মৃদুল কুমাৰ সন্দিকৈ
দ্ৰুত পৰিৱৰ্তনে আমাক কৰ পৰা কলৈ লৈ গৈ আছে, সেয়া অনুমান কৰাটো এতিয়া সম্ভৱ হৈ থকা নাই। কল্পনাৰ বাহিৰৰ এখন ভৌতিক পৃথিৱী গঢ় লৈ উঠিছে। ক'ব নোৱাৰাকৈয়ে আমি সেই পৃথিৱীৰ বাসিন্দা হৈ পৰিছো। কোৰোনাৰ আগলৈকে কোনোবাই জানো কল্পনা কৰিছিল যে, ঘৰখনেই অফিচ, ঘৰখনেই শিক্ষানুষ্ঠান, ঘৰখনেই খেলপথাৰ হৈ পৰিব।
এই সময় পৰিৱৰ্তনৰ এক সন্ধিক্ষণৰূপে পৰিগণিত হ'ব। কিছু ব্যৱহাৰিক দিশ বাদ দি সকলো মানুহেই এতিয়া ডিজিটেল পৃথিৱীৰ বাসিন্দা হৈ পৰিল। মানুহৰ সৈতে মানুহৰ সম্পৰ্কবোৰ ডিজিটেল জগতত স্থিতাপি লোৱাই নহয়, অতি বাস্তৱমুখী চিন্তা চেতনাৰে মানুহ সেই জগতখনলৈ ক'ব নোৱাৰাকৈ গুচিঁ গ'ল।
কল্পনা কৰকচোন, পৃথিৱীত অস্তিত্ব বোলা কোনো বস্তুয়েই নোহোৱা হৈ পৰিল। আপোনাৰ কিমান সম্পত্তি আছে, সেই মান নিৰূপন হ'ব ডিজিটেল মাধ্যমৰে। কিধৰণে আমি প্ৰতিটো সেৱা ডিজিটেলৰ জৰিয়তে আজি লাভ কৰিছো, সেই ধাৰণা আজিৰ পৰা ১০বছৰৰ আগতে অবিশ্বাস্য, অকল্পনীয় আছিল।
মানুহৰ মাজত থাকিবলগীয়া ব্যক্তিগত গোপনীয়তাও এতিয়া নোহোৱা হ'ল। উবুৰি খাই পৰা ডিজিটেল মাধ্যমত আমাৰ সকলোৰে তথ্য উপলদ্ধ। বহুজাৰ্তিক কোম্পানীবোৰৰ বাবে সেই তথ্যবোৰো এতিয়া ডাঙৰ মূলধন। বস্তুমুখী চেতনাৰ বিপৰীতে ব্যৱহাৰিক ডিজিটেলাইশ্যচনৰ এনে অগ্ৰগতিয়ে এদিন মানুহকো সম্পূৰ্ণৰূপে অনুভৱহীন আৰু পৰনিৰ্ভৰশীল কৰি তুলিব।
ডিজিটেল পৃথিৱীখনৰ বিস্তাৰ যি পৰ্যায়ত হৈছে, সেইকথা মাক জুৰ্কাৰবাগৰ দৰে লোকে আগতীয়াকৈ অনুভৱ কৰিছে। ফেচবুক, টুইটাৰ আদিৰ পাছত এতিয়া মেটা নামাকৰণেৰে ভৱিষ্যতৰ দিনবোৰৰ প্ৰতি তেওঁলোক সাজু হৈ সেই ডিজিটেল পৃথিৱীখন দখলৰ চেষ্টা চলাইছে।
এদিন মোবাইলতো মানুহৰ হাতলৈ আহোতে মানুহে ভৱা নাছিল, বহুকেইবিদ সামগ্ৰী এই মোবাইলটোৱে কাঢ়ি লৈ যাব। ইটোৰ পাছত সিটো সুবিধা মোবাইলৰ জৰিয়তে মোবাইল ব্যৱহাৰকাৰীজনে লাভ কৰিছে। নিশা হাতত টৰ্চ লৈ যোৱা পৰ্ব এতিয়া অতীত হ'ল। মোবাইলতে উপলদ্ধ সেই সুবিধা।
হাতৰ ঘড়ীটোৰ প্ৰয়োজন নাই। মোবাইলতে চাব পাৰি সময়। বেংক-কাছাৰীৰ বহু সমস্যা মোবাইলৰ জৰিয়তেই মানুহে কৰে। এটা বা দুটা চুইটছ টিপি কাৰোবালৈ ধন প্ৰেৰণ, বজাৰৰ পৰা সামগ্ৰী ক্ৰয়, কাৰোবাক সুখ-দুখত এষাৰ মাত বা খবৰ লব পৰা ব্যৱস্থাই আমাক বহু সুবিধা কৰি দিলেও সেই কামবোৰৰ জৰিয়তে গঢ় লৈ উঠা সংস্পৰ্শক নাইকিয়া কৰি পেলালে।
পৰ্যায়ক্ৰমে আমি সুবিধাৰ নামত লাভ কৰা এনে সেৱাই প্ৰকৃততে আমাক উপকাৰ সাধিছেনে! সেই প্ৰশ্ন এতিয়া লাহে লাহে গা কৰি উঠিছে। সময়নাই বুলি বহুতে এই সুবিধাসমূহ আদৰি লোৱাৰ লগতে চৰকাৰেও ডিজিটেলাইশ্যনৰ নামত ইয়াৰ পৃষ্ঠপোষকতা কৰিছে।
কিন্তু আমাৰ হাতত সচাঁকৈয়ে সময় নাইনে? দিনবোৰ এতিয়া দ্ৰুতগতিত পাৰ হৈ গৈছে। এনেবোৰ কাম পূৰ্বতে কৰোতে যিমান সময়ৰ প্ৰয়োজন হৈছিল, তাতোকৈ কেইবাগুণ কম সময়ত আমি সেইবোৰ সমাধা কৰিব পৰা হৈছো। তেনেহলে আমাৰ সময়বোৰ ক'ত হেৰাই গৈছে।
এটা সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি, ভাৰতত ১৫ৰ পৰা ৩৫বছৰৰ বয়সৰ লোকে ছচিয়েল মিডিয়াত দৈনিক গড়ে ৫ৰ পৰা ৬ঘন্টা সময় ব্যয় কৰে। অৰ্থাৎ আমি তথ্য-প্ৰযুক্তিৰে ৰেহাই কৰা সময়খিনি ব্যয় কৰো এইদৰে। তাৰ পাছত কওঁ- হাতত সময় নাই।
দিনটোৰ বেছিভাগ সময় ছচিয়েল মিডিয়াত দিয়া লোকে ইয়াৰ জৰিয়তে কোনো উল্লেখযোগ্য কাম কৰে বুলিও মনে নধৰে। এয়া এক নিচা হৈ পৰিছে। সেই নিচাত আসক্ত হৈ পৰিছে নতুন প্ৰজন্ম। যি নিচা সুৰা, ভাং বা ড্ৰাগছতকৈ কম নহয়। এনে পৰিস্থিতিয়ে নতুন প্ৰজন্মক ডিজিটেল নিৰ্ভৰ এখন পৃথিৱীলৈ লৈ যাব যদিও কৰ্মহীন আৰু উৎপাদনবিহীন পৃথিৱীত তেওঁলোকৰ অস্তিত্ব কিমান দিনলৈ বিৰাজ কৰি থাকিব।
খেতি-পথাৰত শ্ৰম নকৰিলে কেৱল ডিজিটেল মাধ্যমৰে জানো খাদ্য-শস্য উৎপাদন সম্ভৱ হ'ব? যদি সকলোৱে কেৱল মোবাইল বা আন মাধ্যমৰে উপাৰ্জনৰ লক্ষ্য লয়, তেনেহলে বাস্তৱত সেই কামৰ বাবে পণ্য বা উৎপাদিত সামগ্ৰী কি হ'ব?
চিন্তাৰ কাৰন সকলোতে আছে।ডিজিটেলাইশ্যনৰ সমান্তৰালভাৱে বাস্তৱ-কৰ্মমুখী এক কৰ্মসূচীও আমি তৈয়াৰ কৰিব লাগিব। হাতত মোবাইলতো লৈ , মোবাইলৰ কী পেইড টিপি খাদ্য সামগ্ৰী উৎপাদন কৰিব নোৱাৰি, উৎপাদিত সামগ্ৰীসমূহৰ ব্যৱসায়হে কৰিব পাৰি।
কোৰোনাৰ সংক্ৰমণৰ পাছত মানুহ সলনি হৈছে। সলনি হৈছে জীৱনধাৰণৰ প্ৰক্ৰিয়া। কিন্তু প্ৰকৃতি কেতিয়াও সলনি নহয়। যিমানেই ডিজিটেলাইশ্যন নহওঁক, মাটিতহে আছে উৎপাদনৰ উৰ্বৰা শক্তি। সেই সত্যক জুকাৰবাৰ্গেও অস্বীকাৰ কৰিব নোৱাৰে…