/asomiyapratidin/media/media_files/2025/10/26/ap-for-web-new-bikhekh-lekha-7-2025-10-26-12-58-21.jpg)
মৃদুল কুমাৰ সন্দিকৈ
১৯৭২চনৰ ১৮নৱেম্বৰ। ঢলপুৱাৰ সময়। তুৰাৰ চিভিল হস্পাতালত এটা শিশুৰ জন্ম হৈছিল। চাকৰি সূত্ৰে তুৰাত থকা কপিল ঠাকুৰ আৰু ইলা বৰঠাকুৰৰ প্ৰথম সন্তান আছিল সেয়া। পিতৃৰ গান, কবিতা আৰু আন লেখা-মেলাত বিৰাট চখ আছিল। সেয়েহে তেওঁ তেওঁৰ প্ৰিয় সংগীতকাৰ জনৰ নামেৰে সন্তান ৰাখিব বিচাৰিলে।
কপিল ঠাকুৰৰ প্ৰিয় সংগীতকাৰ আছিল জুবিন মেহতা। ১৯৩৬চনৰ ২৯এপ্ৰিলত জন্মলাভ কৰা জুবিন মেহতা আছিল পশ্চিমীয়া শাস্ত্ৰীয় সংগীতৰ সাধক। ইজৰাইল ফিলহাৰ্মনিক অৰ্কেষ্ট্ৰা (আইপিঅ')ৰ সংগীত পৰিচালক এমেৰিটাছ আৰু লছ এঞ্জেলছ ফিলহাৰ্মনিকৰ পৰিচালক।
ঘৰত অৱশ্যে আনেও তেওঁৰ নাম দিলে। কোনোবাই ৰাখিলে গল্ডি, কোনোবাই ৰাখিলে বাবা। পিতৃ কপিল ঠাকুৰৰ বংশধৰ মূল নিৱাস আছিল শিৱসাগৰ জিলাৰ জাঁজী অঞ্চলৰ তামুলিছিগাত। গাৰ্গ গূত্ৰৰ এই ব্ৰাহ্মণ পৰিয়াল কণৌজৰ পৰা অহা। আহোম ৰজাই অনা সেই গাৰ্গৰ ঠাল নলবাৰীৰ টিহু অঞ্চলতো আছে।
কপিল ঠাকুৰৰ দেউতাকে জীৱিকাৰ খাতিৰত কেইবাখনো বাগানত চাকৰি কৰিছিল। শেষলৈ তেওঁ শিৱসাগৰৰ বৰহাট বাগানৰ গেজিং মাটিত ঘৰ সাজি বাস কৰিবলৈ লৈছিল। কপিল ঠাকুৰে প্ৰথম এটা চৰকাৰী অফিচৰ সৰু কেৰাণী চাকৰি কৰিছিল। সেই ধনেৰে পৰিয়াল চলা নাছিল। সেয়েহে পুৱা আৰু সন্ধিয়া কেইটামান টিউচনো গোটাই লৈছিল।
তেওঁলোকৰ ঘৰত এক সাংস্কৃতিক পৰিৱেশ আছিল। কপিল ঠাকুৰৰ ওপৰত এজনী বায়েক আছিল। নাম ৰেণু শৰ্মা। তেওঁ সুগায়িকা আৰু অভিনেত্ৰী। পুৱতি নিশাৰ সপোন, লাচিত বৰফুকন আদি কথাছবিত অভিনয় কৰা ৰেণু শৰ্মা সংগীতকাৰ উৎপল শৰ্মাৰ মাতৃ।
জীৱিকাৰ খাতিৰত যোৰহাটৰ কেৰাণী চাকৰিটো এৰি গাৰো পাহাৰৰ সদৰ তুৰাত এটা তাতোকৈ ভাল চাকৰিত কপিল ঠাকুৰে যোগদান কৰিছিল। তাতেই ৪০টকাৰ এটা ভাড়াৰূম লৈ প্ৰয়োজনীয় সা-সামগ্ৰী গোটাই বিয়া কৰাই নিছিল ইলি অধ্যাপকক। পিছলৈ যাৰ পৰিচয় হৈ পৰিছিল ইলি বৰঠাকুৰ।
বিবাহৰ সময়ত কপিল ঠাকুৰৰ বয়স আছিল মাত্ৰ ২৪বছৰ। যোৰহাটৰে আছিল ইলি বৰঠাকুৰ। ঘৰ আছিল পুলিবৰ ঘাটেমৰা গাঁৱত। সেই দম্পত্তিৰে সন্তান জুবিন। ঘৰখনত জুবিনক লৈ আশা আৰু সপোনৰ অন্ত নাছিল। সন্তানৰ বয়স দুমাহ মান হোৱাৰ পৰাই পিতৃয়ে তেওঁক কোলাত লৈ হাৱাই খানাত ৯২টা চিৰি বগাই ফুৰাবলৈ নিছিল।
কপিল ঠাকুৰে এটা ৰেডিঅ’ কিনিছিল। ফিলিপছৰ বাহাদুৰ নামৰ ৰেডিঅ আছিল সেইটো। ৰেডিঅ’ত তেতিয়া বিবিধ গীত চলি থাকে। কেতিয়াবা বিবিধ ভাৰতী, কেতিয়াবা শ্বিলঙৰ ৰেডিঅ ষ্টেচনৰ গান। সেই ল’ৰাটো শুই থাকোতে মাকে কাম কৰিবলৈ ৰেডিঅ’টোত গান বজাই কাষতে থৈ দিছিল।
গানৰ ভাষা যেন তেতিয়াই বুজি পাইছিল ল’ৰাটোৱে। ৰেডিঅ’ৰ গান বন্ধ হ’লে সি কান্দিছিল। সেয়েহে মাকে তাৰ গাৰুৰ কাষতে ৰেডিঅ’টো থৈ বজাই থৈছিল। মাকেও ভাল গান গাইছিল। আধুনিক অসমীয়া গীত আৰু লোক সংগীতেৰে তাক নিচুকাই শুৱাইছিল।
সেই সংসাৰৰ দায়িত্বৰ মাজতেই কপিল ঠাকুৰে এ পি এছ চি পৰীক্ষাত বহিছিল। চাকৰি পালে শ্ৰম বিভাগত। ভাড়াঘৰতেই পৰিয়ালটোক থৈ শ্বিলঙত তেওঁ প্ৰশিক্ষণ ল’লেগৈ। প্ৰথম পোষ্টিং তেওঁৰ তেজপুৰত হ’ল। অকলেই গৈ তেজপুৰত যোগদান কৰি পাছতহে পৰিয়ালটোক তেজপুৰলৈ লৈ আহিলে।
তেজপুৰত কপিল ঠাকুৰৰ চাকৰি জীৱন মাত্ৰ দুবছৰহে আছিল। কিন্তু তাতেই তেওঁলোকৰ প্ৰথম সন্তান জুবিনে শৈশৱ কালৰ পাতনি মেলিলে। তেজপুৰৰ মাটিতেই খোজ কাঢ়িলে। সেই সময়তেই কপিল ঠাকুৰৰ বদলি হ’ল যোৰহাটলৈ। যোৰহাটত প্ৰথম এটা ভাড়াঘৰতে আছিল তেওঁলোক।
যোৰহাটত জুবিন ৫বছৰীয়া হৈছিল। চিনামৰা ইংলিচ মেডিয়াম স্কুল কাৰ্মেলত নাম লগাই দিলে দেউতাকে। আৰম্ভ হ’ল জুবিনৰ শিক্ষাগ্ৰহণৰ পৰ্ব। কিন্তু তাতো বেছিদিন থাকিবলৈ নাপালে। এইবাৰ দেউতাকৰ বদলি হ’ল কৰিমগঞ্জলৈ। মাটিৰ হাকিম হিচাপে যোগ দিলেগৈ তাত। তাতেই ৮বছৰ কাল তেওঁ আছিল।
পৰিয়ালটোকো তেওঁ লৈ গৈছিল কৰিমগঞ্জলৈ। কৰিমগঞ্জত নীলমণি ৰোডৰ কুশিয়াৰা নদীৰ পাৰত এটা ভাড়াঘৰ লৈছিল তেওঁলোকে। বাৰিষাত ঘৰৰ চোতালৰ লৈকে পানী হয়। মাছ-পুঠি উভৈনদী আছিল। সৰুল’ৰাটো খটখটীয়া হৈ পৰিছিল। প্ৰায় দৌৰ মাৰে কুশিয়াৰা নদীৰ ফালে।
দেউতাক কপিল ঠাকুৰ অফিচলৈ যায়, মাকে ঘৰৰ কাম-বন কৰিব লাগে। জুবিনৰ বাবেই সহায়কাৰী ছোৱালী বন্দোবস্ত কৰিব লগা হৈছিল তেতিয়া। কৰিমগঞ্জত জুবিনক তাৰেই এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰান্তিক কিণ্ডাৰ গাৰ্টেনত নাম লগাই দিছিল। সেইখনৰ পাছত কৰিমগঞ্জ হাইস্কুলত নাম লিখি দিছিল দেউতাকে।
বাংলা ভাষা শিকি পেলাইছিল জুবিনে। মিলি গৈছিল বঙালী সংস্কৃতিৰ সৈতে। সেই সময়তে ঘৰতে গান শুনিব পৰা ৰেকৰ্ড প্লেয়াৰ ওলাইছিল। ল’ৰাটোৰ গানৰ প্ৰতি ধাউতি দেখি তবলা বাদক ৰবীন বেনাৰ্জীৰ ওচৰত তবলা শিকিবলৈ দিছিল। এইদৰে বেনাৰ্জীৰ তত্বাৱধানতে তবলাত বিশাৰদ শ্ৰেণীৰ লৈকে উৰ্ত্তীণ হৈছিল জুবিন।
এইবাৰ দেউতাকৰ বদলি হ’ল বিজনীলৈ। জুবিনক নামভৰ্তি কৰাই দিলে বিজনী বান্ধক হাইস্কুলত। তেতিয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল জুবিন। জুবিনৰ দুই ভগ্নী জংকী আৰু মমনেও আন স্কুলত নাম লিখাইছিল। মাকৰ কথাত জুবিনহ’তে লোকগীত শিকিবলৈ এজন স্থানীয় শিক্ষকক নিযুক্তি দিছিল দেউতাকে। তেওঁৰ নাম আছিল ৰমনী ৰয়।
পলিঅ’ ৰোগত আক্ৰান্ত হৈ বিশেষভাৱে সক্ষম ৰমনী ৰয়ে তিনিচোকীয়া চাইকেল এখনত বহি তেওঁলোকক গান শিকাবলৈ আহিছিল। এই গানৰ মাষ্টৰক লগত লৈয়ে জুবিনৰ পিতৃয়ে জুবিনৰ বাবে বঙাইগাঁৱৰ পৰা এখন হাৰমণিয়াম কিনি আনি দিছিল।
বিজনীত থাকোতেই চেমনীয়া সংগীতানুষ্ঠানত গীত গাবলৈ জুবিনক দেউতাকে গুৱাহাটীলৈ লৈ আহিছিল। জিলা পুথিঁভৰালত অনুষ্ঠিত সেই অনুষ্ঠানত গীত গাবলৈ মুনমী বৰাও আহিছিল। গুৱাহাটীতে তেওঁ প্ৰথম কী-বৰ্ড দেখিছিল। দেউতাকক এখন কী-বৰ্ডৰ বাবে খাতিৰ কৰিছিল।
দেউতাকে ভূটানৰ পৰা এখন কী-বৰ্ড আনি জুবিনক দিছিল। চিনেমা কেছেটবোৰ আৰু ভাল গানবোৰৰ প্ৰতি দেউতাকৰ ৰাপ আছিল। সেয়েহে তেওঁ সেইবোৰ সংগ্ৰহ কৰিছিল। তেনেকৈয়ে জুবিনৰ সংগীতৰ যাত্ৰা আগবাঢ়ি গৈছিল।
বিজনীৰ পৰা পিতৃ তামুলপুৰলৈ বদলি হ’ল পুনৰ। তামুলপুৰতে জুবিনে মেট্ৰিক পৰীক্ষা দিলে। প্ৰৱেশিকা পৰীক্ষাত জুবিনৰ ফলাফল ভাল হ’ল। প্ৰথম বিভাগ পাইছিল তেওঁ। যোৰহাটৰ জে বি কলেজতে তেওঁ নাম লিখিলে। কলেজৰ ক্লাছ আৰু জুবিনৰ সংগীত চৰ্চা অব্যাহত থাকিল।
জে বি কলেজত পঢ়ি থাকোতেই দ্বিতীয় বৰ্ষত কোনোবা প্ৰবক্তাৰ সৈতে মনোমালিন্য হৈছিল। জুবিন গুছি আহিছিল গুৱাহাটীলৈ। নামভৰ্তি কৰিছিল বি বৰুৱা কলেজত। সেই সময়তে জুবিনৰ মাদ্ৰাছত থকা অসম ছাত্ৰ সন্মিলনৰ এক অনুষ্ঠানত অংশ ল’বলৈ গৈছিল।
তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই গুৱাহাটীৰ পৰা জুবিন আৰু নগাঁৱৰ পৰা কৃষ্ণা শইকীয়াক মাদ্ৰাছলৈ লগত লৈ গৈছিল গান গাবলৈ। মাদ্ৰাছত জুবিনে মূৰ্হূততে দুটমান তামিল গান শিকি পৰিৱেশন কৰিছিল। এয়াই আছিল জুবিন।
গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় সমাৰোহত পশ্চিমীয়া সংগীত শাখাত সোণৰ পদক লাভ কৰাৰ পৰা আৰম্ভ কৰি তেওঁৰ বৰ্ণিল জীৱনে নতুন গতি লাভ কৰিছিল। জুবিনৰ নামৰ অৰ্থই হ’ল- something that touches the sky । মূলত উৰ্দু ভাষাৰ শব্দ এয়া। জুবিনৰ আন এক অৰ্থ আছে। ফৰাছী বীৰ পুৰুষসকলক কোৱা হয় জুবিন।
জুবিন মানে চোকা অস্ত্ৰও। ইংৰাজীত ZUBEENৰ প্ৰতিটো আখৰৰ অৰ্থও বাখ্যা আছে। Z মানে- Your optimistic energy and high standards set you apart. With natural charisma, you light up any room you enter, inspiring others along the way. যাৰ অৰ্থ হ’ল, আশাবাদী শক্তি আৰু উচ্চ মানেৰে পৃথক কৰি তোলা ব্যক্তি। প্ৰাকৃতিক চমৎকাৰিতাৰ দ্বাৰা আপুনি যিকোনো ঠাইত প্ৰৱেশ কৰে। জীৱন বাটত আনক সদায় অনুপ্ৰাণিত কৰে।
U মানে- Life brings ups and downs, but you handle them with resilience. You embrace change and always find a way to maintain balance। যাৰ ভাৱাৰ্থ হ’ল, জীৱনত উত্থান-পতন আহে, কিন্তু আপুনি সেইবোৰ স্থিতিস্থাপকতাৰে চম্ভালিব পাৰে। আপুনি পৰিৱৰ্তনক আকোৱালি লয় আৰু ভাৰসাম্য বজাই ৰখাৰ উপাই সদায় বিচাৰি পায়।
B মানে- A deep thinker with a sensitive soul, you are incredibly loyal and value meaningful relationships while maintaining an open perspective. যাৰ অৰ্থ এনেধৰণৰ- সংবেদনশীল আত্মাৰ সৈতে গভীৰ চিন্তাশীলতাৰে আপুনি অবিশ্বাস্যভাৱে আনুগত্যশীল। মুক্ত আৰ চিধা দৃষ্টিভংগী বজাই ৰাখি অৰ্থপূৰ্ণ সম্পৰ্কক মূল্য দিয়ে।
E মানে- You thrive on freedom and excitement, embracing life’s adventures with enthusiasm. Your ability to see different perspectives makes you a great communicator. যাৰ ভাৱাৰ্থ, আপুনি স্বাধীন আৰু অগাসী। জীৱনৰ দুঃসাহসিক অভিযানক উৎসাহেৰে আকোৱালি লয়। আপোনাৰ বিভিন্ন দৃষ্টিভংগী চোৱাৰ ক্ষমতাই আপোনাক এজন মহান যোগাযোগকাৰী কৰি ৰাখে। জুবিনৰ নামত থকা আনটো E ৰ অৰ্থও একেই।
N মানে- You have a creative and unconventional approach to problem-solving, always thinking outside the box and standing firm in your beliefs. ইয়াৰ অৰ্থ হ’ল, সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ সৃষ্টিশীল আৰু অগতানুগতিক দৃষ্টিভংগী আছে। সদায় পৰিধিৰ বাহিৰত চিন্তা কৰাৰ লগতে বিশ্বাসেৰে দৃঢ়ভাৱে থিয় দিয়ে।
নামত থকা বৰ্ণবোৰৰ বিশ্লেষণ কৰা কোনোবা লোকে কেতিয়াবাই জুবিন নামটোৰ বিশ্লেষণ এনেদৰে কৰি থৈছে। এতিয়া জুবিনৰ ক্ষেত্ৰত সেয়া তুলনা কৰি দেখা গৈছে জুবিন সচাঁকৈয়ে এনেকুৱা আছিল। পৰিধি ভাঙি আকাশ চুব পৰা শক্তিৰ অধিকাৰী আৰু প্ৰতিভাৰ সমাহাৰ আছিল।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us