/asomiyapratidin/media/media_files/2025/11/02/ap-for-web-new-bikhekh-lekha-12-2025-11-02-13-36-31.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ৰাজ্য চৰকাৰে ২০০৪ৰ ১৯জুনত এখন গেজেট নটিফিকেশ্যনৰ জৰিয়তে আমচাং ৱাইল্ডলাইফ চেন্সুৰী ঘোষণা কৰিছিল। MO.Frw-11/2004/25ৰ জৰিয়তে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট- ১৯৭২ৰ আধাৰত ধাৰা 20-A(I)(b) আমচাঙক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল।
কামৰূম ইষ্ট ফৰেষ্ট ডিভিজনৰ অধীনত থকা এই আমচাঙৰ মুঠ মাটিকালি তেতিয়াই ঘোষণা কৰা হৈছিল ৭,৮৬৪.১০হেক্টৰ। কিলোমিটাৰ হিচাপত ৭৮.৬৪বৰ্গ কিলোমিটাৰ। এই অভয়াৰণ্যখনৰ সীমা সন্দৰ্ভত দুটা ব্লকৰ জৰিয়তে ইয়াৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল।
গুৱাহাটীৰ চন্দ্ৰপুৰ পি ডব্লিউ ডি ৰোডৰ সমীপত ইয়াৰ বাউণ্ডেৰী পিলাৰ নম্বৰ-১, একেদৰে আন বাউণ্ডেৰীৰ খুঁটাবোৰ বিভিন্ন স্থানত পুতি সেই সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। এই গেজেট নটিফিকেশ্যনতে সেই বিষয়ে সবিস্তাৰে উল্লেখ আছে।
ব্লক-২ৰ খানাপাৰৰ পৰা দক্ষিণ আমচাঙৰ সীমাও তেনেদৰে নিৰ্ধাৰণ কৰি দিয়া হৈছিল। অভয়াৰণ্যখনত কি কি জীৱ-জন্তু আছে তাৰ তালিকাও প্ৰকাশ কৰিছিল বন বিভাগে। এনে এখন অভয়াৰণ্যৰ সীমাৰ নিৰ্ধাৰণ কৰা পাছত তাৰ সমীপৰ কিছু অঞ্চল ইক’ চেনচিটিভ জ’ন হিচাপে গণ্য কৰা হয়।
সেয়েহে নিয়ম অনুসৰি, এই স্থানবোৰত স্থায়ী নিৰ্মাণ বা আন কাম-কাজ বন্যপ্ৰাণীৰ চলন-ফিৰণ বা আন দিশত অসুবিধা হোৱাকৈ কৰিব নোৱাৰে। সোণাপুৰৰ বৰ্তমান জুবিন ক্ষেত্ৰ থকা স্থানৰ সমীপতে এটা পাহাৰ আছিল। সেই পাহাৰটোৰ প্ৰায় অংশই আজি কিছুদিনৰ পূৰ্বে খান্দি সমান কৰা হৈছিল।
কোনোৱে কৈছিল সেই মাটিত অসমৰ এজন বৰ্তমানৰ মন্ত্ৰীৰ মালিকানাধীন বিল্ডিং কনাক্টশ্যন কোম্পানীয়ে ফ্লেট বা হোটেল নিৰ্মাণ কৰিব। সেই সময়ত প্ৰশ্ন উঠিছিল আমচঙৰ সীমান্তৱৰ্তী ইক’ চেনচিটিভ এই জ’নত পাহাৰ কাটিবলৈ প্ৰটেক্ট নামৰ কোম্পানীটোক কোনে অনুমতি দিলে।
ইয়াক লৈ সবিস্তাৰে বাতৰি প্ৰকাশ কৰা হৈছিল সংবাদমাধ্যমত। পৰৱৰ্তী সময়ত গম পোৱা গৈছিল সেই মাটিত কিছু পৰিকল্পনা লৈ প্ৰটেক্ট নামৰ নিৰ্মাণকাৰ্যৰ প্ৰতিষ্ঠানটোৱে নিজৰ অধীনত ৰাখিছিল। তেতিয়াই প্ৰশ্ন উঠিছিল জৰীপবিহীন এই চৰকাৰী ভূমিত প্ৰতিষ্ঠানটোৰ হাতত তুলি দিলে কোনে?
একেদৰে প্ৰশ্ন হৈছিল ইক’ চেনচিটিভ এই জ’নত থকা ননকে ভূমিখিনি পাহাৰ খননৰ বাবে কোন বন বিষয়াই অনুমতি প্ৰদান কৰিলে। যিসময়ত এই মাটিখিনত পাহাৰ খনন হৈছিল, সেইসময়ত কামৰূপ ইষ্ট বন সংমণ্ডলৰ বন আঞ্চলিক বিষয়া হিচাপে আচিল ৰোহিনী বল্লভ নামৰ এগৰাকী বিষয়া।
কথাবোৰ তল পৰিছিল। কোন বন বিষয়াই কি কাৰণত এনে অনুমতি প্ৰদান কৰিছিল, সেইবোৰ কথা নোলাল। তাৰ পাছত উক্ত স্থানৰ সমীপত জুবিনৰ সমাধি ক্ষেত্ৰৰ নিৰ্মাণৰ বাবে সাজু হোৱাত এই সমাধিক্ষেত্ৰ সীমাত লাগি থকা চৰকাৰী মাটিখিনি সমাধিৰ বাবে প্ৰয়োজনীয় মাটি হিচাপে ব্যৱহাৰ কৰিব পাৰি নেকি বুলি চিন্তা চৰ্চা কৰোতে আকৌ এই মাটিখনিৰ প্ৰসংগ আহি পৰিল।
স্থানীয় লোকে অভিযোগ কৰিলে জুবিনৰ সমাধি ক্ষেত্ৰৰ সীমাত থকা উক্ত মাটিখিনিৰ গৰাকী প্ৰত্যক্ষভাৱে অসমৰ এজন মন্ত্ৰী। মন্ত্ৰী অশোক সিংহলৰ পুত্ৰৰ মালিকানাধীন প্ৰটেক্ট গ্ৰুপৰ নামত আছে সেই চৰকাৰী ভূমি। কোনে, কেতিয়া তেওঁক উক্ত ভূমিখিনি আৱন্টন দিলে সেই সন্দৰ্ভত অৱশ্যে কোনো তথ্য নাই।
নিয়ম অনুসৰি, এনে ইক’ চেনচিটিভ অঞ্চলত কোনো চৰকাৰী ভূমি আৱন্টন দিলে জিলা আয়ুক্তৰ অধ্যক্ষতাত বন বিভাগৰ অনুমতি সাপেক্ষে সেউজ সংকেত দিয়া হয়। উক্ত বিৰ্তকিত প্ৰায় ৩৮বিঘা মাটি এতিয়া জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিবলৈ দিবৰ বাবে দাবী উঠিছে।
নাগৰিক সুৰক্ষা সমিতি নামৰ এক সোণাপুৰৰ স্থানীয় সংগঠনৰ ৰাজু তাঁতী নামৰ বিষয়ববীয়াজনে অভিযোগ কৰা মতে, ৰাজেশ জালান নামৰ এজন বহিৰাগত ব্যৱসায়ীৰ সহযোগিতাত এই মাটি দখল কৰি আছে ক্ষমতাশালী লোকজনৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে। তেওঁলোকে ইয়াৰ তদন্ত বিচাৰি জিলা আয়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াক অভিযোগ দিছিল যদিও তাৰ কোনো তদন্ত নহ’ল।
এতিয়া প্ৰশ্ন হৈছে, উক্ত মাটি চৰকাৰে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিব পৰাকৈ নিজৰ হাতলৈ আনিব নে নানে? ইতিমধ্যে স্থানীয় লোকে তেনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছে। জুবিন ক্ষেত্ৰ যিহেতু সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত নিৰ্মাণ কৰা হ’ব, সেয়েহে এই ক্ষেত্ৰত উক্ত মাটি সামৰি ল’লে প্ৰাকৃতিক ভাৰসাম্যতাও ৰক্ষা হ’ব।
আনহাতে জুবিন ক্ষেত্ৰৰ সীমাৰ আন এটা দিশত ডনবক্স ইউনিভাৰচিটিৰ দখল আছে যথেষ্ট ভূমি। প্ৰয়োজনত সেই ভূমিও চৰকাৰে নিজৰ হাতলৈ আনিব পাৰে। ব্যক্তিগত এই বিশ্ববিদ্যালয়খনে হাজাৰ হাজাৰ বিঘা মাটি উক্ত স্থানত লোৱাৰ লগতে বহু ভূমি বেদখল কৰাৰো অভিযোগ আছে।
জুবিন ক্ষেত্ৰক এক নতুন ৰূপত তুলি ধৰাৰ পৰিকল্পনাৰ কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। বহিঃৰাজ্যত থকা ফিল্ম চিটি সদৃশ এই সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবেও বহুতে পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ বাবে যথেষ্ট মাটিৰ প্ৰয়োজন হ’ব।
ইতিমধ্যে পবিত্ৰ স্থান হৈ পৰা জুবিন ক্ষেত্ৰৰ সমীপত বহু স্থানীয় লোকে তেওঁলোকৰ মাটি এই মহান কামত এৰি দিয়াৰ কথা সদৰি কৰিছে। কিন্তু মৌন হৈ আছে সেই ক্ষমতাশালী মন্ত্ৰী, ব্যক্তিগত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ। প্ৰয়োজন হ’লে চৰকাৰে বন আইনৰ অধীনত এই ইক’ চেনচিটিভ জ’নত থকা চৰকাৰী ভূমি নিজৰ হাতলৈ বল প্ৰয়োগ কৰিব লাগে।
বুলডজাৰ চলাই হ’লেও বনভূমিৰ উদ্ধাৰ অভিযানত নমাৰ উদাহৰণ থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এনে কৰিব পাৰিবনে নাই সেয়া ৰাইজে লক্ষ্য আৰু দৃষ্টি ৰাখিব। লগতে এই ক্ষমতাশালী চক্ৰবোৰক কেনেকৈ এনে সংবেদনশীল মাটি দখলৰ বাবে সুবিধা কৰি দিলে আৰু তাৰ আঁৰৰ খলনায়ক সকল কোন, তাৰো এক তদন্ত হ’ব লাগে।
এইখিনিতে উল্লেখযোগ্য যে, পাহাৰ খননৰ সময়ত মন্ত্ৰীগৰাকীৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ অধীনত থকা মাটিয়েদি হাতী আহ-যাঁহ কৰাৰ প্ৰমাণ পোৱা গৈছে। হস্তীদণ্ডীৰো অন্তৰ্গত হ’ব পাৰে এই ভূমি। এতিয়া মুখ্যমন্ত্ৰীৰ বাবে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত দখলকৃত এই চৰকাৰী ভূমি উদ্ধাৰ কৰিব পৰা নোৱাৰাতো এক সন্মানৰ প্ৰশ্ন হৈ পৰিছে।
কিয়নো ৰাইজে বিচাৰিছে স্বইচ্ছাই এই ভূমি এৰি নিদিলে সতীৰ্থ মন্ত্ৰীজনৰ বিৰুদ্ধে তেওঁ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আন স্থানত চলোৱাৰ দৰে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে তাতো চলাব লাগে উচ্ছেদ আৰু বুলডজাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us