এইবাৰ ননীৰ পাল...

জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙোৰ খোৱা শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে। এই দাবী বিভিন্ন মাধ্যমত বিভিন্ন জনে উত্থাপন কৰি আহিছিল। 

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha NEW 2025

মৃদুল কুমাৰ সন্দিকৈ


জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙোৰ খোৱা শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে। এই দাবী বিভিন্ন মাধ্যমত বিভিন্ন জনে উত্থাপন কৰি আহিছিল। 

৬নৱেম্বৰ, ২০২৫ত উক্ত পদৰ পৰা অব্যাহতি লৈ ভাস্কৰ জ্যোতি মহন্তই ইয়াৰ কাৰণ সন্দৰ্ভত ক’লে- ‘আপোনালোক সকলো জ্ঞাত যে শেহতীয়াভাৱে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গদেৱৰ মৃত্যুৰ ঘটনাৰ সৈতে মোৰ ভাই শ্যামকানু মহন্তৰ নাম সাঙোৰ খাই পৰিছে। এনে পৰিপ্ৰেক্ষিতত  মোৰ বিবেকে এটা কথা কৈ আছিল যে যদি মোৰ ভাতৃ সম্পৰ্কীয় কিবা তথ্য বিচাৰি কোনো লোকে আবেদন কৰে,তেতিয়া মানুহৰ মনত যাতে কোনো ধৰণৰ সন্দেহ আৰু সংশয় নাথাকে,তাৰ স্বাৰ্থতে মই দায়িত্বৰ পৰা অব্যাহতি লোৱা উচিত। 

এই কথা মই মাননীয় মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়তো কৈ ৰাখিছিলো ৷লগতে মোৰ সহকৰ্মীসকলক কৈ থৈছিলো-এনেধৰণৰ কিবা আবেদন আহিলেই মোক যাতে লগে লগে অৱগত কৰে। ইমানদিনে তেনে আবেদন অহা নাছিল যদিও শেহতীয়াভাৱে এজন লোকে শ্যামকানু মহন্তকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানলৈ চৰকাৰে আগবঢ়োৱা পুঁজি সম্পৰ্কে জানিবলৈ বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষলৈ এখন আবেদন কৰিছে। আবেদনকাৰীগৰাকীয়ে মোলৈ ব্যক্তিগতভাৱেও এখন চিঠি লিখিছে আৰু তাত তেখেতে  উল্লেখ কৰিছে যে মোৰ সততা আৰু স্বচ্ছতাৰ ওপৰত তেখেতৰ সম্পূৰ্ণ ভৰসা আছে l 

যিহেতু তেখেতে জানিবলৈ বিচৰা তথ্যসমূহৰ ভিতৰত শ্যামকানু মহন্তৰ তথ্যও থাকিব,গতিকে মই মুখ্য তথ্য আয়ুক্ত ৰূপে তেনে ধৰণৰ শুদ্ধ ভূমিকাই পালন কৰাটো তেওঁ বিচাৰে ৷ যিহেতু এই বিষয়ে ময়ো ইতিমধ্যে ভাবিয়েই থৈছিলো,গতিকে অলপো পলম নকৰি মই মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি বিচাৰি মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলো।‘

সেই একেই যুক্তিতে শ্যামকানু মহন্তৰ আন এজন ভাতৃ ননী গোপাল মহন্তইও বৰ্তমান তেওঁ কৰ্মৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা স্বেচ্চাই পদত্যাগ কৰা সিদ্ধান্ত গ্ৰহণ কৰা উচিত। কিয়নো ৰাজ্যৰ মুখ্য তথ্য আয়ুক্তগৰাকীৰ দৰেই শ্যামকানু মহন্তৰ সম্পৰ্কীয় কিছু তথ্য বিচাৰি গুৱাহাটী বিশ্ববিদ্যালয়তো আবেদন জনোৱা হৈছে। 

ভাস্কৰ জ্যোতি মহন্তৰ সৈতে শ্যামকানু মহন্ত কেন্দ্ৰিক কোনো অভিযোগ নাই যদিও ননী গোপাল মহন্তৰ সৈতে শ্যামকানুৰ বহু অনিয়মৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে। সেই অভিযোগ বোৰৰ তদন্ত সঠিকভাৱে হোৱাৰ স্বাৰ্থতে জ্যেষ্ঠ ভাতৃ ভাস্কৰ জ্যোতি মহন্তৰ দৰেই ননী গোপাল মহন্তইও তেওঁৰ পদবী এৰি দিব লাগে। 

২৯অক্টোবৰ, ২০২৫ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যালয়ৰ পাব্লিক ইনফৰমেশ্যন অফিচাৰৰ ওচৰত তেনে এখন আৰ টি আই আবেদন দাখিল কৰিছে দুলু আহমেদে। তেওঁ এই আবেদনত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা ১২টা প্ৰশ্নৰ উত্তৰ বিচাৰিছে।

আবেদনখনৰ প্ৰথমটো প্ৰশ্নত বিচৰা হৈছে, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনক ২০২৫ত কোনে সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদানৰ বাবে প্ৰস্তাৱ কৰিছিল। আৰু এই বিষয়ে সবিশেষ বিচাৰিছে আহমেদে। 

আবেদনৰ দ্বিতীয়টো প্ৰশ্নত আহমেদে সুধিছে, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰীগৰাকীক সন্মানীয় পি এই ডি ডিগ্ৰী প্ৰদানৰ বাবে একাডেমিক কাউন্সিলৰ মিটিঙত কোনে সন্মতি প্ৰদান কৰিছিল আৰু এই সন্দৰ্ভত গ্ৰহণ কৰা মাইনোটচৰ সবিশেষ দিব লাগে। 

উল্লেখযোগ্য যে, শ্যামকানু মহন্তৰ অতি ঘনিষ্ঠ অৰুণাচলৰ এই ৰাজনীতিবিদ গৰাকী শ্যামকানুৰ ব্যৱসায়িক স্বাৰ্থৰ বাবেই তেওঁ ভাতৃ উপাচাৰ্য ননীগোপাল মহন্তই সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা বুলি অভিযোগ উঠিছে। 

ননীগোপাল মহন্তৰ বিৰুদ্ধে উত্থাপিত আন অভিযোগৰ ভিতৰত আছে, তেওঁ উপাচাৰ্যৰ ক্ষমতা খটুৱাই অনীতিগতভাৱে ভাতৃ শ্যামকানুক বিভিন্ন ফাৰ্মৰ নামত ঠিকা আৱন্টন দিছিল। সেয়েহে আৰ টি আই আবেদনখনৰ ৩নম্বৰত বিচৰা তথ্য সমূহ আছিল- ননী গোপাল মহন্তৰ কাৰ্যকালত কিমান কামৰ ৱৰ্কঅৰ্ডাৰ দিয়া হৈছে, তাৰ তথ্য লাগে। 

চতুৰ্থতে ভাৰতীয় টকাৰ মূল্যত এই সময়চোৱাত বিভিন্ন যন্ত্ৰ-পাতি আৰু অন্য কামৰ বাবে টেণ্ডাৰ অবিহনে ধন ব্যয় কৰা হৈছে নেকি, এই বিষয়েও তথ্য সহকাৰে জনাব লাগে। ঘৰ, হোষ্টল, কাৰ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ননী গোপাল মহন্তৰ কাৰ্যকালত বিভিন্ন উন্নয়নমূলক কামৰ বাবে ব্যয় কৰা ধনৰ সবিশেষ বিচাৰিছে দুলু আহমেদে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বাসগৃহ, মন্দিৰ, গোহালী আদি নিৰ্মাণৰ নামত ব্যয় কৰা ধনৰ খতিয়ান তথ্য সহকাৰে বিচাৰিছে এই আৰ টি আই আবেদনত। গুৱাহাটী বিশ্ববিদ্যালয়ত ননী গোপাল মহন্তই উপাচাৰ্য হিচাপে নিযুক্তি পোৱাৰ পাছৰে পৰা বিশ্ববিদ্যালয়খনৰ ঠিকা প্ৰদান কৰা ঠিকাদাৰৰ নাম, প্ৰাইভেট কোম্পানী আদিৰ সবিশেষো এই আবেদনত বিচৰা হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে দৈনিক বোনাচ, ভ্ৰমণ বোনাচ আদি কি হাৰত লয় আৰু তে্ওঁৰ কাৰ্যকালত তেওঁৰ নামত বোনাচৰ নামত কিমান ব্যয় হৈছে তাৰো সবিশেষ তথ্য লাগে দুলু আহমেদক। বিশ্ববিদ্যালয়খনত হোৱা সকলো নিযুক্তি, স্থায়ী ঠিকাভিত্তিক নিযুক্তি দিয়া সকলৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আদি বিচাৰিছে এই আবেদনত। 

ননীগোপাল মহন্তৰ বাবে চৰকাৰে কিমান নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে, ব্যক্তিগত খণ্ডৰ কিমান নিৰাপত্তাৰক্ষী নিযুক্তি দিয়া হৈছে তাৰো সবিশেষ তথ্য তেওঁ বিচাৰিছে। শেষত কোনো ব্যক্তিগত খণ্ডৰ নিৰাপত্তাৰক্ষী ননীগোপাল মহন্তৰ নামত নিযুক্তি দিয়াৰ বাবে ইয়াৰ ব্যয় কোনো প্ৰাইভেট কোম্পানীক বিশ্ববিদ্যালয়খনে দিছে নেকি, তাৰো তথ্য বিচাৰিছে আবেদনকাৰীয়ে।

৬নৱেম্বৰ, ২০২৫ৰ লৈকে সেই আবেদনৰ তথ্য প্ৰদান কৰা নাই। হয়তো নিৰ্দিষ্ট সময়ৰ ভিতৰত আৰ টি আইৰ আইন অনুসৰি এই তথ্য সমূহ আবেদনকাৰীক প্ৰদান কৰিব। প্ৰশ্ন হয়, যাৰ বিৰুদ্ধে অভিযোগ উঠিছে, তেওঁ মুৰব্বী হিচাপে থকা বিশ্ববিদ্যালয়খনৰ কোনো বিষয়াই জানো আবেদনকাৰীক সঠিক তথ্য প্ৰদান কৰিব পাৰিব?

সেই স্বচ্ছতা ৰক্ষাৰ স্বাৰ্থতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা পদত্যাগ কৰাৰ পৰামৰ্শ নিশ্চয় মুখ্যমন্ত্ৰীয়ে ভাস্কৰ জ্যোতি মহন্তৰ দৰে ননী গোপাল মহন্তকো প্ৰদান কৰাতো প্ৰয়োজন হৈ পৰিছে। নহ’লে উটক ভেটাঁ ৰখীয়া পাতি এইবোৰ অভিযোগ তদন্ত কৰাৰ দৰে এক কাৰবাৰ হ’ব!

মন কৰিব লগা যে, ননী গোপাল মহন্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উপাচাৰ্য মহন্তৰ পদত্যাগৰ দাবীৰে তেওঁৰ হাততেই স্মাৰক পত্ৰ প্ৰদান কৰিছিল। ননী গোপাল মহন্তই এতিয়া সিদ্ধান্ত লোৱাৰ সময়। গুৰুতৰ অভিযোগৰ সন্মুখীন হৈ তেওঁ চকী খামুচি ধৰি থাকিব নে কাৰোবাৰ পৰামৰ্শৰ বাবে অপেক্ষা কৰিব...

গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়