হয়! জুবিন গাৰ্গক হত্যা কৰা হৈছিল...

জুবিন গাৰ্গক হত্যা কৰা হৈছিল ! সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই ছিংগাপুৰত হত্যা কৰিছিল অসমীয়াৰ হিয়াৰ স্পন্দন জুবিন গাৰ্গক ! এই চাৰিগৰাকীৰ ওপৰত জুবিন হত্যাৰ আৰোপ অসম আৰক্ষীৰ চি

author-image
Asomiya Pratidin
New Update
apunnd

ডিম্পুল বৰগোহাঁই

জুবিন গাৰ্গক হত্যা কৰা হৈছিল ! সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই ছিংগাপুৰত হত্যা কৰিছিল অসমীয়াৰ হিয়াৰ স্পন্দন জুবিন গাৰ্গক ! এই চাৰিগৰাকীৰ ওপৰত জুবিন হত্যাৰ আৰোপ অসম আৰক্ষীৰ চি আই ডিৰ তদন্তকাৰী গোটৰ । কিন্তু চাৰ্জশ্বীটত অভিযুক্তৰ তালিকাত নাম নাই এজনো ছিংগাপুৰীয়া অসমীয়াৰ ।

শুকুৰবাৰে পুৱাৰে পৰা গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত অৱস্থিত কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী । সাংবাদিকৰো ভিৰ । দুই-এগৰাকী জুবিনপ্ৰেমী আৰু অধিবক্তা সমাজৰ গে'টৰ সন্মুখত অপেক্ষা ৷ কাৰণ অসমীয়াৰ প্ৰাণ স্পন্দন স্বৰূপ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা দাখিল হ’ব ৷

১৮/২০২৫ নম্বৰৰ গোচৰৰ তদন্তৰ ৩,৫০০ পৃষ্ঠাজোৰা চাৰ্জশ্বীটৰ লগতে সংলগ্ন নথি-পত্ৰ আদিকে কৰি মুঠ ১২,০০০ পৃষ্ঠাৰ অসম আৰক্ষীৰ অভিযোগনামা— য’ত ভৱিষ্যত লিপিবদ্ধ হৈ আছে জুবিন গাৰ্গ হত্যাৰ গোচৰত অভিযুক্ত হৈ জে’লত থকা ৭ অভিযুক্তৰ ৷ 

ইফালে অভিযোগনামা দাখিলৰ পিছত এছ আই টিৰ মুৰব্বী এডিজিপি মুন্নাপ্ৰসাদ গুপ্তাই সংবাদ মাধ্যমক জনায় যে সাতগৰাকী অভিযুক্তৰ ভিতৰত ৪ গৰাকীৰ বিৰুদ্ধে হত্যাৰ ধাৰা আৰোপ কৰা হৈছে ।  মুন্নাপ্ৰসাদ গুপ্তাই জনায়, "১৮/২০২৫ গোচৰত আজি এছ আই টিয়ে মাননীয় আদালতত চাৰ্জশ্বীট দাখিল কৰে । ইয়াত মুখ্য অভিয়ুক্ত চাৰিগৰাকী হৈছে সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, শ্যামকানু মহন্ত আৰু অমৃতপ্ৰভা মহন্ত ।"

  • কাৰ বিৰুদ্ধে কি ধাৰা, কি অভিযোগ

সিদ্ধাৰ্থ শৰ্মা

এছ আই টিৰ অভিযোগনামাত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হত্যা, অপৰাধৰ ষড়যন্ত্ৰ, বিত্তীয় লেনদেনৰ বিশ্বাসঘাতকতা, অপৰাধত জ্ঞাতসাৰে সহযোগিতাৰ অভিযোগ অনা হৈছে ।

জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰত আৰোপিত ধাৰাসমূহ :

  1. বি এন এছ ধাৰা ৩ : উপধাৰা ৬, ৭ আৰু ৮
  2. বি এন এছ ধাৰা ৬১ : উপধাৰা ২
  3. বি এন এছ ধাৰা ১০৩ : উপধাৰা ১
  4. বি এন এছ ধাৰা ৩১৬ : উপধাৰা ৫

এই ধাৰাসমূহৰ অধীনত আৰোপ কৰা অভিযোগসমূহ হৈছে

  • বি এন এছ ধাৰা ৩ (৬, ৭ আৰু ৮) : অপৰাধত জ্ঞাতসাৰে সহযোগিতা
  • বি এন এছ ধাৰা ৬১ (২) : অপৰাধৰ ষড়যন্ত্ৰ
  • বি এন এছ ধাৰা ১০৩ (১) : হত্যা
  • বি এন এছ ধাৰা ৩১৬ (৫) : বিত্তীয় লেনদেনৰ বিশ্বাসঘাতকতাৰ ধাৰা আৰোপ কৰা হৈছে ।

শ্যামকানু মহন্ত

শ্যামকানু মহন্তৰ বিৰুদ্ধে হত্যা, অপৰাধৰ ষড়যন্ত্ৰ, অপৰাধত জ্ঞাতসাৰে সহযোগিতা, ধনদাবী, প্ৰৱঞ্চনা আৰু অপৰাধৰ সাক্ষ্য-প্ৰমাণ নষ্ট কৰাৰ অভিযোগ আৰোপ ।

শ্যামকানু মহন্তৰ বিৰুদ্ধে আৰোপিত ধাৰাসমূহ হৈছে

  1. বি এন এছ ধাৰা ৩ : উপধাৰা ৬, ৭, ৮
  2. বি এন এছ ৬১ : উপধাৰা ২
  3. বি এন এছ ১০৩ : উপধাৰা ১
  4. বি এন এছ ৩০৮ : উপধাৰা ২
  5. বি এন এছ ৩১৮ : উপধাৰা ৪
  6. বি এন এছ ২৩৮

এই ধাৰাসমূহৰ অধীনত আৰোপ কৰা অভিযোগসমূহ হৈছে

  • বি এন এছ ধাৰা ৩ (৬, ৭, ৮) : অপৰাধত জ্ঞাতসাৰে সহযোগিতা
  • বি এন এছ ৬১ (২) : অপৰাধৰ ষড়যন্ত্ৰ
  • বি এন এছ ১০৩ (১) : হত্যা
  • বি এন এছ ৩০৮ (২) : ধনদাবী
  • বি এন এছ ৩১৮ (৪) : প্ৰৱঞ্চনা
  • বি এন এছ ২৩৮ : তথ্য-প্ৰমাণ হানি ঘটোৱাৰ ধাৰা আৰোপ কৰা হৈছে ৷

শেখৰজ্যোতি গোস্বামী

শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে হত্যা, অপৰাধৰ ষড়যন্ত্ৰ, অপৰাধত জ্ঞাতসাৰে সহযোগিতা আৰু বিশ্বসঘাতকতাৰ অভিযোগ আৰোপ কৰা হৈছে ।

শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে আৰোপিত ধাৰাসমূহ

  1. বি এন এছ ৩ : উপধাৰা ৬, ৭ আৰু ৮
  2. বি এন এছ ৬১ : উপধাৰা ২
  3. বি এন এছ ১০৩ : উপধাৰা ১
  4. বি এন এছ ৩১৬ : উপধাৰা ৫

এই ধাৰাসমূহৰ অধীনত আৰোপ কৰা অভিযোগসমূহ হৈছে

  • বি এন এছ ৩ (৬, ৭ আৰু ৮) : অপৰাধত জ্ঞাতসাৰে সহযোগিতা
  • বি এন এছ ৬১ (২) : অপৰাধৰ ষড়যন্ত্ৰ
  • বি এন এছ ১০৩ (১) : হত্যা
  • বি এন এছ ৩১৬ (৫) : বিত্তীয় লেনদেনৰ খেলিমেলি আৰু বিশ্বাসঘাতকতাৰ ধাৰা আৰোপ কৰা হৈছে ।

অমৃতপ্ৰভা মহন্ত

অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যা, অপৰাধৰ ষড়যন্ত্ৰ, অপৰাধত জ্ঞাতসাৰে সহযোগিতা আৰু সাক্ষ্য-প্ৰমাণ নষ্ট কৰাৰ অপৰাধৰ অভিযোগ আৰোপ কৰা হৈছে ।

অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে আৰোপিত ধাৰাসমূহ হৈছে

  1. বি এন এছ ৩ : উপধাৰা ৬, ৭ আৰু ৮
  2. বি এন এছ ৬১ : উপধাৰা ২
  3. বি এন এছ ১০৩ : উপধাৰা ১
  4. বি এন এছ ২৩৮

এই ধাৰাসমূহৰ অধীনত আৰোপ কৰা অভিযোগসমূহ হৈছে

  • বি এন এছ ৩ (৬, ৭ আৰু ৮) : অপৰাধত জ্ঞাতসাৰে সহযোগিতা
  • বি এন এছ ৬১ (২) : অপৰাধৰ ষড়যন্ত্ৰ
  • বি এন এছ ১০৩ (১) : হত্যা
  • বি এন এছ ২৩৮ : তথ্য-প্ৰমাণ হানি ঘটোৱাৰ ধাৰা আৰোপ কৰা হৈছে ৷

সন্দীপন গাৰ্গ

আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰৰ য়টত উপস্থিত থকা জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে হত্যাৰ ধাৰা নাথাকিলেও আৰোপ কৰা হৈছে গুৰুতৰ ধাৰা ।

সন্দীপন গাৰ্গৰ বিৰুদ্ধে বি এন এছ ১০৫ ধাৰা আৰোপ কৰা হৈছে ৷

নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য

ইফালে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে বি এন এছ ৬১ (২) ধাৰা (অপৰাধৰ ষড়যন্ত্ৰ) আৰু বি এন এছ ৩১৬ (৫) ধাৰা (বিত্তীয় লেনদেনৰ খেলিমেলি, বিশ্বাসঘাতকতাৰ অপৰাধ) আৰোপ কৰা হৈছে । নিশ্চিতভাৱে এছ আই টিৰ চাৰ্জশ্বীটত আছে কেতবোৰ বিস্ফোৰক তথ্য । অৱশ্যে চাৰ্জশ্বীটৰ প্ৰত্যায়িত কপী হাতত নপৰালৈকে সবিশেষ ৰাজহুৱা নহ’ব ৷

মূল চাৰ্জশ্বীটখনত ২,৫০০ পৃষ্ঠা আছে । তাৰ লগত অতিৰিক্ত তথ্য সংলগ্ন কৰা হৈছে ৷ ডিজিটেল প্ৰমাণ, বিভিন্ন ধৰণৰ তথ্য আদি যোগ কৰি যদি চাওঁ তেন্তে অভিযোগনামাখন মুঠ ১২,০০০তকৈ অধিক পৃষ্ঠাৰ হ’ব ৷চাৰ্জশ্বীটত অভিযুক্তৰ তালিকাত ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত থকা ছিংগাপুৰৰ ১১ গৰাকী বাসিন্দাৰ এগৰাকীৰো নাম নাই ।

উল্লেখ্য যে, ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সময়তে ১৯ ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নর্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ তদানীন্তন DSP সন্দীপন গার্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল৷ তদন্তকাৰী দলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকে ধৰি প্ৰায় ৩০০গৰাকী লোকৰ সাক্ষ্য অন্তর্ভুক্ত কৰা হৈছে চার্জশ্বীটত।

বিত্তীয় অনিয়ম হৈছে এই তদন্তৰ আন এটা গুৰুত্বপূৰ্ণ অংশ। আৰক্ষীয়ে তদন্তৰ সময়ছোৱাত জুবিন গাৰ্গৰ পিএছঅ’ৰ একাউণ্টত ১.১ কোটি টকাৰ আৰ্থিক লেনদেনৰ তথ্য উদ্ধাৰ কৰে আৰু আৰ্থিক অনিয়মৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰে। মুখ্যমন্ত্রী শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰা বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ফাষ্ট ট্ৰেক আদালতৰ বাবে আবেদন কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে।

চাৰ্জশ্বীট দাখিল পাছতেই শুকুৰবাৰে কোকৰাঝাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়, ‘‘যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক আমি ন্যায় দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। আজি সেই প্ৰতিশ্ৰুতি আৰু দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SITয়ে অভিলেখসংখ্যক সময়ত চাৰ্জশ্বীট দাখিল কৰিছে। হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ। মই ভাবো এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব।’’
এতিয়া জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্ত চলিব ন্যায়ালয়ৰ মজিয়াত। মুখ্যমন্ত্ৰীৰ পৰা আজি কৰি সকলোৱে এতিয়া বিশ্বাস ৰাখিছে ন্য়ায়ালয়ৰ ওপৰত। 
জুবিন গাৰ্গ