‘চাৰিকড়ীয়া’ৰ পাৰলৈ ‘বাপুকণ’ নোযোৱা এবছৰ হ’ল…

‘চাৰিকড়ীয়া’ৰ পাৰলৈ ‘বাপুকণ’ নোযোৱা এবছৰ হ’ল…

ডিম্পুল বৰগোহাঁই

আপোনাৰ বয়স কিমান? ১২, ২৫, ৪০,৬০ নে ৮০বছৰ? আটাইকেইটা প্ৰজন্মকে মোহাচ্চন্ন কৰি ৰখা মানুহজন আমাক এৰি যোৱা এবছৰ হ'ল। আনে সহজে কল্পনা কৰিব নোৱাৰা চিন্তাৰ মহাসাগৰত নাও মেলি দিয়া সাউদৰ পুতেকৰ অনুুুপস্থিতি সৃষ্টি কৰা শূণত্যাই আজি বছৰ পূৰ্ণ কৰিলে। চাৰিকড়ীয়া নৈৰ পাৰৰ মধুৰতম সময়ৰ কথাবোৰ কবলৈ, আপোনাৰ-মোৰ অন্তৰৰ বিষণ্নতা আতৰাই অন্তহীন প্ৰেৰণা যোগাবলৈ আমাৰ মাজত এতিয়া নাই হোমেন বৰগোহাঁঞি। তথাপিও আছে তেওঁৰ চিৰসেউজ সেই সাহিত্যকৃৰ্তি।

ভিন্ন ক্ষেত্ৰৰ বহু টান কথা তেওঁ খুউব সহজকৈ লিখিছিল। সাধাৰণতে সকলো শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰা শব্দবোৰ তেওঁ সাহিত্যত অলংকাৰৰূপে ব্যৱহাৰ কৰিছিল। সেইবাবেই তেওঁৰ সাহিত্য আছিল অনন্য আৰু পৃথক। নতুন তথা নৱপ্ৰজন্মক গুৰুত্ব দিয়া এমুঠিমান মানুহৰ গুৰিয়াল আছিল বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঁঞি।

১৯৩২ চনত ঢকুৱাখনাৰ বালিগাঁৱত জন্ম হৈছিল বিশিষ্ট কথাশিল্পীগৰাকীৰ। চাৰিকড়িয়া নৈখনৰ পৰাই সমল বুটলি সাত বছৰ বয়সতে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল বৰগোহাঁঞিয়ে। সাহিত্যৰ ক্ষেত্ৰখনত বৰগোহাঁঞিয়ে খোজ পেলাইছিল এটা বিশেষ ঘটনাৰ মাজেদি। সেই কথা তেওঁ বহু সময়ত লিখিছেও।

তেওঁ লিখিছে- "মই তেতিয়া ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ছাত্ৰ। আমাৰ স্কুলখনত প্ৰতি শনিবাৰে শনিবৰীয়া ছাত্ৰ সভা অনুষ্ঠিত হৈছিল, য'ত সভাপতিত্ব কৰিছিল হেড পণ্ডিত কুলনাথ গগৈ ছাৰে৷ সেই সময়ত স্কুলৰ শ্ৰেণী বিভাজনটো এতিয়াতকৈ কিছু পৃথক আছিল৷ মজলীয়া স্কুলত দুটা ভাগ থাকে; ক, খ, প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণী হ'ল প্ৰাথমিক স্কুল আৰু চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ এইকেইটা হ'ল মজলীয়া স্কুল৷

এই ছাত্ৰসভাখনত তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ভাল ভাল ছাত্ৰইহে যোগ দিয়াৰ সুবিধা পাইছিল৷ কিন্তু মই দ্বিতীয় শ্ৰেণীত থাকোঁতেই হেড পণ্ডিতে মোক ছাত্ৰ সভালৈ মতাই নিছিল৷ মোৰ দেউতাৰ লগত তেওঁৰ বন্ধুত্বৰ সম্পৰ্ক আছিল বাবে মোৰ বিষয়ে কিছুকথা জানিছিল৷ সেয়ে তেওঁৰ মনত ভাৱ হ'ল যে ই লিখিব পাৰিব৷ ছাৰে মোক ক'লে যে "তই অহাবাৰ এটা পদ্য লিখি আনিব লাগিব"৷ গতিকে হেড পণ্ডিতৰ নিৰ্দেশত স্কুলৰ প্ৰাৰ্থনা সভাত মই এটা পদ্য লিখি নিলোঁ আৰু শিক্ষকসকলে মৰমতে প্ৰশংসাও কৰিলে। এই যে আৰম্ভণি হ'ল তেতিয়াৰ পৰা মই লিখিয়েই আছোঁ।"

তেওঁ যোৱা এবছৰ হল

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি বৰগোহাঁঞিদেৱে ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছিল শিক্ষকতাৰ জীৱন। এটা পদ্যৰ যোগেদি সাহিত্যৰ জগতখনত প্ৰৱেশ কৰাৰ পাছত হোমেন বৰগোহাঁঞি সাহিত্যৰ ক্ষেত্ৰখনৰ সৈতে ওতঃপোতভাৱে জড়িত হৈ পৰিল।

দিনটোৰ বেছিভাগ সময়ত লিখি-পঢ়ি কটোৱা চাৰিকড়িয়াৰ প্ৰেমিক হোমেন বৰগোহাঁঞিৰ মতে,- যেতিয়াৰ পৰা মই লিখিবলৈ আৰম্ভ কৰিলোঁ, লিখাৰ মাজতে মই জীয়াই থকাৰ চৰম আনন্দ অনুভৱ কৰিবলৈ চেষ্টা কৰিলোঁ৷ সৰুতে ইমান বুজা নাছিলোঁ কিন্তু ডাঙৰ হৈ অনুভৱ কৰিলোঁ মই জীয়াই থকাৰ আনন্দটো তীব্ৰতম ৰূপত তেতিয়া পাওঁ যেতিয়া মই সন্তোষজনক কিবা এটা লিখিব পাৰোঁ৷ যদি লিখিব নোৱাৰোঁ তেন্তে জীয়াই থকা যেনেই নালাগে। দিনে ৰাতিয়েতো মই কেৱল লিখাৰ কথাই ভাবি থাকোঁ, চেতন বা অৱচেতন ভাৱে! সেয়ে মই কওঁ যে মই লিখিবৰ বাবে জীয়াই থাকোঁ আৰু জীয়াই থাকিবৰ বাবেই লিখোঁ৷'

কেৱল নিজক জীয়াই ৰখাই নহয়,বৰগোহাঁঞিৰ লেখাই সহস্ৰাধিকজনক প্ৰেৰণা দিছিল। তেওঁৰ লেখাই বহুতক অনুভৱ কৰাইছিল- জীৱন কি? জীৱনৰ মূল্য কিমান? আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰৰ দৰে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ পঢ়ি বহুতে উপলদ্ধি কৰিছিল জীৱনৰ বাস্তৱ ছবিবোৰ।

চিৰ সেউজ

তেওঁৰ উপন্যাসত এক আজানা মোহিনী শক্তি শক্তি আছে। এবাৰ মেলিলে শেষ নোহোৱা পৰ্যন্ত জপাব নোৱাৰি তেওঁৰ উপন্যাস। সাউদৰ পুতেকে নাও মেলি যায়হালধীয়া চৰায়ে বাওধান খায়ৰ দৰে উপন্যাসৰ বাপুকনক কোনোবাই জানো পাহৰিব পাৰে? অস্তৰাগপিতা-পুত্ৰএদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা, সুবালামৎস্যগন্ধা, তান্ত্ৰিকৰ দৰে উপন্যাসৰ স্ৰষ্ট আছিল হোমেন বৰগোহাঁঞি।

জন্মস্থান ঢকুৱাখনাক লৈ সদায়েই গৌৰৱবোধ কৰিছিল বিশিষ্ট কথাশিল্পগৰাকীয়ে। সৰুৰে পৰা দেখি অহা চাৰিকড়িয়া নৈৰ খনৰ আজন্ম প্ৰেমিক আছিল তেওঁ। চাৰিকড়িয়া নৈখনৰ সৈতে থকা আত্মিক বান্ধোনৰ কথা কৈ তেওঁ এক লেখা লিখিছে এনেদৰে-

চাৰিকড়িয়া নৈখন জ্ঞান হ'বৰ দিন ধৰি আজিলৈকে মোৰ জীৱনৰ মাজেৰে প্ৰৱাহিত হৈ আছে৷ মোৰ বিভিন্ন লেখাত যদিও মই চাৰিকড়িয়া নদীখনৰ বিষয়ে অধিক লিখিছোঁ, নৈখনৰ উপৰিও আৰু এটা বস্তুৱে সমগ্ৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলাইছে, সেয়া হৈছে পথাৰখন৷ আমাৰ ঘৰৰ দক্ষিণ ফালে আছিল চাৰিকড়িয়া নৈখন আৰু উত্তৰফালে আছিল পথাৰখন৷

বাৰিষাৰ সময়ত নদীখনৰ লগত বন্ধুত্ব কৰিবলৈ সাহস নকৰিছিলোঁ৷ জেঠ মাহৰ পৰা আহিন-কাতি মাহলৈকে আমি নদীখন চাবলৈ যাওঁ, সৌন্দৰ্য উপভোগ কৰোঁ৷ কিন্তু সেইখিনি সময়ত সাঁতুৰি-নাদুৰি নদীৰ লগত খেলা কৰা, প্ৰেম কৰা কেতিয়াও নহৈছিল৷ পুহৰ পৰা বহাগ মাহলৈকে পথাৰখনৰ লগত আমাৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয়৷  আগবেলা নদীখনৰ লগত আৰু আবেলি পৰত পথাৰখনৰ লগত আমাৰ প্ৰেমৰ সম্বন্ধ আছিল৷ স্কুলৰ পৰা আহিয়েই জা-জলপান খাই আমি গোটেই ল'ৰাজাক পথাৰলৈ দৌৰ মাৰোঁ৷

বহুসময় পথাৰত বিভিন্ন ধৰণৰ খেল-ধেমালি কৰোঁ৷ কেতিয়াবা মনে মিলা বন্ধুৰ লগত পথাৰতে বহি শৈশৱৰ স্বপ্ন, কল্পনা, জীৱনটোৰ বিষয়ে কি ভাৱোঁ আদি নানান কথা পাতোঁ৷ আৰু যেতিয়া গধূলি হয়, গৰুবোৰ ঘৰলৈ যায় আমি কিন্তু কেইজনমান ল'ৰা তেতিয়াও পথাৰখনৰ পৰা ঘৰলৈ উভতি যাব নোৱাৰোঁ৷ সেই পথাৰখন আমাৰ বাবে বৃন্দাবন আছিল বুলি ক'ব পাৰি৷'

অৰঙে-দৰঙে

আজি উকা সেই বৃন্দাবন, লগত চাৰিকড়িয়াইও উচুপিছে, কিয়নো আজন্ম সেই প্ৰেমিক আজি গলগৈ। জন্মস্থান ঢকুৱাখনাক লৈয়ে তেওঁৰ বহু ৰচনা আছে। 'সাউদৰ পুতেকে নাও মেলি যায়' নামৰ আত্মজীৱনীমূলক উপন্যাসখনত তেওঁ বাল্যকাল, বন্ধুত্ব আদি বিষয়বোৰৰ বিৱৰণ সুন্দৰকৈ দিছে।

হোমেন বৰগোহাঁঞিক এটা সাক্ষাতকাৰত ঢকুৱাখনাৰ বিষয়ে সোধা হৈছিল। প্ৰশ্ন উত্তৰৰ প্ৰসংগত তেওঁ কৈছিল- শৰৎ চন্দ্ৰ গোস্বামীৰ এখন বিখ্যাত ভূগোল, যিখন আগতে ভূগোলৰ একমাত্ৰ পাঠ্যপুথি আছিল। তাত ঢকুৱাখনাৰ বিষয়ে এটা বাক্য আছে এনেদৰে "ই এখন বহুতো পুৰণি ভদ্ৰলোকৰ বাসস্থান"। এই বাক্যটোক লৈ আমি গৰ্ব কৰোঁ৷

হোমেন বৰগোহাঁঞিৰ একমাত্ৰ কবিতা পুথি হৈছে- হৈমন্তী। কুৰিৰো অধিক তেওঁৰ প্ৰৱন্ধ সংকলন। প্ৰজ্ঞাৰ সাধনা, গদ্যৰ সাধনা, পাঠকৰ টোকাবহী, উচ্চাকাংক্ষা, আশীৰ দশকৰ দস্তাবেজবিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি , মানুহ হোৱাৰ গৌৰৱ, আধুনিক যুগৰ জন্ম কাহিনী, কিতাপ পঢ়াৰ আনন্দ, শৰীৰ আৰু হৃদয়, সাৰাংশ, জিজ্ঞাসাস্বৰ্গ আৰু নৰক হৈছে তেওঁৰ উল্লেখযোগ্য প্ৰৱন্ধ সংকলন।

ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা, মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প, জীৱনৰ মধুৰতম সময়, হৃদয়ৰ মানচিত্ৰ, সুস্থ দেহত সুস্থ মন, ডাৰউইন, মই যেতিয়া ক্লান্ত হওঁ, অন্তহীন প্ৰেৰণাৰ উৎস, লুই পেষ্টিঅ'ৰ, মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ, আত্ম দিপো ভৱ, মোৰ টোকাবহীৰ পৰা আদি প্ৰৱন্ধ সংকলনে হাজাৰজন পাঠকক দিয়ে প্ৰেৰণা।

মোৰ টোকাবহী নামৰ প্ৰৱন্ধ সংকলনৰ মৃত্যু নামৰ এটা প্ৰৱন্ধত বৰগোহাঁঞিয়ে মৃত্যুক জীৱনত শেষবাৰৰ বাবে কৰিব পৰা আটাইতকৈ সুন্দৰ কাম বুলি অভিহিত কৰিছে। তেওঁ লিখিছে- "মানুহৰ যেতিয়াই মৃত্যুৰ সময় হয়, তেতিয়াই তেওঁৰ ৰুচিসন্মতভাৱে মৰিবলৈ দিব লাগে। মোৰ নিজৰো যথেষ্ট বয়স হৈছে, মৃত্যু খুব বেছি দূৰৈত নাই। মই বহুত দিনৰ আগতে সংকল্প লৈ থৈছো যে, কৃত্ৰিমভাৱে মোক জীয়াই ৰাখিবলৈ মই কোনো চিকিৎসকক অনুমতি নিদিম।

ৰচনাৱলী

এই প্ৰৱন্ধটোত তেওঁ লগতে লিখিছে- মোৰ শেষকৃত্য হব লাগিব অসামান্য মানুহ এলবাৰ্ট আইনষ্টাইনৰ নিচিনাকৈ। জীৱনৰ অনিবাৰ্য পৰিণতি হল মৃত্যু। মৃত্যুক কোনেও জয় কৰিব নোৱাৰে। মৃত্যুক সুন্দৰভাৱে গ্ৰহণ কৰিব পৰাটোৱেই জীৱনত শেষবাৰৰ বাবে কৰিব পৰা আটাইতকৈ সুন্দৰ কাম।"

সচাঁটোক সচাঁ বুলি লিখিব পৰা শক্তি হোমেন বৰগোহাঁঞিৰ কলমত আছিল। নিজৰ ভুলবোৰো নিৰ্ভয়ে লিখিব পাৰিছিল তেওঁ। তেওঁৰ 'অপৰাধী বিবেক' নামৰ বিখ্যাত ৰচনাখনৰ এটা ঘটনা লিখিছিল। ঘটনাটো আছিল বৰগোহাঞিয়ে কিশোৰ অৱস্থাত এবাৰ জন্মস্থান ঢকুৱাখনাৰপৰা ধেমাজিলৈ দোপালপিটা বৰষুণৰ মাজেদি চাইকেল মাৰি যাত্ৰা কৰিছিল। সেই যাত্ৰাৰ এঠাইত এটা কংকালসাৰ কিশোৰৰ অৰ্ধমৃত শৰীৰ পানীত আধা ডুব গৈ থকা অৱস্থাত তেওঁ আৱিষ্কাৰ কৰিলে।

মৃতপ্ৰায় কিশোৰটোৱে সহায় বিচাৰি বিকটভাৱে চিঞৰ এটাও মাৰিছিল। কিন্তু ভয়-শংকাত সন্ত্ৰস্ত হৈ তেওঁ সেই ঠাইৰপৰা প্ৰাণটাকি পলায়ন কৰিলে। পাছত মানুহৰ মুখত তেওঁ কিশোৰটোৰ পৰিচয় আৰু তাৰ সেই ঠাইতে হোৱা মৃত্যুৰ খবৰ পালে। সেই খবৰ শুনাৰ পাছত তেওঁৰ মনত তীব্ৰ অপৰাধবোধে ঠাই ল'লে – তেওঁ কিয় মৃত্যুমুখী কিশোৰটোক তেতিয়া সহায় নকৰিলে? আৰু পৰৱৰ্তী সময়ত সেই অপৰাধবোধটো তেওঁৰ আজীৱন সংগী হৈ পৰিল। এই ঘটনাতো তেওঁ উল্লেখ কৰিছে 'অপৰাধী বিবেক' নামৰ বিখ্যাত ৰচনাখনত।

এই ৰচনাৰ উপৰিও তেওঁ দেহোপজীৱনীৰ সৈতে তেওঁৰ সম্পৰ্ক, ছাত্ৰ অৱস্থাত তেওঁ কৰা বিভিন্ন ভুলবোৰ আত্মানুসন্ধান নামৰ আত্মজীৱনীমূলক উপন্যাসত লিখিছে। বৰগোহাঁঞিয়ে সম্পাদনা কৰিছিল কেইবাখনো আলোচনী আৰু কাকত। আমাৰ অসমঅসম বাণীনীলাচলসূত্ৰধাৰনাগৰিকসাতসৰী আৰু মৃত্যু পৰ্যন্ত লৈকে তেওঁ নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। উল্লেখ্য যে, সাতসৰী আলোচনীখনৰ প্ৰথম সম্পাদক আছিল হোমেন বৰগোহাঞি

তেওঁৰ দৰে কেইবাটাও প্ৰজন্মৰ চিন্তা-চেতনাক ইমান গভীৰভাৱে প্ৰভাৱিত কৰিব পৰা দ্বিতীয় এজন সাহিত্যিক আৰু নাই। সাংঘাতিকধৰণে শক্তিশালী ভাষা আৰু ৰচনাশৈলীৰে বহল পাঠকসমাজক যুগৰ পাছত যুগ ধৰি আচ্ছন্ন কৰি ৰখাৰ উপৰি তেওঁ তেওঁৰ পৰৱৰ্তী সাহিত্যিকসকলক প্ৰত্যক্ষ-পৰোক্ষ ৰূপত ব্যাপকভাৱে প্ৰভাৱিত কৰিছে। ক'বলৈ গ'লে, তেওঁ গঢ় দিয়া মতাদৰ্শগত পৃথিৱীখনত পৰৱৰ্তী বহুতো লেখক-সাহিত্যিকেই বিচৰণ কৰিছে।

১৯৭৮ চনত 'পিতা পুত্ৰ' গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰা হোমেন বৰগোহাঞিদেৱ অসম উপত্যকা সাহিত্য বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু মৎসেন্দ্ৰ নাথ বঁটা আদিৰে সন্মানিত হৈছে৷ তেখেত ২০০১ আৰু ২০০২ চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগাছিয়াৰ অধিৱেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল৷

বৰগোহাঁঞিৰ মৃত্যু বাৰ্ষিকীত আজিও শোকস্তদ্ধ সমগ্ৰ অসম। জন্মস্থান ঢকুৱাখনা প্ৰতিগৰাকীৰ বুকুত কেৱল মাথো শূণ্যতা । এইখিনিতে উল্লেখ কৰিব লাগিব যে, হোমেন বৰগোহাঞিৰ জন্ম দিনটো (৭ ডিচেম্বৰ) সমগ্ৰ অসমতে 'প্ৰজ্ঞাৰ দিন' হিচাপে উদযাপন কৰা হয়৷

বালিগাৱঁৰ তেওঁৰ সেই ঘৰখন

বৰগোহাঁঞিয়ে জীৱনৰ সচাঁ অথচ কঠোৰ বাস্তৱবোৰ কিয় নিৰ্ভয়ে লিখে? এই প্ৰশ্নকৰ উত্তৰো দি গৈছে। তেঁওৰ মতে-   মানুহৰ কথাবোৰ আচলতে সঁচা আৰু মিছা এই দুভাগতে বিভক্ত নহয়৷ সঁচা আৰু মিছাৰ বাহিৰেও আৰু এটা ভাগ থাকে সেয়া হৈছে 'অকথিত' কথা৷ যদি মই মিছা কথা লিখোঁ তেন্তে লেখক হিচাপে পাপ কৰা হ'ব৷ মই লিখো এনে এক অনিবাৰ্য প্ৰয়োজনত যে কথাখিনি লিখিলেহে জীৱনৰ বিশৃংখল কথাবোৰ শৃংখলাবদ্ধ ৰূপত চাব পাৰিম৷ জীৱনৰ কথাবোৰতো বিশৃংখল ৰূপতেই থাকে৷ পৰিকল্পিত, সুবিন্যস্ত ৰূপতটো জীৱন নাথাকে৷ প্ৰতিখন কিতাপৰ প্ৰথম পাঠকজন লেখকজন নিজেই৷

স্পষ্টবাদিতাই তেওঁৰ অগণন অনুৰাগীৰ সৃষ্টি কৰিছিল। সকলো শ্ৰেণীৰ লোকক তেওঁৰ ব্যক্তিত্বই প্ৰভাৱিত কৰিছিল। নিজৰ স্থিতিত অটল হৈ থাকিব পৰা গুণটোৱে তেওঁক অন্য এক স্থানত অধিস্থিত কৰিছিল।   তেওঁৰ সাহিত্য-সৃষ্টিৰ কোনো দিশেই গতানুগতিক নহয়, ই নিত্য নতুন। ৰচনাশৈলী, শব্দ-সংযোজনা, বিষয়-বস্তুৰ উপস্থাপনা- এই সকলোবোৰতে নতুনত্বৰ সন্ধান দিছিল বৰগোহাঁঞিয়ে।

মৃত্যুক তেওঁ যেনেদৰে উদযাপন কৰিব বিচাৰিছিল, হয়তো তেনেদৰেই উদযাপন কৰি তেওঁ গলগৈ। জীৱনক লৈ কোনোদিনে আক্ষেপ নাছিল তেওঁৰ। তেওঁ কৈছিল- বেছিভাগ মানুহেই জীৱনত যিখিনি পালে তাৰ পৰা তৃপ্তি আহৰণ কৰাতকৈ যিখিনি নাপালে তাৰ কথা ভাৱি অশান্তিত থাকে। মই কিন্ত সেই ভুল কেতিয়াও কৰা নাই। যিখিনো পাইছো সেইখিনিয়েই বা সংসাৰত আৰু কিমান মানুহে পাইছে? মই এজন সুখী মানুহ কাৰন জীৱনত মই যিখিনি পাইছো, তাতকৈ মই একো বিচৰা নাই।

নিজে সুখী থাকি, নিজৰ সৃষ্টিৰাজিৰে আনকো সুখী কৰিবলৈ শিকোৱা মানুহজনৰ প্ৰস্থানে আজি সকলোকে দুখ দিছে। তেওঁৰ শক্তিশালী সৃষ্টিৰাজিৰ জৰিয়তে সৃষ্টি কৰিছিল এনে অগণন অনুৰাগী, যাৰ মাজত আছে ৮০বছৰীয়া বৃদ্ধৰ লগতে ১২বছৰীয়া কিশোৰো। ১২বছৰীয়া কিশোৰটিয়ে যদি তেওঁৰ লেখনিত বাপুকণক বিচাৰি পায়, ৮০বছৰীয়া বৃদ্ধগৰাকীয়ে বিচাৰি পায় সেই বাপুকণৰ দেউতাকক।

শেষ বুলি কলেই শেষ নহয়। তেওঁ কায়িকভাৱে নাই যদিও হাজাৰজনৰ হৃদয়ত থাকিব বাপুকণৰ দৰে চৰিত্ৰ। অন্তৰৰ বিষণ্নতা আতৰাই অন্তহীন প্ৰেৰণা যোগাবলৈ তেওঁৰ গ্ৰন্থৰ পাতত থাকিব সেই ভাল লগা কথা বোৰ। তেওঁৰ কিতাপৰ মাজতেই খৰালিতো জীপাল হ'ব চাৰিকডি়য়া। জীৱিত কালত কাৰো পৰা ধাৰ কৰা যৌৱন নহয়, নিজৰ সাধনাৰে অৰ্জা যৌৱনৰ অধিকাৰী হব খুজিছিল তেওঁ। সাহিত্য, ৰাজনৈতিক, সামাজিক, স্বাস্থ্যগত সকলো লেখনিত তেওঁৰ যৌৱন ফুটিঁ উঠিছিল। তেওঁৰ এই সৃষ্টিৰাজি সদায়েই যৌৱনৰ অধিকাৰী হৈ থাকিব। তেওঁৰ কোৱাৰ দৰেই যি যৌৱনৰ আছে এক নিজস্ব সংজ্ঞা…

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in