
সময় সলনি হৈছে। সলনি হৈছে মানুহৰ মন, সলনি হৈছে যোগাযোগৰ মাধ্যম। এতিয়া বাতৰি কাকত বা টেলিভিচনতকৈ আগতে খবৰ পোৱা যায় ছ'চিয়েল মিডিয়াত। সকলোৰে হাতে হাতে কেমেৰা থকা ম'বাইল। এই ম'বাইলত লগতে আছে ছ'চিয়েল মিডিয়া বিশেষ ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টুইটাৰ আদি।
হোৱাটছএপ, ফেচবুক আদিত ভাইৰেল হোৱা ভিডিঅ' এতিয়া খবৰ। গাঁৱে-ভূঞে এই মাধ্যমৰ জৰিয়তে এজাক প্ৰহৰী সৃষ্টি হৈছে। ইয়াত আগ-ভাগ লৈছে নৱ-প্ৰজন্মই। এনেদৰে ভাইৰেল হোৱা ভিডিঅ' তথা বাতৰিবোৰেহে এতিয়া সমাজত প্ৰভাৱ পেলোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত, বিশ্ব পৰ্যায়ৰ সংবাদমাধ্যমৰ শীৰ্ষ বাতৰি!
মুখ্যমন্ত্ৰীয়ে দিনটো কি কৰিলে? এতিয়া কাকো সুধিব নালাগে। ফেচবুকত মুখ্যমন্ত্ৰীৰ নামত এটা পেজ আছে।সেই পেজটোত চালেই গম পোৱা যায় মুখ্যমন্ত্ৰীৰ দিনটোৰ কাৰ্যসূচী। প্ৰায় সকলোবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ ফটো আৰু বিৱৰণ ইয়াত থাকে। একেদৰে কোনো এক ঘটনাৰ পাছত প্ৰতিক্ৰিয়া জানিবলৈ এতিয়া কাৰো সহায় লব নালাগে। টুইটাৰত দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিষ্ঠিত লোকসকলে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
আন সংবাদ মাধ্যমসমূহৰ দৰেই এতিয়া ডিজিটেল মিডিয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰভাৱান্বিত এক মাধ্যম হৈ পৰিছে। ডিজিটেল মিডিয়া মানে হ'ল- 'Digital media are any media that are encoded in machine-readable formats. Digital media can be created, viewed, distributed, modified and preserved on digital electronics devices।
মানুহৰ হাতত এতিয়া সময় কম। ঘৰত বহি টিভি চাবলৈ মানুহৰ সময়ৰ অভাৱ। কামত ব্যস্ত হৈ থাকোতেই মানুহক লাগে খবৰ বা বিনোদনৰ উৎস। কেৱল এয়াই নহয়, ৰাজনীতি, সমাজ, সাহিত্য সকলোৰে কেন্দ্ৰবিন্দু হৈ পৰিছে এই ডিজিটেল মিডিয়া।
ডিজিটেল মিডিয়াই শাসন কৰে বিশ্বৰ উন্নত দেশবোৰক। ফেচবুকৰ দৰে ছ'চিয়েল মিডিয়াৰ পৰাই সূত্ৰপাত হৈছিল কোনো শাসকৰ বিৰুদ্ধে বিদ্ৰোহ। একেদৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, শেহতীয়া ২০১৯ৰ লোকসভা নিৰ্বাচনত ডিজিটেল মিডিয়াৰ ভূমিকাৰ কথা কোনো অস্বীকাৰ কৰিব নোৱাৰে।
এই ডিজিটেল মিডিয়াসমূহ কিদৰে নিয়ন্ত্ৰণাধীন হ'ব তাক লৈ চিন্তা চৰ্চা চলিছে। এনে বহু ঘটনা পোহৰলৈ আহিছে, যিবোৰত ডিজিটেল মিডিয়াক ব্যৱহাৰ কৰি অতি সহজে বহু উৰা বাতৰি, পৰিকল্পিতভাৱে কিছু বাৰ্তা সমাজৰ মাজলৈ লৈ যোৱা হয় যাৰ অন্তৰালত ভাল-বেয়া কিবা উদ্দেশ্য থাকে।
ভাৰতত বিশ্বৰ আন প্ৰান্তবোৰৰ দৰেই ডিজিটেল মিডিয়া এক প্রভাৱশালী মাধ্যম হৈ পৰিছে। ইয়াৰ সুযোগ চৰকাৰেও গ্ৰহণ কৰিছে। মুলসুতি সংবাদমাধ্যমৰ সৈতে বৃহৎ পুঁজিপতি গোষ্ঠীক ডিজিটেল মাধ্যমেৰে মোকাবিলা কৰাৰ লক্ষ্যৰে অতি শেহতীয়াকৈ নৰেন্দ্ৰ মোডী চৰকাৰে ডিজিটেল মিডিয়াত ২৬ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন জনালে।
ডিজিটেল মিডিয়াৰ বাবে নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ খবৰ! ভাল-বেয়া সময়ে ক'ব। কিন্তু ডিজিটেল মিডিয়াত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নীতি-নিয়ম পূৰ্বতকৈ অধিক সহজ কৰি দিয়াৰ অৰ্থ এইটোৱে যে দেশৰ সংবাদ জগতত অতি শীঘ্ৰে বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব।
ডিজিটেল মিডিয়াৰ এই উত্থান এদিনতে হোৱা নাই। ফেচবুক আৰু হোৱাটছএপ তথা ছ'চিয়েল মিডিয়া ব্যৱহাৰ সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন সমীক্ষা হৈছে। এই সমীক্ষাবোৰৰ তথ্যই এটা কথা উদঙাই দিয়ে যে, বিশ্বৰ ৮০ শতাংশতকৈ অধিক লোকক এতিয়া খবৰ দিয়ে এই ছ'চিয়েল মিডিয়াই। তাৰ ভিতৰত ফেচবুকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইফালে খবৰ আৰু বিভিন্ন তথ্যপাতি বিনিময়ৰ বাবে বিশ্বজুৰি এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে হোৱাটছএপ।
২০০৪চনৰ ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল ফেচবুক। অৰ্থাৎ এই মাধ্যম ১৪বছৰ পুৰণি। গাঁৱে-ভূঞে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ দিনকদিনে বাঢ়ি গৈ আছে। যোৱা তিনি বছৰ ভাৰততে যিবোৰ গুৰুত্বপূৰ্ণ খবৰে বিশেষ চৰ্চা লাভ কৰিছে সেই খবৰবোৰো কিন্তু প্ৰথমে প্ৰকাশ পাইছে ডিজিটেল মাধ্যমত। তাৰ পৰাহে এই খবৰবোৰ গৈ মূল সংবাদমাধ্যম পাইছেগৈ।
ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ সন্দৰ্ভত একাষাৰে নেতিবাচক মন্তব্য কৰা সকলেই এতিয়া এই মাধ্যমৰ শৰণাপন্ন হৈছে। এনে কথা-বতৰাও চৰ্চা হৈছে যে, সকলো থকাৰ পাছতো ম'বাইলত ইণ্টাৰনেট নাথাকিলে মানুহ এতিয়া স্থবিৰ হৈ পৰা দিন আহিছে। কাৰণ এই মাধ্যমবোৰৰ জৰিয়তে সকলোৱেই সম্ভৱ।
২০১৪ চন, ভাৰতীয় ৰাজনীতিৰ কাৰণে আছিল এটা গুৰুত্বপূৰ্ণ বছৰ। পৰিৱৰ্তনৰ ছুনামী অহা এই বছৰটোতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যুৱ প্ৰজন্মক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আকৰ্ষিত কৰিবলৈ ৰাজনৈতিক দলবোৰে চেষ্টা কৰিছিল। সেই দৌৰত শাসনাধিষ্ঠ বিজেপি দলে যথেষ্ট সফলতা লাভ কৰিছিল। যুৱ প্ৰজন্মই সেই বছৰ নিৰ্বাচনৰ ফলাফলত বিশেষ ভূমিকা লৈছিল। কিন্তু ৫ বছৰ নৌহওঁতেই তেওঁলোকৰ মানসিকতা, দৃষ্টিভংগী আৰু শাসনলৈ অহা সকলৰ বেয়া কামৰ সমালোচনা এই মাধ্যমৰ জৰিয়তে আৰম্ভ কৰিছে। অৰ্থাৎ ইয়াক কোনো কৰাণতে একপক্ষীয় কৰি ৰাখিব নোৱাৰি। সকলোৰে ইচ্ছা অনুসৰি নিজৰ মতামত, দৃষ্টিভংগী ব্যক্ত কৰিবলৈ ই এক সুন্দৰ মাধ্যম।
মূল সংবাদমাধ্যমৰ লোকসকলো আজি ছ'চিয়েল মিডিয়াৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ ডিজিটেল সংবাদ মাধ্যমসমূহে মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰা অন্যতম কাৰণ হৈছে- যিকোনো স্থানতে তাৎক্ষণিকভাৱে কোনো এক খবৰ লাভ কৰিব পাৰি। সেই সুবিধা এতিয়া আন মাধ্যমসমূহত নাই। এইটো ঠিক যে, এই মাধ্যমসমূহৰ ব্যৱহাৰ আৰু অধিক সচেতনতাৰে আৰু গভীৰ ভাৱে মূল্যায়ন হ'ব লাগিব। ইয়াৰ সৈতে জড়িত লোকসকলে কোনো খবৰৰ তথ্য নিষ্ঠতা নিৰূপনৰ বাবে অধিক পৰিশ্ৰমৰ প্ৰয়োজন আছে।
ডিজিটেল মিডিয়াৰ অগ্ৰাসন সন্দৰ্ভত এই খিনিতে এক বিশেষ তথ্য উল্লেখ কৰিব বিচাৰিছো। ডিজিটেল মিডিয়াৰ সম্পৰ্কে পুংখানুপুংখভাৱে অধ্যয়ন কৰি থকা সংস্থা ফিক্কী-ইৱাইয়ে কিছুদিনৰ পূৰ্বে এক প্ৰতিবেদন দাখিল কৰিছে। ।
সংস্থাটোৱে প্ৰতিবেদনত উল্লেখ কৰিছে যে, ২০১৭ বৰ্ষত ডিজিটেল মিডিয়াৰ ব্যৱহাৰকাৰীৰ পৰিসৰ ৪২ শতাংশ বৃদ্ধি হৈ ২.৪ আৰৱ ডলাৰ হৈছিলগৈ। ঠিক তেনেদৰে ২০১৯ বৰ্ষৰ শেষত ডিজিটেল মিডিয়াই ৩.২ আৰৱ ডলাৰত প্ৰৱেশ কৰিব বুলি সম্ভাৱনা প্ৰকট কৰা হৈছে।
এইখিনিতে জানি থোৱা ভাল যে, সৰ্বাধিক ইন্টাৰনেট ব্যৱহাৰ কৰা দেশৰ ভিতৰত চীনৰ পাছতে আছে ভাৰত। ইয়াত প্ৰায় ৫৭ কোটি লোকে ব্যৱহাৰ কৰে ইন্টাৰনেট। এই সংখ্যা প্ৰতি বছৰত বৃদ্ধি পাইছে ১৩ শতাংশকৈ। ২০১৮ চনত দেশ প্ৰায় ৩২.৫ কোটি লোকে ফোনতে চাইছিল বিভিন্ন অনলাইন ভিডিঅ। ভাৰতত ২০১৭ চনৰ পৰা ২০১৯ৰ মাজ ভাগলৈ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ১৩.৪ শতাংশ বৃদ্ধি পাইছে।
এনে ধৰণৰ বিভিন্ন তথ্যই ডিজিটেল মিডিয়াৰ ভৱিষ্যতৰ সম্পৰ্কে এক স্পষ্ট ইংগিত প্ৰদান কৰে। পৰিৱৰ্তনশীল সময়ত ডিজিটেল মিডিয়া জীৱনৰ পৰা কেতিয়াও বৰ্জনীয় হ'ব নোৱাৰে। কোনোবাই ব্যক্তিগত কাৰণত এনে মাধ্যমক আওকাণ কৰি চলিলেও, নৱ প্ৰজন্মই এই মাধ্যমক শক্তিশালী আৰু নিৰপেক্ষ মাধ্যমৰূপে গঢ়ি তুলিছে। সেয়েহে ইয়াত বন্দনা যেনেদৰে চলে একেধৰণে সমালোচনাও কৰে। তাত বাধা দিব পৰা কোনো নাই। এই ক্ষেত্ৰত যেতিয়ালৈকে ব্যৱহাৰকাৰী সকলৰ গভীৰ চিন্তা ধাৰা প্ৰতিফলন নঘটে, তেতিয়ালৈকে কিছু সমস্যা নিশ্চয় সৃষ্টি হ'ব।
এদিন ৰুচিবোধ সলনি হ'ব। সেইদিনা তৰল কথাবোৰ তল পৰিব। আৰু উজ্বলি উঠিব এই সাৰ্বজনীন মাধ্যম। সেইদিন আহি আছে। সেয়েহে আমি আমাৰ মানসিকতা সলনি কৰি ৰুচিবোধ ৰক্ষাৰে এই মাধ্যমক আকোৱালি ল'লে এই ডিজিটেল মিডিয়া সমূহে আমাক ভাবিব নোৱাৰা ধৰণে সহায় কৰিব। লাহে লাহে এতিয়া তেনে পৰিৱেশেই আহিছে। নৱ প্ৰজন্মৰ এই ক্ষেত্ৰত আছে গুৰুত্বপূৰ্ণ দায়িত্ব। যি দায়িত্ব ইতিমধ়্যে তেওঁলোকে গ্ৰহণ কৰিছে।