/asomiyapratidin/media/media_files/2025/10/29/ap-for-web-new-bikhekh-lekha-10-2025-10-29-13-23-19.jpg)
মৃদুল কুমাৰ সন্দিকৈ
জুবিন আৰু প্ৰকৃতিৰ এক অভিন্ন সম্পৰ্ক আছিল। প্ৰকৃতিৰ মাজত জুবিন হেৰাই গৈছিল। প্ৰকৃতিৰ সৈতে জুবিনে বন্ধুত্ব কৰিছিল। জীৱ- জন্তু, পশু- পক্ষী ভাল পাইছিল জুবিনে। নৈ জুবিনৰ প্ৰিয় আছিল। গছৰ সৈতে জুবিনে কথা পাতিছিল। গছকেই ভগৱান বুলি ভাবিছিল।
জুবিন গাৰ্গে আঘাতপ্ৰাপ্ত হোৱা বগলী আনি শুশ্ৰূষা কৰিছিল। নাম দিছিল বগলীটোৰ উদাসীনী গাৰ্গ। একেদৰে কাছ পোৱালি উদ্ধাৰ কৰি চিৰিয়াখানাত দিছিল। সপোন আছিল জুবিনৰ এটা অজগৰ পোহা। সৰুতে তামুলপুৰত থাকোতে জুবিনে বাঘৰ পোৱালিও পুহিছিল। কান্ধত উঠাই বাঘৰ পোৱালিটো লৈ ফুৰিছিল।
কাঠৰোকা চৰাইয়ো জুবিনৰ ওচৰত বশ হৈছিল। পিন্ধি থকা জেকেটৰ ভিতৰত কাঠৰোকা চৰাই সোমোৱাই লৈছিল। গঁড় হত্যাৰ বিৰুদ্ধে জুবিনে মাত মাতিছিল। মাতৃহাৰা গঁড় পোৱালি তুলি লৈ প্ৰতি- পালনৰ দায়িত্ব লৈছিল।
এবাৰ পুৱতি নিশা সংগীতানুষ্ঠান কৰি আহোতে গাড়ীৰ খুন্দাত মূৰ্চা যোৱা মুৰ্গী পোৱালি এটাকো উদ্ধাৰ কৰি শুশ্ৰূষা কৰিছিল জুবিনে। এইবোৰ জুবিনৰ প্ৰকৃতিপ্ৰেমৰ কিছু উদাৰণ। গছপুলি ৰুই ভাল পাইছিল জুবিনে। তেওঁ নিজ হাতে জন্মদিনত ৰুইছিল কলাক্ষেত্ৰত এটা চন্দনৰ পুলি।
সেই চন্দনজোপাৰ কিছু অংশ জুবিনৰ শেষকৃত্যৰ সময়ত চিতাত দিয়া হৈছিল। মাজুলীলৈ জুবিন গৈছিল কেৱল প্ৰকৃতিৰ বিনন্দীয় ৰূপৰ বাবে। মোমায়েকৰ ঘৰত এজোপা আমলখি গছ আছিল। গাড়ী ওলোৱা- সোমোৱা কৰাত অসুবিধা হোৱা বাবে সেই আমলখি গছজোপা মোমায়েকৰ ঘৰৰ মানুহে কাটি দিছিল।
এদিন মোমোয়েকৰ ঘৰলৈ গৈ আমলখিজোপা কটা দেখি জুবিনে খং কৰিছিল। সেই খঙতে জুবিন কেইবাবছৰো হেনো মোমায়েকৰ ঘৰলৈ নোযোৱাকৈয়ে আছিল। খাৰঘুলিত ঘৰ বনাওতে কেইবাজোপা গছ কটাৰ পৰামৰ্শ দিয়া হৈছিল জুবিনক। জুবিনে ঘৰৰ নক্সাকে সলনি কৰি দিছিল, গছ কটা নাছিল।
প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে জুবিন গৰজি উঠিছিল। দীঘলীপুখুৰীৰ পাৰৰ গছবোৰক লৈও সৰৱ হৈছিল জুবিন। জুবিনৰ এই প্ৰকৃতিপ্ৰেম তুলনাবিহীন। খাৰঘুলিৰ ঘৰত জীৱ- জন্তু পুহিছিল। জু ৰ’ডৰ ষ্টুডিঅ’ৰ সন্মুখত বিধে বিধে গছ ৰুইছিল।
যোৰহাটৰ পুৰণি ঘৰখনত থকা গছজোপাৰ প্ৰতিও জুবিনৰ টান আছিল। সেই গছজোপা ৰুইছিল জুবিনে নিজেই। ঘৰটো বিক্ৰী কৰাৰ সময়ত সেই গছজোপা নেকাটিবলৈ অনুৰোধ কৰিছিল। গছজোপা সাৱতি ধৰি মৰম কৰিছিল।
বলি- বিধানৰ বিৰোধিতা কৰিছিল জুবিনে। বলিউদৰ তাৰকা গোবিন্দাকো সমালোচনা কৰিছিল ইয়াৰ বাবে। জীৱ- জন্তুক বলি কিয়, বলি দিলে নিজক বলি দিয়া বুলি জুবিনে কামাখ্যা মন্দিৰত ইয়াৰ প্ৰতিবাদ কৰিছিল। যাৰ বাবে জুবিনক এক পক্ষই ক্ষমা খুজিব লাগে বুলিও দাবী তুলিছিল।
মুম্বাইত থকা সময়ত জুবিন গুৱাহাটীলৈ আহিলে মাজনিশা ওলাই গৈছিল ব্ৰহ্মপুত্ৰৰ পাৰলৈ। উজান বজাৰৰ মাছ বজাৰৰ কোনোবা টঙি ঘৰত বহি লুইতৰ পাৰত পুৱতি নিশালৈকে আড্ডা দিছিল বন্ধুৰ সৈতে। সেই স্মৃতি সজীৱ হৈ আছে বন্ধু ৰাজেশ ভূঞা, দেৱ বৰকটকী, পবিত্ৰ মাৰ্ঘেৰিটা আদিৰ মনত।
প্ৰকৃতিৰ প্ৰতি জুবিন গাৰ্গৰ এই প্ৰেম এতিয়া জুবিনৰ অনুৰাগী আৰু তেওঁক ভালপোৱাসকলে ধৰি ৰখাৰ সময়। ব্ৰহ্মপুত্ৰক জুবিনে ইমানেই ভাল পাইছিল যে, ৰসিকতা কৰি জুবিনে এই নদীখনক পিতৃ আখ্যা দিছিল। কিয়নো এইখনেই একমাত্ৰ নদী যি পুংলিংগ।
এটা বান্দৰৰ সৈতে জুবিন গাৰ্গৰ সম্পৰ্ক হৈছিল। বান্দৰটোৰ নাম জুবিনে ৰাখিছিল মধুসূধন গাৰ্গ। নাম দিয়াই নহয়, জুবিনে এই বান্দৰটোক নিজৰ উপাধি দিছিল। বান্দৰটোৰ সৈতে একেলগে খাইছিল, ষ্টুডিঅ’ত শুইছিল।
মধুসূধন গাৰ্গৰ সন্দৰ্ভত জুবিনে এটা সাক্ষাতকাৰত কৈছিল- এবাৰ এটা বান্দৰ মোৰ খাৰঘূলিৰ ষ্টুডিঅ’ত ৰাতি আহি ওলাইছিলহি। ধুমুহা-বৰষুণত আঘাতপ্ৰাপ্ত হৈ ক’ৰবাৰ পৰা আহি বাৰাণ্ডা পাইছিল।
মই কাম কৰি আছিলো, ৰাতি ওলাই আহি তাক দেখিলো। বেছি ডাঙৰ বান্দৰ নহয়। তাক ৰাখিলো। খানা-চানা খুৱাই তাৰ পাছত মোৰ লগত শুৱা হ’ল, খোৱা হ’ল। মই কাম কৰি থাকো, সি শুই থাকে বিচনাত।
পিছত মই বোম্বেলৈ যাব লগা হ’ল দীঘলীয়াকৈ। সি থাকিলে ৬/৭ মাহমান। সেয়েহে মই গুৱাহাটীৰ চিৰিয়াখানাত এৰি দিলো তাক। যোৱাৰ আগদিনা। মই বোলো তোৰ কাজিনবিলাক সব ইয়াতে আছে। মোৰ লগত থাকিলে লাভ নাই, তই ইয়াতে থাক- এয়াই জুবিন।
জুবিনৰ মহাপ্ৰয়াণৰ পাছত মানুহে বহু কাম কৰিছে। কোনোবাই ধূপ জ্বলাইছে, কোনোবাই স্মৃতিচাৰণ সভা পাতিছে, কোনোবাই নাহৰ পুলি ৰুইছে আৰু কোনোবাই ৰাজপথত জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰিছে। এই সকলোবোৰ হৈ থাকিব। কিন্তু জুবিনৰ আদৰ্শ, প্ৰকৃতিপ্ৰেম ৰক্ষা কৰিবলৈ হাতে- কামেও জুবিনে ভালপোৱা কিছু কাম কৰিব লাগিব।
কামত বিশ্বাসী আছিল জুবিন, শ্ল’গানত নহয়। জুবিন মানেই নাহৰ, জুবিন মানেই মায়াৱিনী বা জুবিন মানেই কেৱল গান নহয়। জুবিন অসমীয়াক জগাই তোলা এক সত্তা। এতিয়া ৰাজ্যত বন্য জীৱ- জন্তুৰ খাদ্যৰ সংকট। খাদ্য বিচাৰি জনাঞ্চললৈ ওলাই আহিছে হাতী- বান্দৰ।
মানুহ- বন্যহস্তীৰ সংঘাতৰ দৰেই ঠায়ে ঠায়ে মানুহ- বান্দৰৰ সংঘাত বৃদ্ধি পাইছে। এই সংঘাত দূৰ কৰিবলৈ জুবিনৰ লাখ লাখ অনুৰাগীয়ে বাস্তৱমুখী কিছু কাম কৰিব পাৰে। কেৱল নাহৰ পুলি ৰুই জুবিনক স্মৃতিচাৰণ কৰাতকৈ পথৰ কাষত ৰাজহুৱা স্থানত ফল-মূলৰ গছ ৰোপণ কৰিব পাৰে।
অন্যান্য বনাঞ্চলবোৰতো এই পদক্ষেপ গ্ৰহণ কৰিলে প্ৰকৃতিৰ প্ৰতি অৱদান আগবঢ়োৱাৰ লগতে জুবিনৰ প্ৰতি প্ৰদান কৰা হ’ব প্ৰকৃত শ্ৰদ্ধাৰ্ঘ্য। দল- সংগঠনবোৰেও জুবিনক কেন্দ্ৰ কৰি প্ৰকৃতিমুখী এক আন্দোলনৰ নেতৃত্ব ল’ব পাৰে।
কেৱল জুবিনক লৈ প্ৰদৰ্শনধৰ্মিতাই জুবিনক জীয়াই নাৰাখে। জুবিনৰ মৃত্যুৰ পাছত কেৱল উদাসীনতাই বিৰাজ কৰিছে। দোকান- পোহাৰৰ বিক্ৰী নাই, ভ্ৰাম্যমাণ থিয়েটাৰ চাবলৈ মানুহ যোৱা নাই। অসমৰ সাংস্কৃতিক জগত স্তব্ধ আজি।
কিবা এটা শূন্যতা চৌদিশে। সেই শূন্যতাৰ বিপৰীতে জুবিনে তেওঁৰ মৃত্যুৱে পূৰ্ণতা দিব পৰা পৰিৱেশ গঢ়াৰো সুযোগ দিছে। প্ৰিয় আৰু প্ৰাণৰ শিল্পীজনে সেই বাৰ্তা মৃত্যুৰ পূৰ্বে দি গৈছিল। সেই সময়ত কাঞ্চনজংঘাৰ শ্বুটিং চলি আছিল। জুবিনৰ অন্যতম ঘনিষ্ঠ পৰিচালক- গীতিকাৰ শশাংক সমীৰে এই কথা দোহাৰিলে।
নিশা দেৰিলৈকে শ্বুটিঙৰ পৰিকল্পনা চলিছিল মাজুলীত। পিছদিনাৰ দৃশ্যগ্ৰহণক লৈ আলোচনাৰ অন্তত নিশা বিচনালৈ যোৱাৰ আগত খবৰ আহিছিল- বিশিষ্ট পৰিচালক মুনিন বৰুৱা আৰু নাই। সকলো শোকাহত হ’ল। গুৱাহাটীলৈ ঘূৰি আহিবৰ বাবে কাপোৰ- কানি বান্ধি তেওঁলোক সাজু হ’ল।
জুবিন গাৰ্গ ইতিমধ্যে শুই গৈছিল। জুবিন উঠালৈকে শশাংক, প্ৰয়াস, অচিন্তহঁতে অপেক্ষা কৰিছিল। তেওঁক খবৰটো দি শ্বুটিং সামৰি গুৱাহাটীলৈ উভতিব। পুৱা জুবিন গাৰ্গ উঠিল। জুবিন গাৰ্গক খবৰটো দিয়া হ’ল। তেওঁ ক’লে- তহঁতে কামবোৰ কৰ। মই গুৱাহাটীলৈ যাওঁ। মই তেওঁৰ পুত্ৰৰ দৰে।
সকলোৱে ভাবিছিল- জুবিন গাৰ্গে শ্বুটিং বন্ধ কৰি দিব। কিন্তু তেওঁ এনে নকৰিলে। তেওঁৰ যুক্তি ভাইমনদাই যদি গম পাই তেওঁৰ বাবে শ্বুটিং বন্ধ হৈছে, এয়া ভাল কথা নহ’ব। শ্ব’ মাষ্ট গ’ অন। এয়াই জুবিন। জুবিনক লৈ স্থবিৰতা নহয়, অধিক সক্ৰিয়তাৰে আমি আগবঢ়িব লাগিব।
তেওঁৰ আদৰ্শ- দৰ্শন হাতে- কামে প্ৰতিফলিত কৰিব লাগিব আমি। বিশেষকৈ প্ৰকৃতিপ্ৰেমৰ এই দিশটোক আগুৱাই নিবলৈ মাৰবান্ধি থিয় দিব লাগিব। জুবিনৰ আছিল - সেউজীয়া মন, সেউজীয়া প্ৰাণ। তেওঁ সেউজীয়াতে যৌৱন আৰু গান এৰি থৈ গৈছে। তেওঁ গাইছিল- সেউজীয়া দিন মোৰ/ সেউজীয়া নিশা/ প্ৰতিটো প্ৰহৰ আজি ফুল ফুল।।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us