষৰ কৰা দেশ হিচাপে পাকিস্তানেও মানি চলিব লাগিব।

সাধাৰণ জনতা-ছুপাৰ ষ্টাৰ,সকলোৰে এটাই কথা- কুশলে ঘূৰি আহক আমাৰ অভিনন্দন…।
সাধাৰণ জনতা-ছুপাৰ ষ্টাৰ,সকলোৰে এটাই কথা- কুশলে ঘূৰি আহক আমাৰ অভিনন্দন…।

উইং কামাণ্ডাৰ অভিনন্দনে শেষমুহূৰ্তলৈকে সংযম হেৰুওৱা নাছিল। এল অ' চিৰ পৰা ৭ কিঃমিঃ ভিতৰৰ পাক অধ্যুষিত কাশ্মীৰত তেওঁ পেৰাচ্যুটসহ অৱতৰণ কৰা পাছতেই লাইন অৱ কণ্ট্ৰলৰ ফালে তেওঁ দৌৰিছিল। কিছু সংখ্যক স্থানীয় লোকে তেওঁক আগুৰি ধৰাত তেওঁ আত্মৰক্ষাৰ বাবে চেষ্টা কৰিছিল যদিও, শেষ মুহূৰ্তত তেওঁ বুজি উঠিছিল যে, তেওঁ ইতিমধ্যে পাকিস্তানত। সেয়ে তেওঁ এটা পুখুৰীত জঁপিয়াই দিছিল।

তেওঁৰ হাতত আছিল কিছু এই অভিযানৰ তথ্য। পুখুৰীত জঁপিয়াই দি সেই কাগজ-পত্ৰসমূহ তেওঁ নষ্ট কৰা বুলি অনুমান কৰা হৈছে। যাতে সেইবোৰ পাকিস্তানৰ সেনাৰ হাতত নপৰে। নিজৰ দায়িত্ব আৰু দেশৰ নিৰাপত্তাৰ দিশত যাতে কোনো সমস্যাৰ সৃষ্টি হ'ব নোৱাৰে, তাৰ প্ৰতি সজাগ আছিল এইগৰাকী সাহসী আৰু বুদ্ধিমত্তা পৰিচয় দিয়া উইং কামাণ্ডাৰগৰাকী।

দুই দেশৰ মাজত বিৰাজ কৰা উত্তেজনাময় পৰিৱেশৰ মাজত তেওঁ সেই সময়ত কেনে মানসিক চাপত থাকিব পাৰে সেয়া কল্পনাই কৰিব নোৱাৰি। তাৰ পাছতো মনোবল ভগা নাছিল এই উইং কামাণ্ডাৰগৰাকীৰ। পাকিস্তানৰ ভূমিতো তেওঁ বীৰৰ দৰেই আচৰণ কৰিছিল। ভাৰতে বুধবাৰৰ দুপৰীয়াই এজন ভাৰতীয় পাইলট সন্ধানহীন হৈ থকা কথা ঘোষণা কৰিছিল।

পাকিস্তানেও তেনে দাবীয়েই কৰিছিল প্ৰথমে। পুৱা ৮.৪৫ বজাত সংঘটিত হৈছিল এই অঘটন। তেওঁক স্থানীয় লোকে আৱৰি ধৰি প্ৰথম সোধা প্ৰশ্নটো আছিল- তেওঁ পাকিস্তানী নে ভাৰতীয়? উইং কামাণ্ডাৰ গৰাকীয়ে তেওঁ নিজকে ভাৰতীয় বুলি পৰিচয় দি সুধিছিল- তেওঁ ভাৰতৰ কোন ঠাইত আছে? প্ৰত্যক্ষদৰ্শীসকলে তেওঁক পাকিস্তানত থকা বুলি কৈ আক্ৰমণৰ বাবে উদ্যত হৈছিল।

কিছু যুৱকে তেতিয়াই পাকিস্তান আৰ্মী জিন্দাবাদ দি উইং কামাণ্ডাৰগৰাকীক আক্ৰমণ কৰিবলৈ খেদি গৈছিল। হাতত থকা পিষ্টলটোৰে তেওঁ আত্মৰক্ষাৰ চেষ্টা কৰিছিল। তাৰপাছতেই তেওঁ দৌৰি গৈ পুখুৰীত জাপ দি তেওঁৰ জেপত থকা কাগজ আৰু মেপ নষ্ট কৰি পেলাইছিল।

শেষ মুহূৰ্তলৈকে তেওঁ পালন কৰি গৈছিল দায়িত্ব।
শেষ মুহূৰ্তলৈকে তেওঁ পালন কৰি গৈছিল দায়িত্ব।

পাকিস্তানৰ মাটিত এনে সাহসেৰে উইং কামাণ্ডাৰ অভিনন্দনে শেষ মুহূৰ্তলৈকে দায়িত্ব পালন কৰি গৈছিল দেশৰ হকে। এবাৰৰ বাবেও তেওঁ নিজৰ জীৱনৰ কথা ভবা নাছিল। নিজৰ প্ৰাণতকৈ তেওঁৰ বাবে সেই মুহূৰ্তত গুৰুত্বপূৰ্ণ কথা আছিল- তেওঁৰ লগত থকা গুৰুত্বপূৰ্ণ নথিসমূহ নষ্ট কৰি পেলোৱা। আৰু সেয়া তেওঁ কৰিছিল।

ভাৰতৰ উপৰ্যোপৰি হেঁচাৰ পাছত পাকিস্তানে এই উইং কামাণ্ডাৰগৰাকীক এৰি দিব বুলি ভাৰতৰ ক'ৰ্টলৈ বল ঠেলি উইং কামাণ্ডাৰ অভিনন্দনক লৈ দৰ-দাম কৰাৰ চেষ্টা কৰিছিল। কিন্তু ভাৰতে পাকিস্তানক সেই সুযোগ নিদিলে। ভাৰতৰ স্পষ্ট কথা- জেনেভা সন্ধি স্বাক্ষৰ কৰা দেশ হিচাপে চুক্তিৰ নীতি-নিয়ম মানি চলক পাকিস্তানে।

উইং কামাণ্ডাৰগৰাকীক লৈ পাকিস্তানৰ সৈতে ভাৰতে কোনো আলোচনা কৰাৰ কথা ভবা নাছিল। চুক্তি অনুসৰি তেওঁলোকে বন্দী কৰি ৰখা ভাৰতীয় উইং কামাণ্ডাৰগৰাকীক মুকলি কৰি দিবই লাগিব বুলি দিল্লীয়ে দাবী কৰিলে। কিন্তু পাকিস্তানে কান্দাহাৰ কাণ্ডৰ দৰে এতিয়া উইং কামাণ্ডাৰগৰাকীক লৈ খেলিব বিচাৰিছিল অন্য এক খেল।

আন্তঃৰাষ্ট্ৰীয় হেঁচা, জেনেভা সন্ধিপত্ৰ অনুসৰি পাকিস্তানে মুকলি কৰি দিব লাগিব এই বীৰ জোৱানজনক। দিল্লীয়ে আশা কৰিছিল- অতি সোনকালে তেওঁ ঘূৰি আহিব। দিল্লীৰ পৰা  ইছলামাবাদক এই বাৰ্তা দিয়া হৈছিল- উইং কামাণ্ডাৰগৰাকীক লৈ পাকিস্তানে যদি কিবা দৰ-দাম কৰাৰ কথা ভাবিছে তেন্তে সেয়া ভুল ভাবিছে। আন্তঃৰাষ্ট্ৰীয় নীতি মানি তেওঁৰ সৈতে মানৱীয় ব্যৱহাৰ কৰি সোনকালে ভাৰতীয় উইং কামাণ্ডাৰগৰাকীক স্বদেশলৈ প্ৰেৰণৰ বাবে পাকিস্তানক বাধ্য কৰিবলৈ ভাৰতে কূটনৈতিক তৎপৰতা আৰম্ভ কৰে।

পাকিস্তানৰ সমুখত বৃহৎ প্ৰত্যাহ্বান। ভাৰতীয় উইং কামাণ্ডাৰগৰাকীক তেওঁলোকে স্বদেশলৈ ঘূৰাই পঠিয়াবই লাগিব। নহ'লে জেনেভা সন্ধিপত্ৰত স্বাক্ষৰ কৰা ১৯৩খন দেশৰ ওচৰত জবাবদিহি হ'ব লাগিব পাকিস্তান। ভাৰতবাসীয়েও বিচাৰিছিল সুকলমে আৰু অতি শীঘ্ৰেই উইং কামাণ্ডাৰ অভিনন্দন ঘূৰি আহিব। দেশবাসীয়ে এই বীৰ জোৱানক আদৰিবলৈ আগ্ৰহেৰে ৰৈ আছে। অতি শীঘ্ৰেই আহিল ভাল খবৰ।

কাৰ্গিলৰ যুদ্ধৰ সময়ত পাকিস্তানে ভাৰতৰ ফ্লাইট লেফটেনেন্ট কম্বামপতি নাছিকেতাক বন্দী কৰিছিল। জেনেভা সন্মিলনৰ স্বাক্ষৰিত চুক্তিৰ দোহাই দিয়ে তেতিয়াৰ প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে পাকিস্তানৰ ওপৰত এনে হেঁচা প্ৰয়োগ কৰিছিল যে, এই সেনা বিষয়াগৰাকীক ৭দিনৰ ভিতৰত পাকিস্তানে ভাৰতলৈ ঘূৰাই পঠিয়াবলৈ বাধ্য হৈছিল। ২৬ বছৰীয়া এই বায়ু সেনা বিষয়াগৰাকী আছিল ১৯৯৯চনৰ কাৰ্গিল যুদ্ধৰ একমাত্ৰ বন্দী। ২৭ মে', ১৯৯৯ত তেওঁক পাক সেনাই বন্দী কৰিছিল আৰু ৩ জুনত তেওঁক ভাৰতলৈ ঘূৰাই পঠিয়াইছিল পাকিস্তানে।

তেওঁৱেই ২০১৬চনৰ এটা সাক্ষাৎকাৰত কৈছিল- 'সেই সময়বোৰ আছিল বৰ কঠিন। মই ভাষাৰে বুজাব নোৱাৰিম। সেই সময়ত মই মৰা বুলি ভাবিছিলো। কিন্তু ভগৱানক ধন্যবাদ, তেওঁৰ আশীৰ্বাদ মোৰ সৈতে আছিল। তিনি-চাৰি দিনলৈকে অকথ্য নিৰ্যাতন চলিছিল।

"It was very tough. I can't describe that experience in words. That time I thought maybe death is a simpler solution. But I am thankful to God that destiny was on my side. I underwent severe mental and physical torture there for three-four days,"

পাকিস্তানৰ হাতৰ পৰা ঘূৰি অহা ভাৰতৰ বায়ু সেনা বিষয়া কম্বামপতি নাছিকেতাক।
পাকিস্তানৰ হাতৰ পৰা ঘূৰি অহা ভাৰতৰ বায়ু সেনা বিষয়া কম্বামপতি নাছিকেতাক।

অভিনন্দনৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহ'ল। পাকিস্তানৰ হাতত ইয়াৰ বিকল্প নাছিল। অভিনন্দনক লৈ পাকিস্তানে যিমানেই কুটনীতিৰ জাল ৰচনা নকৰক, বীৰৰ দৰেই ঘূৰি আহিব এতিয়া ১৩০ কোটি ভাৰতৰ মধ্যমণি হৈ পৰা উইং কামাণ্ডাৰ গৰাকী। পাকিস্তানে ঘূৰাই পঠিওৱাৰ পূৰ্বেই তেওক চলালে অত্যাচাৰ।

ভাৰতৰ এই বীৰ উইং কামাণ্ডাৰগৰাকীয়ে হেৰাই পেলোৱা নাছিল মনোবল। বিদেশৰ মাটিতো তেওঁ বীৰৰ দৰেই আচৰণ কৰিছিল কিয়নো দেশ আৰু জনতাৰ নিৰাপত্তাত নিয়োজিত আমাৰ বীৰ সেনা সকলে শত্ৰুৰ আগত আঁঠু কাঢ়িবলৈ শিকা নাই। বীৰৰ দৰেই তেওঁ ঘূৰি আহিব নিজ মাতৃভূমিলৈ। এতিয়া সকলোৰে অপেক্ষা সেই ক্ষণলৈ।

ইতিমধ্যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ঘোষণা কৰিছে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত আমি মুকলি কৰি দিম উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানক। ১ মাৰ্চ, ২০১৯ অৰ্থাৎ শুকুৰবাৰে পাকিস্তানে মুকলি কৰি দিব উইং কামাণ্ডাৰগৰাকীক। এই ঘোষণা কৰিলে খোদ পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in